চিৰিয়া

প্ৰথম খণ্ড

“চিৰিয়া” য’ত জীৱন মানে অভিশাপ

“চিৰিয়া”—- ভুমধ্য সাগৰৰ পাৰৰ মধ্যপ্ৰাচ্যৰ এখন সুন্দৰ দেশ মানে ২০১০ মানলৈ পৃথিবীৰ ঐশ্বৰ্য্য, সমৃদ্ধিশালী দেশবোৰৰ মাজত শীৰ্ষস্থানীয় দেশ এখন আছিল যি ঐশ্বৰ্য্য সমৃদ্ধি বৰ্ত্তমান জুই চাই আৰু বাৰুদৰ ধোঁৱাত ধ্বংসস্তুপত পৰিনত হল ৷৷ বৰ্তমানৰ মানব সভ্যতাৰ চমকপ্ৰদ উন্নতি আৰু উথানৰ পিছতো আজিৰ দিনটোত সমগ্ৰ মানব জাতিৰ বাবে লাজ পাব লগীয়া বা মানবজাতিৰ উন্নতি আৰু প্ৰগতিক হাজাৰ হাজাৰ বছৰ পিছুৱাই আদিম বৰ্বৰ যুগত পৰিনত কৰাৰ উদাহৰণ হৈ পৰিছে এইখন সৌসিদিনালৈ সুন্দৰ হৈ থকা দেশ ৷৷

পৃথিবীৰ সুপ্ৰাচীন মোচোপটেমীয়া আৰু চুমেৰীয় সভ্যতাৰ স্বৰ্ণময় ইতিহাসৰ সাক্ষী এই ভূখন্ডত মানব সভ্যতাৰ সামাজিক জীৱনধাৰণ আৰু বন্যজন্তুক ঘৰচীয়া কৰণ খ্ৰীষ্টপূৰ্ব প্ৰায় দহহাজাৰ বৰ্ষৰ আগৰ পৰাই হৈছিল বুলি চুমেৰীয় আৰু মেচোপটেমীয় শিলালিপি বা অন্যান্য কীৰ্তিস্তম্ভ সমূহত চিত্ৰ আকাৰত অথবা লিপি ৰূপে বৰ্ণিত আছে

প্ৰাচীন লিখিত তথ্য অনুসাৰে এই ভূখন্ডৰ প্ৰাচীন নাম আছিল “এবেৰ নাৰী Eber Nari” যাৰ অৰ্থ ” নৈ পৰীয়া দেশ” ৷৷সুপ্ৰাচীন মেচোপটামিয়া সভ্যতাৰে চহকী এই প্ৰাচীন নৈপৰীয়া দেশখনৰ অংগ আছিল আজিৰ স্বাধীন দেশ লেবানন, ইজৰায়েল আৰু আধুনিক চিৰিয়া ৷৷ এই নৈপৰীয়া দেশখনৰ ইতিহাস ইমানেই সুপ্ৰাচীন যে ইয়াৰ ঐশ্বৰ্য্য আৰু সমৃদ্ধিৰ বৰ্ণনা বাইবেলৰ সমসাময়িক গ্ৰন্থ “এজৰা” আৰু “নেহেমিয়া” আদি কৰি বহুতো প্ৰাচীন গ্ৰন্থত পোৱা যায় ৷৷ আজিৰ আধুনিক “চিৰিয়া” নামটো প্ৰাচীন যুগত গ্ৰীক সকলে মেচোপটেমীয়া সভ্যতাৰ অন্তৰ্গত আটাইবোৰ চহকী দেশকে একলগে “এচিৰিয়া Assyria” বুলি কোৱা নামটোৰ পৰাই উৎপত্তি হোৱা বুলি কোৱা হয় ৷৷ খ্ৰীষ্টপূৰ্ব 612 চনৰ পিছত “এচিৰিয়া” সাম্ৰাজ্যৰ পতনৰ লগে লগে মেচোপটেমীয়া সভ্যতাৰ অন্তৰ্গত দেশবোৰৰ মাজত ব্যৱধান বৃদ্ধি পাবলৈ আৰম্ভ হয় আৰু চ্যেলুচিড সাম্ৰাজ্যৰ পতনৰ পিছত “চিৰিয়া” নামেৰে বৰ্তমানৰ ভূখন্ড পৰিচিত হয় ৷৷ এই চ্যেলুচিড সাম্ৰাজ্যৰে এজন বীৰ সম্ৰাট আছিল আলেকজেন্ডাৰ চ্যেলুকচ ৷৷. আন এক তথ্যমতে “চিৰিয়া” শব্দটো হিব্ৰু ভাষাৰ “চিৰিয়ন” শব্দটোৰ পৰা আহিছে যিটোৱে গ্ৰীক যোদ্ধা সকলৰ ধাতব সৰঞ্জাম আৰু যুদ্ধৰ সঁজুলিক বুজাইছিল ৷৷ আন বহুতৰে মতে বিশেষকৈ লেবাননৰ ইতিহাসবিদ সকলৰ মতে “চিৰিয়া” নামটো চুমেৰীয় সভ্যতাৰ “চ্যৰিয়া” শব্দটোৰ পৰা উৎপত্তি হৈছিল, চুমেৰীয় সকলে বৰ্তমানৰ চিৰিয়া আৰু লেবাননৰ সীমাত থকা মাউন্ট হাৰমন পৰ্বত মালাক প্ৰাচীন যুগত এই নামেৰে বুজাইছিল ৷৷

প্ৰত্নতাত্বিক সকলৰ অধ্যয়ণ মতে পৃথিবীৰ আটাইতকৈ সুপ্ৰাচীন সভ্যতাবোৰৰ ভিতৰত সমৃদ্ধিশালী সভ্যতা আছিল চিৰিয়াৰ ৷৷ পুৰাতত্ববিদৰ সাফল্যতম আবিষ্কাৰ আছিল “ইবলা/Ebla” যি খ্ৰীষ্টপূৰ্ব 3000 শতিকাৰ আগৰ এখন লেখত লবলগীয়া চহৰ আছিল যত সেই চহৰৰ নাগৰিক সকলৰ নিজা কথিত আৰু লিখিত ভাষা আছিল ৷৷ পশ্চিমে লেবানন আৰু ভূমধ্য সাগৰ, উত্তৰত তুৰষ্ক, পূৱত ইৰাক আৰু দক্ষিনত জৰ্ডান লগতে দক্ষিন পশ্চিমত সামান্য ইজৰাইলক স্পৰ্শ কৰা 185180 বৰ্গ কিলোমিটাৰৰ তৈল সম্পদত চহকী তথা উন্নত আৰু আধুনিক জীৱনশৈলীৰে পৃথিবীৰ ভিতৰতে ধনী দেশ এখনত হঠাতে কি হৈছিল যে সমগ্ৰ দেশখনত গৃহযুদ্ধৰ জুই জ্বলি ধ্বংশ স্তুপত পৰিনত হল•••••••••••

(পৰবৰ্তী সময়ত ৰাষ্ট্ৰপতি “হাফেজ আল আচাদ”ৰ শাসনকাল আৰু জনতাৰ ক্ষোভৰ উকমুকনি)

বাপুকন চৌধুৰী

By