30
Aug
বছৰটো আছিল ১৮৯৩। জাপানৰ পৰা চিকাগো'লৈ জাহাজাৰে যাত্ৰা কৰোতে যাত্ৰাপথত কাকতলীয়ভাবে লগ হৈছিল দেশৰ দুগৰাকী প্ৰখ্যাত ব্যক্তি। ইয়াৰে এগৰাকী আছিল প্ৰখ্যাত উদ্যোগপতি জামছেদজী টাটা আৰু আনগৰাকী হৈছে মহান মনিষী স্বামী বিবেকানন্দ। জাহাজৰ এই সুন্দৰ যাত্ৰাপথতেই দুয়োগৰাকী ব্যক্তিৰ মাজত দেশত ঘটি থকা সেইসময়ৰ বিভিন্ন ঘটনাৰাজি,টাটাৰ ব্যৱসায়-বাণিজ্য এনে ধৰণৰ বিষয়বস্তুৱে আগস্থান পাইছিল। এই সুন্দৰ যাত্ৰাৰ পৰিসমাপ্তিৰ পথত দুয়ো গন্তব্যস্থানত উপস্থিত হোৱাত ইজনে সিজনৰ পৰা বিদায় লৈছিল পুনৰ আকৌ দেখা দিয়াৰ প্ৰতিশ্ৰুতিৰেই। এই সাক্ষাতকাৰ যথেষ্ট মধুৰ হোৱাৰ বাবেই ইয়াৰ ঠিক ৫ বছৰ পিছত জামছেদজীয়ে দেশৰ নৱ প্ৰজন্মক লৈ এক বিশেষ পৰিকল্পনা গ্ৰহণ কৰে। যাৰ ফলস্বৰূপে জামছেদজী টাটাই এই পৰিকল্পনাক বাস্তৱৰূপ কিদৰে দিব পাৰি…