অবৈধ কলংক’ৰ সংজ্ঞা বিচাৰি……

: তই বৰ ভাল ছোৱালী পালি দেই , কি সুন্দৰ মাত – কথা , কি সুন্দৰ ব্যৱহাৰ , তাৰোপৰি ছোৱালীজনীৰ মুখখনো যেন কুণ্ডতহে কটা , দীঘল চুলিখিনি সামৰি কলডিলীয়া খোপাটি বান্ধি লৈ ডাঙৰকৈ ফোটটো লৈ ওলাই আহোতেই মই ধৰিব পাৰিলো , তোৰ ঘৰলৈ সাক্ষাৎ লক্ষিমী আহিল বুলি । —– বুঢ়ী আইতা এজনীয়ে মুৰত হাত বুলাই দৰা অভিক ক’লে । আজি যিহেতু অভিহঁতৰ খোবা – খোবি , গতিকে গাঁৱৰ বুঢ়া – মখাই তাহাঁত দুয়োটাকে হিয়া উজাৰি আশীৰ্বাদ দি গ’ল ।

অভিৰ ঘৰৰপৰা বিদায় লৈ ঘূৰি যোৱা ভকতসকলৰ মাজতো প্ৰশংসাই শুনা গ’ল মাথো ।

: বুজিছা ৰমলা , এই বুঢ়ীয়ে শ বছৰ গৰকিবলৈ মাথো সাতটা বছৰহে আছে , বহুত দেখিলে – বহুত শুনিলে এই সংসাৰৰ ভাওনা , এই দুচকুৱে আৰু ঠগ নাখায় । —- বুঢ়ী আইতাৰ প্ৰশংসা যেন আজি শেষ নহ’বই । ইপিনে ৰাতিও বহুপৰ হৈছে , ভকতৰ কামতেই বহু দেৰি হ’ল । আচলতে , তাৰোপৰি অভিয়ে যেনিবা কোমল চাউলকনৰ ব্যৱস্থা কৰিলে বুলিহে , নহ’লে মধ্য নিশা ঘৰত গৈ চৰু খুচৰিব লাগিলেহেঁতেন । হওঁতেতো অভিৰ মনটো ডাঙৰেই , সি পৰা হ’লে আজিও এসাঁজ উলিয়ালেহেঁতেন , কিন্তু শক্তি চাইহে ভক্তি । তাৰ বিয়াখনতেই বহুত ধাৰ হৈছে ইতিমধ্যেই , গতিকে সি আৰু নোৱাৰিলে । তথাপিও ভকত সন্তুষ্ট যেতিয়া সকলো সাৰ্থক হ’ল বুলিব পাৰি ।

অভিৰ সম্পূৰ্ণ নাম অভিনাশ বৰুৱা , দেখাই শুনাই মজবুত ল’ৰা , মুখৰ গঢ়ো কাৰ্তিকহেন , বয়সো এইবাৰ ত্ৰিশ হৈছে , মাথো তাৰ পঢ়া – শুনাহে একেবাৰে কম । এবাৰ মেট্ৰিক দিছিল যদিও ফেইল মাৰি আৰু নবহিলেই পুনৰ পৰীক্ষাত । দেউতাক নামকৰা পকা মিস্ত্ৰী আছিল , সিয়ো দেউতাকৰে লাচনি – পাচনি কৰা আৰম্ভ কৰিলে তাৰপিছতেই । এতিয়া অৱশ্যে দেউতাক ঢুকাল , তেওঁ নাই যদিও বিদ্যাটো অভিয়ে ধৰি ৰাখিছে । দেউতাকৰ সমান নহ’লেও তাৰো হাতখন বেয়া নহয় , গতিকে ঘৰত এনেই বহি থাকিবলগীয়া তাৰ হোৱা নাই । অৱশ্যে সি ঘটিলেনো হ’ব কি , খোৱা মানুহ এপাল , গতিকে যেনেতেনে চলি আছে আৰু সি । যোৱাতো বহাগত তাৰ দুয়োটা ভায়েকে ছোৱালী আনি নিজে বেলেগ হৈ ল’লে , ভণীয়েকজনীও তাৰ দুমাহমানৰ পিছতে পলাল অভিৰে লগৰ এটালৈ , এতিয়া মুল ঘৰখনত মানুহ কমি কমি দুটাহে হৈছিলগৈ মাথো । যোৱা ডেৰটা বছৰতেই তাৰ ঘৰখন ভাঙি চুৰমাৰ হৈ গ’ল , তাতোকৈ ভাল দেউতাক নৰিয়াত থাকোতেই আছিল । অভিৰ কষ্ট হৈছিল যদিও মাক – দেউতাক – ভাই – ভণীৰে ঘৰখন ভৰি আছিল । কিন্তু , দিন সদায় একে নাযায় , দেউতাকে তিনিবছৰ নৰিয়াত পৰি চকু মুদিল কি নাই ভায়েককেইটাৰ ছোৱালী অনাৰ চখ উঠিল । হ’লে কি হ’ব , এতিয়া হেনো তাঁহাতৰ চলিবলৈ বৰ অসুবিধা হয় মাজে – মাজে । অভিয়ে অৱশ্যে জানিছিলেই এনে হ’ব বুলি , অনাই – বনাই ঘূৰি ফুৰা দেখি সি দেউতাকৰ বিদ্যাটোকে ধৰক বুলি লগত লৈছিলহে তাঁহাত দুটাক , কামত হাত আহিবলৈকে নাপালে । অৱশ্যে ভণীয়েকৰ অৱস্থা ভাল বুলিয়েই ক’ব পাৰি । তাইক লৈ আৰু অভিৰ চিন্তা নাই , মাথো ভায়েককেইটাইহে তাৰ খৰচ কমাওক চাৰি বঢ়াই থাকে এতিয়াও । তথাপিও , তাৰ বিয়াখনেই যি সমাজক খুৱাই পাতিব পাৰিলে সি , নহ’লেতো তাঁহাতৰ ঘৰখনত এখনো সামাজিক বিয়া নহ’লহেঁতেন ।

সীমাক অভিয়ে মাকৰ পছন্দ অনুসৰি বিয়া কৰাই আনিছে । তাইৰো ঘৰৰ অৱস্থা বেয়া । ল’ৰা হওঁক বুলি পাঁচোজনীকৈ ছোৱালীয়ে পালে তাইৰ মাকে । অৱশেষত যেনিবা ল’ৰা এটা উপজিল , কিন্তু দেউতাকে পুত্ৰ সুখ ভোগ কৰিবলৈ নাপালে , আপদীয়া বানত মানুহটো যি উটি গ’ল কোনেও বিচাৰি নাপালে আৰু তেওঁক । সীমা ঘৰৰ ভিতৰতে তিনি নম্বৰৰজনী । অ’ত’সোপা ছোৱালীকনো মাকে বিয়া দিয়ে কোনসতে , তাইকো বায়েক দুজনীৰ দৰেই ভাত এসাজ খোৱায়েই উলিয়াই পঠিয়াইছে , মাথো অভিৰ ঘৰতহে বিয়া বুলি পাৰ্টী এটা হ’ল আৰু ।

ফুলশৰ্য্যাৰ নিশাতেই অভিয়ে সীমাক কৈ দিলে যিয়ে নহওঁক তাৰ মাকজনীয়ে যাতে অকনো কষ্ট নাপায় , এককথাত সি মাকৰ দ্বায়িত্ব তাইৰ ওপৰত এৰি দিলে । তায়ো আদৰেৰে তাৰ লগতে তাৰ সকলো সুখ – দুখক নিজৰ বুলি সাৱতি ল’লে । সুখী হ’ল অভি , সুখী হ’ল সীমা , যেন দুয়ো দুয়োৰে পৰিপূৰকহে হৈ পৰিল সেই নিশাটিৰ পৰা ।

—————————–

বিয়াৰ পিছৰেপৰা সীমাই দেখি আহিছে অভিয়েচোন ভায়েকহঁতে লগোৱা ধাৰো মাৰিবলগীয়া হয় মাজে – মাজে , তাৰোপৰি বিয়াৰ ধাৰতো আছেই তাৰ মুৰৰ ওপৰত । সেয়ে তাই তাঁতখনকে লগাই ল’লে এইবাৰ , কিবা এটা সহায় হওঁক বুলি । এদিন এনেকৈ তাঁতত বহি থাকোতেই ভায়েক এটাৰ লগত অভিৰ কথাৰ কটা – কটি লাগিল । এসয়মত গৈ এই দ্বন্দই মাৰ – পিটৰ ৰূপ ল’লেগৈ , তাই ভয়তে ওচৰ – চুবুৰীয়াক চিঞঁৰি – চিঞঁৰি মাতিব ধৰিলে । কিন্তু , ওচৰ চুবুৰীয়া দুই – এজন আহি পালেকি নাই অভিয়ে তাইৰহে সোঁগালত পূৰ্ণহতীয়া চৰ এটা বহোৱাই দিলে । দহজনৰ আগত তাইৰ এনে অৱস্থা হোৱাত লাজে – অপমানে ভিতৰলৈ গৈ বিচনাত পৰি বহু পৰ কান্দি ৰ’ল তাই । কিহৰ বাবেনো অভিয়ে এনে কৰিলে তাইৰ লগত সেয়াহে কিন্তু তাই বুজি নাপালে ।

সেয়াই আছিল আৰম্ভণি , তাৰপিছত বহুবাৰ বহুজনৰ আগত তাই শাৰিৰীকভাৱে অপদস্ত হৈছে অভিৰদ্বাৰাই । দোষ কিন্তু তাইৰ গাত কোনোদিনেই দিয়া নাই অভিয়ে , মাথো লোকৰ খঙতে তাইক মৰা বুলি সি নিজেই স্বীকাৰ কৰে তাইৰ আগত সি খং মাৰ গ’লে । তাৰমতে বাকী সকলোটো পৰ , নিজৰ বুলিবলৈ মাথো মাক আৰু তাইহে আছে তাৰ জীৱনত , গতিকে নিজৰবোৰক মৰাই ভাল লোকক মাৰি জেল খোৱাতকৈ । সীমাই যেতিয়াই তাৰ এনে কথা শুনে তেতিয়াই তাইৰ মনত হ’লে এটা প্ৰশ্ন সদায়েই উদয় হয় , যদি ভায়েক দুটা অভিৰ মতে নিজৰ নহয়েই তেনেহ’লে কিয় তাঁহাতৰ ধাৰবোৰ মাৰি ফুৰে সি ? তাই নিজ কাণেৰে এদিন শুনিলে অভি আৰু তাৰ ভণীজোঁৱায়েক যি তাৰ বন্ধুও হয় , তাঁহাত দুয়োটাৰ কথোপকথন —–

: মাইকী মানুহ হৈ যদি গিৰীয়েকৰ দুটা চৰ খালেই , তাতে কি যাবনো তাইৰ ! নিজৰ মানুহটোৱেহে হাত তুলিছে , আনে তোলা নাই নহয় ।

: কিন্তু , সেই বুলি যদি মই তোৰ ভণীয়েৰক মাৰো , তই জানো মোক সুদাই এৰিবি ? —– অভিক তাৰ ভণীজোঁৱায়েক তপনে বুজায় । কিন্তু অভিৰ মতে , বিয়াৰ পিছত ছোৱালীজনী গিৰীয়েকৰহে , আন কাৰোৰে নহয় , গতিকে তাইক খোৱা – বোৱাৰপৰা আৰম্ভ কৰি পিন্ধা – উৰালৈকে সকলো দ্বায়িত্ব গিৰীয়েকৰ ওপৰতে ন্যস্ত হয় । আৰু গিৰীয়েক – ঘৈনীয়েকৰ মাজত আন কোনোবা নোসোমোৱাই ভাল তাৰমতে । —- অভিৰ এনে মতত তপনেও মনতে বৰ আঘাত পালে , যাৰবাবে সি আৰু কোনোদিনে তাক নুবুজালে এই প্ৰসংগত ।

————————-

: বৌ , এয়া লোৱাচোন , মায়ে দি পঠিয়াইছে —– অভিহঁতৰ ঘৰৰ সন্মুখৰ ঘৰৰ ল’ৰা নবই কঠাল এটা দি ক’লে সীমাক । সীমাই তাইৰ কেচুৱাজনীক পিয়াহ খোৱাই আছিল , সেয়ে তাই ভিতৰৰপৰা ক’লে —-

: অ’ নব নেকি ? প’টীকতে থোৱাচোন কঠালটো , ময়ে কৈছিলো খূড়ীক এইবাৰ কঠাল খোৱাই হোৱা নাই বুলি । ৰ’বা , তুমি কিন্তু গুচি নাযাবা , বস্তু এটা আছে , লৈ যাবা । —– এইবাৰ সীমাই কেচুৱাজনী কোলাতে লৈ ওলাই আহিল ভিতৰৰপৰা , তাক কেচুৱাজনী ল’বলৈ আগবঢ়াই দিওঁতেহে সি দেখিলে তাইৰ হাতৰ দাগবোৰ । লগা – লগ তাৰ ভ্ৰূ কোচ খাই আহিল —-

: বৌ , এয়া আকৌ কেতিয়া হ’ল ? — অ’ত’বছৰে সিয়ো দেখি আহিছে অভিয়ে মানুহৰ আগতে সীমাৰ ওপৰত হাত উঠোৱা , গতিকে তাইৰ হাতৰ সেই দাগবোৰ কিহৰ তাৰ বুজিবলৈ বাকী নাথাকিল । কিন্তু , সীমাৰ বাবে এতিয়া এইবোৰ সাধাৰণ কথা হৈ পৰিছে , তাই সেয়ে আগৰদৰে লুক – ঢাক নকৰে মানুহৰ আগত । তাই ক’লে ——

: যোৱা সপ্তাহৰ অ’ নব । সৰু ভায়ে সুদলৈ টকা লৈছিল হেনো , সুদো গোট খাই বহুত হ’ল । কাবুলিৱালাজন নিজে আহি ঘৰ পালেহি , তেতিয়াহে গম পাওঁ আমি । ইপিনে চাহ দিবলৈ মোক কোৱাত মই ঘৰত একো নথকাত সুদা চাহকণকে লৈ ওলালো । লাজতে একো নাই হৈ …………

: হ’ব বৌ , হ’ব । মোক নক’বা আৰু । এইবোৰ চব হৈছে তুমি সহি থকাৰ বাবেই ।

: নসহি কি কৰিম তুমিয়েই কোৱাচোন , আইৰ ঘৰলৈ ঘূৰি যাওঁতে আয়ে ক’লে ” যমে নিয়া আৰু জোঁৱায়ে নিয়া হেনো একে ” । ক’ৰবালৈ গুচি যাম বুলিও যাব নোৱাৰো একো ইনকাম নাই বাবে , গতিকে মোৰ ইয়াতে এনেকৈ থকাৰ বাহিৰে উপায় জানো আছে ! আগতে কেইবাবাৰো ভাবিছিলো পিছফালৰ বৰগছজোপাতে ওলমোগৈ বুলি , কিন্তু কিয় জানো নোৱাৰিলো । আৰু এতিয়াটো আৰু নোৱাৰো , মই নহ’লে কেচুৱাকনক কোনে চাব !

: বৌ , তোমাৰ আত্মসন্মান বোলা কিবা এটাত যে অভিদাই আঘাত হানি গৈ আছে , আৰু এতিয়া এয়া তেওঁৰ বাবে এক অভ্যাসত পৰিণত হৈছে , তুমি ধৰিব পৰা নাইনে ? কিয় বিৰোধিতা নকৰা তুমি ? ইমান চেনেহ নে অভিদালৈ এতিয়াও ! — নবৰ যেন কথা নৰ’বই আজি । আচলতে সিয়ো অতিষ্ঠ হৈ পৰিছে প্ৰায়েই হৈ থকা এনে মাৰ – পিটবোৰ দেখি – দেখি ।

: চেনেহ ! হুহ চেনেহ কৰিবলৈ বা থাকিবলৈ কিবা বাকী ৰাখিলে জানো তেওঁ ! মোক যে বেচি দিয়া নাই , মোৰ শৰীৰটোক যে ধাৰ লোৱা সকলক ভোগ কৰিবলৈ দিয়া নাই , সেয়াই বহুত মোৰ বাবে । —– দুচকুৰে এধাৰি চকুলো বাগৰি আহিল তাইৰ ।

: মই যাওঁ , তোমাৰ যি দিবলগীয়া আছে তুমি নিজেই দি আহিবাগৈ মাক —- নবই এইবুলি কৈ যাবলৈ বুলি ঠিয় হ’ল । সি যে কথাবোৰ সহিব নোৱাৰি যাব ওলাইছে সীমায়ো নুবুজা নহয় । আগতেও তাই তাক এনেবোৰৰ বিৰুদ্ধে মাত দিয়া শুনিছে , তায়ো বুজি পায় সি নাৰীৰ ওপৰত হোৱা অত্যাচাৰ সহিব নোৱাৰে বুলি । অথচ সদায় তাইৰ ওপৰত হোৱা অত্যাচাৰৰ বিৰুদ্ধে সি একো কৰিবও নাই পৰা । নব গ’লগৈ , জপনাখনো খঙতে সি খুলি থৈয়ে গ’ল , কিন্তু তাৰ খং আচলতে কালৈ , তালৈনে অভিলৈ , সেয়াহে বুজিও নুবুজাজনী হৈ পৰে সীমা ।

————————–

: এই অভিটোক নহয় মই এদিন জেলৰ ভাত খোৱাম —- এদিন ৰাতি পুনৰ হাত উঠোৱাত নবই আহি মাকক ক’লেহি ।

: কি কৰিবি অভিক জেলত ভৰাই , তাৰ ঘৈনীয়েকেই য’ত নিশ্চুপ , তোৰ আকৌ কি দৰকাৰ বাটৰ কচু গাত ঘহি ল’বলৈ ! —– মাকে একেষাৰতে তাৰ মুখ বন্ধ কৰি থ’লে ।

সেইদিনা ওৰেটো নিশা নবৰ মনলৈ এটা কথাই আহি থাকিল , সচাঁই সীমাবৌ তাৰ বাবে বাটৰ কচু নে ? যদি সেয়া নহয়েই , কিয় সি অভিক পুলিচক গতাই দিব পৰা নাই ? তাঁহাতৰ এন জি অ’ ইটো এনে ক’ত’ পুৰুষক ঠিক কৰিছে , সিয়ো কিমানৰ বিৰুদ্ধে পুলিচত কম্প্লেইন দিছে , মাথো ঘৰৰ সন্মূখতে হোৱা অভিহতঁৰ ঘটনাটোকহে সি কিয় নিমাত ? ইয়াৰ অন্তৰালত সীমা নামৰ মানুহগৰাকী নাইনে ? কিয়নো অভিক সীমাৰ স্বামী বুলিয়েই সদায় নৰম দৃষ্টিৰে চোৱা নাইনে সি ? মনতে এতিয়াও আশা কৰি থকা নাইনে সি যাতে অভি শুদ্ধৰক , সীমাৰ সংসাৰখন সুখৰ হওঁক ?

—————————-

টোপনিটো অলপকৈ আহিছিলহে নবৰ , বাঁহনিৰ চৰক – চৰক শব্দত সি সাৰ পাই গ’ল । কিয় জানো সি নিজেই নাজানে , জীৱনক প্ৰথমবাৰৰ বাবে সি সীমাক আজি বেলেগ দৃষ্টিৰে জুমি চালে । সেই একেইজনী মানুহ আজি যেন তাৰ বাবে অলপ পৃথক হৈ ধৰা দিলে । সি নিজকে নিজে চম্ভালিবলৈ যত্ন কৰিলে , কিন্তু মনটোৱে যেন নুবুজিবই তাৰ একো কথা ।

সৌৱা , সীমাই বাহী বন কৰি মুৰে – গাৱে ধুই কাপোৰ মেলিছে । অহ , তাইৰচোন চুলিকোচাও ককালৰ তললৈকে বৈ পৰা , সিচোন আজিহে মন কৰিলে । না কপালত সেন্দুৰৰ ফোট না শিৰত সেন্দুৰৰ ৰেখা , তাই যেন বোৱাৰী নহৈ জীয়ৰীহে । লাহী যদিও পুৰঠ দেহাৱয়ব , আৰুচোন তাইৰ চকু দুটায়ো যেন হৰিণীৰ নয়নকো চেৰ পেলাব — নাই নাই , সি আৰু নাচায় , চালেই যেন প্ৰেমত পৰি যাব তাইৰ । কিন্তু , এতিয়ালৈকে সি জানো প্ৰেমত পৰিবলৈ বাকী আছে , হে প্ৰভূ , সি সেপ ঢুকিলে এইবাৰ ।

————————————-

” দিল ক্যা কাৰে জব কিচিক’ কিচিচে প্যাৰ হ’ জায়ে …………… “

: ঐ বন্ধ কৰ , এতিয়াই বন্ধ কৰ গান , মোৰ মাথাটো গৰম নকৰিবি । —- নবই কথা নাই বতৰা নাই ভণীয়েকক দম দি টিভিতো বন্ধ কৰালে । তায়ো মুখখন এপাচিমান কৰি তাক বকি – বকি ওলাই গ’ল । চেহ , কিখন যে কৰিছে সি নহয় , পুৱাতে এনেই তাইক খং কৰিলে । কিন্তু , এই মান্ধাতা যুগৰ গানটোৰ বাক্যকেইটা জানো মিছা ! তাৰ মনত সীমাই এক সুকীয়া অনুভূতি হৈ বহি ৰৈছে , ইয়াত তাৰেই বা কি দোষ , সীমাৰেই বা কি দোষ ! তাইৰ ওপৰত হোৱা অত্যাচাৰবোৰৰ বাবে জাগি উঠা সহানুভূতিয়ে কেতিয়া প্ৰেমৰ ৰূপ ল’লে সিচোন গমেই নাপালে । হয়টো তাৰ মনে সীমাক আগৰেপৰাই ভালপাই পেলাইছিল , যাৰবাবে সি সদায় অভিয়ে তাইৰ ওপৰত হাত উঠোৱাৰ পিছতো সি কোনোদিনে অভিৰ বিৰুদ্ধে পুলিচৰ ওচৰ নাচাপিল । কিয়নো সীমাৰ সুখ অভিৰ ওচৰত বুলিয়ে নহয় জানো ! আৰু সেইদিনা তাই কি কৈ পেলালে বাৰু তাক , যাৰ বাবে নবই তাই জীয়াই আছে বুলি ভাবি আহিছিল , তাৰবাবে তাই মৰিবলৈহে লৈছিল । হয়োটো অ’ত’খন অপমান পোৱাৰ পিছত কাৰনো মনত গিৰীয়েক হ’ল বুলি অনুৰাগৰ চাকি গচি জ্বলি থাকিব , ওহো , কাৰোৰে নাথাকে , এতিয়া তাই যি কৰি আছে সেয়া মাথো কৰ্তব্য বুলিব পাৰি । হয় কৰ্তব্যয়েই কৰি আছে তাই ইমান দিনে , সিহে অকৰাটো হৈ তাইৰ সুখ অভিৰ লগতে আছে বুলি ইমানদিনে ভাবি আছিল । সচাঁই তাৰ নিচিনা অকৰা – মহা মূৰ্খ হয়টো দ্বিতীয় এটা নোলাব পৃথিৱীত , সি খঙতে নিজৰ হাতখনেই জোৰকৈ টেবুলত মাৰি দিলে ।

তাৰ চাল – চলনৰ সাল – সলনি হয়টো মাকৰ চকুৰপৰা সাৰি নগ’ল , মাকে তাক এদিন সেয়ে ক’লে —–

: আমি তোৰ বিয়াৰ কথা ভাবিছো , ভাল ছোৱালী এজনীও আছে চকুত পৰাকৈ , এতিয়াটো তোৰ চাকৰিও হ’ল , গতিকে কৰিবলগীয়া কামটো কৰি পেলোৱাই ভাল । —– মাকৰ মুখত তাৰ বিয়াৰ কথা শুনি সি আচৰিত হ’ল এইবাৰ , সেয়ে সি কৈয়েই দিলে —–

: অসমীয়া ল’ৰাই চাব্বিশ বছৰ বয়সত বিয়া নাপাতে , অন্ততঃ ত্ৰিশ হ’বলৈ দে ।

: তেনেহ’লে তয়ো কথা দে , তই যাতে নিজক শুধৰাৱ । তোৰ কথা ৰাখিম , ভণীক বিয়া দিহে তোৰ কথা ভাবিম , কিন্তু তই যাতে নিজৰ লগতে ঘৰখনো কলংকিত নকৰ তেতিয়াহে , আজিয়েই কৈ থ’লো কিন্তু তোক । —– মাকৰ মুখেৰে যেন অগ্নিহে বৰষিল , সি থৰ হৈ পৰিল বহুপৰ । তাৰ মনত হাজাৰটা প্ৰশ্নই দোলা দিবলৈ ধৰিলে । যদি সীমাৰ প্ৰতি তাৰ অনুৰাগ ‘ কলংক ‘ই হয় , তেনেহ’লে প্ৰেমক ‘ স্বৰ্গীয় অনুভূতি ‘ বুলি কিয় কয় ? কিয় আজিও ৰাধাক ‘ কলংকিতা ‘ আখ্যা দিয়া নাই , কেৱল মাথো কৃষ্ণৰ প্ৰেমিকা হোৱাৰ বাবেই নে ? প্ৰকৃততে , ব্যক্তিবিশেষে শব্দাৰ্থও সলনি হয় নেকি ? এই ‘ কলংক ‘ – ‘ ব্যভিচাৰিতা ‘ -‘ অবৈধ ‘ এইবোৰৰ অৰ্থ তাৰদৰে দহটা ল’ৰাৰ বাবে কি ? আৰু সিটো কোনোদিনে সীমাক নিজৰ কৰাৰ চিন্তা কৰা নাই , কোনোদিনে তাইক বেয়া ব্যৱহাৰো কৰা নাই , তাইটো নাজানেই তাৰ মন – মগজুত যোৱা ছটা মাহে চলি ধুমুহাজাকৰ কথা । এই ছটা মাহে সি কেনেকৈ কটাইছে সেয়া মাথো সি জানে , মাথো সি ।

————————————

: এয়া , তুমি কি কৰিলা নব ? কিয় মানুহজনক নি থানাত ভৰালাগৈ ? এতিয়া কি কৰিম মই ? আৰু মোৰ এই ডেৰবছৰীয়া ছোৱালীজনীয়ে কি অপকাৰ কৰিছিল তোমাৰ , এতিয়া কি হ’ব তাইৰ ভৱিষ্যত ? তাতোকৈ আমি দুয়োজনী বিহ খাই মৰি থকাই ভাল । —- মধ্যনিশা পুলিচে আহি অভিক লৈ যোৱাৰ পিছত সীমাই নবক ওভতি ধৰিলে । উপস্থিত থকা গঁঞা ৰাইজে তাইক ধৈৰ্য্য ধৰিবলৈ ক’লে ।

: কিয় এনেকৈ কৈছা তুমি ? মই তোমাৰ ভালৰ বাবেহে কৰিছো এইবোৰ । —- সীমাৰ মুখত মৰাৰ কথা শুনি আবেগিক হৈ নবই তাইক ক’লে ।

: মোৰ ভালৰ বাবে কৰিছা , কি কথা কোৱাহে তুমি ? তেনেহ’লে কোৱা কোনে ল’ব মোৰ ছোৱালীৰ দ্বায়িত্ব ? কোনে ল’ব ? —- এইবাৰ সীমাই তাৰ চাৰ্টৰ কলাৰতে ধৰিলে ।

: মই ল’ম , মই ল’ম তোমাৰ ছোৱালীৰ দ্বায়িত্ব । আৰু যদি তুমি অনুমতি দিয়া তোমাৰো দ্বায়িত্ব ল’ম । —- একেবাৰতে কৈ গ’ল নবই ।

: কি ……… —– সীমা আচৰিত হৈ ৰ’ল এইবাৰ । গাঁৱৰ মানুহৰ মাজতো কথাৰ গুণ – গুণনি উঠিল । এইবাৰ নবই জানো ক’ত সাহস পালে , সি গৈ এখন হাতেৰে সীমাৰ ছোৱালীজনীক কোলাত লৈ আনখন হাতেৰে তাইৰ হাতত ধৰি ক’লে —–

: ব’লা , আজিৰ পৰা তোমালোকৰ সকলো দ্বায়িত্ব মোৰ ।

: তোৰ মতিভ্ৰম ঘটিছে নেকি ? গুচি আহ , তোক কৈছো নহয় , গুচি আহ এতিয়াই —- খঙত একো নাই হৈ নবৰ দেউতাকে ৰাস্তাৰ পৰাই তাক চিঁঞৰিলে । ৰাস্তাটো পাৰ হ’লেইটো তাৰ ঘৰ ।

: ব’লা —– এইবাৰ নবই সীমাৰ হাতখনত ধৰি টানিলে ।

: ক’লৈ ? — তাই আচৰিত হৈ তাক সুধিলে ।

: মোৰ ঘৰলৈ —– নবৰ ষ্পষ্ট উত্তৰ । তাৰ এনে উত্তৰ শুনি দেউতাকে এইবাৰ দা এখন লৈ আহিল তাক কাটিবলৈ বুলি ।

: খবৰদাৰ , তোক আকৌ কৈছো , আহ’ যদি অকলে আহ , লোকৰ ঘৰৰ বোৱাৰীক লৈ মোৰ ঘৰত ভৰি নথ’বি । —- দেউতাকৰ এনে ধমকিটো কিন্তু নবই সীমাৰ হাত নেৰিলে , কাৰণ সি তাইৰ হাত এৰিবলৈ ধৰাই নাছিল । আৰু সীমা , তাই বিনা মেঘে সৰগ পৰা মানুহৰ দৰে থৰ হৈ ৰ’ল বহুপৰ , কিন্তু তেতিয়াও নবই তাইৰ হাত এৰা নাছিল ।

—————————

এনে নহয় যে নবই নিজ পিতৃ – মাতৃক এৰি শান্তিত থাকিব পাৰিছে , নতুবা তেওঁলোকলৈ কোনো চিন্তাই লগা নাই তাৰ , তথাপিও সি কিন্তু তাৰ কৰণীয়খিনিক ভুল বুলি নাভাবে । কিয়নো সি জানে তাৰ প্ৰেম কিমান পবিত্ৰ । তাৰোপৰি সি যি কৰিলে সকলো ৰাইজক আগত লৈ কৰিলে , লুকাই – চুৰকৈতো কৰা নাই । সেই ৰাইজেই সাক্ষী আছে সি কিমানবাৰ মাক – দেউতাকৰ ভৰিত পৰি ক্ষমা বিচাৰিছে তাৰ , তথাপিও সিহে কিন্তু এঘৰীয়া হ’ল সমাজৰ চকুতো অৱশেষত ।

সমাজচ্যুত হৈ নব আৰু সীমা আজি এখন নতুন ঠাইৰ বাসিন্দা , এইবাৰ নবই কনমানিজনীকো স্কুলত নাম লগাই দিছে । সি ইতিমধ্যেই লাগি – ভাগি তাৰ চাকৰিটো এই নতুন ঠাইলৈ বদলি কৰি আনিছে , তাৰ বাবে এতিয়া তাৰ ঘৰ – তাৰ গাওঁ – তাৰ চহৰ সকলো অতীত মাথো , যাক সি সোঁৱৰিব নিবিচাৰে কোনোকালে । আৰু সীমা , সীমা সুখী নবক লৈ , যদিও অতীতে তাইকো আমনি কৰেহি , তাইৰো মনে মাক – ভণীয়েকহতঁক বিচাৰি কান্দে , তথাপিও তাই নিজৰ হেৰুৱা সন্মান ঘূৰাই পাই নথৈ সুখী । তাহাঁতৰ মাজত এতিয়া সেইসকলোখিনি আছে যি এহাল স্বামী – স্ত্ৰীৰ মাজত থকা উচিত । পৰস্পৰে পৰস্পৰক এনেকৈ শ্ৰদ্ধা – মৰম – বিশ্বাসেৰে আৱৰি ৰাখিছে যে তাহাঁতৰ বাবে এই সৰু ভাড়াঘৰটোৱেই সৰগলৈ পৰিণত হৈছে । তথাপিও , নব আৰু সীমাৰ এই সম্পৰ্কক পুৰণি মানুহখিনিয়ে ‘ অবৈধ ‘ বুলিয়েই কয় কিন্তু আজিও । তেওঁলোকৰ মতে তাঁহাতৰ এই প্ৰেম গাওঁখনৰ বাবেই এক ‘ কলংকিত অধ্যায় ‘ মাথো ।

নবই সীমাক সেন্দুৰ পিন্ধাই নিজৰ কৰি লোৱাৰ দিনাই তাক দেউতাকে তাজ্যপুত্ৰ ঘোষণা কৰে , কিন্তু যেতিয়া অভি জামিনত ওলাই আহে সি কিন্তু ধোৱা তুলসী পাত হৈয়েই ৰয় গাওঁবাসী আৰু আত্মীয় – কুটুমৰ বাবে । দহে বুজিলেও নবই কিন্তু আজিলৈকে নুবুজিলে এই গোটেই ঘটনাটোত তাৰ ভুল ক’ত , কিহৰ বাবে তাহাঁতৰ সম্পৰ্ক আজিও ‘ অবৈধ ‘ , য’ত ৰাধা – কৃষ্ণ সদায়েই উপাসনাৰ উৎস তেনেক্ষেত্ৰত কিয় সি আৰু তাৰ পত্নী আজিও ঘৃণাৰ পাত্ৰ !

নব আৰু সীমাৰ জীৱনলৈ কালক্ৰমত এটি পুত্ৰসন্তানৰো আগমন ঘটিল , একলা – দুকলাকৈ সিয়ো ডাঙৰ হৈ আজি প্ৰাপ্তবয়স্কই হ’লহি , তথাপিও সেইসকল লোকৰ বাবে তাহাঁতি ‘ কলংক ‘ই হৈ ৰ’ল । যাৰ ফল নবই জীয়েকজনীক বিয়া দিওঁতে ভৰিবলগীয়া হ’ল , কিয়নো কোনোবা তৃতীয় ব্যক্তিয়ে নব আৰু সীমাৰ কথা ইমান বেয়াকৈ দৰাঘৰৰ মানুহক গৈ ক’লে যে বিয়া ভঙাৰ উপক্ৰম হৈছিল , পিছত যেনিবা বিয়াখন ভালদৰেই সম্পন্ন হ’ল আৰু ছোৱালীজনীও সুখেৰেই আছে আজিলৈকে । ইপিনে অভিয়ে পুনৰ বিয়া পতা বুলি নবই শুনিছিল , সীমাকো সিয়ে আহি কৈছিলহি । অৱশ্যে পিছৰবাৰ অভিয়েও পলোৱাইয়েই আনে ছোৱালী । কেৱল মাথো পুৰুষ হোৱাৰ বাবেই নে কিয় নবই নাজানে , অভি কিন্তু আজি তাৰ পুৰণি নামঘৰৰ এক গুৰুত্বপূৰ্ণ সদস্য , কিন্তু সেই নামঘৰতেই এসময়ত নবৰ বাবে তাৰ দেউতাকে উদ্ধাৰনী পাতি উদ্ধাৰ হ’বলগীয়া হৈছিল । সমাজ তথা ৰাইজৰ মানসিকতা কিয় এনে নবই কিন্তু আজিলৈকে বুজি নাপালে , মাথো বুজি পালে সমাজে যিমানেই নাৰীৰ সমঅধিকাৰ – উন্নতি আদিৰ কথা নকওঁক কিয় ভিতৰি ভিতৰি আজিও নাৰীজাতি নিৰ্য্যাতনৰ সন্মুখিন হৈয়ে আছে । কিয়নো যি নিৰ্য্যাতিতা নাৰীক উদ্ধাৰ কৰে তাৰ দশা সদায় নবৰ দৰেই হয় আৰু যি নাৰীয়ে নিজে নিৰ্য্যাতনৰ বিৰুদ্ধে মাত দিয়ে সেইনাৰী সদায় ব্যভিচাৰী বুলিয়ে বিবেচিত হয় । তথাপিও , সমাজৰ সকলো বাধাক নেওচি নব আৰু সীমা সুখী দুয়ো দুয়োকে লৈ ।।

✍️উজ্জলা বৰদলৈ

By admin

Leave a Reply

Your email address will not be published. Required fields are marked *

3 + 3 =