মুখা

এই পাঁচমহীয়া গাত থকা মানুহজনীক মোহনে ইমানকৈ মৰিয়াইছে কিয় , কেনেবাকৈ পেটত দুখ পালে কোনো নাবাচে । নাই নাই মই এনেকৈ চাই থাকিলে নহ’ব , মানুহজনীক বচাওগৈ । মনতে কথাবোৰ পাগুলি মনে চাৰ্টটো পিন্ধি ওলাই যাবলৈ লৈছিল হে তেনেতে ঘৈনিয়েক মমীৰ সন্মুখীন হ’ল ।

: কি হ’ল ? ইমান খৰখেদাকৈ ক’ত যোৱা ? — মমীয়ে তাৰ খৰখেদা দেখিয়ে সুধিলে

: এহ , এই মোহনটোক দুচাটমান দি আহোগৈ , চোৱাচোন কেনেকৈ গাভাৰী মানুহজনীক মাৰি আছে । —- মনে মমীলৈ চাই ক’লে আৰু ওলাই গ’ল খৰখেদাকৈ ।

: তুমি আন্ধাৰখনত ঘূৰি নুফুৰিবা । — সেয়া মনৰ সকিয়নি গেটৰ ওচৰৰপৰা । মমীয়ে জানিছিলেই মনে সাৱধান বাণী নুশুনোৱাকৈ থাকিব নোৱাৰে বুলি । ঘণ্টাই প্ৰতি তিনি / চাৰিবাৰ সি তাইক সোঁৱৰাই থাকে যে তাই অলপ সাৱধানে থকা উচিত , কিয়নো তাই এতিয়া অকলশৰীয়া নহয় , তাইৰ দেহৰ ভিতৰত আৰু এটি প্ৰাণ আছে ।

—————————-

: মই মোৰ মাইকীক মাৰিছো , আপুনি আমাৰ মাজত সোমাবলৈ কোন ? — মোহনৰ সেয়া উফাইদাং মৰা কথা । মনে তাৰ আৰু কোনো কথা নুশুনি পূৰ্ণহতীয়া চৰ এপাত বহোৱাই দিলে তাৰ গালত । মদৰ নিচাত থকা মোহন চিৎলাং খাই পৰিলগৈ দুৰত । মনে এইবাৰ মোহনৰ ঘৈনিয়েকক ক’লে —-

: তুমি আজি ইয়াত থাকিব নালাগে , ই তোমাৰ ওপৰত পুনৰ হাত উঠাব । —- মোহনৰ ঘৈনিয়েকেও মনে – মনে মনৰ পিছে – পিছে খোজ দিলে এইবাৰ । তেনেতে মোহনৰ দুৰুলখোৱা জিভাৰে কোৱা কথা এষাৰ পুনৰ মনৰ কাণত পৰিল ” মই বনৰীজনীক এনেই নমৰিয়াও নহয় , এইৰ পেটত থকা শনিটো মোৰ নহয়েই , এইটো এইটো ……… ” মোহন পুনৰ নিচাত ভাৰসাম্য হেৰোৱাই ক’ৰবাত পৰাৰ শব্দ ভাহি আহিল এইবাৰ ।

————————————

মোহন আৰু মনৰ ঘৰৰ মাজত এখন ৱাল মাথো , ইমানেই দূৰত্ব দুটা ঘৰৰ মাজত । অৱশ্যে তেজ – মঙহৰ কোনো নহয় ইঘৰ সিঘৰৰ , মাথো প্ৰতিবেশীহে । মোহন পুলিচৰ কনিষ্টবল , মন আকৌ হাইস্কুলৰ বিষয় শিক্ষক । বয়সত মোহন মনতকৈ কেইবছৰমানৰ সৰু , আচলতে সি চাকৰিটো পোৱাৰ আগতেই নয়নাক পলুৱাই আনে । সেইসময়ত মোহনৰ মাক জীয়াই আছিল , মাকৰ পেন্সনৰ টকাৰেই তিনিজনীয়া পৰিয়ালটো ভালকৈ চলিছিল , পিছত যেতিয়া মোহনৰো চাকৰিতো হ’ল মাকৰ মুৰৰ ওপৰৰ পৰা এটা গধুৰ চিন্তা আতৰ হ’ল । অৱশ্যে তেওঁ পুতেকৰ দৰমহাৰ পইচা চুবলৈ নাপালে , এদিন ঘপকৰে প্ৰেচাৰ ষ্ট্ৰ’ক হৈ মানুহজনী ঢুকাই থাকিল । তাৰপিছৰ পৰাই মদে তাৰ মুৰত ধৰা হ’ল , যাৰ পৰিণতিত সি সদায় ৰাতি টেটুলৈকে মদ খোৱা হ’ল । নয়না সৰু ছোৱালী , তথাপিও তায়েই ঘৰখনক ঘৰ কৰি ধৰি থাকিল । অৱশ্যে তাইৰ মাকৰ ঘৰো ওচৰতে , মনে চাকৰি কৰা স্কুলখনৰ কাষতে , এসময়ত তায়ো সেইখন স্কুলৰ ছাত্ৰী আছিল , সেইসূত্ৰে মনে নয়না আৰু নয়নাৰ ঘৰৰ সকলোকে চিনি পায় ভালকৈয়ে । অথচ , সি এটা কথাহে আজিলৈকে বুজি নাপালে , ইমান পঢ়াত ধাউতি থকা – স্কুলখনৰ ভিতৰতে লেখত ল’বলগীয়া নয়নাই কিয় এনে কৰিলে !

: আহা নয়না , মুখ – হাত ধুই লোৱা আহা , মই মোৰ নাইটি এটাকে দিছো , পিন্ধি ল’বা । — মমীয়ে নয়নাক হাতত ধৰি এইবাৰ ভিতৰলৈ লৈ গ’ল , মনেও গৈ নিজৰ কোঠাত সোমালেগৈ , মাথো সি এইবাৰ খোলা খিৰিকিখন বন্ধ কৰি ল’লে , নহ’লে আকৌ মোহনৰ কথাবোৰ তাৰ কাণত পৰিব ।

সময়ত ৰাতিৰ ভাতসাজ তিনিও বহি খালে , নয়নাই খাবৰ সময়ত ফেঁকুৰি উঠিছিল যদিও মনৰ বুজনিত ভাতকেইটা ভালকৈয়ে খালে । হয় , এই অৱস্থাত তাই নাখালে কেনেকৈ হ’ব , খাবটো লাগিবই । পিছে তিনিমাহৰ গৰ্ভৱতী মমীয়েহে খোৱা – বোৱা কৰিব নাই পৰা , মনে ইমান যত্ন লৈছে , অথচ তাইৰ পেটলৈ কিবাকন গ’লেও সেইকনকে পুনৰ বমি কৰি উলিয়াই দিয়ে তাই ।

: তুমি মোৰ সন্তানৰ মাক হ’বলৈ গৈ আছা , গতিকে নিজেই নিজৰ কথা ভাবিবা , মইটো আছোৱেই তোমাক লগ দিবলৈ , তথাপিও প্ৰথমতে তুমিটো কথাবোৰ উপলদ্ধি কৰিব লাগিব । —— সেয়া মনৰ মৰমসনা মাত , যাৰ ভৰসাত সকলো কৰি যাব পাৰি ।

———————————————

এইবাৰ পুনৰ হুলস্থুল লাগিল , মোহনে ৰাইজ গোটাইছে , ঘৈনীয়েকক আৰু সি হেনো নাৰাখে , তাৰমতে তাইৰ গৰ্ভত থকা সন্তানটো তাৰ নহয়েই । সেইদিনা যিহেতু ৰবিবাৰ আছিল মনৰ স্কুল বন্ধ , মাথো তাৰ টিউছনৰ ছাত্ৰকেইজনহে আহিছে টিউচন কৰিবলৈ , তেনেসময়তে এইবোৰ কথা শুনি তাৰ খেলি – মেলি লাগি গ’ল । তথাপিও সময়ৰ কাম সময়ত কৰাৰ অভ্যাসে তাক টিউচনত মনোনিৱেশ কৰাত বিশেষ বাধা দিব নোৱাৰিলে ।

ৰাইজ গোট খালে নামঘৰৰ টিলাতে , যদিও সকলোৱে জানে মোহনেই দোষী বুলি , তথাপিও নয়নাৰ কথা ভাবিয়ে সকলো আহিছে । নয়নাক সুৰক্ষা দিবই লাগিব , এয়া গাওঁবাসীৰ কৰ্তব্যৰ ভিতৰতে যিহেতু পৰে । কিন্তু বহুত বুজনিয়েও মোহনক লৰাব নোৱাৰিলে , সি মুঠতে নয়নাক নাৰাখে , সেইটোতে ধৰি থাকিল । এসময়ত মনে ঠিয় হৈ ৰাইজলৈ বুলি ক’লে —

: যদি ৰাইজে অনুমতি দিয়ে , নয়না ডেলিভাৰীৰ সময়লৈকে মোৰ ঘৰতেই থাকক । তাতে মোৰ পত্নীয়েও তিনিমাহত ভৰি দিছে , দুয়ো থাকিব একে – লগে । আৰু ডেলিভাৰীৰ পিছত নয়না মাকৰ ঘৰলৈ যায় নে গিৰিয়েকৰ ঘৰকৈ যায় ৰাইজেই ঠিক কৰিব । আপোনালোক সকলোৱেই জানে নয়নাৰ মাকৰ ঘৰৰ অৱস্থাৰ কথা , সেয়ে মই মোৰপিনৰপৰা এই প্ৰস্তাৱ আগবঢ়াইছো ।

সকলোৱে একেমুখে মনৰ বহল অন্তৰৰ শলাগ ল’লে , এনেও মন অতি অমায়িক আৰু সামাজিক ব্যক্তি বুলি নাম আছেই , আজি যেন সকলোৱে মনৰ উদাৰ অন্তৰৰো উমান পালে ।

———————————

আজিকালি মনৰ ব্যস্ততা বাঢ়িল , লগতে খৰচো , অৱশ্যে এইলৈ কোনো আক্ষেপ নাই তাৰ মনত । মুঠতে সি আজিকালি মাগুৰ – কাৱৈ আদি জীয়ন দি থোৱা মাছৰপৰা আৰম্ভ কৰি কচু – মাটিকাদুৰি – হৰলিক্চ সকলো গোটাই ফুৰে । আগতে অকল ৰাঙলী বায়ে কামকৰা ঘৰখনত আজিকালি ৰাঙলীবাইৰ লগতে নতুনকৈ গাভৰু হোৱা বাইৰ জীয়েক ৰেখাও আহে । মুঠতে মনে মনে – প্ৰাণে কামনা কৰে যাতে দুয়োটি দেৱশিশু ভালকৈয়ে এই পৃথিৱীলৈ আহে ।

মাহচেৰেক যোৱাৰ পৰা মমীয়ে খোৱা – বোৱা কৰিব পাৰিছে , কিন্তু নয়নাৰহে যন্ত্ৰনা বাঢ়িছে , এই ভৰি ফুলা – ককাল বিষ আদি অলেখ যন্ত্ৰণা । অৱশ্যে ডাক্তৰে কৈছেই এনে অৱস্থাত এনেবোৰ হ’বই বুলি , মাথো ভৰি ফুলাটোহে যাতে বেছি নহয় তাৰপ্ৰতি ধ্যান দিবলৈ কৈছে । ৰাতিও নয়নাই ইকাটি – সিকাটি কৰিয়ে থাকে , অথচ মমীৰ গা আগৰ তুলনাত এতিয়া বহুত ভাল , ৰাতি টোপনিও গভীৰ হৈছে তাইৰ , লগতে বিধে – বিধে বস্তু খাবলৈও ইচ্ছা কৰিছে এইকেইদিন । কিন্তু যিয়েই যি নহওঁক মনৰ শান্তি কমি আহিছে , লগতে টোপনিও , কিয়নো দুজনীকৈ গৰ্ভৱতী মহিলাৰ দ্বায়িত্ব যে তাৰ ওপৰতে ন্যস্ত হৈ আছে সেয়ে । সি তথাপিও দি যায়

তাৰ সেই অভয়বাণী , যাৰ ভৰসাতে পাৰ কৰে তাৰ সন্তানৰ মাতৃয়ে —– ” মই আছো নহয় , মোৰ ওপৰত ভৰসা ৰাখা , মই মোৰ সন্তান আৰু সন্তানৰ মাতৃ দুয়োকে একো হ’বলৈ নিদিওঁ । “

এৰা , চিন্তানো নালাগিব কিয় , সকলোতো মোহনৰ দৰে নহয় । বিয়াৰ পিছত পাচঁবছৰলৈকে একো সুখবৰ নাপাই মনৰ মনেই ভাঙি গৈছিল , শেষত যেনিবা ডাক্তৰী চিকিৎসাৰ ফল আৰু ভগৱানৰ আশীষ সি লভিবলৈ সক্ষম হয় , তথাপিও জীৱনৰ প্ৰথম অভিজ্ঞতা যেতিয়া ভয়নো কাৰ নালাগিব !

অৱশেষত সেই দিনটো আহিল যিদিনা নয়নাই প্ৰসৱ বেদনাত চিঞঁৰি উঠিল । দুপৰ নিশা মনে অকলেই নয়নাক লৈ গাড়ী ষ্টাৰ্ট দিলে , মমীক মাথো সাৱধানে থাকিবলৈ কৈ গ’ল সি । মমীয়েও দৰ্জা মাৰি বিচনাত পৰি থাকিলহি , কিন্তু ওচৰৰ মোহনৰ প্ৰতিশোধধৰ্মী চাৱনি তাইৰ চকুত বাৰে বাৰে ভাহি আহিল , তাৰোপৰি নয়নাকলৈয়ো তাইৰ চিন্তা হ’বলৈ ধৰিলে । তাই মাথো যেনেতেন ৰাতিটো পুৱাওক , তাৰেই বাট চাই ৰ’ল ।

: আৰু কিমান দুৰ আছে , মই আৰু সহিব নাই পৰা —– নয়নাই সেহাই সেহাই সুধিলে মনক ।

: এয়া পালোহিয়েই , ধৈৰ্য্য ধৰা

হাষ্পিতাল পায়েই ষ্ট্ৰেচাৰত শোৱাই লৈ যোৱা হৈছে নয়নাক , তাইৰ মুৰত হাতফুৰাই সাহস দি গৈছে মনে । একোবত তাইক লৈ যোৱা হ’ল লেবাৰ ৰুমলৈ , মন বহি থাকিল বাহিৰতে অস্থিৰ হৈ । এনেদৰেই হয়টো কেইঘণ্টামান পাৰ হ’ল , চিষ্টাৰ এগৰাকীয়ে আহি তাৰ কোলাত এটি কনমানি ল’ৰাসন্তান দিলেহি , সি বহুপৰ তালৈয়ে চাই ৰ’ল থৰলাগি ।

: আপুনি মাকক লগ কৰিব পাৰিব — নাৰ্ছ এগৰাকীৰ মাততহে তাৰ তন্ময়তা ভাগিল । সি এইবাৰ নয়নাৰ ওচৰলৈ বুলি খোজ ল’লে ।

সেইদিনা বেলি ওলোৱা মাত্ৰকে মমী আহি ওলালহি , নয়নাৰ কেচুৱাটিক লৈ মৰমেৰে উপচাই পেলালে তাই , মনতে ভাবিলে আৰু দুটামাহৰ পিছত তাইৰোটো কোলালৈ এনেকুৱা এজনেই আহিব । অলপ দেৰিৰ পিছতে নয়নাৰ মাকহঁতো আহি পালেহি , যিহেতু নৰমেল ডেলিভাৰী , সেয়ে সকলো ঠিক থাকিলে তিনিদিনৰ দিনা ৰিলিজেই দিব , সেয়ে মমীয়ে হাতযোৰ কৰি নয়নাৰ মাকক ক’লে —

: খূড়ী , নয়না ইমান দিন আমাৰ লগতেই থাকিল , মোৰ ডেলিভাৰী হোৱালৈকে তাইক ঘৰলৈ নিনিব , তাইক মোৰ দৰকাৰ হ’ব খূড়ী , মোৰ মনৰ বল তাইৰ দৰে সবল নহয় , সেয়ে কৈছো —- নয়নাৰ মাকে এইবাৰ তাইক সাৱতি ধৰিলে —-

: নিনিও আইজনী , নিনিও তাইক , এতিয়া হ’ব । তুমি এইবোৰ চিন্তা কৰিব নালাগে , তুমিওটো মোৰ ছোৱালীৰ দৰেই ছোৱালী , নহয় জানো । — এইবাৰ মমীয়ে লাজকুৰীয়া হাহিঁ এটি মাৰিলে ।

নয়নাই ল’ৰা লৈ মন – মমীৰ ঘৰলৈয়ে আহিল । বাৰদিনৰ দিনা বাজ দেখাই , এমাহৰ দিনা পৰাশ্ৰিত হৈ আজৰি হৈছিল হে সময়তকৈ আগতেই মমীৰ গা বেয়া কৰিলে । পুনৰ সেই একেই দৌৰা – দৌৰি লাগিল মনৰ , কিন্তু মনৰ হাজাৰ চেষ্টায়ো মমীক বচাব নোৱাৰিলে , মাথো থাকি গ’ল সিহঁতৰ বিবাহৰ চিনস্বৰূপ ল’ৰাঅকন তাকো অপৈনত হৈ । ফলত কনমানিটোক আই চি ইউতে ৰখা হ’ল তিনিটাকৈ মাহ । মনৰ এনে দূৰ্গতি দেখি সকলোৱে আচৰিত হ’ল , কিয়নো এনে এজন মহান অন্তৰৰ মানুহৰ বেলিকাহে এনে হ’ব লাগেনে বুলি । লাহে – লাহে কনমানিটোৰ স্বাস্থ্যৰ উন্নতি হৈ আহিল যেনিবা , হয়টো দুই / এদিনতে তাক ৰিলিজ দিব , মন ব্যস্ত হ’ল এইবাৰ হাস্পিতালৰ বিলৰ বাবে পইচা যোগাৰ কৰাত ।

—————————————-

মনে আজি মমীৰ অবিহনে অকল ল’ৰাসন্তানটিক লৈ নিজ গৃহলৈ ওভটিছে , গাৱঁৰ যিয়ে যেনেকৈ পাৰে মাথো সহায় আগবঢ়াইছে , মাথো মোহনেহে দুৰৈৰপৰা ৰৈ মদৰ ৰাগিত চিঁঞৰি আছে ।

এইকেইদিন নয়নাৰ ব্যস্ততাৰ সীমা নাই , কামৰ মাজে – মাজে মাথো কেচুৱাকনক গাখীৰ খুৱাইছে যেনেতেনে । তাৰোপৰি সৰু কেচুৱাটোৰ যতন অলপ বেছিকৈয়ে ল’বলগীয়া হৈছে তাই , তাইৰেই পিয়াহো খুৱাইছে তাক । এনেদৰেই কেতিয়ানো মমীৰ মৃত্যুৰ কাজ আৰু সৰু ল’ৰাকণৰ শুদ্ধিকৰণ হৈ গ’ল তাই যেন টলকিবই নোৱাৰিলে । এতিয়াহে যেন তাই শান্তিৰে উশাহ লৈছে এনে লাগিল তাইৰ । অৱশ্যে সপ্তাহটোৰ মুৰকত ৰাইজৰ বিচাৰখন আছে , সেইলৈহে তাই ভিতৰি টেনচনত আছে ।

: মই আছো নহয় , মোৰ ওপৰত ভৰসা ৰাখা । —- গভীৰ নিশা মনৰ অভয়ভৰা কণ্ঠস্বৰত নয়নাই যেন অলপ শান্তি পালে । তায়ো দুচকু মুদি শুবলৈ চেষ্টা কৰিলে এইবাৰ ।

————————————-

ৰাইজৰ বিচাৰ বহিল , মোহনে নয়নাক ৰাখে নে নাৰাখে কোৱাৰ আগতেই নয়নাই ক’লে যে তাই আৰু সেই পিশাচটোৰ লগত সংসাৰ নকৰে , লাগিলে তাই জীয়াভৰালীত জাপ দিয়ে মৰিব । তাইৰ মুখত এনে কথা শুনি সকলোৱে তাইক বুজাব ধৰিলে , এনে অমংগল নানিবি বুলি । যিহেতু বিচাৰত মন উপস্থিত থাকিব পৰা নাছিল , ঘৰতে দুটাকৈ কেচুৱাৰ তদাৰক কৰাত ব্যস্ত আছিল , সেয়ে ৰাইজে এটা সিদ্ধান্তত উপনিত হৈ মনৰ অনুমতি বিচাৰিলে এইবাৰ । ৰাইজৰ এনে সিদ্ধান্তৰ কথা মোবাইলতে শুনি কেচুৱা দুয়োটাকে ৰাঙলি বাই আৰু ৰেখাৰ হাতত গতাই সি উধাতু খাই দৌৰি গ’ল নামঘৰৰ টিলালৈ ।

: ৰাইজে মোৰ বাবে চিন্তা কৰিছে , মোৰ কেচুৱাকনৰ বাবে ভাবিছে , যাৰবাবে মই নথৈ সুখী । কিন্তু , সেইবুলি মই নয়নাক কেনেকৈ সেই আসনখনত বহোৱাও যিখন আসন মাথো মমীৰহে আছিল । এনে নহয় যে নয়না বেয়া ছোৱালী , তথাপিও ………—– মনে নিজৰ কথা শেষ কৰিবলৈ নাপালেই ৰাইজৰ মাজৰ দুজনমান বয়সীয়াল লোকে আহি তাক বুজোৱাত লাগিল । অৱশেষত সিয়ো ৰাইজৰ মতেই তাৰ মত বুলি স্বীকাৰ কৰিবলৈ বাধ্য হ’ল ।

———————————-

” বনৰী , তোক মই ঠিকেই চিনিছিলো , তই মোৰ বুকুতে বহি মোৰ বুকুতে কামোৰ দি গ’লি ………… ” সেয়া মাজনিশা মোহনৰ দুৰুলখোৱা জিভাৰ মাত ভাহি আহিছে , মনে নয়নাক ক’লে —–

: যোৱা খিৰিকিখন বন্ধ কৰি আহাগৈ , এই বলিয়াটোৰ বলিয়ামী আৰু কিমান শুনিবা ।

: মোৰ যে ভয় হয় জানে , ই যদি কেতিয়াবা পোতক ল’বলৈ আহে , তেতিয়া কি কৰিম ! —- নয়নাই আহি ডাঙৰ বিচনাখনৰ কাষতে বহিলহি ।

: ভয় কিয় খাইছা , মই আছো নহয় , মোৰ ওপৰত ভৰসা ৰাখা । —- মনে এইবাৰ নয়নাক সাৱতি ধৰিলে ।

: সঁচাকৈয়ে , আপোনাৰ ওপৰত ভৰসা ৰাখিয়ে মই ইমানখিনি কৰিলো , মোৰ এই ভৰসা আপুনি সদায় ধৰি ৰাখিব । —- নয়নাই মনৰ বাহুবন্ধনত সোমাই থকাৰপৰাই ক’লে ।

: নিশ্চয় , মোৰ সোণজনী । তুমি মাথো নিজে একো না্ভাবিবা , মোৰ কথামতেই কৰি যাবা , চাবা তেতিয়া সুখেই সুখ হ’ব আমাৰ । চোৱা নয়না , তুমি মোৰ ওপৰত ভৰসা নকৰা বাবেই ভাবিব পাৰিছিলা যে মই ঘৰৰপৰা ঠিক কৰা ছোৱালীজনীক বিয়া পাতিম বুলি , আৰু মোকেই দেখাবলৈ সেই মোহনটোৰ লগত বিয়াত বহিলা , কিন্ত লাভ কিটো হ’ল , অৱশেষত তুমিটো মোৰ ল’ৰাৰে মাক হ’লা । আৰু তোমাৰ সেইকন বিশ্বাসৰ অভাৱৰ বাবেই মই কিমান কি কৰিবলগীয়া হ’ল , এবাৰ ভাবা । ঘৰৰমতে বিয়া পাতিবলগীয়া হ’ল , মোহনক মদৰ নিচা লগোৱা হ’ল , আৰু সেইদিনা তোমাক মোৰ সৈতে তেনেকৈ দেখি বুঢ়ী প্ৰেচাৰ উঠি মৰি থাকিল বুলিহে , নহ’লে বুঢ়ীকো মাৰিবলগীয়া হ’লহেঁতেন মমীৰ দৰেই । মমীৰ প্ৰেগনেন্সীৰ জতিলতাখিনিটো মোক আগতেই ডাক্তৰে কৈছিল , মই সকলো গোপন কৰি ৰাখিলো এইবাবেই যাতে মমী আমাৰ বাটৰ হেঙাৰ হৈ নৰয় আৰু । আৰু হয়ো , তাই নজনাকৈয়ে আতৰি গ’ল আমাৰ বাটৰ পৰা । এতিয়া ৰাইজকহে ধন্যবাদ দিবলৈ মন যায় জানা , মোৰ শেষ আশাটো পূৰ কৰি দিয়াৰ বাবে । বাৰু এতিয়া সেইবোৰ বাদ দিয়া , কিমান আৰু লুকাই – চুৰকৈ মৰম কৰি থাকিম , চ’ল’ , খোল্লাম খোল্লা প্যাৰ কৰেংগে হাম দ’ন’ । —– মনে এইবাৰ নয়নাক দাংকোলাকৈ দাঙি লৈ গ’ল কাষৰ কোঠাটোলৈ , কিয়নো সি আৰু নিবিচাৰে তাৰ এইহেন চূড়ান্ত আকাংক্ষিত সময়ত ল’ৰাই হওঁক – কেচুৱাই হওঁক কোনোবাই দিগদাৰ দিয়াতো ।।

✍️উজ্জলা বৰদলৈ

By admin

Leave a Reply

Your email address will not be published. Required fields are marked *

69 + = 76