ক’ৰনা উদ্ভূত গৃহবন্দীত্ব, হতাশাৰ বিপৰীতে কিছু প্ৰত্যাশা

মহামাৰী ক’ৰনা ভাইৰাছৰ সংক্ৰমন ৰোধ কৰিবৰ বাবে মাৰ্চ মাহৰ শেষৰ সপ্তাহত দেশজুৰি প্ৰযোজ্য হ’ল তলাবন্ধ ৷ ইয়াৰ লগে লগে অবধাৰিত ভাবে দেশত সূচনা হ’ল অৰ্থনৈতিক মন্দাৱস্হাৰ ৷ ভাৰতৰ দৰে এখন প্ৰগতিশীল ৰাষ্ট্ৰৰ প্ৰগতিক স্তব্ধ কৰিব পৰা এনে অৰ্থনৈতিক মন্দাৱস্হাৰ পৰিপ্ৰেক্ষিতত তলাবন্ধত আৰোপিত বাধা-নিষেধাজ্ঞা লাহে লাহে শিথিল কৰিবলৈ চৰকাৰ বাধ্য হ’ল ৷ তলাবন্ধ আৰু অৰ্থনীতি, উভয়ৰে মাজত যথাসাধ্য ভাৰসাম্য বজাই, যুটীয়াভাৱে ক’ৰনাৰ সংক্ৰমন ৰোধৰ আৰু দেশৰ অৰ্থনৈতিক ক্ষেত্ৰখনত গতিশীলতা অনাৰ প্ৰচেষ্টাত চৰকাৰখনে আত্মনিয়োগ কৰা পৰিলক্ষিত হ’ল ৷

অপ্ৰত্যাশিত এই দুৰ্য্যোগে মানুহৰ স্বাভাৱিক জীৱন যাত্ৰাক এক প্ৰকাৰ স্হবিৰ কৰি পেলালে ৷ ক্ষুদ্ৰ ব্যবসায় প্ৰতিষ্ঠানৰ পৰা আৰম্ভ কৰি বৃহৎ উদ্যোগলৈকে সকলো সন্মুখীন হ’ব লগীয়া হ’ল বৃহত্তৰ ক্ষতিৰ ৷ দেশৰ বিভিন্ন ঠাইত বিভিন্ন উদ্যোগ-প্ৰতিষ্ঠানত নিয়োজিত শ্ৰমিক সকলে জীবিকাৰ তাড়নাত আৰু ঘৰমুখী যাত্ৰাত সীমাহীন দুখ-যান্ত্ৰনা ভুগিব লগা হ’ল ৷ শিক্ষানুষ্ঠান, ব্যায়ামাগাৰ,চিনেমাহল আদি খোলাৰ সাহ, আজিকোপতি চৰকাৰ খনে কৰিব পৰা নাই ৷ অত্যন্ত প্ৰয়োজনীয় ৰাজহুৱা অনুষ্ঠান অনু্ষ্ঠিত কৰাৰ অনুমতি প্ৰদান কৰা হৈছে, তাকো খুব সীমিত সংখ্যক লোকৰ উপস্থিতিত ৷ ফলশ্ৰুতিত, সকলো ধৰনৰ সভা-সমিতি, বিয়া-সবাহ, নাটক-থিয়েটাৰ আদিৰ পৰা বঞ্চিত হৈ মানুহে আদৰি লব লগীয়া হৈছে গৃহবন্দীত্বৰ জীৱন ৷ চাকৰিয়াল বা ব্যবসায়ী সকলেও কৰ্মক্ষেত্ৰৰ সময়খিনিক বাদ দি বাকীখিনি সময় গৃহবন্দী হিচাবে পাৰ কৰিছে ৷ কায়িক শ্ৰেণীকোঠাৰ পাঠদানৰ পৰা বঞ্চিত হৈ ছাত্ৰ-ছাত্ৰী সকলেও নিজকে ঘৰৰ চাৰিসীমাৰ ভিতৰত আবদ্ধ কৰি ৰাখিব লগীয়া হৈছে ৷ তলাবন্ধ শিথিল কৰিলেও বা অনাগত দিনত সম্পূৰ্ণভাবে প্ৰত্যাহাৰ কৰিলেও এই মহামাৰী সম্পূৰ্ণৰূপে নিৰ্মূল নোহোৱা পৰ্যন্ত মানুহৰ জীৱন যাত্ৰা কদাপি স্বাভাবিক নহ’ব ৷ প্ৰকৃতাৰ্থত কবলৈ গলে ফলপ্ৰসূ এটা প্ৰতিষেধক আবিষ্কাৰ নোহোৱালৈকে মানুহে ক’ৰনাৰে সহবস্হান কৰিবলৈ শিকিব লাগিব আৰু অত্যন্ত প্ৰয়োজনীয় কৰ্মখিনিৰ তাগিদাত ঘৰৰ বাহিৰ ওলালেও বাকীখিনি সময় গৃহবন্দীত্বকে সঙ্গী হিচাপে আকোৱালি লোৱাৰ প্ৰয়াস কৰিব লাগিব ৷

গৃহবন্দীত্বৰ এই জীৱনে সকলোকে বিভিন্ন দিশত হতাশাৰে আৱৰি ধৰিলেও, তাৰ মাজতে যেন কঢ়িয়াই আনিছে প্ৰত্যাশাৰ কিছু ৰেঙনি ৷ গৃহবন্দীত্বৰ এই কালছোৱাত প্ৰথম কিছুদিনলৈ প্ৰায়সংখ্যক লোকেই বিভিন্ন মাধ্যমত গান, চিনেমা উপভোগ কৰি নিজকে ব্যস্ত ৰখা পৰিলক্ষিত হৈছিল ৷ যান্ত্ৰিকতাৰ এই যুগত মনৰ খোৰাক যোগান ধৰা এই প্ৰয়োজনীয়তাক একেবাৰেই উলাই কৰিব নোৱাৰি ৷ মনৰ এই প্ৰয়োজনীয়তা পূৰ্ণ হোৱাৰ পাছত বহুসংখ্যকে নিজকে নিয়োজিত কৰা দেখা গ’ল বিভিন্ন ধৰনৰ সৃষ্টিশীল কৰ্মত ৷ ফেচবুককে আদি কৰি বিভিন্ন সামাজিক মাধ্যমত এনে সৃজনীমূলক কামৰ প্ৰতিফলন বাৰুকৈয়ে পৰিলক্ষিত হৈছে ৷ ইয়াক এক প্ৰকাৰৰ শুভ লক্ষন বুলিব পাৰি ৷ সৰু-বৰ নিৰ্বিশেষে কোনোৱে গীত, কবিতা ৰচনা কৰিছে, কোনোৱে গীত গাইছে, কোনোৱে আবৃত্তি কৰিছে, কোনোৱে অভিনয় কৰিছে ৷ মানুহৰ হাতত থকা অফুৰন্ত সময়ে ইমান দিনে সুপ্ত হৈ থকা প্ৰতিভাক জাগ্ৰত কৰাৰ ক্ষেত্ৰত বিশেষ অৰিহণা যোগাইছে ৷ সফল নহলেও চেষ্টা কৰি চোৱাত আপত্তি কি-এনে ধৰনৰ মানসিকতাই বহুতক প্ৰদান কৰিলে বহুদিনীয়া মনৰ হেপাহ পূৰণৰ সোনালী সুযোগ ৷ সৃষ্টিৰ এই ধাৰা অব্যাহত থাকিলে হয়তো অনাগত দিনত ইয়াৰ মাজৰ পৰাই বহুতো উন্নত মানদণ্ডৰ সৃষ্টি হ’ব ৷ প্ৰত্যেক সৃষ্টিৰে এক স্বকীয়তা আছে, যেনেকৈ অলাগতিয়াল বুলি ভবা ক্ষুদ্ৰতম বনগছ জোপাৰ পৰাও কেতিয়াবা আবিষ্কাৰ হয় মহৌষধ ৷ অত্যন্ত গুৰুত্বপূৰ্ণ কথাটো হ’ল, যান্ত্ৰিকতাৰে ভৰা এই জীৱনত বস্তুবাদী মানসিকতাৰ পৰা সামান্য আতৰি কৰা এনে সৃজনীশীল কৰ্মই মানুহক আত্মসন্তুষ্টিৰ চুড়ান্ত পৰ্যায়লৈ লৈ যাব পাৰে আৰু ই হৈ পৰিব পাৰে মানুহৰ জীৱনৰ প্ৰধান চালিকা শক্তি ৷

ক’ৰনা উদ্ভূত গৃহবন্দীত্বই উন্মোচিত কৰা আন এটা উল্লেখনীয় দিশ হ’ল- ছাত্ৰ-ছাত্ৰী, অভিভাৱক, শিক্ষক-কৰ্মচাৰী সকলোৱে নতুন প্ৰযুক্তিবিদ্যাৰ লগত পৰিচিত হৈ ইয়াৰে উপলব্ধ বিভিন্ন সুযোগ-সুবিধা গ্ৰহন কৰাৰ চেষ্টা কৰা ৷ বহু ব্যক্তিগত বা চৰকাৰী প্ৰতিষ্ঠানৰ কৰ্মচাৰীয়ে অনলাইনৰ যোগেদি ৱৰ্ক ফ্ৰম হোম্ পদ্ধতিত নিজৰ সেৱা আগবঢ়োৱা পৰিলক্ষিত হৈছে ৷ ছাত্ৰ ছাত্ৰী সকলেও বিভিন্ন এপৰ মাধ্যমেৰ অন লাইন ক্লাচৰ সুবিধা উপভোগ কৰিছে ৷ ব্যক্তিগত পৰ্যায়ত আমি নিজেও এই আধুনিক প্ৰযুক্তিৰ লগত নিজকে খাপ খুৱাই ছাত্ৰ-ছাত্ৰীক বিভিন্ন দিশত উপকৃত কৰাৰ প্ৰয়াস কৰিছো ৷ আনকি, অবসৰৰ নিচেই ওচৰ চপা, ষ্মাৰ্ট ফোনৰ ৱ্যবহাৰ সম্পৰ্কে একেবাৰে অজ্ঞ বহু শিক্ষকে জীবনৰ এই বিয়লি বেলাত হলেও ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি, আধুনিক প্ৰযুক্তিৰে পৰিচিত হৈ অনলাইন ক্লাচৰ আওতালৈ আহি নিজকে সামানাভাৱে হলেও আধুনিকৰন কৰাৰ প্ৰয়াস কৰা পৰিলক্ষিত হৈছে ৷ কৰনা উদ্ভুত গৃহবন্দীত্ব জীৱনে যেন “অভাৱেই আবিষ্কাৰৰ মূল” কথাষাৰ আকৌ এবাৰ প্ৰতিপন্ন কৰিলে । অনাগত দিনত সম্পূৰ্ণ স্বাভাবিক জীৱন যাত্ৰাত এই নতুন প্ৰযুক্তি সম্বলিত বিদ্যাই কায়িক শ্ৰেণীকোঠাৰ পৰিপুৰক হিচাবে শিক্ষাৰ ক্ষেত্ৰখনলৈ অভুতপূ্ৰ্ব বৰঙনি যোগাব বুলি আমি যথেষ্ট আশাবাদী ৷

ড° পুলক সভাপন্ডিত, অধ্যাপক, বিশ্বনাথ মহাবিদ্যালয়

 

By