ভ্ৰমণ কাহিনী

আন্দামান ভ্ৰমণ আৰু চেল্যুলাৰ জেল

আন্দামান ভ্ৰমণ আৰু চেল্যুলাৰ জেল

আন্দামান ভ্ৰমণ আৰু চেল্যুলাৰ জেল সৌন্দৰ্য্যৰ দিশেৰে যিদৰে অতুলনীয় তেনেকৈ আন্দামান ভ্ৰমণৰ অভিজ্ঞতাও অসাধাৰণ। ৫৭২ তা সৰু বৰ প্ৰাকৃতিক প্ৰাচুৰ্যৰে ভৰপূৰ দ্বীপ সমূহৰে গঠিত আন্দামানলৈ ২০১৯ চনত সপৰিয়ালে ফুৰিবলৈ গৈছিলোঁ। আমাৰ মনত সৌন্দৰ্য্যৰ চাপ পেলাই থৈ যোৱা ভ্ৰমণৰ মাজত এক উল্লেখনীয় স্থান আছিল চেল্যুলাৰ জেল বা কালাপানী। চেল্যুলাৰ জেল বা কালাপানী, এনে এক ঠাই যিয়ে আপোনাক স্বাধীনতা সংগ্ৰামী সকলৰ সৰ্বোস্ব ত্যাগৰ পৃষ্ঠাবোৰ আলোকপাত কৰি তুলিব পাৰে। ইতিহাসৰ পাতবোৰ লুটিয়াই যাওঁতে চেল্যুলাৰ জেলত আয়োজিত শব্দ আৰু পোহৰ প্ৰদৰ্শনীয়ে বিপ্লৱী সকলৰ ত্যাগৰ গৌৰৱে মোক গভীৰ ভাৱে আৱেগিক কৰি তুলিছিল। সন্ধিয়া আয়োজিত প্ৰদৰ্শনীটোত কাৰাগাৰৰ প্ৰতিটো বিশেষ কোঠালিত নিৰ্দিষ্ট পোহৰেৰে আলোকিত কৰি সেই বন্ধ…
Read More
শিৱাঙ্গ সাধনা আৰু ভেল্লীনগিৰি তীৰ্থযাত্রা

শিৱাঙ্গ সাধনা আৰু ভেল্লীনগিৰি তীৰ্থযাত্রা

শিৱাঙ্গৰ আক্ষৰিক অৰ্থ হৈছে "শিৱৰ অঙ্গ" আৰু শিৱাঙ্গ সাধনা (Shivanga Sadhana) হৈছে সৃষ্টিৰ উৎসৰ সৈতে আমাৰ সম্পৰ্ক আৰু মনত ভক্তিভাৱ কঢ়িয়াই অনাৰ এক সুযোগ। ৪২ দিনীয়া এই শক্তিশালী সাধনাই আমাৰ জীৱনলৈ কঢ়িয়াই আনে সবল শৰীৰ আৰু সুস্থ মন। লগতে গ্ৰহণযোগ্যতা শক্তি আৰু গভীৰ স্তৰৰ অভিজ্ঞতা অন্বেষণ কৰাৰ এক বাট দেখুৱায় । ২০২০ চনৰ মহাশিৱৰাত্ৰিৰ ৪২ দিন আগৰ পৰা মই সাধনা আৰম্ভ কৰিছিলোঁ। নিয়মানুসাৰে ৰাতিপুৱা উঠি নিৰ্দিষ্ট শ্লোকেৰে পূজা কৰাৰ পাছত এগিলাচ নেমুপানী, ৰাতি তিয়াই থোৱা ১০ টামান জালুক আৰু মৌ মিহলাই পান কৰোঁ। লগতে ২-৩ টামান নিমপাত আৰু এমুঠি কেঁচা বাদামেই আছিল ৰাতিপুৱাৰ আহাৰ। দিনত দুবাৰ সম্পূৰ্ণ নিৰামিষ আহাৰ গ্ৰহণ…
Read More