পৰ্যটনস্থল ৰূপে কলিয়াবৰ

অসমৰ প্ৰায় সকলো ঠাইতে ঐতিহাসিক স্মৃতিস্তম্ভ আছে,যিবোৰে অসমৰ পুৰণি গৌৰৱোজ্জ্বল ইতিহাসৰ কথা সুঁৱৰাই।মঠ,মন্দিৰ, ৰংঘৰ,কাৰেংঘৰে অতীত অসমৰ শৌৰ্য-বীৰ্য প্ৰকাশ কৰে।অসম নিজস্ব কলা-কৃষ্টি সংস্কৃতিৰে পৰিপুষ্ট।কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, বিশ্ব বিখ্যাত মাজুলী নদীদ্বীপে যিদৰে বিদেশী পৰ্যটকক আকৰ্ষণ কৰে থিক তেনেদৰে অসমৰ মঠ, মন্দিৰেও অসমৰ পৰ্যটন উদ্যোগটো বিকাশত সহায় কৰি আহিছে।ডঃ ভূপেন হাজৰিকাৰ ভাষাৰে

‘অসম আমাৰ ৰূপহী গুণৰো নাই শেষ

ভাৰতৰে পূৰ্ব দেশৰ সূৰ্য উঠা দেশ।’

কলিয়াবৰ পৰ্যটনস্থলী ৰূপেঃ

অসমৰ নগাঁও জিলাৰপৰা ৪৮কি.মি. পূৱলৈ গ’লেই পোৱা যায় ঐতিহাসিক ক্ষেত্ৰ কলিয়াবৰ।প্ৰবাদ আছে যে এই কলিয়াবৰতেই ভগৱান শ্ৰীকৃষ্ণই অনিৰুদ্ধ কোঁৱৰক নিবলৈ শোণিতপুৰৰ ৰজা বাণৰ লগত যুদ্ধ কৰিবলৈ আহি কলিয়াবৰৰ বৰগছ এজোপাৰ তলতেই জিৰণি লৈছিল বাবে কলীয়া কৃষ্ণৰ নাম অনুসৰি ঠাইডোখৰৰ নাম ‘কলিয়াবৰ’ হ’ল।আহোমৰ দিনৰে পৰা প্ৰসিদ্ধ মোমাই তামুলী, আত্মাৰামৰ সপোনৰ এই কলিয়াবৰ।গিৰি মালা বেষ্টিত পূৱে বুঢ়াগিৰিবৰ,উত্তৰে বুঢ়ালুইত আৰু মাজেদি বৈ যোৱা কলংখনিয়ে কলিয়াবৰৰ প্ৰাকৃতিক সৌন্দৰ্য্য দুগুণে চৰাইছে।কলিয়াবৰৰ ইমূৰৰ পৰা সিমূৰলৈকে পৰ্যটনৰ স্থানৰে ভৰি আছে।কেৱল প্ৰচাৰ আৰু প্ৰসাৰৰ অভাৱত এই স্থানসমূহে এতিয়াও অসমৰ অন্যান্য স্থান সমূহৰ দৰে বিকাশ লাভ কৰিব পৰা নাই।আজি মই আপোনালোকক লৈ যাম মোৰ ঘৰৰ নিচেই কাষতে থকা শিলখোৰোং মন্দিৰ,শিলঘাটৰ কামাখ্যা, ত্ৰিশূলধাৰী আৰু হাতীমূৰা মন্দিৰ তথা বনভোজ স্থলীলৈ।

শিলখোৰোং মন্দিৰঃ

কলিয়াবৰৰ প্ৰাণকেন্দ্ৰ হৈছে জখলাবন্ধা।দৰাচলতে,জখলাবন্ধাক চিনি নোপোৱা মানুহ নাই।দিনে ৰাতিয়ে জখলাবন্ধা সাৰে থাকে বুলি অভিলেখো আছে।জখলাবন্ধাৰ হোটেলৰ দুৱাৰ নাই, সকলোৰে বাবে খোলা থাকে বুলি নেছনেল চেনেলৰ ‘সুৰভি’অনুষ্ঠানটোত প্ৰচাৰো হৈছিল।এই জখলাবন্ধা চাৰিআলিৰ সোঁফালে দি সোমাই দুই ,তিনি কিলোমিটাৰ মান গ’লেই পোৱা যায় চিকনি পাহাৰৰ গাতে লাগি থকা বৃহৎ শিলেৰে পৰিবেষ্টিত ‘শিলখোৰোং মন্দিৰ’।মন্দিৰৰ সৌন্দৰ্য্যই যিদৰে দৰ্শনাৰ্থীক মোহিত কৰে থিক তেনেদৰে মন্দিৰলৈ গৈ থাকোঁতে পোৱা চিকনি বাগানৰ সৌন্দৰ্য্যইও সকলোৰে মন প্ৰাণ জুৰ কৰে।সুন্দৰ প্ৰাকৃতিক পৰিবেশত বিশাল শিলাখণ্ডৰ মাজত অৱস্থিত শিৱ লিংগত চাহ জনজাতীয় আৰু কাৰ্বি লোকসকলে নিজৰ উপাস্য দেৱতাক পূজা কৰি আহিছে।বৰ্তমান সেই মন্দিৰৰ বাবাজনৰ দেহাবসান ঘটিছে।প্ৰতি বছৰে শিৱৰাত্ৰিৰ দিনা এই স্থানত ডাঙৰ মেলাও হয়।

কামাখ্যা আৰু ত্ৰিশূলধাৰী মন্দিৰঃ

ৰাষ্ট্ৰীয় ঘাইপথেদি জখলাবন্ধাৰ পৰা এক কিলোমিটাৰ মান পশ্চিমৰ ফালে গ’লেই পোৱা যায় হস্পিতাল চাৰিআলি।হস্পিতাল চাৰিআলিৰ সোঁফালে সোমাই গ’লেই প্ৰায় আধাঘন্টাৰ ভিতৰত অসমৰ দ্বিতীয় বিখ্যাত শক্তিপীঠ শিলঘাটৰ কামাখ্যা মন্দিৰ পাবগৈ পাৰি।অসম বিখ্যাত ‘অসম সমবায় মৰাপাট কল’টো মন্দিৰলৈ উঠি যাওঁতেই পাই যায়।হস্পিতাল চাৰিআলিৰ পৰা শিলঘাটলৈ যোৱাৰ বাটত দেখা পোৱা যায় সোণাৰী বাগান আৰু কলিয়াবৰ বাগান।চাৰিওফালে গাঁৱলীয়া পৰিবেশ আৰু বাগানৰ সেউজীয়াবোৰৰ মাজত নিজকে বিলীন কৰি দিব পাৰি।শিলঘাট চাৰিআলিৰ পৰা সোঁফালে গুচি গ’লেই আপোনালোকে পাবগৈ মা কামাখ্যা দেৱালয়।গুৱাহাটীৰ কামাখ্যা মন্দিৰৰ সদৃশ শিলঘাটৰ কামাখ্যা মন্দিৰলৈ আগতে খোজকাঢ়ি খোজকাঢ়ি খটখটি উঠি যাবলগীয়া হৈছিল।কিন্তু আজিকালি গুৱাহাটীৰ দৰেই গাড়ী,বাইক আদিৰে যাব পাৰি।মহাবাহুৰ বুকুতে লাগি থকা ঠাইখনলৈ বাকী সময়খিনিতকৈও অশোকাষ্টমীৰ সময়ত আৰু দূর্গা পূজাৰ সময়ত মানুহৰ লানি নিছিগা পৰিবেশ হয়।

অষ্টম শতিকাত পাল বংশৰ ৰজা শালস্তম্ভই সপোনত দেখি শিলঘাটস্থিত কামগিৰি শৃংগত মূৰ্তি স্থাপন কৰি দৌল নিৰ্মাণ কৰিছিল।কালক্ৰমত শিলৰ মন্দিৰটো ভাঙি যায়।১৬৬৭ শকত কামাখ্যা মন্দিৰটো স্বৰ্গদেউ প্ৰমত্ত সিংহই পুনৰ নিৰ্মাণ কৰিছিল।এবাৰ তেওঁ ব্ৰহ্মপুত্ৰৰ বুকুৱেদি নাঁৱেৰে গৈ থাকোঁতে ৰাতি হোৱাত ব্ৰহ্মপুত্ৰৰ বালিচৰতে কামাখ্যা মন্দিৰৰ নামনিত বাহৰ পাতিছিল।ৰাতি তেওঁৰ সপোনত এগৰাকী বুঢ়ী আয়ে দৰ্শন দি সকলো কথা মন্দিৰৰ আদ্যোপান্ত কোৱাত প্ৰমত্ত সিংহই পুনৰ এই মন্দিৰ ভাগ নিৰ্মাণ কৰিছিল।যিহেতু তেওঁ সপোনত এগৰাকী বুঢ়ী আই দেখিছিল সেয়েহে শিলঘাটৰ এই কামাখ্যা ঢামক ‘বুঢ়ী কামাখ্যা’ বুলিও কোৱা হয়।বিয়া, উপনয়ন,অন্নপ্ৰাশন্ন আৰু অন্যান্য বহু মাংগলিক অনুষ্ঠান এই মন্দিৰতে হয়।ইয়াৰ পৰা প্ৰায় দুই কিলোমিটাৰ মান আগলৈ গ’লেই পায় ত্ৰিশূলধাৰী মন্দিৰ।এটি বৃহৎ শিলৰ ভিতৰত অৱস্থিত এই মন্দিৰটিলৈ শাওন মাহত,শিৱৰাত্ৰিৰ দিনা, ভক্তৰ সমাগম ঘটে।বনভোজৰ সময়তো এই স্থান বনভোজৰ যাত্ৰীৰে ভৰি থাকে। ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ ফলত একেবাৰে মন্দিৰটোৰ সন্মুখভাগলৈ যান বাহন নিব নোৱাৰি।এক কিলোমিটাৰ মান খোজকাঢ়িহে যাব লাগে।এই মন্দিৰৰ প্ৰাঙ্গনৰ পৰা ব্ৰহ্মপুত্ৰৰ নৈসৰ্গিক সৌন্দৰ্য্য উপভোগ কৰিব পাৰি।

হাতীমূৰাৰ দূৰ্গামন্দিৰঃ

হস্পিতাল চাৰিআলিৰ পৰা সোমাই শিলঘাটলৈ যোৱা পথেদি নগৈ সোঁফালে সোমাই আধা ঘন্টামান গ’লেই পোৱা যায় হাতীমূৰা পাহাৰ।শিলঘাটৰ পূৱে প্ৰতিষ্ঠিত হাতীমূৰাৰ দূর্গা মন্দিৰ অসমৰ লগতে সমগ্ৰ কলিয়াবৰৰ শাক্ত ধৰ্মৰ ইতিহাসৰ উল্লেখযোগ্য স্থাপত্য।মাথাউৰিয়েদি গৈ গৈ চাপৰি,পথাৰৰ মাজে মাজে গ’লে পোৱা যায় কলিয়াবৰীয়াৰ অতিকৈ হিয়াৰ আপোন হাতীমূৰা থান।পাহাৰৰ ওপৰত থকা মন্দিৰটোলৈ বহু খটখটি উঠি যাব লাগে।আজিকালি মাজে মাজে বহি জিৰণি লৈ যাবলৈ সুব্যৱস্থা কৰি দিছে।ইয়াত দৰ্শনাৰ্থীৰ লগতে হনুমানৰ নাতি পোতিকেইটাইও যথেষ্ট ভিৰ কৰে।এটি বৃহৎ শিলত কটা হাতীৰ মূৰ সদৃশ দেৱী ত্ৰিভঙ্গী ৰূপত বিৰাজমান।ইয়াত দেৱী এটি সিংহৰ ওপৰত অধিষ্ঠিতা,দেৱীৰ চৰণৰ তলত সোঁফালে মহিষাসুৰ, বাওঁফালে দেৱীৰ দক্ষিণ চৰণৰ তলত এটি সিংহ।দেৱালয়খন নৱম দশম শতিকাতে স্থাপিত বুলি বহুতে মত প্ৰকাশ কৰে।কালক্ৰমত প্ৰাকৃতিক দুৰ্য্যোগৰ ফলত মন্দিৰটি ধ্বংসপ্ৰাপ্ত হয় আৰু পুনৰ আহোম স্বৰ্গদেউ প্ৰমত্ত সিংহৰ দিনত নিৰ্মাণ হয়।স্বৰ্গদেউ প্ৰমত্ত সিংহৰ আদেশমতে ১৬৬৭ শকত তৰুণ দুৱৰাই এই মন্দিৰ পুনৰ নিৰ্মাণ কৰি শিলালিপি খোদিত কৰে।১৯৯৫ চনত অসম প্ৰত্নতত্ব সঞ্চালকায়ৰদ্বাৰা মেৰামতি কৰি থকা অৱস্থাত মন্দিৰৰ কাষত শিলত কটা মনসা মূৰ্তি এভাগো উদ্ধাৰ হৈছিল।তাৰোপৰি মূল মন্দিৰলৈ যোৱাৰ সন্মুখতেই পাহাৰৰ তলত বিঘ্নহৰ্তা শ্ৰী গজানন এটি বিশাল শিলত খোদিত হৈ বিৰাজ কৰি আছে।চাৰি হস্তযুক্ত গনেশ বাবা এটি এন্দুৰৰ ওপৰত উপবিষ্ট।বহুতেই ঘৰত নিগনি, এন্দুৰৰ উপদ্ৰপৰ পৰা ৰেহাই পাবলৈ গণেশৰ মূৰ্তিভাগৰ সন্মুখতো নৈবেদ্য,সেন্দুৰ উৎসৰ্গা কৰে।ইয়াতে অষ্টম নৱম শতিকা মানৰ শিলৰ এটি গৃহও আছিল যি এতিয়া ধ্বংসস্তূপত পৰিণত হ’ল।মন্দিৰৰ ভিতৰত দেৱী দূৰ্গাৰ উপৰিও এটি সুকীয়া কক্ষত শিৱলিঙ্গ বিৰাজমান।প্ৰতি শাওণ মাহত শিৱভক্ত ৰাইজৰ তালৈ আগমন ঘটে।ইয়াত এজন জটাধাৰী বাবা আছিল,যিজনে দেৱালয়খনৰ পূজা পাতলৰ কাম নিষ্ঠা সহকাৰে কৰিছিল।।তেওঁৰ মৃত্যুৰ পিছত জটাটো(চুলিখিনি) এতিয়াও মন্দিৰত সুন্দৰকৈ ৰখা হৈছে।তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ তুলনীয়া পুত্ৰ বাবা সীতাৰামে এতিয়া মন্দিৰৰ দায়িত্ব পালন কৰি আহিছে।বাবা সীতাৰামে পৰিবেশন কৰা টোকাৰী গীতে যাত্ৰীসকলৰ মন প্ৰাণ জুৰ কৰে।মন্দিৰৰ বাবা দুইজনৰে সৰলতা, সকলোকে সমানে দেখোৱা আগ্ৰহ,মৰমে বাৰে বাৰে হাতীমূৰালৈ হাতবাউলি মাতে।ব্ৰহ্মপুত্ৰৰ পাৰতে অৱস্থিত হাতীমূৰালৈ বছৰৰ ডিচেম্বৰ জানুৱাৰী মাহত বনভোজৰ পাৰ্টিয়ে ঠাইডোখৰ জীপাল কৰি তোলে।মন্দিৰৰ তলতে এতিয়া এখন উদ্যানো খুলি দিছে।প্ৰাকৃতিক পৰিবেশৰ মাজত লুইতৰ সৌন্দৰ্য্য,সেউজীয়া পৰিবেশে সকলোৰে মন প্ৰাণ ভৰাই তোলে।

যাতায়ত ব্যৱস্থাঃ

কলিয়াবৰৰ উপৰোক্ত প্ৰতিখন স্থানলৈ যাবলৈ গাড়ী মটৰৰ সুব্যৱস্থা তেনেদৰে নাই।শিলঘাট কামাখ্যালৈ অটৰিক্সা চলে যদিও বাকী চিকনি, ত্ৰিশূলধাৰী, হাতীমূৰালৈ নিজৰ যান বাহন নাথাকিলে অধিক ধন খৰচ কৰি গাড়ী ভাড়া কৰি যাবলগীয়া হয়।তথাপিও মন্দিৰ, দেৱালয়কেইখনে প্ৰকৃতিপ্ৰেমি আৰু ভক্তপ্ৰাণ ৰাইজক সদায় আকৰ্ষিত কৰে।

কলিয়াবৰত থকা খোৱাৰ বাবে কেইবাখনো ৰেষ্টুৰেন্ট আছে।Kaliabor Manor বুলি এখন ৰিজৰ্টো আছে।ইয়াৰোপৰি চৌপাল,খলং,বানজাৰা আদি ৰেষ্টুৰেন্টসমূহেও ফুৰিবলৈ যোৱা লোকসকলক সুস্বাদু আহাৰেৰে আপ্যায়ন কৰে।

ঐতিহ্যময় কলিয়াবৰৰ উপৰোক্ত ঠাইসমূহৰ উপৰিও ভড়ালী নামঘৰ,জয়সাগৰ দলনি আৰু এনে বহু স্থান আছে যিয়ে কলিয়াবৰৰ গৌৰৱ দুগুণে বঢ়াই আহিছে।শেষত ডঃ ভূপেন হাজৰিকাৰ ভাষাত

‘এইখন কলিয়াবৰ

এইখন কলিয়াবৰ

মোমাই তামুলীয়ে সপোন ৰূপ দিয়া,

আত্মাৰামৰ ঘৰ

এইখন কলিয়াবৰ।’

মনস্বী শৰ্মা

By