পৰ্যটকৰ আকৰ্ষণস্থলী হাফলং

প্ৰকৃতিৰ এক অনন্য সৃষ্টি হাফলং | অসমৰ একমাত্ৰ পাহাৰীয়া পৰ্যটন নগৰীখনক অসমৰ চুইজাৰলেণ্ড বুলিও কোৱা হয় | প্ৰকৃতিৰ অকৃপণ দানেৰে চহকী এই পাহাৰীয়া চহৰখনৰ বৈশিষ্ট্য , মাটিৰে মেঘ ভাঁহি ফুৰে | এই সৌন্দৰ্যই সকলোকে যেন হাত বাউলি মাতে |

জানিব পৰা মতে ,ডিমা হাচাও জিলাৰ (উত্তৰ কাছাৰ) সদৰ হাফলং নামটটো প্ৰকৃততে ডিমাচা শব্দৰ অপভ্ৰংশ হৈ সৃষ্টি হৈছে | ডিমাচা ভাষাত ‘হাপ্ল’ মানে চাৰিওফালে এঢলীয়া এটা ডাঙৰ টিলা |ডিমাচা ভাষাত ইয়াৰ নাম “হাপ্লায়ুং” | ইংৰাজসকলে ইয়াক উচ্চাৰণ কৰোতে পোনাই “হাফলং” বুলিছিল | তেতিয়াৰ পৰাই এই নামটোৰ অধিক প্ৰচাৰ হোৱাই পিছলৈ এই নামেৰে জনাজাত হৈ পৰিল | হাফলঙত প্ৰধানকৈ ডিমাচা, মাৰ,চিলেটি আৰু বঙালী ভাষা প্ৰচলিত | বিভিন্ন ভাষা-ভাষিৰ লোকসকলে নিজৰ মাজত ভাষিক আদান প্ৰদানৰ বাবে “হাফলং হিন্দী” বুলি Linguafranca ব্যৱহাৰ কৰে | ইয়াৰোপৰি নেপালী আৰু অসমীয়া ভাষাও ইয়াত প্ৰচলিত | ইয়াত বিভিন্ন জনগোষ্ঠীৰ লোক বসবাস কৰে | এওঁলোকৰ ভিতৰত সংখ্যাধিক জনগোষ্ঠীকেইটা হ’ল —- ডিমাচা, জেমি নগা, মাৰ,কুকি, বিয়েটে,ৰংখল,খেলমা,জয়ন্তীয়া ,কাৰ্বি আৰু ভাইভেই | ইয়াৰ ভিতৰত ডিমাচা জনজাতিৰ লোকৰ সংখ্যা সৰ্বাধিক | সকলো জনজাতি লোকৰে কলা-কৃষ্টি, আচাৰ- ব্যৱহাৰ ,ৰীতি-নীতি,বেশ-ভূষা, খাদ্য, ভাষা বেলেগ হলেও সকলোৱে মিলাপ্ৰীতিৰ এক সুদৃঢ় বান্ধোনেৰে বান্ধ খাই আছে |

বহুদিনৰ ইচ্ছা এটা মনতে পুহি ৰাখিছিলো হাফলং ফুৰিবলৈ যোৱা | সেই গতিকে 2017 চনৰ ডিচেম্বৰ মাহত পৰিয়ালৰ সতে দুদিনীয়া ভ্ৰমণসূচীৰে অলকা পুৰী হাফলঙলৈ ভ্ৰমণৰ উদ্দেশ্যে ওলালো | ভ্ৰমণৰ যোগেদি মানুহে নতুন দেশ বা ঠাই এখনৰ ভৌগলিক অৱস্থান, ইতিহাস, সভ্যতা, সংস্কৃতিৰ জনাত আগ্ৰহ জন্মে আৰু বহু নজনা কথা জানিব আৰু শিকিব পাৰি | ইয়াৰোপৰি ভ্ৰমণে মানুহক নতুনত্ব আনি দিয়াৰ লগতে মানসিক আনন্দও প্ৰদান কৰে |

# হাফলঙত পৰ্যটকৰ বাবে কিছুমান আকৰ্ষণীয় স্থলী আছে | ইয়াৰ ভিতৰত অন্যতম হৈছে জাতিংগা | মাইবঙৰ পৰা 47 কিল’মিটাৰ দূৰত্ব জাতিংগালৈ আৰু জাতিংগাৰ পৰা মাত্ৰ 10 কিল’মিটাৰ আঁতৰত হাফলং | জাতিংগা গাঁওখনলৈ নানা ৰঙী বিদেশী পৰিভ্ৰমী চৰাইবোৰ আহি তাৰ শোভা বৃদ্ধি কৰে | ইয়াত চেপ্তেম্বৰ -অক্টোবৰ মাহত দক্ষিণ দিশৰ পৰা এজাক প্ৰবল বতাহ বয় আৰু আকাশখন আন্ধাৰে আৱৰি ধৰে , আৰু তেতিয়াই বিদেশী পৰিভ্ৰমী চৰাইবোৰ আহে আৰ ৰহস্যজনক ভাৱে মৃত্যুবৰণ কৰে | এই সময়ছোৱাতে যথেষ্ট সংখ্যক পৰ্যটক ইয়ালৈ আহে |

# আন এক আকৰ্ষণস্থলী হৈছে হাফলঙৰ আৱৰ্ত ভৱন | এই ভৱনৰ চৌকাষৰ পৰিৱেশ ইমানেই ধুনীয়া যে, পুৱাৰ স্বপ্নিল নৈসৰ্গিক শোভা চাবলৈ যথেষ্ট সংখ্যক বিদেশী পৰ্যটক তালৈ যায় | তাত ফুলি থকা নানা ৰঙী ফুলৰ সৈতে সুশোভিত সৰু উদ্যানখন | তাৰ সন্মুখত সুগৌৰৱে মূৰ দাঙি থিয় হৈ থকা সুউচ্চ সেউজীয়া পাহাৰবোৰৰ লগত ডাৱৰৰ লুকা ভাকু খেল |পাহাৰৰ মাজেৰে বৈ গৈছে দৈয়াং নৈ ,তাৰ ওপৰত দূৰৈৰ পৰা জিলিকি থকা দলংখনে যেন সোণত সুৱগা চৰাইছে | তাত থিয় হৈ চাৰিওফালে চাই পঠিয়ালে ক্ষন্তেকৰ বাবে হলেও পৰ্যটকৰ মন প্ৰাণ আপ্লুত কৰি তোলে | আৱৰ্ত ভৱনত নিশা থকাৰ ব্যৱস্থা কৰিব পাৰিলে এই প্ৰকৃতিৰ সৌন্দৰ্য দুগুণে উপভোগ কৰিব পাৰি |

# হেংগিং ব্ৰিজ্জ পৰ্যটকৰ বাবে বিশেষ আকৰ্ষণৰ ঠাই | চহৰখনৰ মাজতে আছে হাফলং হ্ৰদ | হ্ৰদৰ ওপৰতে আছে হেংগিং ব্ৰিজ্জ ( ওলমা দলং) |

# হাফলং নগৰৰ পৰা 10/15 কিল’মিটাৰ আঁতৰত আটকধুনীয়াকৈ নিৰ্মাণ কৰা নিউ ৰেল ষ্টেচনটো পৰ্যটকৰ বাবে অন্য এক আকৰ্ষণস্থলী | ষ্টেচনৰ চৌকাষে আগুৰি আছে সেউজীয়া পাহাৰ গছ নানা ধৰণৰ মনোমোহা প্ৰাকৃতিক সৌন্দৰ্য , যি চালে চকু ৰোৱা |

এই খিনিতে উল্লেখ কৰি থোৱা ভাল হ’ব যে,হাফলঙৰ পৰা উভটি আহোতে মাইবং ঠাইখন চোৱাৰ সৌভাগ্য ঘটিছিল | হাফলঙৰ পৰা 47 কিল’মিটাৰ আঁতৰত মাহুৰ নদীৰ পাৰত মাইবং অৱস্থিত | এসময়ত মাইবং ডিমাচা আৰু কছাৰীসকলৰ ৰাজধানী আছিল | মাইবং মহকুমাৰ উমৰাংছু আন এক আকৰ্ষণৰ কেন্দ্ৰস্থল | কপিলী নদীৰ পাৰত অৱস্থিত উমৰাংছু ওচৰতে আছে এটা গৰম পানীৰ উঁহ | ইয়ালৈ বহু পৰ্যটক আৰু বনভোজৰ দল আহে | ইয়ালৈ বাছ আৰু সৰু গাড়ীৰে ভ্ৰমণ কৰিব পাৰি | কছাৰী ৰজাৰ মন্দিৰ আৰু শিলৰ গৃহ মাইবঙৰ উল্লেখযোগ্য স্থান |

এই ভ্ৰমণৰ এটা আমোদ আৰু বিস্ময় হ’ল সুৰংগ | পাহাৰৰ অঁকোৱা -পকোৱা পথেৰে গৈ থাকোতে মাইবং ঠাইখনত পোৱা 1কিল’মিটাৰৰ দৈৰ্ঘ্যৰ সুৰংগটোৰ মাজেৰে আমাৰ কাৰখন পাৰ হৈ যাওঁতে ক্ষন্তেকৰ বাবে এক মৃদু শিহৰণ জাগি উঠিছিল |

গুৱাহাটীৰ পৰা এই পাহাৰীয়া চহৰখনলৈ সৰু গাড়ীৰে ভ্ৰমণ কৰিলে প্ৰায়7ঘন্টা 45 মিনিট সময় লাগে আৰু দূৰত্ব 334 কিল’মিটাৰ | আকৌ তেজপুৰৰ পৰা হাফলঙলৈ সময় লাগে প্ৰায় 6ঘন্টা | দূৰত্ব হৈছে 267 কিল’মিটাৰ |গুৱাহাটীৰ পৰা ৰেল আৰু বাছেৰেও হাফলং ভ্ৰমণ কৰিব পাৰি | হাফলং ফুৰাৰ উপযুক্ত সময় হৈছে শীতকাল | ইয়াত পৰ্যটকৰ বাবে হোটেল,গেষ্ট হাউচ, আৱৰ্ত ভৱনৰ সুব্যৱস্থা আছে | যদিহে কেতিয়াবা হাফলং ভ্ৰমণৰ বাবে আহে তেতিয়া হোজাই লংকা হৈ যোৱা পথটো বেছি সুচল আৰু আহল বহল |

বহুসময়ত মন আৰু ধন থাকিলেও কেতিয়াবা দীঘলীয়া ছুটীৰ অভাৱত দূৰণিবটিয়া ঠাইলৈ যাবলৈ অসুবিধা হয় | অসমত এনে বহু ঠাই আছে যি কম সময় আৰু কম খৰচতে ফুৰিব পাৰি| অসম চৰকাৰে অসমৰ পৰ্যটনস্থলী সমূহৰ কাৰণে উন্নয়নমূলক আঁচনিসমূহ ফলপ্ৰসুভাৱে ৰূপায়ন কৰিলে নিশ্চয় পৰ্যটন উদ্যোগটো লাভৱান হ’ব | প্ৰাকৃতিক সম্পদেৰে চহকী উত্তৰ-পূৱ অসমত এনে বহু পৰ্যটন স্থলী আছে যি এতিয়াও চাবলৈ আৰু জানিবলৈ বহু বাকী |

পম্পী শইকীয়া

By