এলজাইমাৰ আৰু দেউতা

পঞ্চায়ত আৰু গ্ৰামউন্নয়ন বিভাগত ভাল পদবী এটাত চাকৰি কৰিছিলে মোৰ দেউতাই। মায়ে কোৱা মতে পৰিয়ালৰ মানুহৰ বিয়া বা সকামত কেতিয়াবা গুৱাহাটীৰ বাহিৰত যাব লগীয়া হোৱাৰ বাহিৰে চাকৰি কাল চোৱাত কোনোদিন চুটি নললে মানুহজনে। এখন নিৰ্দিষ্ট ৰুটিনত চলিছিল তেখেত। না কামৰ হেৰফেৰ না সময়ৰ। চাকৰিৰ পৰা অবসৰ লোৱাৰ দিনা এখন ডাঙৰ পিতলৰ শৰাই, এযোৰ চোলা পেন্ট, এখন গামোচা আৰু পাৰ নমনা চকু পানি উপহাৰ হিচাপে লৈ ঘৰলৈ উভতিছিল তেখেত। অবসৰৰ পিছত কি কৰিব দেউতাই কোনো পৰিকল্পনা কৰি থোৱা নাছিল। কেইটামান দিন কিছু খেলি মেলি আৰু অমনোযোগিতাৰে পাৰ কৰাৰ পিছত তেখেতে এখন নতুন ৰুটিন বনাই ললে। শুই উঠি লাল চাহ বিস্কুট খায়। পানিৰ মেচিনটো চলাই দি বাতৰি কাকত খন পঢ়ে। তাৰ পিছত চাহ জলপান খাই উঠি ঘৰৰ চৌহদৰ ঘাঁহ বন্ উভালে আৰু লগতে প্ৰায়েই মায়ে ৰুৱা লাগতিয়াল গছ পুলি বোৰো😁। গা ধুই উঠি দিনৰ ভাত সাজ খাই অলপ জিৰণি। গধুলিৰ আগে আগে অৱসৰপ্ৰাপ্ত বন্ধু তিনিজনৰ লগত খোজ কাঢ়িব ওলাই যোৱা আৰু ঘুৰি আহোতে লাগতিয়াল বজাৰ খিনি কৰি অনা। অলপ পৰ টিভি চাই ৰাতিৰ ভাত সাজ খাই শুই যোৱা। তাৰ মাজতে লাইটৰ বিল দিয়া, গেছ বুকিং কৰা, বেংকৰ কাম সকলোবোৰ নিয়াৰিকৈ কৰি গৈছিল তেখেতে। কবলৈ গলে দেউতাই এটা সাধাৰণ আৰু নিয়মত চলা জীবন পচন্দ কৰিছিল। দহোটাৰো বেছি বছৰ কাল তেনেকৈয়ে পাৰ হৈ গল।

লাহে লাহে দেউতাৰ কথা বতৰাত পৰিবৰ্তন চকুত পৰিবলৈ ধৰিলে। ছয় বছৰ মানেই হল, মা দেউতা দুয়ো নামৰূপৰ মাহীৰ ঘৰৰ পৰা ৰেলেৰে গুৱাহাটীলৈ উভতি আহি আছিলে। ডিমাপুৰৰ ওচৰেৰে ৰেল খন পাৰ হওতে চাৰিওফালৰ পাহাৰীয়া জংগল বোৰ দেখি দেউতাই মাক বাৰে বাৰে কবলৈ ধৰিলে” হেৰা ড্ৰাইভাৰটোয়ে ৰাস্তা হেৰালে চাগে। আমাক কৰবাৰ জংগললৈ লৈ গৈ আছে। গাড়ীখন ৰখাই দিব লাগে”। কথাবোৰ শুনি ওচৰ পাজৰৰ মানুহ বোৰে ফিচিঙা ফিচিঙি কৰিব ধৰিলে। স্হান কাল নোচোৱাকে যা তা কৈ থাকে বুলি মায়েও খং কৰিলে। সেয়াই চাগে দেউতাৰ এলজাইমাৰ বেমাৰটোৰ আৰম্ভণি আছিলে।

মোৰ ঘৰ মাৰ ঘৰৰ পৰা বেছি দুৰত নহয় বাবেই দুয়ো সদায় দুপৰীয়া এপাকআহি মোৰ লৰাটোৰ খবৰ লয়হি আৰু প্ৰায়েই মই অফিসৰ পৰা ঘুৰি নহালৈকে ৰৈ থাকে। লাহে লাহে দেউতাই দিনটোত ৬/৭ বাৰলৈকে মোৰ ঘৰলৈ অহা হল। অহাৰ কাৰণ সুধিলে পাহৰি যোৱা বুলি আকৌ ঘৰত সুধিবলৈ গুছি যায়। যাঁওতে প্ৰায়েই কুন্দাটো লগাই দৰ্জাখন বাহিৰৰ পৰা বন্ধ কৰি যায় আৰু মই ফোন কৰি কোনোবাক মতাই দৰ্জা খোলাব লগীয়া হয়।

দিন যোৱাৰ লগে লগে তেখেতে সম্পর্ক বোৰ পাহৰি যাবলৈ ধৰিলে, মাত্র চেহেৰাটোহে চিনি পায়। মাক আই বুলি, দাদাক ককায়েক, বাইদেউক বায়েক আৰু মোক বাবুৰ মাক বুলি মতা হল। মায়ে জলপানৰ লগত খাবলৈ দিয়া বস্তু বোৰ ৰুমালেৰে বান্ধি লৈ আহে বাবুৰ বাবে। কেতিয়াবা নিজৰ ভাতৰ থালিখন গামোচাৰে ঢাকি লৈ আহে বাবুক খাবলৈ দিবৰ বাবে। তেওঁ নিজকে অবিবাহিত বুলি ভাবিবলৈ ধৰিলে আৰু তেওঁক বিয়া পাতি দিব লাগে বুলি প্ৰায়েই লাজ লাজকৈ আমাক সোঁৱৰাই দি থকা হল। সেই সময় চোৱাত তেখেতৰ অদ্ভুত ধৰণে বাঢ়ি যোৱা ফুৰাৰ চখটোয়ে আমাক কম খন হাৰা শাস্তি কৰা নাছিলে…!!! ঘৰৰ কাপোৰ কাণি বোৰ টোপোলা বান্ধি যেতিয়াই তেতিয়াই ঘৰলৈ যাওঁ বুলি ওলাই গৈছিলে। কেইবাবাৰো মনে মনে এনেকৈ ওলাই গৈ ৰিক্সা আৰু গাড়ীত উঠি বহু দূৰলৈ গৈ ঘূৰি আহিব পৰা নাছিল। টিভি চেনেল আৰু পুলিচৰ সহায়তহে তেখেতক উদ্ধাৰ কৰা হৈছিল।

এটাৰ পিছত এটাকৈ তেখেতে বেমাৰটোৰ পৰ্যায় বোৰ পাৰ কৰি আছে আৰু লগতে আমাক চিনাকি কৰাই আছে নতুন নতুন অভিজ্ঞতাৰ লগত।

তেখেতৰ বৰ্তমানৰ পৰ্যায়টোয়ে মাক সকলোতকৈ বেছি দুখ আৰু কষ্ট দিছে। এতিয়া ফুৰাবলৈ নিবলৈ আপদাল নকৰা হল। শৌচ পেচাব লগাতো কব নজনা হল। আওঁ ভাওঁ বোৰ বুজি মায়ে কৰাই দিয়ে। ভোক পিয়াহ নুবুজা হল। মায়ে সময়ত খুৱাই দিয়াৰ উপৰিও টেবুলত যি থাকে সকলোবোৰ খাই থয়। মায়ে নেদেখিলেই ঘৰৰ ভিতৰতে পেচাব কৰি দিয়ে। শাৰিৰীক ভাবে তেখেত সুস্থ, ধুনীয়াকৈ চলি ফুৰি থাকিব পাৰে বাবেই ডাইপাৰ পিন্ধালেও খুলি দিয়ে। চোলা পেন্ট সলাই দিওঁতে প্ৰায়েই মাক ঢকিয়াই বগৰাই দিয়ে। তেখেত এতিয়া ৮৭ বছৰীয়া এটা অবুজন শিশু হৈ পৰিছে। এটাৰ পিছত এটাকৈ তেখেতৰ এলজাইমাৰৰ পৰ্যায় বোৰ আমাৰ চকুৰ আগেৰে পাৰ হৈ গৈ আছে আৰু আমি মাত্র বাট চাই ৰৈ আছো… ইয়াৰ পিছৰ পৰ্যায়ত বা আমাৰ চকুয়ে কি দেখে?

(চিকিৎসকৰ পৰামৰ্শ অনুযায়ী আৰম্ভনিৰে পৰা দেউতাক নিয়মিয়াকৈ ঔষধ খুৱাই থকা হৈছে)

কৰবী ডেকা

By admin

Leave a Reply

Your email address will not be published. Required fields are marked *

57 + = 59