নাৰিকলত দেখা দিয়া বগা মাখি পোক আৰু ইয়াৰ নিয়ন্ত্ৰণ

বৰ্তমান সময়ত এবিধ বগা মাখিয়ে সমগ্ৰ বিশ্বৰ লগতে ভাৰতবষত বিভিন্ন ধৰণৰ ফল-মূল যেনে: নাৰিকল, আম আদিকে ধৰি বিভিন্ন ধৰণৰ গছ আৰু বন–বাত আদিত দেখিবলৈ পোৱা যায়। এই বগা মাখিবিধক ইংৰাজীত Rugose spiralling whitefly বোলা হয়। এই বগা মাখিবিধ ২০০৯ চনত ফ্লৰিডাত প্ৰথমে দেখা গৈছিল । লাহে লাহে এই মাখিবিধ বিশ্বৰ বিভিন্ন প্ৰান্তত বিয়পি যোৱাৰ লগতে ২০১৬ চনত দক্ষিণ ভাৰতত পোন প্ৰথম বাৰৰ বাবে চিনাক্ত কৰা হয়। ২০১৮ চনত কামৰূপ আৰু নলবাৰী জিলাৰ বিভিন্ন অঞ্চলত নাৰিকল গছত বিস্তৰ ক্ষতি সাধন কৰাৰ লগত সম্প্ৰতি শোণিতপুৰ আৰু বিশ্বনাথ জিলাতো আক্ৰমণাত্মক ৰূপ লৈছে।

পূৰ্ণাংগ বা অপৈনত মাখিবিধ পাতৰ তলফালে থুপ খাই থাকে। মাখিবিধক চুই দিয়া মাত্ৰকে উৰি নাযায়। অপৈনত মাখিবিধ পৈণত হোৱাৰ আগতে চাৰিবাৰ মোট সলায়। প্ৰথম অৱস্থাত চলাচল কৰে, বাকী অৱস্থাত পাতত ওকনি আৰু চিকৰাৰ দৰে আঠা খাই লাগি থাকে। ইহঁতৰ মুখখন জোঙা বেজীৰ নিচিনা, পাতৰ ভিতৰলৈ সোমাই দি পাতৰ ৰস শুহি খায়। ডাঙৰ হ’লে কাছ পিঠিয়া হৈ পৰে আৰু দেহৰ পৰা কপাহৰ দৰে মম, মৌ আৰু দীঘল সূতাৰ দৰে দেহৰ চাৰিওফালে ওলাই আহে। মৌৰ উপস্থিতিয়ে ভেঁকুৰৰ আকৰ্ষণ কৰে । ভেঁকুৰ আৰু মৌৰ আৱৰণটি ক’লা পৰি যোৱাৰ ফলত কীটনাশকৰ দ্বাৰা নিয়ন্ত্ৰণ কৰিব নোৱাৰা হৈ পৰে।

মাখিবিধৰ চিনাক্তকৰণ আৰু লক্ষণ:

তলত উল্লেখিত তথ্য সমূহৰ ওপৰত ভিত্তি কৰি মাখিবিধ চিনাক্ত কৰিব পৰা যায়:

১. পোকৰ কণীবিলাক পাতৰ তলৰ ফালে ঘূৰণীয়া ৰূপত থকা দেখা যায়। কেতিয়াবা কোনো বিলাক সৰ্পিল (একা–বেকা) ৰূপত ইটোৰ পিছত সিটো ঐককেন্দ্ৰিক ভাৱে থুপ খাই থাকে।

২. এই পোকবিধে আক্ৰমণ কৰাৰ ফলত পাতৰ তলফালে বগা ৰঙৰ আৱৰণ দেখা যায় আৰু আক্ৰমণ বৃদ্ধি পালে এই বগা আৱৰণ বাঢ়ি গৈ সাধাৰণতে নাৰিকল গছ বা অন্য শস্যৰ তল ফালটি সম্পূৰ্ণ আৱৰি ধৰে।

৩. পোকবিধে মৌ জাতীয় মিঠা ৰস নি:সৰণ কৰাৰ ফলত পৰুৱাবোৰ ইহঁতৰ ওচৰ চাপি আহি প্ৰতিৰক্ষা প্ৰদান কৰে। ফলত অন্য পোকে বগা মাখিবিধৰ অনিষ্ট কৰিব নোৱাৰে আৰু ই কম সময়ৰ ভিতৰতে এডাল গছৰ পৰা আন এডাল গছলৈ নিৰ্বিঘ্নে বিস্তাৰিত হ’ব পাৰে।

৪. মৌ জাতীয় মিঠা ৰসৰ কণিকাবোৰত ভেঁকুৰে ঠাই লোৱাৰ ফলত পাতত ক’লা দাগ পৰে। সাধাৰণতে নাৰিকলত এনেকুৱা ক’লা দাগ বা চামনি পৰিলে দূৰৰ পৰাই দেখা যায় আৰু ফলত গছজোপাৰ খাদ্য প্ৰস্তুত কৰা ক্ষমতা কমি যায় আৰু উৎপাদন হ্ৰাস পায়। পোক বিধৰ আক্ৰমণ বেছি হলে পাতবোৰ সৰি পৰে আৰু শেষত গছজোপা মৰি যায়।

৫. এই পোকবিধে প্ৰায় ১২০ বিধমান উদ্ভিদক আক্ৰমণ কৰিব পাৰে। সেয়েহে, নাৰিকলত আক্ৰমণ কৰিলে ওচৰে–পাজৰে থকা প্ৰায় সকলো গছলৈ ই বিস্তাৰিত হৈ পৰে। এনে আক্ৰান্ত পাতবোৰ বৰষূণ বা নিয়ৰে ধুই নিয়ে আৰু যদি ঘৰৰ টিনপাত আদিত পৰে তেন্তে টিনপাত আদিও ক’লা কৰি পেলাব পাৰে।

পোকবিধৰ নিয়ন্ত্ৰণ ব্যৱস্থাপনা:

উপযুক্ত নিয়ন্ত্ৰণ ব্যৱস্থাৰ জৰিয়তে পোক বিধৰ আক্ৰমণ ৰোধ কৰিবলৈ উপযুক্ত পয‍্যবেক্ষণৰ যথেষ্ট প্ৰায়োজন।

  • পোকবিধৰ আক্ৰমণৰ প্ৰথমাৱস্থাত যদি পানীৰে জোৰেৰে ধোৱা হয়, তেন্তে তেনে ক্ষেত্ৰত পোকবিধৰ জনবসতি কমাব পৰা যায়। এই প্ৰক্ৰিয়া, যদি কম সময়ৰ মূৰে মূৰে সঘনাই কৰা যায়, তেন্তে ই পোকৰ কণীবোৰ ধ্বংস কৰাত সহায় কৰে। পানীৰ লগত ধেলা চাবোন ব্যৱহাৰ কৰিলেও সুফল পাব পৰা যায়।
  • Revive জাতীয় কাপোৰ ধোৱা মাৰ বা ভাতৰ মাৰ (১% অথাৎ ১ লিটাৰ পানীত ১০ মি: লি: ভাতৰ মাৰ বা ময়দাৰ মাৰ) মিহলাই প্ৰয়োগ কৰিলে ভাল । ই ক’লা ভেকুঁৰৰ পাতবোৰ সৰাই দিয়ে। এই মিশ্ৰণ ফৰকাল বতৰত প্ৰায়োগ কৰিলে সুফল পোৱা যায়।
  • বেছিকৈ পোক লগা পাতবোৰ কাটি দিব লাগে।
  • জৈৱিক ভাবে হালধীয়া আঠাযুক্ত কাৰ্ড নাৰিকল গছত মেৰিয়াই দিয়াৰ ব্যৱস্থা কৰিব লাগে। ইয়াৰোপৰি, দুডাল গছৰ মাজত ৰছী টানি নাৰিকল থোকৰ তলত এনেকুৱা আঠাযুক্ত কাৰ্ড ওলোমাই দিলে পোকবোৰ আঠাত লাগি ধৰিব।
  • পোকৰ উপদ্ৰৱ বেছি হ’লে নিমযুক্ত ঔষধ প্ৰতি লিটাৰ পানীত ১ চামুচকৈ প্ৰয়োগ কৰিব লাগে।
  • কীটনাশক ঔষধৰ প্ৰয়োগে  বগা মাখিৰ প্ৰাকৃতিক শত্ৰুবোৰ যেনে: মকৰা,কপালি পোক, সৰু সৰু বৰল আদি পোকৰ মৃত্যু ঘটাব পাৰে। সেয়েহে পৰাপক্ষত কীটনাশক  ঔষধৰ প্ৰয়োগৰ পৰা বিৰত থাকিব লাগে।
  • কিছুমান কীটনাশক ঔষধ যেনে: ডাইমিথ’য়েট, ইমিডাক্ল’ৰপীড, প্ৰফেনফ’চ, চাইপাৰমেথ্ৰিন,ফুৰাডন আদি প্রয়োগ  নাৰিকলৰ অন্য পোকও নিয়ন্ত্ৰণ কৰিব পৰা যায়। উপৰোক্ত ঔষধবোৰ ২০মি:লি: (চাৰি চামুচ) বেজীৰ সহায়ত গা–গছত সুমুৱাই দিব লগে। ফুৰাদন, ফোৰেট জাতীয় দৰৱ নাৰিকল গছৰ চাৰিওফালে গাত খান্দি শুকান গোবৰৰ সৈতে মিশ্ৰণ কৰি প্ৰয়োগ কৰিব লাগে।গা – গছ নোহোৱা সৰু গছত জুলীয়া ঔষধ মুকুট অংশৰ মুকুল থকা অংশত ঢালি দিব পাৰে।
  • ইয়াৰ বাহিৰেও, নাৰিকলৰ গছবোৰ ভালকৈ পৰিচৰ্য্যা কৰিলে বহুতো পোক–পতংগৰ আক্ৰমণৰ পৰা হাত সাৰিব পৰা যায়। তলত উল্লেখ কৰা ধৰণে প্ৰতি বছৰে নাৰিকল গছত সাৰ প্ৰয়োগ কৰিলে কৃষকসকল বাৰুকৈ উপকৃত হ’ব।
নাৰিকল গছৰ বয়স শুকান গোবৰ (কেজি) ইউৰিয়া (গ্ৰাম) একক ছুপাৰ ফছফেট (SSP) (গ্ৰাম) পটাছ (গ্ৰাম)
১ বছৰ ৩০০ ৫০০ ৩৫০
২ বছৰ ৬০০ ১০০০ ৭০০
৩ বছৰ ১০ ৯০০ ১৫০০ ১০৫০
৪ বছৰ ১৫ ১২০০ ২০০০ ১৪০০
৫ বছৰ ১৫ ১৫০০ ২৫০০ ১৭৫০

ইয়াৰ লগতে প্ৰতি বছৰে ২৫ গ্রামকৈ বৰাক্স এজোপা গছত প্ৰয়োগ কৰিব লাগে। উপৰোক্ত পৰিমাণৰ সাৰখিনি দুভাগ কৰি বছৰত দুবাৰ,এভাগ বাৰিষাৰ আগে আগে মানে বহাগ বিহুৰ আগে আগে আৰু আনভাগ ছেপ্টেম্বৰ- অক্টোবৰ মাহত মানে পূজাৰ আগে আগে প্ৰয়োগ কৰিব লাগে। অৱশ্যে সঠিক মাত্ৰাত সাৰ প্ৰয়োগ কৰিবলৈ কৃষকে নিজৰ খেতি মাটি পৰীক্ষা কৰি ল’লে ভাল।

সংযুক্তা শইকীয়া

অৰূপ শৰ্মা

By admin

Leave a Reply

Your email address will not be published. Required fields are marked *

35 − 28 =