উপহাৰৰ বোজা

“পিতাই আজি আনিব পাৰিলি নে”?

জীয়েক ৰূপালীৰ মাতটো যেন এডাল অজগৰহৈ মেৰিয়াই ধৰিলে বিনন্দৰ ভৰি দুখন, লৰচৰ কৰিব নোৱাৰাকৈ। সি থমকি ৰ’ল। জীয়েকৰ এটা সৰু আৰ্জি পূৰণ কৰিব নোৱাৰাৰ অপৰাধ বোধত বিনন্দৰ মূৰটো হাউলি পৰিল, চকুজুৰি থৰ লাগি ৰ’ল ঘৰটোৰ উৱলি যোৱা বেৰ খনৰ তলৰ অংশটোত।

অলপ ৰৈ কি কম কি নকম বুলি ভাবি হাতত থকা বস্তু কেইপদৰ টোপোলাটো তাইৰ চকুলৈ নোচোৱাকৈ আগবঢ়াই দি কলে,

” তহঁতে দেখিছ নহয়, এই এসপ্তাহ ৰঙালাউ কেইটা বেচিবৰ বাবে ৰাস্তাত উলিয়াই দিছোঁ আৰু সুমুৱাই থৈছোঁ মাত্ৰ। গ্ৰাহক নাই, বজাৰ নাই। টেঙা মৰা পাত কেইমুঠি বেছি যি সত্তৰ আশী টকা পাওঁ তাৰেই তেল, নিমখ কণ যোগাৰ কৰি আছোঁ মাত্ৰ। সান্ধ্য আইনৰ বাবে দুপৰীয়া এক বজাৰ পিছত পুলিচ আহি বেচিবলৈ থোৱা বস্তু খিনিও লণ্ড ভণ্ড কৰে । দুদিন মান ৰ, বন্ধ খুলিলেই আনি দিম দে।”

চাৰি দিন ধৰি ৰূপালীয়ে দেউতাকক খাটনি ধৰি আছে অকণমান পেট্ৰল আনি দিবলৈ । উচ্চতৰ মাধ্যমিকৰ চুড়ান্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱাৰ বাবে আজি এসপ্তাহ আগতেই ৰূপালীয়ে চৰকাৰৰ পৰা এখন স্কুটি লাভ কৰিছিল। সেইদিনাই ঘৰলৈ ঘূৰি আহোঁতেই যি তাই স্কুটি খনত দুই লিটাৰ পেট্ৰল ভৰাই লৈছিল । হাতৰ টকা কেইটা আদায় হোৱাত ভায়েক ভনীয়েকহঁতৰ বাবে এপোৱা বুণ্ডিয়া ভূজিয়া লৈ এক বুজাব নোৱাৰা আনন্দ এটাৰ সহযাত্ৰী হৈ উভতিছিল তাই সেইদিনা ।

ৰূপালী কিছু সময় মৌন হৈ ৰৈ আছে। দেউতাকৰ শুকান মুখ খনলৈ পুনৰ চোৱাৰ সাহস গোটাব নোৱাৰিলে তাই। এটা বুজাব নোৱাৰা শোকে কণ্ঠনলীত বহি মৃদু বিষ এটাৰ সৃষ্টি কৰিলে তাইৰ।

সেইজন দেউতাকক তাই কেনেকৈ বিচাৰিব কলেজলৈ যোৱাৰ সময়ত দিনটোৰ হাত খৰছ? কিদৰে কব, “পিতাই এশ টকা দে চোন, স্কুটি খনত

পেট্ৰল ভৰাব লাগে।”

তাই ভিতৰলৈ গৈ দুৱাৰৰ কাষত ৰৈ উচুপি উঠিল। তাই নিজকে সুধিলে, চৰকাৰে দিয়া স্কুটী খন সিহঁতৰ ঘৰৰ দৰে পৰিয়ালৰ বাবে এটা উপহাৰ নে বব নোৱাৰা এটা বোজা হ’ল ?

দীপাংকৰ নাথ

By admin

Leave a Reply

Your email address will not be published. Required fields are marked *

2 + 4 =