নতুন দিল্লীৰ অ’লা চালকৰ বদান্যতা

বিশেষ ৰাজহুৱা কাম এটিৰ বাবে নতুন দিল্লীৰ চাউথ ব্লকত থকা সামৰিক বাহিনীৰ মুখ্য কাৰ্যালয়লৈ প্ৰথম বাৰৰ বাবে গৈছিলো ৷ দুবছৰ আগতে ৷ সকলো ক্ষেত্ৰতেই শেষ ভৰষাৰ স্থল আমাৰ সামৰিক বাহিনীৰ মুখ্য কাৰ্যালয়ত প্ৰৱেশ কৰিবলৈ পোৱাটোৱেই আমাৰ নিচিনা সাধাৰন ব্যক্তিৰ বাবে নি:সন্দেহে অতি গৌৰৱৰ বিষয় !! তাতেই আকৌ সাক্ষাৎ কৰিবলৈ যোৱা শীৰ্ষ সামৰিক বিষয়া গৰাকী আমাৰ অসমৰেইএগৰাকী কৃতী সন্তান ! ইমান দিনে তেখেতৰ বিষয়ে শুনিহে আছিলো ! সেয়ে নিৰ্দিষ্ট দিনটোৰ পুৱাৰে পৰাই উৎকণ্ঠিত হৈ আছিলো ৷ কৈলাশ কলনী স্থিত ‘বড়োলেণ্ড অতিথি শালা’ৰ পৰা অ’লা কাৰ এখনেৰে যাত্ৰা আৰম্ভ কৰিলো ৷ লগত মোৰ প্ৰিয় সতীৰ্থ এজন৷

অ’লা চালক জন বেছ ফূৰ্তিবাজ ডেকা ৷ চালকৰ লগত কথা পাতিবলৈ ইচ্ছা নকৰা আৰোহীক খুৱ ভাল নেপায় হেনো !! আমি আকৌ পক পকাই থাকিব নেপালে ভালেই নেপাও যে !! কথা বতৰা পাতি কেতিয়া যে গন্তব্যস্থান স্থান পালো উমানেই নেপালো ! আমি নামিব লাগিছিল ৯ নম্বৰ প্ৰৱেশ দ্বাৰত ৷ কিন্ত আমাৰ অজ্ঞতাৰ বাবে নামিলো চাউথ ব্লক আৰু নৰ্থ ব্লকৰ মুল প্ৰৱেশ দ্বাৰত ৷ অলা চালক জনক তেওঁৰ প্ৰাপ্য ভাড়া আদায় দি তেওঁৰ পৰা বিদায় ললো ৷ হাস্যবদন দিল্লী আৰক্ষীৰ বিষয়া এজনে দিয়া আমাৰ গন্তব্যস্থানৰ দিক নিৰ্দেশনা অনুসৰি আমি পদব্ৰজে যাত্ৰা আৰম্ভ কৰিলো ৷

ইমান সুন্দৰ সেউজীয়া ঘাহনি আৰু অত্যন্ত যত্ন পালিত সেউজীয়া বাগিছাৰ মাজেৰে আপোন ভোলা হৈ আগবাঢ়িব ধৰিলো ৷ প্ৰায় বিশ মিনিট মান যোৱাৰ পিছত সেই সুন্দৰ পৰিৱেশৰ ছৱি লৱলৈ মোৰ ভ্ৰাম্যভাষ টো বিচাৰি সতীৰ্থ জনলৈ হাত আগুৱাই দিলো ৷ তেৱো নিজৰ ভ্ৰাম্যভাষটো আগবঢ়াই দিলে ৷ ” মোৰ টো দিয়া, তোমাৰ টো কিয় দিছা ? মই সুধিলো ৷ “আপোনাৰ টো মোৰ লগত নাই ” নিৰ্বিকাৰ উত্তৰ ৷ “হে হৰি মোৰ ভ্ৰাম্যভাষটো ক’ত এৰিলো , কত পাম ” এই চিন্তাত হায়ৰান হৈ পৰিলো ৷ হঠাৎ মনলৈ আহিল অলা খনতেই এৰিলো নেকি ? কিন্ত কেনেকৈ বিচাৰি পাম ? বিপদত পৰিলে ধৈৰ্য্য ধৰিব লাগে ৷ “ইউৰেকা, ইউৰেকা, মোৰ জিঅ’ ৰ ইন্টাৰনেটে কাম নকৰা বাবে সতীৰ্থ জনৰ ভ্ৰাম্যভাষৰ পৰা অ’লা বন্দোৱস্ত কৰিছিলো ৷” সেই তথ্য চাই চালক জনলৈ ভ্ৰাম্যভাষ যোগে সংযোগ কৰি ভ্ৰাম্যভাষটিৰ বিষয়ে সুধিলো ৷ চালক জনে অতি বিনয়েৰে ক’লে যে তেওঁ গাড়ী খন চোৱা নাই আৰু আন ভাড়াৰ বাবে গৈ আছে যদিও আমাক নমাই থৈ যোৱা স্থানলৈ দহ মিনিটৰ ভিতৰত আহি পাব আৰু আমি নিজে চাই লব পাৰিম ৷ ” তাৰ মানে গাড়ী খনৰ আসনত নাই ” আকৌ চিন্তাত পৰিলো ৷ সময়ত গাড়ী খন আহি পালে আৰু আমাক চাব দিলে ৷ হয়, আমি বহা পিছৰ আসনত জিলিকি আছে কিছু ক্ষণ আগতে মোৰ পৰা বিচ্ছেদ হোৱা মৰমৰ ভ্ৰাম্যভাষটি !! মোৰ হাতত পুনৰ অৰ্পন কৰিবলৈকে প্ৰায় আঠ কিলোমিটাৰ বাট উভটি আহিল এই অলা চালক গৰাকী ৷ যথা নিয়মে দিয়া ধন্যবাদ আৰু কৃতজ্ঞতা আন্তৰিকতাৰে গ্ৰহণ কৰি তেওঁ আমাৰ পৰা বিদায় ললে পুনৰ আকৌ কৰবাত কেতিয়াবা লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ৷ কিন্ত শেষ মুহূৰ্তত এটি ভুল কৰিলো !! নকৰিম বুলি ভাবিও !! কৃতজ্ঞতাৰ চিন স্বৰূপে কিছু ধন আগবঢ়াই দিলো ৷

“নেহী চাহাব, মুঝে ৰুপীয়া নেহী চাহিয়ে ৷ আপকা সামান ওৱাপচ কৰা সকা ইয়েহী মেৰী সৌভাগ্য হেই ” এই দৰে বিনয়েৰে প্ৰত্যাখ্যান কৰি সুন্দৰ হাহি এটি উপহাৰ দি তেওঁ নিজৰ কৰ্তব্যলৈ আগবাঢ়ি গ’ল ৷ আমি দুয়ো নিৰ্বাক হৈ ৰোৱাৰ বাদে অন্য উপায় নাছিল !!!

ভাৰ্গব কুমাৰ দাস

By admin

Leave a Reply

Your email address will not be published. Required fields are marked *

69 + = 76