গাহৰিৰ মাংসৰ লগত টেঙামৰাৰ পাত আৰু ভোটজলকীয়া

উপকৰণ:

গাহৰিৰ মাংস ৫০০গ্ৰাম

পিয়াজ ১টা (ডাঙৰ)

আদা বটা ১চামুচ

নহৰু বটা ১চামুচ

টেঙামৰাৰ পাত ১মুঠি

ভোটজলকীয়া স্বাদ অনসৰি

নিমখ, হালধি স্বাদ অনসৰি

প্ৰণালী

প্ৰথমে মাংসখিনি আধা সিজাই পানী পেলাই নমাই থওক| এইবাৰ কেৰাহীত ২চামুচ মান তেল গৰম কৰি প্ৰথমে পিয়াজ খিনি ভাজি লৈ এইবাৰ মাংসখিনি ভাজিব লাগে, লগতে পৰিমান অনুযায়ী নিমখ, হালধি দি ধাকি অলপ সিজিব দিয়ক| এইবাৰ আদাবটা, নহৰু বটা খিনি দি তাৰ কেচা গন্ধ যোবালৈকে ভাজক| এইবাৰ টেঙামৰাৰ পাত আৰু ভোটজলকীয়া টো দি সকলো খিনি ভালকৈ মিহলাই অলপ সময় ভাজি নিজৰ জোখমতে পানী দি অলপ উতলিব দিয়ক | নমোব়াৰ আগতে ধনীয়া পাত দুটামান দি ভাতৰ লগত পৰিবেশন কৰক|

👨‍🍳 চয়নিকা হাজৰিকা

By