Best Assamese Poems

আমনি

আমনি

আমনি লাগিছে আৰু নোৱাৰো সহিব আৰু কেতিয়ানো সেই আগৰ ধৰণীখন ঘূৰাই পাম, কেতিয়ানো পুনৰ মুকলিকৈ থাকিবলৈ পাম, আগৰ দৰে ফুৰিবলৈ ওলাই যাবলৈ পাম? সচাঁই আমনি লাগিছে বহুত বহুত আমনি লাগিছে। মনত এটা ভয় লৈ কিমান আৰু বাট চাম, এবছৰেই পূৰ্ণ হ'বৰ হ'ল ভাল দিন আহিব - ভাল দিন আহিব বুলি নিজকে আৰু কিমান নিচুকাম ? কিনো যে হ'ল? ঘপকৰে সকলো সলনি হৈ গ'ল। সৌ সিদিনা মহীশূৰৰ ৰাজ অট্টালিকা চাই আছিলোগৈ, বাংগালোৰৰ টেকন' চিটিত ভুমুকি মাৰিছিলোগৈ, কিন্তু ঘপকৰে কোনো আগজাননি নিদিয়াকৈ সকলো স্তব্ধ হৈ গ'ল। যেতিয়াই ঘৰৰপৰা বাহিৰলৈ ভুমুকিয়াই চাঁও সকলোটো একেই দেখো, বিশেষ পাৰ্থক্য একোটো নেদেখো, মাথো মানুহৰ ভীৰ-অত্যাচাৰ আদি…
Read More