লেটাপলু ভজা

জনগোষ্ঠীয় লেটাপলু ভজা

জনগোষ্ঠীয় লেটাপলু ভজা

উপকৰণ ১. ২৫০ গ্ৰাম লেটাপলু ২. মিঠাতেল জোখমতে ৩. মজলীয়া পিয়াজ 3টা লগতে কেঁচা ধনীয়া পাত ৪. নিমখ আৰু হালধি আৰু জিৰা পাউদাৰ জোখৰ ৰন্ধন প্ৰণালী ১. প্ৰথমে লেটাপলু কেইটা ২ কাপ গৰম পানীত ১0 মিনিত সময় ভালদৰে উতলাই পৰিষ্কাৰ কৰি লব। ২. পেনখনত তেল গৰম হবলৈ দি তাত পলুকেইতা বহাই জোখমতে নিমখ, হালধি আৰু জিৰা পাউদাৰ দি ভালদৰে কিছু সময় ৰঙচুৱাকৈ ভাজিব লাগিব। ৩. পলু খিনি পেনখনত লৰাই লৰাই তাতে সৰু সৰুকৈ কাটি লোৱা পিঁয়াজ আৰু কেঁচা জলকীয়া দি আৰু কিছু সময় ভাজিব লাগিব। ৪. শেষত কেঁচা ধনীয়া পাতেৰে সজায় লেটাপলু ভজা পৰিবেশন কৰক। 👨‍🍳 ৰাজীৱ কায়স্থ
Read More