সুনয়না তুমি

উচ্চাকাংক্ষা , আত্মসন্মান আৰু আত্মবিশ্বাসে আজি সুনয়নাক এই ঠাইত উপনিত কৰাইছে । সৰুৰেপৰাই ভীষণ উচ্চকাংক্ষী আছিল সুনয়না , লাহে লাহে যিমানেই তাই ডাঙৰ হৈ আহিল সিমানেই তাইৰ দুচকুত এনে কিছু কথা – কাণ্ড ধৰা দিবলৈ ধৰিলে যে প্ৰথমাৱস্থাত কি কৰা উচিত তাই একো ঠিক কৰিব পৰা নাছিল । তেনেতেই এদিন তাইৰ হাতত পৰিল ‘লজ্জা’ নামৰ কিতাপখন । দুটামান পাঠ লুটিয়ায়েই তাইৰ ইমান ভাল লাগিল পঢ়ি যে অতি সোনকালেই গোটেইখন পঢ়ি শেষ কৰি পেলালে । তেতিয়াই তাই উপলদ্ধি কৰিলে , তাই ডাঙৰ হোৱাৰেপৰা যিবোৰ দেখি আহিছে সেইবোৰৰ পৰিসীমা বহুত ডাঙৰ , ই পৃথিৱীজুৰি আছে , গতিকে এইবোৰ কেৱল মাথো এগৰাকী দুগৰাকী নাৰীৰ সমস্যা নহয় , কোটী কোটী নাৰীৰ সমস্যা । কিন্তু , তাই নিজকে বহুত ভাগ্যশালী বুলিয়ে ভাবিলে কিয়নো তাইৰ জন্ম এনে এখন দেশত হৈছে য’ত সকলোৱে বাক স্বাধীনতা লাভ কৰে । নহ’লেতো নাৰী হোৱাৰ বাবেই সকলোতে মুখ খুলি কথাও ক’ব নোৱাৰিলেহেঁতেন , নতুবা লিখিত ৰূপতো ব্যক্ত কৰিব নোৱাৰিলেহেঁতেন মনৰ কথাবোৰ , যিবোৰ প্ৰকাশ হোৱা বা দহে জনাৰ খুবেই দৰকাৰ । অৱশ্যে সুনয়নাৰ এনে ব্যতিক্ৰমী স্বভাৱৰ মুলতেই তাইৰ পৰিয়াল বুলিব পাৰি । কথাতে কয় নহয় , যি মূলা বাঢ়ে তাৰ দুপাততে চিন , সুনয়নাৰ দেউতাক অধিবক্তা দেৱ চৌধুৰীয়ে এই উমান যেন আগতেই পাইছিল , যাৰবাবে তাইক এনেকৈ ডাঙৰ হ’বলৈ এৰি দিছিল যাতে ভৱিষ্যতে তাই নিজে কিবা এটা কৰিব পাৰে । অৱশ্যে মাকৰ শাসনকো নশলাগি নোৱাৰি , তেওঁ মৰমৰ শাসনেৰে তাইক এনেকৈ বান্ধি ৰাখিছিল যে তাই ধৰিবই নোৱাৰিলে কোনটো বান্ধোন নতুবা কোনটো মৰম ।

সুনয়না চৌধুৰী , দেশৰ ভিতৰতে এগৰাকী লেখত ল’বলগীয়া লেখিকা , যি লিখিবলৈ আৰম্ভ কৰাৰ দিন ধৰি লিখি গৈছে মাথো নাৰীসকলৰ হকেই । কিন্তু তেখেতৰ এনে মুকলিমুৰীয়া চিন্তা – ধাৰাৰ বাবেই আজি তেওঁৰ স্বামী থাকিও লগত নাই , ঘৰ থাকিও তাত বাস কৰিবপৰা নাই , জীৱনৰ এই যুজঁত তেওঁ যেন অকলশৰীয়াহে যোদ্ধা । কিয়নো যেতিয়াই পৰিয়ালৰ কথা সাঙুৰ খাই আহে তেতিয়াই সাহসীৰো সাহসী মহিলাই পিছ হুহকি যায় , কিয়নো তেওঁলোকৰ বাবে নাৰী স্বাধীনতাতকৈ সংসাৰ ৰক্ষাই তেতিয়া প্ৰাধান্য পায় । অৱশ্যে ইতিহাস সাক্ষী আছে , যি কেৱল মাথো লোকৰ কাৰণে কৰে তেওঁ জীৱনত আপোন বুলিবলৈ একো নাথাকেগৈ , আপোন মানুহ – আপোন সমাজ সকলোকে তেনেলোকে এৰিবলগীয়া হয় বৃহত্তৰ স্বাৰ্থত , এয়া একেবাৰেই সাধাৰণ তেনেলোকৰ বাবে ।

সুনয়না চৌধুৰী , এখন সৰু ঠাইৰ সামান্য এজন অধিবক্তাৰ জী । মাক যদিও শিক্ষিতা আছিল তেওঁৰ পৰিয়ালৰ হেচাঁত কিন্তু চাকৰি পৰ্যন্ত এৰিবলৈ বাধ্য হয় তেওঁ অৱশেষত । তাৰপিচতো মাকৰ ওপৰত কিন্তু নিৰ্যাতন চলাই গৈছিল সুনয়না চৌধুৰীৰ আইতাকে , যাৰ সাক্ষী আছিল সুনয়না নিজেই । অৱশ্যে শেষত দেউতাকৰ প্ৰচেষ্টাত মাকে এনে অশান্তিৰপৰা মুক্তি পাইছিল যদিও তেওঁ নিজ অৰ্হতাৰে অৰ্জন কৰা চাকৰিটো গোটেই জীৱনৰ বাবেই হেৰোৱা পেলালে । এনে এটা পৰিবেশৰ মাজত সৰুকালছোৱা পাৰ হৈছিল সুনয়নাৰ , পাছলৈ যেনিবা দেউতাকে মাকৰ লগতে তাইকো লৈ আহে তেওঁৰ কৰ্মস্থলীলৈকে , আৰু ইয়াতেই শৈশৱৰ পৰা কিশোৰ অৱস্থাত ভৰি থয় সুনয়নাই । ঠিক তেনেকুৱাতে পুনৰ তাইৰ চকুত ধৰা দিয়েহি সহায়িকা বাইগৰাকী অকথিত যন্ত্ৰনাবোৰে , আৰু যেতিয়ালৈ তাই ষোল্ল – সোতৰ বছৰ বয়সত ভৰি দিয়ে তেতিয়ালৈকে নাৰী নিৰ্যাতনৰ বহু কথাই মুকলি হৈ পৰে । এই যে অলপ ডাঙৰ হ’বৰ পৰাই ঘৰৰ বাহিৰলৈ ওলালেই মুখামুখি হোৱা অশ্লীল ইংগিতবোৰ , পিতৃ – মাতৃস্বৰূপ শিক্ষাগুৰুৰ তাইলৈ বুলি যৌনগন্ধী চাৱনি , আনেহে নালাগে নিজৰ খূড়াকৰ মোবাইলত তাইৰ নগ্ন ফটো যিবোৰ তাই গাধোৱা অৱস্থাত তোলা হৈছিল — এইবোৰ ঘটনাৰ এটা এটাই তাইক যেন শিকাই গৈছিল মানুহৰ পৃথিৱীত নাৰী মাথো পণ্য সামগ্ৰী বুলি ।

লেখিকা হিচাপে সুনয়না চৌধুৰীক যিমান মানুহে ভালপায় সিমানে কিন্তু বেয়াও পায় । বিশেষকৈ যেতিয়া তেওঁ অসমৰ এখন আগশাৰীৰ সত্ৰত মহিলাৰ যদি প্ৰৱেশ নিষেধেই থাকে তেনেহ’লে সেই সত্ৰত মহিলাৰ গৰ্ভত জন্ম লোৱা পুৰুষসকলৰো প্ৰৱেশ নিষিদ্ধ হওঁক বুলি দাবী কৰে তেতিয়া সত্ৰৰ হৈ বহুমানুহ নিশাটোৰ তেওঁৰ শত্ৰু হৈ পৰিল । তাৰোপৰি মুছলমান নাৰীৰ হকে মাত দিয়াৰ বাবেতো কেৱল ভাৰতত আছে বুলিহে তেওঁ জীৱিত থাকিল । নহ’লে তেওঁৰো অৱস্থা তছলিমা নাচৰিনৰ দৰেই হ’লহেঁতেন ।

সুনয়না চৌধুৰীৰ যিহেতু কোনো ককায়েক – ভায়েক নাছিল সেয়ে মাক – দেউতাকৰ বৃদ্ধাৱস্থাৰ সকলো কাম তেওঁ নিজেই কৰি গৈছিল , আনেহে নালাগে শ্মশানত প্ৰিয় পিতৃ – মাতৃৰ শৰীৰ দাহ কৰালৈকে । অথচ দুয়োজনৰে ঢুকোৱাৰ সময়ত তেওঁ গৰ্ভৱতী আছিল , আৰু এই ঘটনাটোৰ পৰাই তেওঁৰ গিৰীয়েকেও যেন তেওঁৰ হাত এৰি দিলে , তথাপিও দ্বিতীয় সন্তানটিৰ তিনি/চাৰি বছৰমান বয়সলৈকে গিৰীয়েকৰ লগত তেওঁৰ অলপ যদি সম্পৰ্ক আছিল , তাৰপাছত সেয়াও আধ্যায় পৰে । বিশেষকৈ যেতিয়া তেওঁৰ বুকুৰ মাজৰ পৰা দুটিকৈ সন্তানক টানি লৈ যোৱা হয় এইবুলিয়ে যে এগৰাকী নাৰীৰ পক্ষে অকলে সন্তানৰ লালন – পালন কৰা অসম্ভৱ বুলি , তেতিয়া তেওঁ মাথো এইবাবেই মুক হৈ ৰয় কিয়নো তেওঁৰ গিৰীয়েক তেওঁৰ বহুদিনীয়া প্ৰেমিক তথা সেইজন ব্যক্তি আছিল যি তেওঁক তেওঁৰ মুকলি চিন্তা – ধাৰাৰ বাবে সদায় সন্মান কৰিছিল । আন কোনোবা হোৱা হ’লে তেওঁ ইয়াক সহজ ভাবেই ল’লেহেঁতেন কিন্তু এইবাৰ নোৱাৰিলে তেওঁ সহজভাৱে ল’ব । তাৰপিছৰপৰাই তেওঁৰ কলমেৰে যেন অগ্নিহে বৰশিলে , ইখনৰ পিছত সিখনকৈ বহুকেইখন নাৰীবাদী উপন্যাসিকাৰ জন্ম হৈ গ’ল , যাৰ বাবে উন্নত দেশত যদি তেওঁক পুৰস্কৃত কৰা হ’ল তাৰবিপৰীতে নিজ দেশত তেওঁ যদি কোনোদিনা প্ৰশাংসাৰে ভৰাই পেলোৱা হ’ল আনদিনা তেওঁলৈ বুলিয়েই নিক্ষেপ হ’ল জোতা – চেন্দেল । আৰু তেওঁৰ নিজৰ গাওঁ বা চুবুৰীৰ কথাটো ক’বই নালাগে , পালেই যেন কাটিব এনে মনোভাব পুহি ৰাখিলে স্থানীয় মানুহবোৰে ।

কিন্তু জীৱনৰ আধা বয়স পাৰ হৈ যোৱাৰ পাছত যেতিয়া সুনয়না চৌধুৰীয়ে গম পালে যে অসমৰ সেই বিশেষ সত্ৰখনৰ দুৱাৰ নাৰীৰ বাবে মুকলি হৈছে বুলি. , লগতে যেতিয়া গম পালে নাৰীৰ প্ৰবেশ নিষিদ্ধ থকা বহুকেইটা মন্দিৰৰ দুৱাৰো নাৰীৰ বাবে ইতিমধ্যেই খোল খাইছে বুলি তেওঁ বুজিলে এইসকলো তেওঁৰ কষ্ট আৰু ত্যাগৰ ফল । সৰুৰে পৰা উচ্চাকাংক্ষী , যাৰ মন আকাশ চুবলৈ আছিল , আজি সেই আকাশখনেই তেওঁৰ হাতত নিজে ধৰা দিলেহি যেন । অৱশ্যে তেওঁৰ ইমানটো আত্মবিশ্বাস আছিলেই যে নিজৰ জীৱনকালত সমাজখনৰ তেওঁ কিবা এটা সংশোধন কৰিব পাৰিবই । তথাপিও এনে এক ক্ষণত যদি মাক – দেউতাকৰ লগতে ল’ৰা – ছোৱালীসহ মানুহজন লগত থাকিলেহেঁতেন , এনে ভাব এটা নহাও নহয় তেওঁ মনলৈ ।

: পাপা , মই যাওঁ , তুমিও যোৱা যদি ওলোৱা — নিহাৰিকাই দেউতাকক অলপ টানকৈয়ে কৈছে আজি । ইপিনে দেউতাক মানুহজন থেৰো-গেঁৰো অৱস্থাতে আছে এতিয়াও । অৱশ্যে নিহাৰিকাৰ ভায়েক সাগৰ কিন্তু ওলাই মেলি সাজু । বায়েক – ভায়েকৰ মনত আজি বহুত ফূৰ্তি , কিয়নো আজি তাঁহাতৰ মাক সুনয়না চৌধুৰীয়ে লেখিকা আৰু সমাজসেৱিকা হিচাপে সমাজৰ আটাইতকৈ সন্মানীয় পুৰস্কাৰটো পাব সেয়ে ।

লাজত মুৰ নদঙাকৈয়ে সুনয়না চৌধুৰীৰ স্বামী সৌমাৰজ্যোতি দত্ত কিন্তু আহিল বটা বিতৰনী অনুষ্টানটোলৈ নিজৰ ভুল উপলদ্ধি কৰি , নিজ স্ত্ৰীক এই সফলতাত অভিনন্দন জনাবলৈ বুলি ।

চকুত আনন্দৰ লো

মনত শূণ্য ক্ষোভ

সফলতাই কঢ়িয়াইছে মাথো প্ৰশান্তি

সাৰ্থক হ’ল এই জনম বুলি ।

উজ্জ্বলা বৰদলৈ

By admin

Leave a Reply

Your email address will not be published. Required fields are marked *

− 3 = 1