আস! ভোগালী বিহু!

তেলপিঠা, বৰপিঠা, সুতুলী পিঠা, টেকেলিপিঠা
তুমি বাৰু পাইছানে খাই?

খোলা চপৰীয়া, ঘিলা আৰু কঁকালছিগা পিঠাৰ
নাম তুমি শুনিছানে নাই?

জোনপিঠা, জকাইপিঠা, ফেনিপিঠা, তৰাপিঠা
টোপোলাপিঠা, জাপৰিপিঠা, কলপিঠাৰ সোৱাদ মিঠা।

চিৰা, মুড়ি, তিল, গম, নাৰিকলৰ লাড়ু
ভাবি-গুণি জিভাৰ পানী নোলাবনে বাৰু?

আখৈ, হুৰুম, সান্দহ- ক্ৰিম, গুড়, দৈ
ভোগালীৰ ভোগ জানো শেষ হ’ব কৈ?

উৰুকাৰ ভোজ ভাত- হাঁহ, পাৰ, শৰালি
ভাপৰ ইলিহী মাছ, তেঁতেলীৰে বৰালি,

চিতলৰ কোলঠি, কাঠ-আলু-ভজা,
খৰিকাৰ মঙহৰ লৈছা নে মজা?

বিধে-বিধে খানা-পিনা চকুৰ আগত ভাহে….
ভোগালী আহি গুচি গ’লে আনন্দও ঘূৰি নাহে…
কাৰোবাক ক’লেও চোন মোক খকুৱা বুলি হাঁহে।।

ম’নালিছা নাথ

By admin

Leave a Reply

Your email address will not be published. Required fields are marked *

52 − 48 =