ভ্ৰমণ কাহিনী

চীনদেশত এভুমুকি

চীনদেশত এভুমুকি

ভ্ৰমনৰ আনন্দই সুকীয়া | দৈনন্দিন জীৱনৰ একঘেয়ামিৰ পৰা কিছুদিনৰ বাবে ওলাই গৈ নতুন নতুন ঠাই চোৱাৰ অভিজ্ঞতা প্ৰতিজন ব্যক্তিৰ বাবেই আনন্দদায়ক | সেয়েহে ব্যস্ততাময় জীৱনৰ পৰা ফাঁক উলিয়াই কেইবছৰমান আগতে আমাৰ পাৰিবাৰিক বন্ধুপৰিয়াল এটিৰ সৈতে চীনদেশ চাবলৈ বুলি ওলাইছিলো |তেতিয়া অৱশ্যে আমাৰ দেশ আৰু চীন দেশৰ সম্বন্ধ যথেষ্ট ভাল আছিল | তেতিয়া সূৰ্যোদয়ৰ মনোৰম সময় | সোনালী আভাৰে পৰিপুষ্ট আকাশৰ মেঘৰ সৈতে লুকাভাকু খেলি খেলি আমাৰ বিমানখন হংকং বিমানবন্দৰত অৱতৰন কৰিলেগৈ | সাৰপাই থকাবাবে এই নয়নাভিৰাম দৃশ্য মই উপভোগ কৰিব পাৰিলো | আমাৰ লক্ষ্যস্থান বেইজিং | ৰঙাচীনৰ ৰাজধানী চহৰ বেইজিং | একৈশ শতিকাৰ বিস্ময় চীনদেশ বুলি কলেও বেচিকৈ কোৱা নহয়…
Read More
পুৰী যাত্রাৰ স্মৃতি কথা

পুৰী যাত্রাৰ স্মৃতি কথা

প্ৰকৃতি যেতিয়া ৰূষ্ট হয় তেতিয়াই আহে নেকি প্ৰলয়? সৃষ্টি হয় নেকি তেতিয়াই প্ৰকৃতিৰ তাণ্ডবলীলা।প্ৰকৃতি কিয় হয় বাৰু ৰূষ্ট!!জানোনে বাৰু আমি,নেজানোঁ হয়তোবা জানো।কিন্তু পাৰোনে ৰুধিব আমি প্ৰকৃতিৰ তাণ্ডবক।সৌ সিদিনা যে বতৰ বিজ্ঞানীয়ে বতৰৰ আগলি বতৰা দিছিল,বঙ্গোপসাগৰৰ গৰ্ভত সৃষ্টি হ'বলৈ গৈ আছে এক ধ্বংস যজ্ঞৰ পাতনি।জনসাধাৰণক সাবধান কৰি দিছিল। সমাগত বিধ্বংসী প্ৰাকৃতিক প্ৰলয়ৰ মুখামুখি হ'বলৈ প্ৰস্তুত হোৱাৰ বাবে সকিয়নি দিছিল।উৰিষ্যা চৰকাৰে বতৰবিজ্ঞানীৰ আগজাননীক গুৰুত্ব সহকাৰে লৈ জনগণক প্ৰাণৰক্ষাৰ হেতু স্থানান্তৰিত কৰিছিল নিৰাপদ স্থানলৈ। আগলি বতৰাক শুদ্ধ প্ৰমাণিত কৰি ফণী আহিল।ফণীৰ উতনুৱা বতাহজাকে তাণ্ডবৰ সূচনা কৰি বিধ্বস্ত কৰি পেলালে উৰিষ্যাভূমি। বঙ্গোপসাগৰত উৎপত্তি হোৱা ফণীৰ প্ৰবল প্ৰতাপত সকলো থানবান হৈ গৈ আছে ।ঠনঠনাই ভাগি…
Read More
এটা স্মৰণীয় ভ্ৰমণ

এটা স্মৰণীয় ভ্ৰমণ

আৰম্ভণিতে দুটামান কথা ক'ব খুজিছোঁ। তেনেই সাধাৰণ যেন লগা ভ্ৰমণ। কিন্তু মোৰ কাৰণে বহুত স্পিচিয়েল। মোৰ মা জীৱিত থকা কালত ,মা লগত কৰা ভ্ৰমণৰ ভিতৰত এইটো আটাইতকৈ স্মৰণীয়।মা চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰিবলৈ, পাচ বছৰ থাকোঁতে, এই পৃথিৱীৰ পৰা গুচি গ'ল।আৰু এটা কথা,এতিয়া আৰু ঘাট পাৰ হ'ব কাৰণে ফেৰী নাই।ফেৰী আমাৰ কাৰণে স্মৃতি হৈ ৰ'ল।বহুত আবেগ জড়িত হৈ আছে বগীবিলৰ লগত। ভালদৰে ব্যাখ্যা কৰিম নোৱাৰিম চাগৈ মনৰ অনুভৱ খিনিক। যোৰহাট লৈ গৈছিলো ১৯৯৮ চনৰ ৭জুলাইত।মা আছিল লগত।তেতিয়া সপ্তম মানত।তেতিয়া ধেমাজিত বানপানী হৈছিল।ৰেডিঅ', দূৰদশ`ন,বাতৰি কাকতত ধেমাজি নাম সঘনাই উচচাৰিত আৰু প্ৰচাৰ হৈছিল বানপানী কাৰণে।দেউতাই আমাক লালুংতিনিআলি লৈকে আগবঢ়াব গৈছিল।যাত্ৰা আৰম্ভ…
Read More