Biswanath Ghat

বিশ্বনাথ ঘাট অসমৰ অন্যতম পয্যটন ক্ষেত্ৰ

বিশ্বনাথ ঘাট অসমৰ অন্যতম পয্যটন ক্ষেত্ৰ

বিশ্বনাথ ঘাট প্ৰেমিক হ'বৰ দিনা নীলা চুলি মেলি নামি আহে শুকুলা আকাশ.... লুইতৰ বুকুৰে পিচলি পৰে এনৌকা ৰং....... মতলীয়া বতাহে তৰি দিয়ে পাল... দুটি পাৰত খৰ তাল তুলি পাশা খেলত (প্ৰেম পাশ) বন্দী হয় আকাশ আৰু মাটি..... সাক্ষী হৈ ৰয় শিৱ মন্দিৰৰ তিনিটি চাকি .... খেলি থাকে দিন... খেলি থাকে ৰাতি.... খিলাখিল তাঁচ পাতে হাঁহি উঠে মিছিকি.... খেলি খেলি সলাজ হয় আকাশ আৰু মাটি... শুকুলা আকাশে গুঁজি দিয়ে মুখ বিশ্বনাথৰ বুকুত.... ৰাঙলী হয় লুইত ডুবি যায় আকাশ ওপঙি উঠে মাটি.... তেনেই গধুৰ শিলৰ দৰে কঠিন...(বৰলা শিল!) বন্দী হয় বিশ্বনাথ বন্দী হয় বিশ্বনাথ বিশ্বনাথ ঘাট প্ৰেমিক হ'বৰ দিনা বন্দী হয় বিশ্বনাথ…
Read More