ভাৰত গৌৰৱ অজন্তা আৰু ইলোৰাগুহা

প্ৰাচীন ভাৰতৰ গৌৰৱোজ্জ্বল ইতিহাসে আমাক সদায়ে প্ৰেৰণা যোগাই আহিছে। ভাৰতবৰ্ষৰ অতীত বুৰঞ্জীৰ পাতে পাতে ভাৰতীয়সকলৰ শৌৰ্ষ বীৰ্য তথা  সুন্দৰ সমাজ ব্যবস্থা, কলা-কীৰ্তিৰ  বহুতো উদাহৰণ দেখিবলৈ পোৱা যায়। শিল্প ভাস্কর্য ৰ মনোমোহা কীৰ্তি সমূহ মঠ-মন্দিৰ আৰু গুহা সমূহত আজিও সংৰক্ষিত হৈ আছে। 

কিছু বছৰ  আগতে  All india congress of Obstetrics and Gynaecology   Conference এখনত ভাগ লবলৈ যাওঁতে মোৰ স্বামী আৰু তেখেতৰ সঙ্গী সকলৰ সৈতে যোৱাৰ সৌভাগ্য  মোৰো হৈছিল।  যিহেতু কন্ফাৰেন্সখন ঔৰঙ্গাবাদত হৈছিল , আমি সকলোৱে  ঔৰঙ্গাবাদত ওচৰতে থকা বিশ্ববিখ্যাত  অজন্তা আৰু ইলোৰাগুহা চোৱাৰ ব্যৱস্থা কৰিছিলো। সেই  অভিজ্ঞতাৰ বিৱৰণ মই আজি লিপিবদ্ধ  কৰিব  যত্ন কৰিম। সৰুতে বুৰঞ্জী ত পঢ়া এই বিশ্ব বিখ্যাত  গুহা দুটা চাবলৈ  আমি সকলোৱে ৰাতিপুৱাই ঔৰঙ্গাবাদলৈ  যাত্ৰা আৰম্ভ  কৰিলো। ঔৰঙ্গাবাদৰ পৰা অজন্তা গুহা লৈ প্ৰায় ১০৪ কিলোমিটাৰ হয়। মোগল সাম্ৰাজ্য, মহামতি আকবৰ, জাহাঙ্গীৰ, ছাজাহান, ঔৰংজেব, জাহানাৰা ইত্যাদি নাম বোৰে মোৰ মনত দোলা দিবলৈ ধৰিলে। মোগলৰ শেষ প্ৰভাৱশালী সম্ৰাট আছিল  ঔৰংজেব, যাৰ প্ৰৰোচনাত  মোগল সম্ৰাট ছাজাহানে অৰ্থাৎ তেওঁৰ পিতৃ য়ে কাৰাবৰণ কৰিব লগীয়া হৈছিল আৰু মৃত্যু লৈকে নিজৰ পত্নীৰ সমাধিস্থল ত নিৰ্মিত তাজমহললৈ  চাই চাই চকুপানী টুকি ছিল।

ৰাতিপুৱাৰ আহাৰ খোৱাৰ পাচতেই আমি অজন্তা লৈ বুলি গাড়ী ত উঠলো। ৰাষ্টা  যথেষ্ট ভালবাবে ১০৪ কিলোমিটাৰ গৈয়ো আমাৰ বেয়া লগা নাছিল। পুৱাৰ পৰাই ৰ’দ যথেষ্ট প্ৰখৰ আছিল। নিৰ্দ্দিষ্ট স্থানত আমি গাড়ী ৰখাই শীততাপ নিয়ন্ত্রিত বাচতে উঠি  অজন্তা ৰ ওচৰ পালোগৈ। টিকট লোৱাৰ পিচত আমি খোজকাঢ়ি  ওপৰলৈ উঠিবলৈ ধৰিলো।  নানা দেশৰ নানা ঠাইৰ দৰ্শনাৰ্থীৰে অজন্তাৰ বাকৰি ভৰি পৰিছিল। আমি এজন গাইডৰ সহায়ত অজন্তা পৰিদৰ্শন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলো।

সপ্তম শতিকাৰ শেষৰ পিনে বৌদ্ধধর্মই নিজৰ দেশতে ম্লান পৰিব ধৰিছিল। এসময়ৰ জাকজমক স্মৃতি চিহ্নসমূহ লাহে লাহে ধ্বংসাৱশেষত পৰিণত হ’ব ধৰিছিল। পশ্চিম ঘাট পৰ্ব্বতত থকা এসময়ৰ মনোমোহা অজন্তা গুহা পাহাৰৰ ভাজে ভাজে ক্ৰমান্বয়ে হাবিতেই বিলীন হ’ব ধৰিছিল।  ১৮১৯ চনত অজন্তা গুহা ৰ বিপৰীতে থকা পাহাৰত বাঘ চিকাৰ কৰিবলৈ যোৱা চাহাব , কেপ্তেইন  জ’ন স্মিথৰ  দৃষ্টিত ধৰা পৰিল  এই বৃহৎ অশ্বখূৰা সদৃশ গুহা লানি।

বৌদ্ধসকলৰ সুন্দৰ, সংযত জীৱন ধাৰাৰ বিকাশৰ বাবে  ইয়াতকৈ সুন্দৰ স্হান ,আৰু কি হ’ব পাৰে? মোহনীয় প্ৰাকৃতিক পৰিবেশ, নদীৰ কুলু কুলু ধ্বনি ,নিঃশব্দ ,নিৰ্জন পৰিবেশ, এই ঠাই তপস্যা ৰ বাবে অতীৱ সুন্দৰ আছিল।সেয়েহে বৌদ্ধ ভিক্ষুক সকলে সেই ঠাইতেই  তপস্যামগ্ন  হোৱাৰ পৰিবেশ সৃষ্টি কৰিছিল । ইলোৰাগুহা তকৈ অজন্তা গুহাৰ  পৰিসৰ যথেষ্ট  কম। অতি পূৰণি এই কাৰুকাৰ্য্যসমূহ  বেছিভাগেই খৃষ্ট জন্মৰ আগৰ। বেচিভাগ গুহাতেই  শান্ত শিষ্ট তপস্যা মগ্ন বুদ্ধিসত্ব আৰু  অনন্য সুন্দৰ নাৰী দেহৰ অৰূপ সম্ভাৰ। নিপোটল নাৰী দেহৰ ভাষ্কর্য ইমান নিখুঁত ভাৱে  আৰু হয়তো  কতোৱেই কৰিব পৰা নাই।

ইয়াত থকা মুঠ ৩০টা গুহাৰ কিছুমান  অসম্পূর্ণ। বিভিন্ন কাৰুকাৰ্য্যখচিত ১৬টা গুহাৰ ভিতৰত আটাইতকৈ দৰ্শনীয় হৈছে ১,২,১৬,১৭ আৰু ১৯ । শিলত কটা ভাষ্কর্য সমূহ বিশেষকৈ ১,৪,১৭,১৯,২৪ আৰু ২৬ ত দেখিবলৈ পোৱা যায়। সম্পূৰ্ণৰূপে প্ৰাকৃতিক ৰং আৰু সৰঞ্জামেৰে অঁকা পেইন্টিং সমূহৰ কলা-কীৰ্তি দেখি কোনেও চকু ঘূৰাব নোৱাৰে। বেচিভাগ ছবিয়েই গৌতম বুদ্ধ ৰ ঘটনাবহুল জীৱনৰ নানা কাহিনী আৰু জাতকৰ সাধুকথাৰ ওপৰত আধাৰিত। ইয়াৰ লগতে সমসাময়িক জীৱন ধাৰাৰ সম্পূর্ণ ছবি আমি এই ছবিসমূহত দেখিবলৈ পাওঁ। সামাজিক ৰীতি নীতি, আচৰণ ,বেশভূষা আদি সুন্দৰভাৱে পৰিস্ফুট হৈছে।

প্ৰতিটো কোঠাৰ চিলিং সমূহ সুন্দৰ জ্যামিতিক নক্সা, নানা বৰণীয়া ফুল, গছ, জীৱজন্তু, চৰাই, সৰগৰ অপেশ্বৰী, ফুলৰ ডিজাইন আদিৰে ভৰপূৰ। ইয়াৰ দ্বাৰাই সেই অজান নিপুণ শিল্পী সকলৰ কলাত্মক মন টোৰ পৰিচয় আমি পাওঁ। এই শিল্পী সকলৰ  অসীম ধৈর্য্য আৰু ঐকান্তিক যত্নৰ বাবেই এই শিল্প কৰ্ম সম্ভৱ হৈছিল। উচ্চ মানদণ্ড ৰ এই কলা-কীৰ্তিসমূহৰ বাবেই ১৯৮৩ চনত অজান্তা-ইলোৰা গুহাক  UNESCO ৰ দ্বাৰা World Heritage Monument হিচাবে স্বীকৃতি দিয়া হৈছে।  কিয়নো এই পেইন্টিং আৰু  ভাস্কর্য সমূহক বৌদ্ধ ধর্মৰ আটাইতকৈ মূল্যবান, আপুৰুগীয়া আৰু উৎকৃষ্ট ৰচনা (masterpiece) বুলি ধৰা হয়  আৰু  সেয়েহে এই  শিল্প কাৰ্য্য সমূহে ভাৰতবৰ্ষৰ কলাৰ উন্নতি আৰু প্ৰসাৰত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছে।

অজন্তা গুহাৰ  আটাইতকৈ চাবলগীয়া বিশেষ গুহা টো হৈছে ১নং গুহা যিটো স্বৰ্গীয় ৰজা হৰিসেনাৰ পৃষ্ঠপোষকতাত  আৰম্ভ কৰিছিল। কিন্তু ৰজাৰ অকাল মৃত্যু ৰ  ফলত এই কাম আধৰুৱা হৈ ৰৈছিল। অজন্তা গুহা ৩০টা শিলত কটা গুহা ৰ সমষ্টি য’ত  বৌদ্ধধর্মীসকলৰ স্থাপত্য, ক’লা আৰু ভাস্কর্য্যৰ  উৎকৃষ্ট নিদর্শন গুহা ৰ বেৰবোৰত  সুন্দৰভাৱে দেখিবলৈ পোৱা যায়।

ইলোৰাগুহা ঔৰঙ্গাবাদৰ পৰা ২৮ কি:মি: দূৰত অৱস্থিত। দৌলতাবাদ দুৰ্গৰ কাষেৰে যাব লাগে। ইলোৰাগুহাত তিনিটা ধৰ্ম সম্প্ৰদায়ৰ চিহ্ন দেখা যায়। বৌদ্ধ, ব্ৰাহ্মণ আৰু জৈন সম্প্রদায়ৰ বিভিন্ন দেৱদেৱী আৰু স্মৃতি স্তম্ভকে এই গুহা ভৰপূৰ। প্ৰায় দুই  কিলোমিটাৰ পৰিসৰৰ  পাহাৰৰ পিঠিত বিয়পি  থকা এই স্মৃতি চিহ্নসমূহ অতীত ভাৰতৰ  স্থপতি উজ্জ্বল নিদৰ্শন। প্ৰথমৰ পৰা ১২নম্বৰ গুহা লৈ দক্ষিণ দিশত বুদ্ধ সকলৰ  কীৰ্তি বিদ্যামান। আন ১৬টা গুহা ব্ৰাহ্মণ সকলৰ কলা-কীৰ্তিৰ নিদর্শন। ৩০ ৰ পৰা ৩৪ নম্বৰ গুহা জৈন সকলৰ কাৰুকাৰ্য্যৰে সমৃদ্ধ। এই সকলৰ ভিতৰত বৌদ্ধ স্মৃতি চিহ্নসমূহ আটাইতকৈ পুৰণি। ইলোৰাগুহাৰ ৫,১০,১৫,১৬,২১,২৯ আৰু ৩২নম্বৰ  গুহা কেইটা আটাইতকৈ স্মৰণীয়।

জৈন গুহাবোৰ  শেষৰ পিনে সৃষ্টি কৰা হৈছিল। এই গুহাবোৰ সৰু আছিল যদিও ইয়াত অতিকৈ সুন্দৰ কলাৰ প্ৰকাশ দেখা হৈছিল। ইয়াত থকা ইন্দ্ৰসভা  অতিকে সুন্দৰ আছিল আৰু ইয়াৰে চিলিংত থকা পদুমৰ নক্সা চালে চকুৰোৱা আছিল। এইদৰেই কল্পনাপ্ৰসূত বহুতো চিত্ৰ আৰু কাৰুকাৰ্য্যৰে এই গুহাসমূহ ভৰি আছিল। ইয়াত থকা একেটা শিলকে কাটি সজোৱা হিন্দুধৰ্মৰ আদি দেৱতা মহাদেৱৰ বাসস্থান কৈলাশ পৰ্বতৰ কাৰুকাৰ্য্য অতিকে সুন্দৰ আছিল, যিটো দেখাত কেইবা মহলীয়া  মন্দিৰৰ দৰে লাগিছিল। এই কৈলাশ মন্দিৰ নিৰ্মাণ কৰোতে এশ বছৰ লাগিছিল বুলি তথ্য পোৱা যায়।

কৈলাস মন্দিৰৰ বিষয়ে অতিকে মনোৰম কাহিনী  এটা শুনা যায় যে ইতিহাসৰ তথ্যমতে মোগল সম্ৰাট ঔৰংজেৱে বহুতো হিন্দু দেৱ দেৱীৰ মন্দিৰ ধংস কৰিছিল।  সেই উদ্দেশ্যে  তেওঁ ১৬৮২ চনত কৈলাশ মন্দিৰ ধ্বংস কৰিবলৈ ১০০০ সৈন্য পঠিয়াইছিল। তেওঁলোকে তিনিবছৰ যত্ন কৰিও এই মন্দিৰ ধ্বংস কৰিব পৰা  নাছিল কিয়নো  এই শিলা সমূহ অত্যন্ত টান আছিল আৰু সেইবাবে তেওঁলোকে এই আশা ত্যাগ কৰিছিল।

এইদৰেই ভাৰতবৰ্ষৰ গৌৰৱোজ্জ্বল ইতিহাসে আমাক সদায়ে প্ৰেৰণা যোগাই আহিছে। যুগে যুগে মহাপুৰুষ সকলৰ আবিৰ্ভাৱে সমাজজীবনৰ ওপৰত  অনবদ্য প্ৰভাৱ পেলায়। বুদ্ধদেৱৰ শান্তি বাণী প্ৰচাৰ আৰু প্ৰসাৰৰ লগে লগে  সমগ্ৰ মানৱ সমাজতে শান্তিৰ বতাহ বলিছিল । বৌদ্ধ ভিক্ষুক সকলে বুদ্ধদেৱৰ বানী প্রচাৰৰ লগে লগে বিভিন্ন শিল্পবিদ্যা, কাৰুকাৰ্য্য  আদি গুহাৰ বেৰ সমূহত অঙ্কন কৰিছিল যাৰ জৰিয়তে আমি সেই সময়ৰ  সামাজিক ব্যবস্থা, ৰীতি নীতি ,পোশাক পৰিচ্ছদ আদি ৰ সম্যক জ্ঞান লাভ কৰিব পাৰে।

এইদৰেই ভাৰতবৰ্ষৰ গৌৰৱোজ্জ্বল ইতিহাসেৰে জ্ঞান সমৃদ্ধ হৈ আমি লাহে লাহে অজন্তা আৰু ইলোৰাগুহা ৰ যাত্ৰা ইমানতে সামৰি  ঘৰমুৱা হ’লো।

নীলিমা নাথ

By admin

Leave a Reply

Your email address will not be published. Required fields are marked *

+ 19 = 26