মাছৰ মূৰ আৰু অমিতাৰ খাৰ

খাৰৰ অবিহনে অসমীয়া থলুৱা আহাৰৰ তালিকা অসম্পূৰ্ণ বুলি ক’ব পাৰি ৷ মই অৱশ্যে বিয়াৰ পাছতহে খাৰৰ ব্যঞ্জন ৰান্ধিবলৈ শিকিছো ৷ মোৰ শাহু মায়ে নিজে ঘৰতে কলাখাৰ প্ৰস্তুত কৰে ৷ বিহুৱে সংক্ৰান্তিয়ে ঘৰলৈ গ’লে এবটল দি পঠায় ৷ এনেকৈয়ে খাৰৰ ব্যঞ্জন ৰান্ধিবলৈ শিকিলো ৷

এই আঞ্জাৰ উপকৰণসমূহ

পূৰঠ অমিতা আধাফাল (টুকুৰা কৰি লোৱা)

মাছৰ মূৰ

কলাখাৰ ডেৰ চাহ চামুচ অথবা বেকিং চৌডা ১/৪ চাহ চামুচ

আদা এক ইঞ্চি(টুকুৰা কৰি লোৱা)

নহৰু ৫ফোটামান (টুকুৰা কৰি লোৱা)

কেঁচা জলকীয়া

শুকান জলকীয়া

পাঁচফুৰণ

নিমখ

মিঠাতেল

ধনীয়া বা নৰসিংহ পাত

পানী দুকাপ

ৰন্ধন প্ৰণালী:

বহুতে মাছৰ মূৰ ভাজি নলয় যদিও মই প্ৰথমতে কেৱল অলপ নিমখ দি মূৰ খিনি আধা ভাজি উঠাই থলো ৷ তাৰ পাছত একে খিনি তেলতে পাঁচফুৰণ, আদা, নহৰু আৰু শুকান জলকীয়া দি অলপ পৰ ভাজি অমিতা খিনি দিলো ৷ অলপ পৰ ভজাৰ পাছত মাছৰ মূৰ খিনি দি নিমখ দি পুনৰ অলপ ভাজিলো ৷ এইবাৰ খাৰ দি অলপ পৰ সিজাই পানী দি ঢাকোন মাৰি দিলো ৷ থুপথুপীয়া হোৱাৰ পাছত কেঁচা জলকীয়া আৰু নৰসিংহ পাত(ধনীয়া নথকাৰ বাবে) কাটি দিলো ৷

নিৰামিষ ভোজী সকলে এই একে প্ৰণালীতে মাছৰ সলনি মচুৰ বা মগু ডাইল ব্যৱহাৰ কৰিব পাৰে ৷ কেৱল ডাইল খিনি আগতে তিয়াই থলে ভাল ৷

👨‍🍳 কৰবী গগৈ

By