নীলা আকাশত যেতিয়া
লহৰ তুলে গৰিয়সী ত্ৰিৰংগাই
মই সগৌৰৱে মূৰ তুলি চাওঁ
প্ৰবাহিত হয় মোৰ হৃদয়ত
মোৰ প্ৰাণত, দেহৰ শিৰাই শিৰাই
গেৰুৱা, বগা আৰু সেউজীয়া ৰং
উশাহত টানি লওঁ
বতাহে বতাহে বিয়পি থকা
মোৰ দেশৰ স্বাভিমান
মোৰ দেশৰ জয়গান
আৰু এক অদম্য দেশপ্ৰেমবোধে
জগাই তোলে অনিৰুদ্ধ স্পৃহা
প্ৰদান কৰে অফুৰন্ত শক্তি
ত্ৰিৰংগা মোৰ আজন্ম গৌৰৱ
প্ৰতিটো লহৰে বিয়পাই
এক গভীৰ আস্থা,
উন্নত শিৰেৰে জীয়াই থকাৰ
এক গভীৰ আত্মসন্মানবোধ
মূৰৰ ওপৰত যেন
এক গভীৰ প্ৰত্যয়ৰ প্ৰতিশ্ৰুতি
এক অভেদ্য নিৰাপত্তাৰ আচ্ছাদন..
ডঃ বিভা চেতিয়া বৰা