গোৱালপাৰাৰ শ্ৰীসূৰ্যপাহাৰ উৰপদ হুলাকুন্দা

“সময় বালিঘৰৰ স্থায়িত্ব নাই

ৰৈ যা বুলিতো কোৱাও নাযায় ,

স্মৃতিৰ কুকিটোত কিছু সাঁচতীয়া ৰল

ভ্ৰমণ কাহিনীবোৰ তাতে সোমাই গ’ল।”

ফুৰিবলৈ সকলোৱে মোৰ বোধেৰে ভাল পায়। ময়ো ইয়াৰ ব্যতিক্ৰম নহওঁ। আৰামদায়ক ভ্ৰমণ মোৰ বৰ প্ৰিয়। বেছি বয়-বস্তু লৈ কৰবালে যাবলৈ বৰ ভাল নাপাওঁ। প্ৰতি বছৰে দুবাৰ অকনমান ফুৰি আহো প্ৰায়ে। ডিচেম্বৰ আৰু মাৰ্চ বিশেষকৈ। জুলাইৰ ২৬ তাৰিখেও যাবলৈ চেষ্টা কৰো কাৰণ ২৫ জুলাইলৈকে ল’ৰাৰ নাটকৰ কৰ্মশালা থাকে।

পাতনি দীঘল হ’ল….যি নহওক ২০১৬ চনৰ এটা খুব সুন্দৰ ভ্ৰমণৰ বিষয়ে লিখিবলৈ আৰম্ভ কৰিছোঁ।

২৯ ডিচেম্বৰ তাৰিখে আমি গুৱাহাটীৰ পৰা গোৱালপাৰা জিলালৈ ৰাওনা হ’লো। ব্ৰহ্মপুত্ৰৰ ওপৰৰ তৃতীয়খন দলং “নৰনাৰায়ণ সেতু”ত অলপ সময় কটালো। আগতেই ঠিক কৰি থোৱা আস্থা ৰিজৰ্টলৈ আমাক তেওঁলোকে আগবঢ়াই নিলে। এই ৰিজৰ্টটো অভয়াপুৰীৰ ধৰমপুৰত আছে। প্ৰকৃতিৰ পাহাৰৰ পাদদেশত এক মনোৰম নিৰিবিলি পৰিবেশত এই ৰিজৰ্টটো কেইজনমান উদ্যমী যুৱকে মনোৰঞ্জনৰ অনেক পয়োভৰেৰে গঢ়ি তুলিছে। বৰ সুন্দৰ আপ্যায়ন ও শুশ্ৰষা। নিশাটো ইয়াৰ চাৰিওফালৰ পৰিবেশ চায়েই হেঁপাহ নপলাল। নিশাটো ৰোমাঞ্চকৰ কাঠৰ আধুনিক কোঠা এটাত কটালো। ৰাতিপুৱা উঠি দেখো সূৰ্য্যৰ কুঁৱলি সনা কিৰণে পাহাৰত ঠেকা খাই বৰ্ণালীৰ সৃষ্টি কৰিছে। আমি পাহাৰৰ ফালে আগবাঢ়িলো। বাঁহৰ সাকোঁ পাৰ হৈ আস্থা বিলৰ পাৰে পাৰে আগবাঢ়িলো। আমনি নলগা এক পৰিবেশ। ল’ৰাৰ ফুৰ্ত্তিৰ অন্ত নাই। বছৰৰ শেষৰ দিনকেইটা এনেদৰে কটাবলৈ পালে বহুত জীৱনী শক্তি পোৱা যায়।

দুপৰীয়া আমি শ্ৰীসূৰ্য্য পাহাৰলৈ গ’লো। আস্থাৰ পৰা আমাক তেওঁলোকে ৪৬ কি:মি: নিলগত থকা এই বিতোপন ঠাইলৈ লৈ গ’ল। বৰ বিচিত্ৰ এই ঠাই , গুৱাহাটীৰ পৰা প্ৰায় ১২৭ কি:মি: দূৰত থকা এই পাহাৰ হিন্দু,বৌদ্ধ, জৈন সকলোৰে ধৰ্মীয় স্থান। শিৱলিংগ,বৌদ্ধ মূৰ্তি, জৈন দেব-দৈৱীৰ মূৰ্ত্তিৰে প্ৰায় ১ কি:মি: ঠাই আগুৰি আছে। বিশ্বাস আছে যে ৯৯৯৯ টি শিৱলিংগৰে দ্বিতীয় কাশীৰ স্বীকৃতি দিয়াৰ প্ৰয়াস কৰিছিল। ওচৰতে এটা সংৰক্ষণ গৃহও পৰ্যটকৰ বাবে গঢ়ি তুলিছে।

এই জিলাত কেইবাটাও বিল আছে যেনে কুমৰ, ধামাল, উৰপদ বিল। আমাৰ তাৰে দুটাহে চোৱা হ’ল। উৰপদ বিল পশ্চিম অসমৰ আটাইতকৈ ডাঙৰ হ্ৰদ। ৰাক্ষসিনী পাহাৰ আৰু হুলকুন্দা পাহাৰ বৰ অনন্য সুন্দৰ। হুলকুন্দা পাহাৰত বহুত প্ৰজাতিৰ বান্দৰ স্থানীয় ৰাইজে দেখুৱালে।

বুঢ়া-বুঢ়ী পাহাৰ মূলতে শিৱ মন্দিৰ। পাহাৰৰ অলপ উঠি গলেই পোৱা এই মন্দিৰৰ পাদদেশত বসবাস কৰা সকলৰ খুৱেই সাধাৰণ জীৱন ধাৰণৰ মান। গাৱলীয়া শান্তিময় পৰিবেশ।

গোৱালপাৰা চহৰৰ পৰা ১৮ কি:মি: দূৰত অসমৰ “সৈনিক স্কুল ” খন অৱস্থিত ।বৰ সুন্দৰ ব্যৱস্থাৰে অধিক উন্নত কৰিলে এই আৱাসিক বিদ্যালয়খন। সেই বিদ্যালয়খন আমি বাহিৰৰ পৰাই চালো।

বহুতৰ বাবে অতি সাধাৰণ পৰ্যটন স্থলী হ’লেও গোৱালপাৰাত চাবলগীয়া যথেষ্ট আছে বুলি মোৰ মনে কয়। কাৰণ সেই দুটা দিনৰ স্মৃতি, মানসিক শান্তি আমাৰ জীৱনত স্বাক্ষৰ হৈ ৰ’ল।

নয়নী হাজৰিকা

By admin

Leave a Reply

Your email address will not be published. Required fields are marked *

6 + 3 =