ভ্ৰমণ কাহিনী

ভাৰত গৌৰৱ অজন্তা আৰু ইলোৰাগুহা

ভাৰত গৌৰৱ অজন্তা আৰু ইলোৰাগুহা

অজন্তা আৰু ইলোৰাগুহা প্ৰাচীন ভাৰতৰ গৌৰৱোজ্জ্বল ইতিহাসে আমাক সদায়ে প্ৰেৰণা যোগাই আহিছে। ভাৰতবৰ্ষৰ অতীত বুৰঞ্জীৰ পাতে পাতে ভাৰতীয়সকলৰ শৌৰ্ষ বীৰ্য তথা  সুন্দৰ সমাজ ব্যবস্থা, কলা-কীৰ্তিৰ  বহুতো উদাহৰণ দেখিবলৈ পোৱা যায়। শিল্প ভাস্কর্য ৰ মনোমোহা কীৰ্তি সমূহ মঠ-মন্দিৰ আৰু গুহা সমূহত আজিও সংৰক্ষিত হৈ আছে।  কিছু বছৰ  আগতে  All india congress of Obstetrics and Gynaecology   Conference এখনত ভাগ লবলৈ যাওঁতে মোৰ স্বামী আৰু তেখেতৰ সঙ্গী সকলৰ সৈতে যোৱাৰ সৌভাগ্য  মোৰো হৈছিল।  যিহেতু কন্ফাৰেন্সখন ঔৰঙ্গাবাদত হৈছিল , আমি সকলোৱে  ঔৰঙ্গাবাদত ওচৰতে থকা বিশ্ববিখ্যাত  অজন্তা আৰু ইলোৰাগুহা চোৱাৰ ব্যৱস্থা কৰিছিলো। সেই  অভিজ্ঞতাৰ বিৱৰণ মই আজি লিপিবদ্ধ  কৰিব  যত্ন কৰিম। সৰুতে বুৰঞ্জী ত পঢ়া…
Read More
আন্দামান ভ্ৰমণ আৰু চেল্যুলাৰ জেল

আন্দামান ভ্ৰমণ আৰু চেল্যুলাৰ জেল

আন্দামান ভ্ৰমণ আৰু চেল্যুলাৰ জেল সৌন্দৰ্য্যৰ দিশেৰে যিদৰে অতুলনীয় তেনেকৈ আন্দামান ভ্ৰমণৰ অভিজ্ঞতাও অসাধাৰণ। ৫৭২ তা সৰু বৰ প্ৰাকৃতিক প্ৰাচুৰ্যৰে ভৰপূৰ দ্বীপ সমূহৰে গঠিত আন্দামানলৈ ২০১৯ চনত সপৰিয়ালে ফুৰিবলৈ গৈছিলোঁ। আমাৰ মনত সৌন্দৰ্য্যৰ চাপ পেলাই থৈ যোৱা ভ্ৰমণৰ মাজত এক উল্লেখনীয় স্থান আছিল চেল্যুলাৰ জেল বা কালাপানী। চেল্যুলাৰ জেল বা কালাপানী, এনে এক ঠাই যিয়ে আপোনাক স্বাধীনতা সংগ্ৰামী সকলৰ সৰ্বোস্ব ত্যাগৰ পৃষ্ঠাবোৰ আলোকপাত কৰি তুলিব পাৰে। ইতিহাসৰ পাতবোৰ লুটিয়াই যাওঁতে চেল্যুলাৰ জেলত আয়োজিত শব্দ আৰু পোহৰ প্ৰদৰ্শনীয়ে বিপ্লৱী সকলৰ ত্যাগৰ গৌৰৱে মোক গভীৰ ভাৱে আৱেগিক কৰি তুলিছিল। সন্ধিয়া আয়োজিত প্ৰদৰ্শনীটোত কাৰাগাৰৰ প্ৰতিটো বিশেষ কোঠালিত নিৰ্দিষ্ট পোহৰেৰে আলোকিত কৰি সেই বন্ধ…
Read More
শিৱাঙ্গ সাধনা আৰু ভেল্লীনগিৰি তীৰ্থযাত্রা

শিৱাঙ্গ সাধনা আৰু ভেল্লীনগিৰি তীৰ্থযাত্রা

শিৱাঙ্গৰ আক্ষৰিক অৰ্থ হৈছে "শিৱৰ অঙ্গ" আৰু শিৱাঙ্গ সাধনা (Shivanga Sadhana) হৈছে সৃষ্টিৰ উৎসৰ সৈতে আমাৰ সম্পৰ্ক আৰু মনত ভক্তিভাৱ কঢ়িয়াই অনাৰ এক সুযোগ। ৪২ দিনীয়া এই শক্তিশালী সাধনাই আমাৰ জীৱনলৈ কঢ়িয়াই আনে সবল শৰীৰ আৰু সুস্থ মন। লগতে গ্ৰহণযোগ্যতা শক্তি আৰু গভীৰ স্তৰৰ অভিজ্ঞতা অন্বেষণ কৰাৰ এক বাট দেখুৱায় । ২০২০ চনৰ মহাশিৱৰাত্ৰিৰ ৪২ দিন আগৰ পৰা মই সাধনা আৰম্ভ কৰিছিলোঁ। নিয়মানুসাৰে ৰাতিপুৱা উঠি নিৰ্দিষ্ট শ্লোকেৰে পূজা কৰাৰ পাছত এগিলাচ নেমুপানী, ৰাতি তিয়াই থোৱা ১০ টামান জালুক আৰু মৌ মিহলাই পান কৰোঁ। লগতে ২-৩ টামান নিমপাত আৰু এমুঠি কেঁচা বাদামেই আছিল ৰাতিপুৱাৰ আহাৰ। দিনত দুবাৰ সম্পূৰ্ণ নিৰামিষ আহাৰ গ্ৰহণ…
Read More
অৰ’ভিলে ৰিঙিয়াই মাতে

অৰ’ভিলে ৰিঙিয়াই মাতে

আমি প্ৰতিজন মানুহেই ভ্ৰমণপ্ৰিয় | ওচৰে পাজৰে থকা বিভিন্ন মঠ মন্দিৰ নাইবা প্ৰাকৃতিক দৃশ্যাৱলীৰে ভৰা সুন্দৰ সুন্দৰ ঠাইবোৰ পৰিভ্ৰমন কৰিলে আমাৰ ন ন অভিজ্ঞতা হয় লগতে মানসিক অৱসাদ দূৰ হৈ মন প্ৰাণ জুৰ পৰি যায় | সেয়েহে ২০১৯ চনৰ নবেম্বৰ মাহত মোৰ জীয়ৰী মৃদু আৰু জোৱাই ৰাতুলৰ সৈতে বেঙ্গালোৰৰ পৰা পণ্ডিচেৰী আৰু অৰ'ভিললৈ বুলি ৰাওঁণা হ'লোঁ | দুৰণিবতীয়া ঠাই বাবে পিছ ৰাতিতে আমি নিজৰ গাড়ীৰে যাত্ৰা আৰম্ভ কৰিলোঁ |আমি অৱশ্যে বাঙ্গালোৰৰ পৰাই অৰ'ভিলত গেষ্টহাউচ বুক কৰি থৈছিলোঁ | দুপৰীয়া আমি Gaia 's Garden নামৰ গেষ্টহাউচটো পালোগৈ | চৌদিশে গছ-গছনি, প্ৰত্যেকটো জেগাই সুন্দৰকৈ সজাই পৰাই থৈছে | প্ৰথম দৃষ্টিতে আমি মুগ্ধ…
Read More
পাটায়া বেংকক সোণোৱালী সপোন

পাটায়া বেংকক সোণোৱালী সপোন

২০১৬ চনৰ অক্টোবৰ মাহত আমি তিনিও আৰু আমাৰ অফিচাৰে সহকৰ্মী বাইদেউ এগৰাকীৰ পৰিয়াল পাটায়া আৰু বেংকক বুলি ওলালো। দুয়োটা পৰিয়ালৰ কাৰণে এইটো আছিল এক নতুন অভিজ্ঞতা। গুৱাহাটীৰপৰা বিমানখন কলকাতা আৰু তাৰ পাছত বেংকক স্বৰ্ণভূমি বিমান বন্দৰত উপস্থিত হৈছিল গৈ।Make my trip ৰ জৰিয়তে দুই তিনি মাহ আগতেই টিকট কৰি থোৱা হৈছিল কাৰণে আমি একো অসুবিধাৰ সন্মুখীন হোৱা নাছিলো। বিমান বন্দৰত অলপ সময় অপেক্ষা কৰাৰ পাছত এগৰাকী সৰু চকুৰ থাই মহিলাই হাতত এখন বৰ্ডলৈ (য’ত আমাৰ নাম লিখা আছিল) আমাক বিচাৰি আমাৰ ওচৰ পাইছিল আৰু আমাক গাড়ী এখনৰফালে আগবঢ়াই লৈ গৈছিল। ট্ৰেভেলাৰৰ সদৃশ গাড়ী এখনত আমাৰ দুটা পৰিয়ালৰ লগতে ভাৰতৰ পৰা…
Read More
শান্তি আৰু সৌন্দর্যৰ চহৰ পুডুচেৰী (পণ্ডি)

শান্তি আৰু সৌন্দর্যৰ চহৰ পুডুচেৰী (পণ্ডি)

২০১৯ চনৰ জানুৱাৰী মাহৰ ২ তাৰিখে আমি চেন্নাই গ'লো। উদ্দেশ্য আছিল আমাৰ একমাত্ৰ পুত্ৰ লিঅ'ৰ এটি সমস্যাৰ বাবে উন্নত চিকিৎসকৰ পৰামৰ্শ লোৱা লগতে মোৰ আৰু পত্নী কিশোৰীৰ সম্পূৰ্ণ স্বাস্থ্য পৰীক্ষা কৰোৱা। সেইমতেই চেন্নাইত গৈ গ্ৰীমচ্ ৰোডত থাকি এপল' চিকিৎসালয়ত প্ৰথমদিনা শিশু বিভাগত পুত্ৰৰ পৰীক্ষা আৰু দ্বিতীয়দিনা আমাৰ স্বামী-স্ত্ৰীৰ সম্পূৰ্ণ স্বাস্থ্য পৰীক্ষা সুকলমে হৈ গ'ল। Ask Apollo app ৰ জড়িয়তে আগতেই অনলাইন বুকিং কৰা আছিল বাবে কোনো অসুবিধাৰ সন্মুখীন নহ'লো। চেন্নাইত ফুৰাৰ মন নাছিল। সেয়েহে আমি তাত এদিন সন্ধিয়া মেৰিণা বীচ্চলৈ যোৱাৰ বাহিৰে ক'তো নগ'লো। মই পাছে ভ্ৰমণ কৰি ভাল নাপাওঁ বুলি শ্ৰীমতীৰ মোৰ বিষয়ে এটি ধাৰণা আছে। প্ৰকৃততে মই বেছি…
Read More
ৰূপালী আন্দামান

ৰূপালী আন্দামান

মোক সৰুৰে পৰা আন্দামান নিকোবৰ দ্বীপপুঞ্জ, কালাপানী জেলৰ বুৰঞ্জী কিতাপত সন্নিবিষ্ট বৰ্ণনা, পোৰ্ট ব্লেয়াৰ আদি নাম সমূহে ৰোমাঞ্চিত কৰিছিল। যোৱাবছৰ এদিন হঠাৎ আন্দামান যোৱাৰ মন মেলিছিল মোৰ স্বামীয়ে। তেওঁৰ আকৌ কামবোৰ ভাবিলেই হব লাগে, নহলে শান্তি নাপায়।ভাবিলেই যেতিয়া অফিচত চুটি খুজি দৰ্খাস্ত দিলেই।তেতিয়া আকৌ মই ল'ৰাটোক লৈ গৰম বন্ধ বুলি কেইদিনমান চুটিলৈ ঘৰলৈ যোৱা এৰাতি পাৰ হৈছিলহে।তেখেতে লগালগ ফোন কৰি মনৰ ইচ্ছা অৱগত কৰিলে।মই হেহু নেহু কৰি থাকোতেই গোটেই প্লেন প্ৰগ্ৰাম বিস্তাৰিত ভাৱত জনাই ফ্লাইটৰ টিকট সেইদিনাই কাটিম কওঁতেহে মোৰ খপজপ লাগিল।পিছে ইমানদিনে তেখেতক বুজিবৰ বাকী নাছিল মোৰ আৰু এনেকৈ নগলে যে যোৱা নহব সেয়াও ভালদৰে জানিছিলোঁ। সাত দিনীয়া ভ্ৰমণ…
Read More
গোৱা ভ্ৰমণৰ অভিজ্ঞতা

গোৱা ভ্ৰমণৰ অভিজ্ঞতা

যোৱা ২0১৮ চনৰ ২২ নবেম্বৰ তাৰিখে আমি দুয়ো ৰাতিপুৱা ৯-৪৫ মান বজাত ল'ৰাৰ বন্ধু চানীৰ গাড়ীৰে যোৰহাট এয়াৰপট'লৈ ঢাপলি মেলিছো।নিদিষ্ট সময়ত গৈ পায় চানীক বিদায় দিলো।পৰিবাৰে কোৱা মতে প্ৰয়োজনীয় আধাৰ কাৰ্ডখন হাতত উলিয়াই লৈছো; মোৰহে অকণ মান‍ মনৰ উদ্বেগ আছে, কাৰণ মই প্ৰথম। আৱশ‍্যকীয় কাম বিলাক সুকলমে হৈ গৈছে ,----কোনো টকা-পইচাৰ লেনা-দেনা নাই।প্ৰায় এক মান বজাত ইণ্ডিগ'ৰ উৰাজাহাজত বহিলো ।মই নতুন বাবে পৰিবাৰে মোক খিড়িকী কাষত বহুৱালে।মোৰহে জীৱনৰ বাবে প্ৰথম বাৰ। আমাৰ বাবে খোৱা কফি আৰু মেগি দি গ'ল ,বাক‍্য বিনিময় সীমিত ।যোৰহাটৰ পৰা কলিকতালৈ ভালকৈ উপভোগ কৰিলোঁ, আমি কলিকতাত নামি বেগ দুটা লৈ বাহিৰলৈ ওলাই আকৌ কেবত হোটেল পালোগৈ।…
Read More
টাৱাং ভ্ৰমণৰ অভিজ্ঞতা

টাৱাং ভ্ৰমণৰ অভিজ্ঞতা

সূৰ্য উঠা দেশলৈ ডাৱৰৰ মাজত লুকাভাকু খেলি গিৰিৰাজ হিমালয়ৰ সুধা পান কৰিবলৈ এদিন ধপলিয়ালো অপৰূপা টাৱাংলৈ।         অক্টোবৰ মাহৰ শেষৰ সপ্তাহ ।বিশ্বনাথৰ পৰা টাৱাংলৈ স্থলপথেৰে দূৰত্ব প্ৰায় ৩৯০ কি.মি। অসমসীমান্তৰ ভালুকপু্ং পাৰ হৈ কামেংৰ পাৰে পাৰে সৰ্পিল গতিপথেই প্ৰধান আলিবাট।৫০০০ ফুট উচ্চতাত ৰূপ উপত্যকা ,টেং উপত্যকা পাৰ হৈ গন্তব্যস্থানলৈ উচ্চতা প্ৰায় ৮০০০ ফুট। ব'মডিলা পশ্চিম কামেং জিলাৰ সদৰ ঠাই।১৯৬২ চনত হোৱা চীনা আক্ৰমণৰ ভয়াবহ স্মৃতি যেন ব'মডিলা চহৰ খনে বহন কৰিছিল।সমগ্ৰ এলেকাত থকা স্মৃতি ফলক আৰু যুদ্ধৰ বাংকাৰ বোৰে যুদ্ধৰ ভয়াবহতাৰ কথা সোঁৱৰাই দিছিল।তিব্বৰ্তী সকলৰ অতুলনীয় কাৰিকৰী দক্ষতাৰে তৈয়াৰী  বিবিধ কুটীৰ শিল্পজাত সামগ্ৰী সম্ভাৰেৰে এই অঞ্চলটি চহকী। চহৰখনৰ নৈসৰ্গিক প্ৰাকৃতিক…
Read More
বৈষ্ণৱী মন্দিৰ দৰ্শন

বৈষ্ণৱী মন্দিৰ দৰ্শন

ভ্ৰমণে মানুহৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰে । এই ভ্ৰমণৰপৰাই পৃথিৱীখন যে বৰ বহল আৰু ইয়াত যে ভালেমান কথা জানিব লগা আছে, এই কথা উপলব্ধি কৰিব পাৰি । এই ভ্ৰমণ আত্মীয় লোকৰ জৰিয়তে বা অইনৰ সৈতে লগলাগি যৌথভাৱেও হ'ব পাৰে ।এনে ভ্ৰমণে মনত আনন্দ দিয়ে। আমিও তেনে এটি ভ্ৰমণ কৰিছিলো মই মোৰ স্বামী, কণমানি ছোৱালীজনী , শাহুমা আৰু জেশাহু তথা তেওঁলোকৰ পৰিয়াল আমি সকলোৱে আনন্দ স্ফূৰ্তিৰে এই ভ্ৰমণৰ দিনকেইটি পাৰ কৰিছিলো। ২০১৬ চনৰ জুলাই মাহৰ কথা ! বৈষ্ণৱী মন্দিৰ দৰ্শন কৰাৰ সৌভাগ্য ঘটিছিল। মাৰ মন্দিৰ দৰ্শন কৰাৰ হেপাঁহকণ বহু বছৰ আগৰ পৰাই অন্তৰত আছিল আমি যাত্ৰা আৰম্ভ কৰিছিলো উৰাজাহাজেৰে !প্ৰথম দিল্লীত…
Read More