কেদাৰা (Kedara)

কেদাৰা

কেদাৰা (Kedara)

এজন পৰিপূৰ্ণ সফল মানুহ জীৱনৰ গতিত অকলশৰীয়া হৈ পৰিলে কি হয়? কেনেকুৱা হয় তেওঁৰ মানসিক অৱস্থা? বুকুৰ ভিতৰত কিমান জমা হব পাৰে অব্যক্ত যন্ত্ৰণা? সংসাৰ জীৱনৰ পৰা অপসাৰিত হোৱা মানুহজন সমাজতো হৈ পৰে অপসাৰিত, নিস্প্ৰয়োজন আৰু ঠাট্টা মস্কৰাৰ বিষয় ৷৷ তেনেকুৱা মানুহ এজন যদি আত্মমৰ্য্যদা আৰু অভিজাত হয় আৰু এদিন যদি সেই বুকুত চেপি ৰখা যন্ত্ৰণা আগ্নেয়গিৰিৰ দৰে বিস্ফোৰিত হয়?


সকলো মানুহৰ জীৱনতেই ব্যৰ্থতা আছে আৰু থাকিবই ৷৷ সেই ব্যৰ্থতাৰ চাঁ-পোহৰৰ কাহিনীয়েই “কেদারা” ৷৷
এজন নিসংগ “হরবোলা” শিল্পী নৰসিংহ ৷৷ হৰবোলা শব্দৰ অৰ্থ Mocking Bird ৷৷ মুখেৰে পশু পক্ষীৰ মাজত হুবহু উলিয়াব পৰা মানুহ ৷৷


আকাশ চুই যোৱা নিসংগতাৰ মাজত এখন সংসাৰ তাৰ মাজতেই জীয়াই আছে নৰসিংহ ৷৷ জীবনৰ প্ৰতি পাব লগীয়াও নাই অথবা হেৰুৱাব লগীয়াও নাই ৷৷
নৰসিংহৰ সংসাৰৰ প্ৰতিও কোনো অভিযোগ নাই ৷৷ সন্তান সহ পত্নীয়ে এৰি গুছি গৈছে তাতো অভিযোগ নাই, তিনিআলিৰ চাহ দোকানত চাহ কাপ খাব যাওঁতে সৰু ডাঙৰ সকলোৱে সহ্যাতীত ঠাট্টা কৰিছে নৰসিংহক, একো নকয় আধাখোৱা চাহ কাপ এৰি গুছি আহিছে নৰসিংহ ৷৷ ঘৰৰ বনকৰা মহিলা মেনকাৰ হাততো অপমানিত হৈছে নৰসিংহ বাৰে বাৰে তথাপিও নিৰব নৰসিংহ ৷৷


মফচলীয় অঞ্চলটোত নৰসিংহৰ প্ৰতি সহানুভূতি আৰু মানবীয় আচৰণ কৰা একমাত্ৰ যুবক হ’ল কেষ্টো যাৰ আছে পুৰণি কিতাপ পাতিৰ পৰা ঘৰৰ আবৰ্জণা সদৃশ বস্তু ক্ৰয় কৰা এখন দোকান ৷৷
সুখে দুখে কথা পতা কেষ্টোক এদিন নৰসিংহই কয় কেতিয়াবা কৰবাত পাই যদি পুৰণি কেদাৰা এখন তেওঁৰ বাবে কিনি আনিবলৈ ৷৷
কেদাৰা হ’ল উচ্চবিত্ত জমিদাৰে বহিবলৈ ব্যৱহাৰ কৰা ৰাজ সিংহাসনৰ দৰে কাঠৰ চকী ৷৷


কেষ্টোই এদিন পুৰণি জমিদাৰ বাৰীৰ বিক্ৰী কৰি দিয়া সম্পত্তিৰ লগত নৰসিংহৰ বাবে কিনি আনে ৰাজসিংহাসনৰ দৰে কেদাৰা এখন আৰু লগত পুৰণি যুগৰ আইনা এখন ৷৷
কেদাৰাত বহি আইনাত নিজৰ মুখখন চাই নৰসিংহ ক্ৰমাৎ সিংহ পুৰুষলৈ ৰূপান্তৰিত হয় ৷৷


বাটে ঘাটে ঠাট্টা তাচ্ছিল্ল্য কৰা মানুহবোৰে নৰসিংহক দেখি সমীহ আৰু ভয় কৰা হ’ল ৷৷ একেই শিক্ষা দিয়া হল তেওঁক প্ৰতিদিনে অপমান কৰা বনকৰা মহিলা মেনকাকো !!
সহানুভূতি দেখুওৱাৰ নামত প্ৰতিদিনে ব্যৰ্থতা খুচৰি দিয়া প্ৰতিবেশীজনকো নৰসিংহই কয় “প্ৰতিজন মানুহৰ জীৱনতে ব্যৰ্থতা থাকে তাৰমানে এইটো নহয় যে সহানুভূতি দেখুওৱাৰ নামত প্ৰতিদিনে সেই মানুহজনক তেওঁৰ জীৱনৰ ব্যৰ্থতাবোৰ মনত পেলাই দিয়া !!”


নিজকে কেনেদৰে চিনিব পাৰি তাৰেই চিনেমা “কেদাৰা”, নিজৰ প্ৰেমত পৰাৰ চিনেমা “কেদাৰা” ৷৷
আজিৰ এই ব্যস্ত যান্ত্ৰিক যুগত ক্ষনিকৰ বাবে নিজকে চিনি পাবৰ যদি মন অথবা শান্ত কৰিবৰ মন তেন্তে “কেদাৰা” চাব আৰু “কেদাৰা“ক অনুভৱ কৰিব ৷৷
আমি জীৱনত যি দেখো যি শিকো সেয়া বাহিৰৰ সূৰ্য্যৰ পোহৰত নিজকে জ্বলাই চাবই লাগিব ৷৷ কাৰণ মানুহে নিজক পুৰিব নোৱাৰিলে সূৰ্য্য হ’ব নোৱাৰে ৷৷


চিনেমাখনত চৰিত্ৰ বুলিবলৈ প্ৰথমৰ পৰা শেষলৈ বিখ্যাত পৰিচালক কৌশিক গাংগুলীৰ অভিনয় নৰসিংহৰ ৰূপত ৷৷ আইতাকৰ মাতেৰে নিজৰ লগত পাতি থকা কথাবোৰ কি বাস্তৱ আৰু ৰুঢ় ভাৱত ফুটাই তোলা হৈছে ৷৷


সৰু চৰিত্ৰ “কেষ্টো”ৰ অভিনয় শক্তিশালী অভিনেতা ৰুদ্ৰনীল ঘোষ সাৱলীল আৰু বাস্তৱতাৰ নিচেই কাষত ৷৷ বিশেষকৈ নৰসিংহক কেতিয়াবা খুবেই বুজি পোৱা আপোন কেতিয়াবা অচিনাকী ৰহস্য ময় যেন অনুভৱ কৰাৰ ভাব ভংগিবোৰ খুউব সহজকৈ ফুটাই তুলিছে চকুৰ চাৱনিৰে ৷৷ যিটো সকলো অভিনয় শিল্পীৰ দ্বাৰা সম্ভৱেই নহয় ৷৷


চিনেমাখনৰ শ্ৰেষ্ঠ দিশ কেইটাৰ ভিতৰত প্ৰথমতেই আহিব সংলাপ প্ৰক্ষেপন (Dialogue delivery) ৷৷ দ্বিতীয় পোহৰৰ খেল, তৃতীয়ত দক্ষ পৰিচালনা ৷৷
কৌশিক গাংগুলীৰ শ্ৰেষ্ঠ অভিনয়ৰ ভিতৰত অন্যতম “কেদাৰা” হয়তো কৌশিক গাংগুলী অবিহনে নৰসিংহৰ চৰিত্ৰ অসম্পূৰ্ণ হৈ থাকিল হেতেন ৷৷

পৰিচালক ইন্দ্ৰদীপ দাসগুপ্তাৰ প্ৰথম পৰিচালনাৰ ছবি “কেদাৰা” ভাৰতীয় পেনোৰামাত লাভ কৰিছিল জুৰিৰ বিশেষ বঁটা ৷৷ প্ৰখ্যাত কবি শ্ৰীজাতৰ কাহিনীৰে দৰ্শকলৈ আগুৱাই দিয়া হৈছে বাঙালী সমাজৰ পৰা ক্ৰমাৎ হেৰাই যোৱা এটা আৰ্ট “হরবোলা” ৷৷

✍ 

বাপুকন চৌধুৰী

By