09
Jul
আৰম্ভণিতে দুটামান কথা ক'ব খুজিছোঁ। তেনেই সাধাৰণ যেন লগা ভ্ৰমণ। কিন্তু মোৰ কাৰণে বহুত স্পিচিয়েল। মোৰ মা জীৱিত থকা কালত ,মা লগত কৰা ভ্ৰমণৰ ভিতৰত এইটো আটাইতকৈ স্মৰণীয়।মা চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰিবলৈ, পাচ বছৰ থাকোঁতে, এই পৃথিৱীৰ পৰা গুচি গ'ল।আৰু এটা কথা,এতিয়া আৰু ঘাট পাৰ হ'ব কাৰণে ফেৰী নাই।ফেৰী আমাৰ কাৰণে স্মৃতি হৈ ৰ'ল।বহুত আবেগ জড়িত হৈ আছে বগীবিলৰ লগত। ভালদৰে ব্যাখ্যা কৰিম নোৱাৰিম চাগৈ মনৰ অনুভৱ খিনিক। যোৰহাট লৈ গৈছিলো ১৯৯৮ চনৰ ৭জুলাইত।মা আছিল লগত।তেতিয়া সপ্তম মানত।তেতিয়া ধেমাজিত বানপানী হৈছিল।ৰেডিঅ', দূৰদশ`ন,বাতৰি কাকতত ধেমাজি নাম সঘনাই উচচাৰিত আৰু প্ৰচাৰ হৈছিল বানপানী কাৰণে।দেউতাই আমাক লালুংতিনিআলি লৈকে আগবঢ়াব গৈছিল।যাত্ৰা আৰম্ভ…