তৰুণ প্ৰজন্মৰ ইন্টাৰনেট গেম আসক্তি

বৰ্তমান সমগ্ৰ বিশ্বজুৰি দেখা গৈছে ইন্টাৰনেটভিত্তিক খেল(গেম) বিপ্লব। এই সোতত উটি ভাঁহি গৈছে তৰুণ প্রজন্ম। জার্মানিৰ ইউনিভাৰ্চিটি অব লাইপচিশ পৰিচালিত দীর্ঘম্যাদী এক গবেষণাৰ সম্প্রতি প্রকাশিত প্ৰতিবেদনৰ মতে, ইন্টাৰনেট গেম নিজে কোনো সমস্যাৰ কাৰক নহয়; সমস্যাৰ উদ্ভৱ তেতিয়া হয়, যেতিয়া খেলুৱৈ সকল ইয়াৰ প্ৰতি প্ৰয়োজনাধিক আসক্ত হৈ পৰে। পঞ্চাছ বছৰৰ আগতেই বিশ্ববাসীক কম্পিউটাৰ গেমৰ লগত পৰিচয় কৰাই দিছিল মার্কিন পদার্থবিদ উইলিয়াম হিগিনবোথামে। সেই গেমটোৰ নাম আছিল ’টেনিচ ফৰ টু’৷ সেই টেনিচ ফৰ টুৰ হাতত ধৰিয়েই কম্পিউটাৰ গেম আহি আহি আজি এই পৰ্য্যায়ত উপনীত হৈছেহি। কম্পিউটাৰ বা ইণ্টাৰনেট গেমৰ প্ৰতি যুৱ প্ৰজন্মৰ আসক্তি বিষয়টো কোনো নতুন কথা নহয়। মাত্ৰ এটা কথা সত্য যে যোৱা কেইবাবছৰো ধৰি এই আসক্তি ক্রমাগতভাৱে বৃদ্ধি পাইছে আৰু বৰ্তমানৰ পৰিপেক্ষিতত কব পাৰি যে ই চুড়ান্ত ৰূপ ধাৰণ কৰিছে৷ ৰেলৰ চিৰিত বহি মোবাইল ফোনত গেম খেলি থাকোতেই সৌ সিদিনা আমাৰ অসমতেই এটা সৰু ল’ৰাৰ ৰেলৰ আগত পৰি মৃত্যু হ’ল৷ সি খেলা গেমটোৰ নাম আছিল ’পাবজি’৷ কোনে জানিছিল ইন্টাৰনেটত খেলা এটা গেমেই তাৰ জীৱন কাঢ়ি নিব! ই এটা উদাহৰণহে মাত্ৰ৷ উঠি অহি প্ৰজন্মৰ কিমানে যে এনে গেম খেলি মৃত্যুক সাৱটিলে তাৰ লেখ জোখ নাই৷

সৌভাগ্যক্ৰমে কেন্দ্ৰীয় চৰকাৰৰ এক সিদ্ধান্ত মৰ্মে ঘাটকৰূপী গেমটো ভাৰতবৰ্ষত নিষিদ্ধ হ’ল৷ শেহতীয়াভাৱে ভাৰতৰ অখণ্ডতা আৰু সাৰ্বভৌমত্বৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা জনপ্ৰিয় গেমিং এপ পাবজিসহ ১১৮ টা চাইনিজ এপ ভাৰতত নিষিদ্ধ হ’ল৷ লগে লগে যেন কিছু পৰিমাণে হ’লেও স্বস্তিৰ নিশ্বাস পেলালে বহু অভিভাৱকে৷ কিন্তু প্ৰকৃততে বাৰু অভিভাৱক সকল আস্বস্ত হ’ব পৰাকৈ পৰিবেশ সৃষ্টি হৈছেনে ? তৰুণ প্ৰজন্মক আসক্তিৰ চুড়ান্ত পৰ্য্যায়লৈ লৈ যাব পৰাকৈ কি পাবজিয়েই একমাত্ৰ গেম নেকি? নিশ্চয় নহয়৷ পাবজিৰ সৈতে যথেষ্ট সাদৃশ্য থকা ফৰ্টনাইট,গাৰেনা ফ্ৰী ফায়াৰ,কল অৱ ডিউটি আদি বৰ্তমান ইন্টাৰনেটত এতিয়াও উপলব্ধ৷ তাতোকৈ ডাঙৰ কথা যদি পাবজিতকৈয়ো ভয়ংকৰ আন কিবা গেম ভাৰততেই আবিষ্কাৰ হয়! তেতিয়া? শেহতীয়া তথ্য অনুসৰি ’ফাউ-জি’ নামৰ এটা বিশেষ ইন্টাৰনেট গেম শীঘ্ৰেই ভাৰতত উপলব্ধ হ’ব যি হয়তো পাবজিৰ স্থান লব পাৰে৷

অৱশ্যেই স্বীকাৰ কৰিব লাগিব ইন্টাৰনেট গেম সমূহ বিনোদনৰ এক উৎকৃষ্ট মাধ্যম ৰূপে পৰিগণিত হৈ আহিছে৷ যদিহে ইয়াক সীমিত মাত্ৰাত ব্যৱহাৰ কৰা হয় ইয়াৰ পৰা কোনো ক্ষতি হোৱাৰ সম্ভাৱনা নাই৷ কিন্তু সচৰাচৰ দেখা গৈছে এই ধৰণৰ ইন্টাৰনেটৰ গেমবোৰ হিতে বিপৰীত হৈছে। দেখা গৈছে, এটা অবুজ শিশুৰ পৰা আৰম্ভ কৰি পূর্ণ বয়স্ক ব্যক্তি পর্যন্ত এই গেমৰ প্ৰতি ক্রমশঃ আসক্ত হৈ পৰে৷ কোৰিয়াৰ এজন যুৱকে একেৰাহে পঞ্চাছ ঘণ্টা কম্পিউটাৰত গেম খেলি মৃত্যুৰ কোলাত ঢলি পৰিছিল; চীনৰ এক দম্পতিয়ে এই গেম খেলাৰ বাবে প্ৰয়োজনীয় অর্থ সংগ্ৰহ কৰিবলৈ গৈ নিজৰ শিশু সন্তানক বিক্রি কৰি দিয়াৰ দৰে মৰ্মান্তিক ঘটনাও সংঘটিত হৈছে। এনেধৰণৰ ঘটনা বিৰল যদিও আজিকালি ইন্টাৰনেট গেমৰ আসক্তি আত্মহত্যাৰ কাৰণ হৈ পৰাৰো খবৰ পোৱা গৈছে।’দা ব্লু হোৱেল’ নামৰ ভয়ংকৰ গেমটোৰ দ্বাৰা আৰোপিত প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ গৈ কিমানে যে মৃত্যুক সাৱটিলে সীমা সংখ্যা নাই! তাৰোপৰি সন্তানৰ অত্যাধিক গেম আসক্তিৰ উমান পাই অভিভাৱকে সন্তানক এনে ধৰণৰ গেম খেলিবলৈ বাধা দিয়াৰ ফলশ্ৰুতিতো বহুতে আত্মহত্যা কৰিছে। ইন্টাৰনেট গেম সংক্রান্তীয় গৱেষণাত গম পোৱা গৈছে, কোনো এটা গেমত তীব্রভাবে আসক্ত এজন ব্যক্তিৰ মস্তিষ্কত ডোপামিন নামৰ এবিধ উত্তেজক ৰাসায়নিক পদার্থৰ দ্রুত নিঃসৰণ হয় যি মনত ক্ষন্তেকীয়া আনন্দ প্ৰদান কৰে,কিন্তু ভিতৰি আসক্তি বঢ়াই তোলে। মাত্ৰ সে’য়াই নহয়,যি ব্যক্তিয়ে সপ্তাহত ছদিন একেৰাহে দহ ঘণ্টা কম্পিউটাৰ ব্যবহাৰ কৰে তেওঁলোকৰ মস্তিষ্কৰ গঠনতো এক বিশেষ ধৰণৰ পৰিবর্তন আহি পৰে৷ তাৎপৰ্যপূর্ণ এই তথ্যবোৰৰ পৰা অনুভৱ কৰিব পাৰি,ইন্টাৰনেট গেমৰ প্ৰতি অত্যাধিক ভাৱে আসক্ত হৈ পৰাটো একো বিচিত্র ঘটনা নহয় বৰঞ্চ ই এটা অত্যন্ত স্বাভাৱিক কথা৷ গতিকে এই সম্পৰ্কে সতর্ক হৈ নাথাকিলে খুব সহজেই আসক্ত হৈ যাব পাৰে আমাৰ নিজৰেই প্ৰিয় কোনোবা ব্যক্তি অথবা কোমলমতিয়া ছাত্ৰ-ছাত্ৰীসকল। ইয়াৰ ফলত বহু সময়ত ছাত্ৰ-ছাত্ৰীসকলৰ পঢ়াশুনা,কেৰিয়াৰ ক্ষতিগ্রস্ত হয়। অভিভাৱকে খেলাত বাধা দিলে ঘৰ এৰি পলায়ন কৰাকে ধৰি বিভিন্ন অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ হয়৷ তেতিয়া তেওঁলোকক শুদ্ধ পথলৈ ঘুৰাই অনাটো বৰ কঠিন হৈ পৰে৷ আমি জানো আসক্তি আৰু নিচা প্ৰায় সমতুল্য ৷যিকোনো বস্তুৰ প্ৰতি সৃষ্টি হোৱা নিচাই কেতিয়াও সুফল কঢ়িয়াই আনিব নোৱাৰে৷ নিচাই এটা সুন্দৰ জীৱন ধ্বংস কৰি পেলাব পাৰে।গতিকে আমি সকলোৱে এটা কথা উপলব্ধি কৰিব লাগিব, ইন্টাৰনেট গেম এটা চমৎকাৰ বিনোদনৰ মাধ্যম হ’ব পাৰে; কেতিয়াও নিচাযুক্ত বস্তু হ’ব নোৱাৰে যি মানুহক আত্মহত্যা পৰ্য্যন্ত কৰিবলৈ প্ৰৰোচিত কৰে৷ বিগত কেইবা বছৰ ধৰি ‘পাবজি’ৰ নিচিনা গেমবোৰে যেন ইন্টাৰনেট জগতত মাদক দ্ৰব্যৰ ভূমিকা লৈ আহিছে৷ গেমবিলাকৰ অত্যাধিক সহিংসতাই খেলুৱৈসকলৰ মনত আক্রমণাত্মক ভাৱৰ জন্ম দিয়ে। হিংসাত্মক কার্যকলাপৰ সৈতে তেওঁলোক অভ্যস্ত হৈ পৰা বাবে এনে কাৰ্য্য সংঘটিত কৰিবলৈ অকণো কুন্ঠাবোধ নকৰে৷ তাৰোপৰি গেমৰ মূল্যহীন স্ক’ৰ অর্জন কৰাৰ বাবে বহুতে অমূল্য সময় অবাবতে নষ্ট কৰে যি বাস্তবজীৱনত কোনো কামত নাহে৷ গেমটোৰ প্ৰতি আসক্ত লোকসকলে ইয়াৰ লগত ইমানেই উত্তেজিত হৈ পৰে যে তেওঁলোকৰ বাবে বাকী সকলো কাম গৌণ হৈ পৰে আৰু ব্যক্তিজন হৈ পৰে সামাজিক ভাৱে একেবাৰে নিষ্ক্ৰিয়৷ এনে ধৰণৰ গেম বিলাকে মানসিক উদ্বিগ্নতা বঢ়াই তোলে৷ গেমৰ ফলাফল নিজৰ মন পছন্দৰ নহ’লে খেলুৱৈজন বিষণ্ণতাই ছানি ধৰা দেখা যায়৷

সমগ্ৰ বিশ্বজুৰি অনলাইন গেমৰ প্রতি তৰুণ প্রজন্মৰ আসক্তি,অকল অভিভাৱকৰে নহয় মনোবিজ্ঞানী আৰু সমাজবিজ্ঞানীসকলৰ বাবেও চিন্তাৰ কাৰণ হৈ পৰিছে৷ বর্তমান শিশুসকলৰ বুদ্ধিৰ স্বাভাবিক বিকাশৰ গতিত বিভিন্ন ধৰণৰ গেমে গতিৰোধকৰ কাম কৰিছে বুলি সমাজবিজ্ঞানীসকলে প্ৰায়েই উল্লেখ কৰা দেখা গৈছে৷ ইতিমধ্যে ভাৰতত নিষিদ্ধঘোষিত ’দা ব্লু হোয়েল’ নামৰ গেমটোৰ ভয়াবহতাৰ বিষয়ে আমি বহুকথা ইতিমধ্যে জানিব পাৰিছোঁ৷ ২০১৩ বৰ্ষত ৰাছিয়াত এই বিপজ্জনক খেলাটো আৰম্ভ হৈছিল। আৰম্ভ হোৱাৰ ঠিক দুবছৰ পিছতেই এই গেম খেলি প্রথমজন ব্যক্তিৰ মৃত্যু হয়। প্রচলিত ধাৰণা অনুযায়ী, নীলা তিমি মৃত্যুৰ ঠিক আগে আগে পানী এৰি পাৰলৈ উঠি আহে, যেন আত্মহত্যাৰ কাৰণেই সাজু হয়৷ সেই বাবেই এই গেমৰ নাম দা ব্লু হোয়েল বা নীলা তিমি ৰখা হৈছে৷ ভাৰততো দা ব্লু হোয়েল গেমৰ কাৰণে একাধিক দুর্ঘটনা আৰু আত্মহত্যাৰ ঘটনা ঘটিছে৷

পৰিসংখ্যা মতে, বিগত তিনিমাহত ৰাছিয়া আৰু তাৰ পার্শ্বৱর্তী এলেকাত মুঠ ষোল্ল গৰাকী যুৱতীয়ে আত্মহত্যা কৰিছে৷ গেমটোৰ আৰম্ভণিৰ পৰ্য্যায়বিলাক অবশ্য ইমান ভয়ঙ্কৰ নহয়; বৰঞ্চ যথেষ্ট আমোদজনক। সেই কাৰণেই কিশোৰ-কিশোৰীসকল এই গেমৰ প্রতি সহজেই আকৃষ্ট হৈ পৰে। তাৰোপৰি ক্রমাগত ভাৱে খেলুৱৈসকললৈ আহি থকা নটিফিকেচনৰ বাবে তেওঁলোক এই গেম খেলিবলৈ বাধ্য হৈ পৰে। এইধৰণে বাধ্য হৈ খেলোতে খেলোতে গেমৰ পৰ্য্যায় বা লেভেল ক্ৰমে অগ্রসৰ হয়; লেভেল বঢ়াৰ সমানুপতিক ভাৱে ভয়ঙ্কৰ হৈ গৈ থাকে খেলটোৰ দ্বাৰা আৰোপিত প্ৰত্যাহ্বানবিলাক। খেলটোৰ নিয়ম মতে এই লেভেলবোৰত অংশগ্রহণৰ পিছত তাৰ ছবি গেমিং পেজত পোষ্ট কৰিব লাগে। আখৰে আখৰে গেমৰ নির্দেশনা মানিবলৈ গেমটোৱে সকলোকে বাধ্য কৰে আৰু অবশেষত কাৰোবাক হত্যা কৰিবলৈ বা আত্মহত্যা কৰিবলৈ প্ৰৰোচিত কৰে। সঁচাকৈয়ে আশ্বৰ্যজনক গেম ৷কিন্তু প্ৰকৃতাৰ্থত ইয়াক গেম বুলি ক’ব পাৰিনে বাৰু?

এতিয়া লক্ষণীয় কথাটো হ’ল তৰুণ প্ৰজন্মক এনে ধৰণৰ ইন্টাৰনেট গেমৰ প্ৰতি আসক্ত হোৱাৰ পৰা কেনেকৈ ৰক্ষা কৰিব পৰা যায়? তেওঁলোকৰ জীৱন বিপন্ন হোৱা দেখিও আমি তেওঁলোকৰ প্ৰতি সামান্য দুটামান সহানুভূতিৰ বাক্যৰে আমাৰ দায়িত্ব সামৰিম নেকি? তৰুণ প্ৰজন্মক শুদ্ধ পথৰ সন্ধান দিয়াৰ দায়িত্ব আমিয়েই ল’ব নালাগিব জানো? এটা অমূল্য জীৱন এটা অৰ্থহীন ইন্টাৰনেট গেমে ধ্বংস পৰি পেলাব?এই সত্যক ইমান সহজে স্বীকাৰ কৰি ল’লে আমি বিবেক দংশনত ভুগিব নালাগিব জানো?এই সংবেদনশীল সমস্যাটোৰ উৎস কি? ইয়াৰ বাবে প্ৰকৃততে দায়ী কোন? কিয় তৰুণ প্ৰজন্মৰ সকলোৱে কম্পিউটাৰ, লেপটপ বা মোবাইলত অত্যাধিক ব্যস্ত হৈ পৰিছে; বহুতো অভিভাৱকৰ সেয়া লক্ষ্য কৰিবলৈ সময়ৰ অভাৱ৷ তেওঁলোকৰ সন্তানে প্রযুক্তিৰ যথাযথ প্রয়োগ তথা ব্যৱহাৰ কৰিছেনে নাই তাৰ খবৰ অভিভাৱকে নাৰাখে৷ ফলশ্ৰুতিত তেওঁলোকৰ চকুৰ সন্মুখেদিয়েই বিপদ আহি তেওঁলোকৰ ঘৰ সোমায়হি৷ এই সমস্যাৰ একমাত্র কার্যকৰি সমাধান হ’ল- অভিভাৱকসকলে তেওঁলোকৰ সন্তানক পৰ্যাপ্ত সময় দিয়া; সন্তানৰ সৈতে বন্ধুত্বসুলভ সম্পর্ক গঢ়ি তোলা তথা প্ৰয়োজনসাপেক্ষে এনে পথভ্ৰষ্ট সন্তানৰ কাউঞ্চিলি্ঙৰ ব্যৱস্থা কৰা৷ সন্তানে যিটো মাত্ৰাত পিতৃমাতৃ তথা অভিভাৱকৰ পৰা স্নেহ-মৰম আৰু গুৰুত্ব আশা কৰে তাৰ পৰা কিছু পৰিমাণে হ’লেও বঞ্চিত হোৱাটোৱেই, ছাত্র-ছাত্রীসকল অনলাইন গেমৰ প্ৰতি আসক্ত হোৱাৰ এটা প্ৰধান কাৰণ বুলি ক’ব পাৰি। এই খেল খেলি অকল যে মৃত্যু মুখত পৰিছে তেনে নহয়; মাৰাত্মক আঘাত লৈ বহুতে চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজিছে। তেওঁলোকৰ এনে কৰুণ পৰিণতি কিয় হৈছে তাক জানিবলৈ আমি চেষ্টা কৰিব লাগিব৷ কিয় তৰুণ প্ৰজন্মই জীৱনক তুচ্ছ কৰি এনে বিপদসংকুল গেম খেলে? ইয়াৰ মনোবৈজ্ঞানিক কাৰণ বিশ্লেষণ কৰি তাৰ প্ৰচাৰৰ জৰিয়তে জনসচেতনতা বৃদ্ধিৰ প্ৰয়াস কৰা উচিত৷ আৰু সকলোতকৈ প্ৰয়োজনীয় কথা হ’ল, অবিলম্বে ’দা ব্লু হোয়েল’ জাতীয় বিপজ্জনক গেমবোৰৰ লিংক গুগল, ফেচবুক, হোৱাটচএপ, ইনষ্টাগ্রাম, মাইক্রচফট তথা য়াহুৰ পৰা আতৰাই পেলোৱা উচিত৷ মানুহ হৈছে অনুসন্ধিৎসু৷ বিশেষকৈ তৰুণ প্ৰজন্মৰ অনুসন্ধিৎসুকতা অত্যন্ত বেচি৷ গতিকে সমগ্ৰ বিশ্বতে বৰ্তমান যন্ত্রপাতিৰ প্রতি মানুহৰ এক বিশেষ আকর্ষণ সৃষ্টি হৈছে যাৰ পৰিপ্ৰেক্ষিতত মানুহৰ জীৱনৰ বহু মূল্যৱান সময় ই কাঢ়ি লৈ গৈছে৷ মাত্ৰ ইন্টাৰনেট গেমেই নহয় যিকোনো ক্ষেত্ৰতে অত্যাধিক ইন্টাৰনেট ব্যৱহাৰ কৰা, মোবাইলত দীৰ্ঘসময় ধৰি ফেচবুক ব্যৱহাৰ কৰা, কম্পিউাৰত একেৰাহে বহু সময় ধৰি ব্রাউজিং কৰা, এই সকলোবোৰৰেই এটা নেতিবাচক দিশ আছে৷ গতিকে তৰুণ প্ৰজন্মৰ সুন্দৰ এটা ভৱিষ্যতৰ বাবে এই নেতিবাচক দিশবোৰ বিভিন্ন গণমাধ্যমৰ জৰিয়তে প্ৰচাৰ কৰি, জনসচেতনতা বৃদ্ধি কৰি ইয়াক পৰিহাৰ কৰিবলৈ সকলোকে আহ্বান জনোৱা উচিত ৷

ড° পুলক সভাপণ্ডিত, সহকাৰী অধ্যাপক, গণিত বিভাগ, বিশ্বনাথ মহাবিদ্যালয়

By admin

Leave a Reply

Your email address will not be published. Required fields are marked *

− 4 = 4