বিভক্তিকৰণ

নুৰহঁতৰ ঘৰখন বিদ্বানলোকৰ ঘৰ । দেউতাক স্থানীয় হায়াৰ চেকেণ্ডৰী স্কুলৰ প্ৰধান শিক্ষক আছিল , মাক গৃহিনী , তেওঁ লিখা – মেলা কৰা মহিলা । নুৰৰ ককায়েক আৰু বায়েকো পঢ়া – শুনা কৰি আজি নিজৰ ভৰিত নিজে ঠিয় দিছে । ককায়েকেতো আজিকালি দেউতাকৰ স্কুলখনতে বিষয় শিক্ষক হিচাপে সোমোৱাৰেপৰা পুৱাৰপৰা বহুকেইটা বেটচ টিউচন কৰে । বায়েকক বিয়া দিলে , তাই অফীচ এটাৰ ক্লাৰিকেলৰ হেদ , অৱশ্যে তাইৰ এই চাকৰিতো বিয়াৰ বহুদিনৰ পিছতহে পাইছে । একেবাৰে সৰু হৈছে নুৰ , তাইহে পঢ়া – শুনাত ইমান আগবঢ়া নহয় । আচলতে তায়ো বায়েকৰ সমপৰ্য্যায়ৰে বুলিব পাৰি , কিন্তু গ্ৰেজুৱেচন কৰাৰ পিছতে নিজৰ মনৰ পচন্দৰ লাইনক আকোৱালি ল’লে । তাহাঁতৰ ঘৰখনৰ তিনিওটি সন্তানৰ ভিতৰত ককায়েক চোকা , অংকশাস্ত্ৰত স্নাতকোত্তৰ ডিগ্ৰীধাৰী ককায়েকে এতিয়া পি এইচ দি কৰাৰ কথা ভাবিছে , যাতে পিছলৈ কলেজত প্ৰবক্তা হিচাপে সোমাব পাৰে । ঘৰৰ সন্মুখৰ স্কুলখনত চাকৰিটো পাই সি সোমাল যদিও সি সন্তুষ্ট নহয় তাত । তথাপিও সি ভাবে যে দেউতাকৰ অৱসৰৰ বছৰতেই তাৰ এই চাকৰিটো হোৱাৰ বাবে ঘৰখনৰ খৰচত প্ৰভাৱ নাইপৰা আজিলৈকে ।

নুৰৰ দেউতাক নিজে এজন পণ্ডিত ব্যক্তি , তেওঁৰ মানত চৰিত্ৰ আৰু শিক্ষাগত অৰ্হতাতকৈ ওপৰত একো নাই । যাৰবাবেই কলেজৰ প্ৰবক্তা হিচাপে চাকৰি কৰা এজন ল’ৰাই যেতিয়াই নুৰৰ বায়েক ৰশ্মিক চাবলৈ আহিল তেওঁ একেষাৰতে কথা দি বিয়াই ঠিক কৰি পেলাইছিল । যাৰবাবে পাছত ল’ৰাজন বায়েকতকৈ দহবছৰৰ ডাঙৰ বুলি বায়েকে আপত্তি দৰ্শাইছিল । তথাপিও সময়ত তাই সেইজন ল’ৰাৰ লগতে বিয়া হৈ যায় , আজি তাইৰ এখন সুখৰ সংসাৰ । যিহেতু নুৰৰো বি এ পাছ কৰা দুবছৰ হ’ল , দেউতাকে ভাবিছে এইবাৰ তাইকো বিয়া দি দিওঁ । তাৰোপৰি আজি দুবছৰে তাই শিকি থকা বিউটিচিয়ানৰ ক’ৰ্চটোক লৈয়ো তেওঁ অলপো সুখী নহয় , তেওঁ মতে পঢ়া – শুনাতকৈ ওপৰত একো নাই ।

নুৰৰ বাবে ল’ৰাৰ প্ৰস্তাৱো আহিবলৈ আৰম্ভ কৰিলে ইতিমধ্যেই , কেইবাযোৰাক দেউতাকেই নাকচ কৰিলে , নুৰে অৱশ্যে একো নাই কোৱা ইমানদিনে , তাইৰ মনত যেন যি কৰ কৰি থাক এনে ভাব । এতিয়াটো তাইৰ ব্যস্ততা আৰু বাঢ়িছে , কেইবাখনো বিয়াত গৈছে তাইক ট্ৰেইনিং দিয়া মেমজনীৰ লগত , মেক আপ আৰ্টিষ্ট হিচাপে । হয়তো দেউতাকে কথাটো গম পোৱা নাই , নহ’লে এষাৰ নোকোৱাকৈ তেওঁ জানো থাকিলেহেঁতেন ।

আজি ৰশ্মিৰ লগৰ ছোৱালী ৰুমীৰ ভণীয়েকৰ বিয়া , নুৰহঁতৰ ঘৰতো নিমন্ত্ৰণ আছে যদিও নুৰ আগতীয়াকৈ গৈছে তাইৰ প্ৰফেচনৰ কামত । গতিকে বিয়া বুলি বেলেগ একো সাজ – সজ্জা তাই কৰা নাই , যেনেকৈ আছিল তেনেকৈয়ে অহাৰ নিচিনাকৈ আহিছে । পিন্ধনত সদায় পিন্ধাৰ দৰে এটা পাতৰ নীলা জিন্স , ওপৰত নৰমেল বগা টি চাৰ্ট এটা , চুলিকোচাও এনেই পাক এটা মাৰি থোৱা ভাগেই আছে , মাথো হাইলাইট কৰা চুলি দুডালমান জিলিকি আছে আন চুলিৰ মাজৰপৰা । সাধাৰণতে এনে প্ৰফেচনত থকা ছোৱালীবোৰৰ চকুত মাস্কাৰা , ওঠত লিপকালাৰৰ প্ৰলেপ এটা থাকেই , তায়ো ইয়াৰ ব্যতিক্ৰম নহয় । মাথো তাই মগ্ন হৈ সজাই গৈছে কইনাজনীক যাতে অকনো খুট থাকি নাযায় সেই ভাবত ।

এসময়ত নুৰহঁতৰ কাম শেষ হ’ল , তাইৰ মেমে খাবলৈ লগ ধৰাত তায়ো খাবলৈ বুলি বুফেস্থলী পালেগৈ । অৱশ্যে ভোকো নলগা নহয় তাইৰ , গতিকে প্ৰথমতেই তাই মনৰ হেপাৰেৰে ৰুমালি ৰুটী অলপ লৈ চিকেন কাৰি ল’বলৈ বুলি হাত মেলিলে , কিন্তু তেনেতে কোনোবা এজনে আহি দিলেহি নহয় তাইৰ পিঠিতে খুন্দা এটা মাৰি , গোটেই চিকেন কাৰি গৈ তাইৰ বগা টীচাৰ্টতোত লাগিলেগৈ । তাইৰ টিঙিচকৈ খং এটা উঠি আহিল — : আপোনাৰ চকু নাই নেকি হে ? মোৰ বগা ষ্পৰ্টিংটো কি কৰিলে চাওঁক ? মই এতিয়া কি পিন্ধি ঘৰলৈ যাম ?

: আই এম চ’ৰী , মই নেদেখিলো — ল’ৰা এজনে খুব অমায়িক সুৰত ক’লে ।

: ইটছ অ’কে — বুলি নুৰ আতৰি যাব খুজিছিলহে এইবাৰ ল’ৰাজনেই পুনৰ মাত দিলে তাইক —

: যদি আপুনি বেয়া নাপাই মই মোৰ গাড়ীৰে আপোনাক ঘৰত থোৱাৰ ব্যৱস্থা কৰি দিঁও।

সেইদিনা নুৰ বিয়াঘৰৰপৰা বিয়াঘৰৰ পেণ্ডেলৰ পিছফালেদি আহি সৌৰভৰ গাড়ীত বহিলহি , সৌৰভে নিজেই দ্ৰাইভ কৰি তাইক তাইৰ ঘৰৰ গেটৰ আগত নমালে । কিন্তু সৌৰভে তাইক নমাই গুচি যোৱাৰ ক্ষন্তেক পিছতে তাই এইবাৰ মুখা-মুখি হ’ল দেউতাকৰ সৈতে । দেউতাকে নুৰলৈ যেনেকৈহে চালে যে নুৰৰ আৰু একো ক’বলৈ সাহস নহ’ল তেওঁক ।

সেইদিনটোৰ মাথো দুদিন পাছতে নুৰক চাবলৈ মানুহ এঘৰ আহিল , নুৰেও একো আপত্তি নকৰাকৈ সাধাৰণ মেখেলা চাদৰ এযোৰ পিন্ধি ওলাল । এইঘৰ দুই নম্বৰ মানুহ , যাৰ আগত তাই এনেদৰে বিবাহ উপলক্ষে ওলাইছে । কিন্তু , মুখত তাইৰ কোনো ফূৰ্তি বা লাজৰ চিন নাই , কিয়নো তাই এয়া যি কৰিছে মাথো ঘৰৰ নিয়ম অনুসৰিহে কৰিছে । কিয়নো বিয়াৰ বয়স হৈছে যেতিয়া তাইকটো ঘৰৰ মানুহে বিয়া দিবই , আৰু বাহিৰত কোনো প্ৰেমিক নাই যেতিয়া তাই ঘৰতমতেই বিয়া হ’ব লাগিব । গতিকে , ঘৰখনৰ আন – আন নিয়মক তাই যেনেকৈ বিনাদ্বিধ্যাই মানি আহিছে , এয়াও মানিবলৈ গৈছে মাথো । অৱশ্যে পচন্দ নোহোৱা পাত্ৰৰ লগত বিয়া হ’লে তাই জীৱনটোও যে তাইৰ মেট্ৰিকৰ মাৰ্কচিটখনৰ নিচিনাই হ’ব এয়াও তাই নজনা নহয় । কিন্তু সিংহ হেন দেউতাকক কয়নো কেনেকৈ তাই এইবোৰ কথা , গতিকে এক যন্ত্ৰচালিত মানৱ হৈ কৰি গৈছে সকলোবোৰ কিয়নো ইয়াৰ বাহিৰে কোনো গত্যন্তৰ নাই তাইৰ বাবে ।

: আপুনি ? — চাহৰ ট্ৰেখন লৈ দ্ৰয়িংৰূমলৈ সোমাই যোৱা নুৰে সৌৰভক দেখিয়ে আচৰিত হৈ কৈ উঠিল । সৌৰভে মিচিকিয়া হাঁহি এটা মাৰিলে মাথো ।

: তেনেহ’লে আপুনি সেইদিনা জানি বুজি …… — নুৰে পুনৰ ক’লে সৌৰভক উদ্দেশ্যি ।

: নহয় নহয় , আচলতে হয় — সৌৰভে কি ক’ব ধৰিব নোৱাৰিলে , কিবা ক’লেই লগত অহা মাক – দেউতাকৰ আগত সি যেন ধৰা পৰি যাব ।

: কি হয় নহয় কৰি আছে ? এয়া লওঁক — তাই কথাষাৰ অলপ টানকৈ কৈ তাক চাহ একাপ দি গ’ল এইবাৰ । ইপিনে তাইৰ ব্যৱহাৰত দেউতাকে মুৰ তল কৰিলে , মাকৰো ভীষণ খং উঠি আহিল , ঘৰৰ সকলোৱে যেন মনতে পাঙি ল’লে , ৰহ , আজি আলহী গৈ লওঁক , তোৰ আজি আৰু নিস্থাৰ নাই । কিন্তু ছোৱালী চাবলৈ অহা সৌৰভে যেন তেওঁলোকৰ মনবোৰ পঢ়িহে পেলালে , সি চাহত চুমুক দিয়ে নিজৰ মাকলৈ চাই ক’লে —-

: মা মোৰ ছোৱালী পচন্দ হৈছে , গতিকে কথা আগবঢ়াব পাৰা । — সৌৰভৰ কথাত যেন নুৰৰ ঘৰৰ মানুহখিনিয়ে অলপ শান্তি পালে , সেয়ে এইবাৰ নুৰৰ দেউতাকেই আৰম্ভ কৰিলে —-

: হয়টো নুৰে এওঁক মানে এওঁলোকে ইজনে সিজনক আগতেও লগ পাইছে , হয়টো সেইবাবেই নুৰে তেওঁক তেনেকৈ মানে চাহ খাবলৈ ক’লে —- কিছু অপ্ৰস্তুত হৈ দেউতাকে কৈ গ’ল , নুৰে সৌৰভৰ মত শুনি কিন্তু আহি একেকোবতে ভিতৰ পালেহি । মাকে তাইক দেখিয়েই চোঁচা লৈ আহিল এইবাৰ ——

: মানুহৰ আগত কথা কেনেকৈ ক’ব লাগে সেয়াও পাহৰিলি হ’বলা ! ল’ৰাজন ভাল বুলিহে একো নাভাবিলে , তোৰ – মোৰ নিচিনা নহয় সি বুজিছ’ । আই এ এচ অফীচাৰ হয়’ , আই এ এচ অফীচাৰ , নিজেতো পঢ়া – শুণা ভালকৈ নকৰিলি , এতিয়া এনেহেন ল’ৰাটোক জোঁৱাই হিচাপে পাব বিচাৰিছো , তাতো চেঁচা পানী ঢালিবলৈ আহিছ’ ।

: কিইইইই ? আই এ এচ …… মই ভাবিছিলো বিয়াঘৰে বিয়াঘৰে ছোৱালী জোকাই ফুৰা ল’ৰাবোৰৰ নিচিনা বুলিহে । — নুৰৰ মুখেৰে আপোনা আপুনি কথাকেইষাৰ ওলাল ।

:অ’ আমি তোৰ বাবে তেনে চৰিত্ৰহীন ল’ৰাহে বিচাৰি আনিম , তই ভাবিব পাৰিলি কেনেকৈ ……… — মাকৰ খং কমক চাৰি বাঢ়ি গ’ল , তাই এইবাৰ নিজৰ ৰূম পালেগৈ , চকুদুটা মুদি ল’ৰাজনৰ চেহেৰাটো অনুমান কৰিবলৈ চেষ্টা কৰিলে এইবাৰ ।

: নুৰ , এওঁ আহিছে , তোৰ লগত কথা পাতিব হেনো । — অলপদেৰিৰ মুৰত বায়েকৰ মাতত তাই দুচকু খুলিয়ে সৌৰভকে দেখি অপ্ৰস্তুত হ’ল এইবাৰ , অথচ ইমান দেৰি তাই তেওঁৰে চেহেৰাটো চকুৰ আগত আনিবলৈ চেষ্টা কৰি আছিল ।

: অহ , আহক — যেনেতেনেহে মাতটো ওলাল এইবাৰ তাইৰ । বায়েক কোঠাটোৰ পৰা ওলাই গ’ল , নুৰে আৰু অপ্ৰস্তুতবোধ কৰিলে

: আচলতে , মই কথা এটা সুধিবলৈহে আহিছিলো — সৌৰভে পুনৰ অমায়িকভাবে ক’বলৈ ধৰিলে যেনেকৈ সেইদিনা বিয়াঘৰত কৈছিল ।

: কওঁক — নুৰে তলমুৰ কৰিয়ে ক’লে , পৃথিৱীৰ সমস্ত লাজে আহি যেন তাই বেৰি ধৰিছেহি এনে লাগিল তাইৰ ।

: মানে যদি তোমাৰ কিবা আপত্তি আছে , মানে মোক যদি পচন্দ হোৱা নাই , তেনেহ’লে খুলি কোৱা , মই বেয়া নাপাওঁ ।

: নাই নাই , তেনেকুৱা কোনো কথা নাই — নুৰে চেপা মাতেৰে যেনেতেনে ক’লে ।

: অহ থেংকচ , মই আকৌ ভাবিছিলো কিজানি মোক তোমাৰ ভাললগা নাই , সেয়ে সুধিলো । কিন্তু কথা এটা কওঁ

: কওঁক

: মোৰ কিন্তু তোমাক সেইদিনা বুফেস্থলীতে ভাললাগি গৈছিল । মই মুক হৈ পৰিছিলো তোমাক দেখি , যাৰবাবে কেনেকৈ গৈ তোমাৰ গাতে খুন্দাটো মাৰিলো মই হ’লে ধৰিবই নোৱাৰিলো । মোক সেইদিনাৰ ঘটনাটোৰ বাবে বেয়া পাই নাথাকিবা । — সৌৰভৰ মুখেৰে ওলোৱা প্ৰতিটো শব্দৰ প্ৰতিটো আখৰে নুৰৰ হৃদয়ত সাঁচ পেলাই থৈ গ’ল । তথাপিও তাই হ’লে বহুদিনলৈকে ধৰিব নোৱাৰিলে যে বেয়ালগা মানুহজন ঘপকৰে ভাললাগি উঠিল কিয় তাইৰ ! নে মানুহজনৰ নামৰ পাছৰখিনি মানে ‘ আই এ এচে ‘হে তাইৰ মন মুহিলে ! এয়া এক সাথৰ হৈয়ে ৰ’ল নুৰৰ বাবে বহু দিন – বহু মাহলৈ , অথচ তেতিয়ালৈকে সেই মানুহজন তাইৰ বহুত আপোন হৈ পৰিছিল ।

সেই নিৰ্দ্দিষ্ট দিনটোৰ ঠিক ছমাহৰ পিছত নীলম কৌশিক আৰু সৌৰভ শইকীয়াৰ বিয়াখন হৈ যায় । মাজত দুয়ো দুয়োকে জানিবলৈ বা বুজি উঠিবলৈ বুলি ছটাকৈ মাহ হাতত পালে যদিও মাথো দুটা দিনহে তাহাঁতৰ মাজত দেখা – সাক্ষাৎ সম্ভৱ হ’ল । কিয়নো সৌৰভৰ পদবী যেন ডাঙৰ তেন তাৰ দ্বায়িত্বও বহুত । কিন্তু , যিমানেই ব্যস্ততা নাথাকক কিয় সৌৰভেই ৰাতি এবাৰলৈ হ’লেও ফোন এটা কৰে তাইলৈ । বৰ বিশেষ কথা – বতৰা নহয় যদিও সদায় সি তাইৰ খোৱা – বোৱা আৰু স্বাস্থ্যৰ খবৰ লয় । এক কথাত ক’বলৈ গ’লে , নুৰে নিজৰ অভিজ্ঞতাৰপৰা ইমানখিনিয়েই বুজি পাইছে যে সৌৰভ ল’ৰাজন যেনেকৈ অতি অমায়িক তেনেকৈ গহীনো । অৱশ্যে নহ’বনো কিয় , অ’ত’খিনি জ্ঞানে য’ত বাস কৰে তেওঁৰ ব্যক্তিত্বটো আনতকৈ অলপ হ’লেও সুকীয়া হ’ব । নুৰে কেতিয়াবা আকৌ এনেকৈয়ো ভাবে , তাই সৌৰভ নামৰ ল’ৰাজনৰ প্ৰেমত পৰিছেনে তেওঁৰ বিশাল জ্ঞানৰ ভাণ্ডাৰৰ প্ৰেমত পৰিছে , কিয়নো তায়ো সেইখন ঘৰৰে সদস্য যিখন ঘৰত মাথো সুচৰিত্ৰ আৰু মেধাক সন্মান কৰা হয় ।

বিয়াৰ পিছত কাশ্মীৰত হানিমুন , হানিমুনৰপৰা বাহিৰে বাহিৰে সৌৰভৰ কৰ্মস্থান হিমাচল প্ৰদেশ পালেহি নুৰহঁত । ইতিমধ্যেই আগতে ইমান প্ৰাকৃতিক সৌন্দৰ্য্যৰ মাজত নথকা নুৰ প্ৰকৃতিৰ এনে ৰূপত মুগ্ধ হৈ পৰিছে । তাৰোপৰি সৌৰভৰ চৰকাৰী কোৱাৰ্টাৰ , কোৱাৰ্টাৰৰ কৰ্মচাৰীসকলৰ আদব – কায়দা দেখিও তাই অভিভূত হৈছে । সকলো কৰ্মচাৰীৰে বাবে ভিন্ন ভিন্ন কাম , ফুলৰ বাগিচাখনৰ বাবে যদি মালি আহে খানা বনাবলৈ ৰান্ধনিৰ ব্যৱস্থা আছে । ঠিক সেইদৰে চিকিঅ’ৰিতি গাৰ্দো থাকে কেইবাজনো , চৰকাৰী গাড়ীখনৰ বাবে এজন পাকৈত গাড়ীচালক , কাপোৰ কানি ধোৱা বা ইস্ত্ৰি কৰাৰ বাবে আকৌ ধোবাও আহে । মুঠতে এক ৰাজকীয় সা – সুবিধা সকলোতে সকলোপিনে । যিহেতু নুৰৰ বাবে এইবোৰ সকলো নতুন , তাই আচৰিতো নোহোৱা নহয় । পিছে পিছ মুহুৰ্ততে অনুভৱ কৰে যে এয়া এজন আই এ এচ বিষয়াৰ চৰকাৰী বাসঘৰ , আৰু তাই এজন অফীচাৰৰ পত্নী , গতিকে এইসকলোবোৰ সাধাৰণ কথা হোৱা উচিত তাইৰ বাবেও ।

বাহিৰে সকলো ঠিকেই চলিছে যদিও নুৰে অনুভৱ কৰে যেতিয়াই তাই সৌৰভৰ একেবাৰে ওচৰ চাপিব বিচাৰে তাৰ উচ্চ পদবীটোৱে যেন তাইক আহি বাধা দিব খোজে । কিন্তু সৌৰভৰ মনতটো কোনো গৰ্ব নাই নিজৰ পদবীক লৈ , এয়া নুৰেও জানে , তথাপিও তাইৰ মনেচোন কয়হি তাইক তাই যাতে ইমান চোকা এজন ব্যক্তিৰ আগত অলপ সংযম হৈ থাকে , নহ’লেই যেন তাই লাজত পৰিব । আৰু সেইবাবেই চাগৈ নুৰৰ মনত এনে এটা ভাবে বাহৰ পাতি বহিলে যে সৌৰভে সকলো জানে , সি নজনা কোনো কথাই নাই এই পৃথিৱীত । যাৰবাবে অৱশ্যে এটা ভালো হৈছে , সৌৰভৰ সকলো কথা বিবেচনা নকৰাকৈয়ে মানি যাব পাৰিছে তাই , যাৰফলত তাৰ চকুত তাই ঠিয় দিছে একান্তই বাধ্য পত্নী হিচাপে । তথাপিও , এহাল স্বামী – স্ত্ৰীৰ মাজত জানো আন কিবা থকাটোৱে শোভা পায় ! মুঠেও নাপায় , অথচ নুৰ আৰু সৌৰভৰ মাজত সৌৰভৰ উচ্চ পদবী , তাৰ জ্ঞানৰ ভঁড়াল , তাৰ ষ্টেটাছ এইবোৰে ঠাই লৈ বহি ৰৈছে । যাৰ উমান নুৰে পালে যদিও সৌৰভ সৌৰভ হৈ থাকিল । সি নিজকে এজন সাধাৰণ ব্যক্তি বুলিয়েইটো ভাবে সদায় । কিন্তু নুৰেহে বুজি নাপায় এনে কি সৌৰভে তাইৰ মাজত দেখিলে যে তাইক খুজি একেবাৰে তাইৰ ঘৰ পালেগৈ , অথচ তাৰ লগৰ বা সমপৰ্য্যায়ৰ বহু কেইগৰাকী অবিবাহিতা ছোৱালী তাই লগ পাইছে যি সৌৰভৰ বাবে যোগ্য আছিল । আচলতে , ‘ সমানে সমানে কৰিবা কাজ , হাৰিলে জিকিলে নাই লাজ ‘ , এইষাৰি নামানি নিজতকৈ ওপৰৰ ব্যক্তিৰ লগত বিয়া হৈ নুৰে লাজ পোৱাৰ ভয়ত মৰিছে । আনেহে নালাগে নুৰৰ আজিকালি বজাৰ কৰা শ্লিপখন লিখোতেও দহবাৰ চাই ক’ৰ’বাত কিবা ভুল হৈছে নেকি এনেভাবত ।

নুৰে যে খোলা মনেৰে সৌৰভক আকোৱালি ল’ব পৰা নাই , সেয়া সৌৰভৰো চকুত ধৰা দিলে লাহে – লাহে , কিন্তু তাই তাৰ ওচৰত হীনমন্যতাত ভূগিছে বুলি হ’লে সি ভুলতো নাভাবিলে , সি তাইৰ মনৰ এই অৱস্থাৰ বাবে আন কিবা কাৰণ আছে বুলিহে ভাবি ল’লে । কিয়নো নুৰক সুধিও যে সি কোনোদিনে এটা সঠিক উত্তৰ নাইপোৱা সি । কেতিয়াবা সেয়ে তাৰ মনো বেয়া নলগা নহয় , কিন্তু পিছ মুহুৰ্ততে সি নিজক চম্ভালি দুগুণ উৎসাহেৰে তাইক সন্তুষ্ট কৰিবলৈ যত্ন কৰে , অথচ তাই যে ইতিমধ্যেই সি ভবাতকৈও বেছিকৈ সন্তুষ্ট সেয়াহে সি ধৰিব নোৱাৰে । এনেদৰেই কেতিয়ানো তাহাঁতৰ বিয়াৰ এবছৰ সম্পূৰ্ণ হ’ল কোনেও যেন গমেই নাপালে । অৱশ্যে মনত যিয়েই নাথাকক প্ৰথম বিবাহ – বাৰ্ষিকী বুলি এটা সৰু পাৰ্টিৰ আয়োজন কৰিলে সৌৰভে । মাক – দেউতাক – শাহুৱেক – শহুৰেকেও ফোনতে আশীৰ্বাদ কৰিলে দুয়োকে । অথচ , বিবাহ বাৰ্ষিকীৰ পিছৰপৰাই সৌৰভ যেন বেছিকৈ অসন্তুষ্ট হৈ পৰিল নুৰৰ প্ৰতি । সি যেন কৰ্মব্যস্ততাৰ মাজতেই তাইক ভাললগাবলৈ বুলি বহু কিবা কিবি কৰি কৰি ভাগৰিহে পৰিল , এনে লাগিবলৈ ধৰিলে তাৰ । মনতে সি ভাবিলে এনে সি কি কৰিব যে নুৰ সন্তুষ্ট হৈ পৰিব তাক লৈ ! নে নুৰৰ অসন্তুষ্টিয়া স্বভাৱেই আছে ! সি যেন ভাবিও ওৰ নাপায় আজিকালি ।

মানুহৰ দাম্পত্য জীৱনৰ চকৰিটো আচলতে এডাল ক্ষীণ সূতাৰ ওপৰত চলি থাকে , যাৰবাবে অলপ ইফাল – সিফাল হ’লেই চকৰিটো সৰি পৰিব খোজে । সৌৰভ আৰু নুৰৰ দাম্পত্য জীৱনেও সেই দিশেই গতি ল’লে । যাৰ ফলত সৰু – সৰু কথা একোটাতে সৌৰভৰ আজিকালি খং উঠা হ’ল । নুৰ কিন্তু আচৰিতহে হ’ল সৌৰভৰ ব্যৱহাৰৰ এনে পৰিৱৰ্তন দেখি । আচলতে , সিহঁত পৰস্পৰে পৰষ্পৰৰ ইমান ওচৰেই চাপিব পৰা নাছিল যে এজনে আনজনৰ মনৰ কথা নোকোৱাকৈ অনুমান কৰিব পাৰিব । তেনে এটা দিনতে সৌৰভে নুৰক কলিগ এজনৰ ঘৰৰ পাৰ্টীলৈ লগ ধৰিলে , আৰু নুৰে সদায় কৰাৰ দৰেই পুনৰ আপত্তি দৰ্শালে যে তাত গৈ তাইনো কি কৰিব ? ইমান ডাঙৰ মানুহ তেওঁলোক ইত্যাদি ঢেৰ । এবাৰত সৌৰভৰ খং উঠি আহিল —-

: ঠিক আছে , তুমি নোযোৱা যেতিয়া ময়ো নাযাওঁ

—- সৌৰভে পিন্ধি থকা ড্ৰেচযোৰ খুলি বিচনালৈ দলি মাৰি পঠিয়ালে । নুৰে যিমান আচৰিত হ’ল তাতোকৈ বেছি ভয় খালে , মাথো একেবাৰে চুপ চাপ হৈ তাৰ কাপোৰকেইটা সামৰিবলৈ ধৰিলে ।

: এই নুৰ , কিয় তুমি এনে কৰা , কিয় তুমি সন্তুষ্ট নহয় মোৰ লগত , কিয় কোৱাচোন — এইবাৰ সৌৰভে তাইক যেনেকৈ পাকমাৰি সুধিলে তেনেকৈ সি কেতিয়াও তাইক একো কোৱাই নাছিল ।

: আৰে নোকোৱা কিয় ? মোৰ কি তোমাৰ পচন্দ নহয় ? কিয় তুমি মোৰ লগত থাকিও দূৰৈত থকাৰ দৰে থাকা ? কিয় কোৱা । আজি তুমি ক’বই লাগিব । সকলো ক’ব লাগিব মোৰ আগত —- সৌৰভে এইবাৰ তাইৰ হাত দুখনত ধৰি নিজৰ ওচৰত বহোৱাই ল’লে তাইক , নুৰৰ দুচকুৰে তপত লোহে বাগৰি আহিল

: মই তোমাক খং নকৰো , প্লিজ মোক খুলি কোৱা । নে তোমাৰ কোনোবা আছিল , যাক ঘৰৰ কাৰণে এৰিবলগীয়া হ’ল তোমাৰ ? — সৌৰভৰ মুখত এনে প্ৰশ্ন শুনি নুৰ উচপ খাই উঠিল এইবাৰ ।

: কি কৈছে আপুনি এইবোৰ , মইচোন বিয়াৰ আগতেই কৈছিলো মোৰ তেনে কোনো নাই বুলি । আৰু আপুনি এতিয়া মোক সন্দেহ কৰিছে — নুৰৰ মুখৰপৰা অলপ টানকৈ ওলাল কথাষাৰ ।

: অ’ মোৰ সন্দেহ হৈছে , নহ’লে কিয় তুমি মোৰপৰা সদায় এটা দূৰত্ব বজাই ৰাখা ?

: অ’ ৰাখো মই দূৰত্ব বজাই , নাৰাখো বুলি নকওঁ মই । মিছা কথা কোৱাৰ মোৰ অভ্যাসো নাই , কিন্তু কিয় দূৰত্ব বজাই ৰাখো তাৰ কাৰণ আপুনি ভবাৰ দৰে নহয় । শুনিব বিচাৰিছেই যেতিয়া শুনক , যদিও মই এখন পঢ়া – শুনা ঘৰৰ ছোৱালী , মই কিন্তু পঢ়া – শুনাত সিমান ভাল নাছিলো । তাতে আপোনাৰ তুলনাতটো মই একেবাৰেই শূণ্য । কিন্তু আপুনিতো আপুনিয়েই আপোনাৰ বন্ধু – বৰ্গও ইমান চোকা যে মোৰ নিজকে বৰ আচহুৱা লাগে আপোনালোকৰ মাজত । যেন দেৱতাৰ সভাত মই সাক্ষাত ফেঁচাহে , একেবাৰেই অমিল । তাৰোপৰি মোৰ অজ্ঞানতাখিনি দেখি আপুনি হাহে বুলিও মোৰ বৰ ভয় লাগে , সেয়ে অলপ আতৰি থকাটোৱেই উচিত হ’ব বুলি ভাবি ল’লো মই । মোৰ দৰে গাধীজনীক বিয়াই পাতিব নালাগিছিল আপুনি , মইহে জানো মই কিমান নাজানো —- নুৰে কান্দি – কান্দি কৈ গ’ল , যেন আজি তাই কৈয়েই যাব কৈয়েই যাব এনে ভাবত । ইফালে সৌৰভে নুৰৰ মুখত এনেঅদ্ভূত কাৰণ শুনি নাহাহি নোৱাৰিলে , তাৰ হাহিৰ প্ৰকোপত ৰ’ব নোৱাৰা অৱস্থা হ’ল অৱশেষত । ইপিনে নুৰৰ তালৈ ভ্ৰূক্ষেপেই নাই , কৈ গৈছে মাথো অবিৰত ভাবে , এবাৰত সৌৰভেই আহি তাইৰ মুখত সোপা দি ধৰিলে ——–

: হ’ব অ’ আইজনী হ’ব —- সি পুনৰ হাহিবলৈ ধৰিলে , তাৰ মুখত হাহি দেখি নুৰৰ খং আৰু বাঢ়িল , তাই টেলেকাকৈ তালৈ চাই ৰ’ল , মুখততো সি সোপাই দি থৈছিল তাইৰ ।

: ইমানকৈ হাহিবলৈ কি হ’ল ? মোৰ জ্বলা জুইত ঘী নাঢালিব আপুনি — সৌৰভে সোপাটো এৰি দিয়াৰ মাত্ৰকে পুনৰ ক’লে তাই ।

: আজিহে মোৰ ভাললাগিছে , কিয়নো আজি আমাৰ মাজত কোনো নাই ।

: কি কৈছে ভালকৈ কওঁক ।

: মই কৈছো যে আজি লাগিলে দুখ – সুখ বা খং – ৰাগ যিয়েই নহওক কিয় , আমাৰ মাজত সেই ফৰমেলিটিছখিনি নাই । এই ধৰা মই ৰজা – তুমি দাসী নতুবা মই আই এ এচ আৰু তুমি বি এ এইচব আৰু ।

বুজিছানে কিবা ? —- সৌৰভে নুৰৰ মুখৰ ওচৰলৈ মুখখন আনি সুধিলে এইবাৰ ।

: হু ………… — নুৰ যেন বুজা – নুবুজা মাজতে ৰৈ পৰিল ।

: শুনা , মই আই এ এচ ক্লিয়েৰ কৰিছিলো কিয়নো মই পঢ়া – শুণা কৰি ভালপাওঁ । যদি তুমিও পঢ়ি ভালপালা হয় তুমি হ’লাহেঁতেন আই এ এচ । বচ , কথা ইমানেই । আৰু মোক যদি তুমি কইনা এজনী আনি তাইক সজাবলৈ দিয়া মই খাটাংকৈ কৈছো যিমানেই সুন্দৰী কইনা নহঁওক কিয় সেইজনী মোৰ মেক আপত যখিনী হৈ উঠিবই । কিয়নো মই মেক আপৰ কথা একো নাজানো , নাজানো মানে মোৰ ইন্টাৰেষ্টেই নাই মেক আপত । শুনা , মানুহক যদি জুখিব মন যায় জুখিবা তেওঁৰ ব্যক্তিত্বত , তেওঁৰ চৰিত্ৰত । আন একোতে জুখি লাভ নাই , কিয়নো বাকীবোৰ অস্থায়ী , কালৰ লগত বাকীবোৰ হেৰাই যায় । মই আজি অফিচাৰ হৈ আছো , আৰু ত্ৰিশ বছৰ বয়সৰ পিছততো মোৰ এই পদবী নাথাকে , তুমি এজনী ধুনীয়া ছোৱালী , কিন্তু তোমাৰো এই ৰূপ গোটেই জীৱনজুৰি নাথাকে । সেইদৰে মোৰ দ্ৰাইভাৰজনৰ দৰমহাই তেওঁৰ পৰিয়ালটোৰ পোহপাল দিবলৈ নোজোৰে , কিন্তু কাইলৈ যেতিয়া তেওঁৰ ডাক্তৰী পঢ়ি থকা পুতেক পঢ়ি ওলাব তেওঁলোকৰ এই আৰ্থিক অৱস্থা নাথাকে । সেয়ে কৈছো সকলো অস্থায়ী , স্থায়ী মাথো ব্যক্তিত্ব আৰু চৰিত্ৰ । ময়ো প্ৰথমতে তোমাৰ সৌন্দৰ্য্যৰ প্ৰেমত পৰা নাছিলো , প্ৰেমত পৰিছিলো তোমাৰ নিজকৰ্মৰ প্ৰতি থকা দ্বায়িত্বশীলতাত , তাৰ পাছতহে তোমাৰ চেহেৰা – কথা – বতৰা সকলো ভাললগা হৈ পৰিল মোৰ । মই এনেকুৱাই , মই ভাবো তুমিও যদি কথাবোৰ অলপ দকৈ ভাবি চোৱা তেতিয়াই ধৰিব পাৰিবা তোমাৰ – মোৰ মাজত নতুবা মোৰ – ঘৰৰ কৰ্মচাৰীসকলৰ মাজত কিবা প্ৰভেদ আছেনে নাই । আৰু এটা কথা , বাকী যিসকলে মানুহৰ পাৱাৰ – ইনকাম – ৰূপ ইত্যাদি চাই মানুহ ভাগ ভাগ কৰে সেইসকলে এটা নহয় এটা সময়ত ঠগেই খায় । এইবোৰ মই কোৱা কথা নহয় , মোৰ খেতিয়ক দেউতাই কোৱা কথা , যাক মই আখৰে আখৰে বিশ্বাস কৰো ।

————— সৌৰভৰ মুখত এনে কথা শুনি নুৰ ভেবা লগাৰ দৰে হ’ল , তাই উপলদ্ধি কৰিলে কিমান ভুল আছিল তাইৰ বিচাৰ – বিবেচনা ।

সৌৰভ আৰু নুৰৰ মাজত আজিকালি কাজিয়া – মৰম প্ৰীতি – অভিমান ইত্যাদি সকলো হয় , কিয়নো আজিকালি সিহঁত দুটা পৃথক প্ৰাণী হৈ নাথাকে , দুটা পৃথক শৰীৰৰ প্ৰাণী হৈও এক হৈ থাকে আৰু যেতিয়া দুটা ভিন্ন শৰীৰৰ প্ৰাণীৰ মনৰ মিলন হৈ এক হৈ পৰে তেতিয়াটো এইবোৰ হ’বই , এয়া একেবাৰে সাধাৰণ কথা ।।

উজ্জ্বলা বৰদলৈ

By admin

Leave a Reply

Your email address will not be published. Required fields are marked *

39 − = 30