হতাশা। বিষণ্ণতা।

হতাশা

যি এক কাল ধুমুহা মানৱ জীৱনৰ বাবে। ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ উপাই বিচাৰি থাকোতেই জীৱনৰ প্ৰতি মোহ নাইকিয়া হৈ আহে। এবাৰ ভাবকচোন কিমান ঘৃণা উপজিব লাগিব নিজৰ জীৱনক লৈ।যাৰ ফলত এনে একোগৰাকী হতাশগ্ৰস্তই আত্মহত্যাৰ দৰে চৰমপন্থা ল’বলৈ বাধ্য হয়।সাধাৰণ ব্যক্তি একোজনৰ পৰা খ্যাতিৰ শীৰ্ষত অধিস্থিত প্ৰখ্যাত লোক এগৰাকীয়ে একমুহূৰ্ত চিন্তা নকৰাকৈ হঠাতেই জীৱনৰ কঠোৰতকৈ কঠোৰ সিদ্ধান্তটো লৈ পেলায় নিজৰ জীৱন ধব্বংস কৰি।নিজ পৰিয়াল,আত্মীয় -স্বজন,বন্ধু-বান্ধৱী,সহকৰ্মীকে আদি কৰি কাৰো কথাই মনলৈ নাহে নে এনে কঠোৰ সিদ্ধান্ত এটা গ্ৰহণ কৰোতে সেইসকল লোকৰ।

এতিয়াতো বিশ্বায়নৰ যুগ। পৃথিৱী এখন গাঁৱলৈ পৰিণত হৈছে। সকলো আমাৰ হাতৰ মুঠিতেই। আৰু এনে সকলোবোৰ কাৰকেই কেতিয়াবা বিষণ্ণতাৰ কাৰণ হৈ উঠে। কাৰ কিহক লৈ হতাশা আহে সেয়া কোনেও ক’ব নোৱাৰে। প্ৰকৃততে নভবাকৈয়ে লাহে লাহে আমি একো একোজন ব্যক্তি আমাৰ অলক্ষিতেই এই বিষণ্ণতাৰ স্বীকাৰ হওঁ। ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ ৰাস্তা ঠিকেই বিচাৰো। আৰু যিকেইগৰাকীয়ে এনে পথ বিচাৰি উলিয়াবলৈ সক্ষম তেওঁলোকে একো একোখন জীৱন যুদ্ধত জয়ী হৈ অহাৰ লেখীয়াৰ দৰেই। পিচে আজিৰ খবৰটোৱে যথেষ্ট মৰ্মাহত কৰিছে।

বিশ্বকাপ বিজয়ী ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীৰ জীৱনক লৈ নিৰ্মিত চলচ্চিত্ৰ ‘এম এছ ধোনী’ৰ মুখ্য চৰিত্ৰত দুৰ্দ্দান্ত অভিনয় কৰা ৩৪বৰ্ষীয় প্ৰখ্যাত অভিনেতা সুশান্ত সিং ৰাজপুতৰ অকাল বিয়োগ। তেওঁ নিজৰ বাসগৃহতেই চিপজৰী লগাই আত্মহত্যা কৰে। যি এক অত্যন্ত বেদনাদায়ক খবৰ ভাৰতীয় চিনেদৰ্শকৰ বাবে। অকল্পনীয় ভাবিব নোৱাৰা কথা সকলোৰে বাবে। দীৰ্ঘদিনৰ পৰাই হতাশত ভূগি থকা এই অভিনেতাগৰাকীয়ে জীৱনৰ এই চৰম সিদ্ধান্ত লৈ সকলোকে ব্যথিত কৰি তুলিছে আজি। তেওঁলোকৰ বাবে আত্মহত্যাই শেষ ঠিকনা হয় যদি এনে ঠিকনাৰ সন্ধান আমি কেতিয়াও কৰিবলৈ নিবিচাৰিম।

যথেষ্ট দুখ তথা শোকত ভাগি পৰাৰ পিচত এই লেখাটো লেখিছো। তেওঁৰ এনে আত্মহননে বহু কথাই ভাবিবলৈ বাধ্য কৰাইছে এই মুহূৰ্তত। কাৰ মনত কেনে ধৰণৰ খেয়াল আহি থাকে সেয়া কোনেও ক’ব নোৱাৰে।এই মুহূৰ্তলৈ প্ৰখ্যাত সুদৰ্শন অভিনেতা সুশান্ত সিং ৰাজপুতৰ ছবিখন মুখ মণ্ডলত বাৰে বাৰে ভাহি আছে। আমাৰ দৰে সাধাৰণ মানুহৰ বাৰু গোটেই জীৱনতো ঘাত-প্ৰতিঘাতৰে ভৰা বুলি ধৰি ল’লো।তাৰ পিচতো নিজকে সুস্থিৰ কৰি ৰাখিছো আমি।তেওঁলোকৰ দৰে প্ৰখ্যাত লোকসকলেও বিষণ্ণতাৰ চিকাৰ হোৱাতো বোধগম্য নহয়।এক নুবুজা সাথৰ হৈ ৰয় সদায় আমাৰ বাবে। লাখটকীয়া প্ৰশ্ন হৈ পৰে এইবোৰ।একো একোটা উত্তৰ উলিয়াব নোৱাৰা সাঁথৰ হৈ ধৰা দিয়েহি আমাৰ সন্মুখত প্ৰতিবাৰেই।

‘পবিত্ৰ ৰিস্তা’ ধাৰাবাহিকৰ ‘মানৱ’ চৰিত্ৰত অভিনয়ৰে টেলিভিছনৰ পৰ্দাৰ সকলোৰে চিনাকি মুখ হৈ পৰা এইগৰাকী অভিনেতাৰ অভিনয় শৈলী আছিল দুৰ্দ্দান্ত।প্ৰতিটো চৰিত্ৰই নিখুতভাৱে উপস্থাপন কৰিছিল চিনেমাৰ পৰ্দাত।’কাই পু ছে’ ৰ পৰা আৰম্ভ কৰি পিকে,বৌমকেচ বক্সী,সুধ দেচী ৰোমাঞ্চ,কেদাৰনাথ,ৰাবতা দৰে চলচ্চিত্ৰত কৰিছিল মননশীল অভিনয়।শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত তেওঁৰ চলচ্চিত্ৰ ‘ছিছৌৰে’খনতটো কৰিছিল কি মনপৰশা অভিনয়।ভাবিলেই আচৰিত লাগে এই চিনেমাখনতেই নিজ পুত্ৰই বিষণ্ণতাৰ স্বীকাৰ হওতে তেওঁলোকৰ বন্ধুবৰ্গই দিয়া সেই জীৱন জীয়াই থকাৰ সফল মন্ত্ৰণাৰ বিষয়ে।তাৰ পিচতো সুশান্তই এনে চৰম সিদ্ধান্ত গ্ৰহণ কৰিলে ‘ৰিয়েল লাইফ’ত।ৰীল লাইফ আৰু ৰিয়েল লাইফ এই দুটা সম্পূৰ্ণ পৃথক।এই সময়ত তেওঁৰ আত্মহত্যাই সেই কথাকেই প্ৰতিপন্ন কৰাইছে।বাস্তৱৰ পৃথিৱীখন চিনেমাৰ জগততকৈ যথেষ্ট জটিল যেন অনুমান হৈছে।বিদায় সুশান্ত সিং ৰাজপুত।আমাক কন্দুৱাই থৈ গ’লাগৈ।

অভিনেতাগৰাকীৰ আত্মহত্যাৰ এই খবৰ ইন্টাৰনেটত চলাথ কৰি ফুৰোতেই কেবাটাও হতাশগ্ৰস্ততা,আত্মহত্যা বিষয়ক আশ্চৰ্যজনক বিষয়বস্তু আমাৰ চকুত পৰিছিল। যি যথেষ্ট উদ্বেগজনক।সেয়া আপোনালোকৰ আগত উল্লেখ কৰিলো।

■ হতাশা এক সাধাৰণ মানসিক ব্যাধি।সমগ্ৰ বিশ্বতেই ২৬৪মিলিয়নতকৈ অধিক লোক এনে হতাশাত ভূগি আছে।

■ পুৰুষতকৈ বেচি মহিলাসকল অতি সোনাকলেই হতাশাত ভূগে।

■ এনে একো একোগৰাকী হতাশ লোকেই আত্মহত্যা পৰ্যন্ত কৰিবলৈ কুন্ঠাবোধ নকৰে।

■ প্ৰতি বছৰেই এইদৰে আত্মহত্যা কৰি প্ৰায় ৮,০০,০০০লোকে নিজৰ জীৱন শেষ কৰি পেলায়।অৰ্থাৎ প্ৰতি ৪০চেকেণ্ডত এইদৰে আত্মহত্যাৰ দৰে চৰম পন্থা হাতত লয় একোজন লোকে।

■ ১৫ৰ পৰা ২৯বছৰৰ বয়সৰ লোকসকলৰ মাজত মৃত্যুৰ দ্বিতীয় প্ৰধান কাৰণটোৱে হৈছে আত্মহত্যা।

■ হতাশা হৈছে বিশ্বব্যাপী অক্ষমতাৰ এক প্ৰধান কাৰণ।

■ প্ৰতি বছৰেই ১০বছৰৰ পৰা ১৪ বছৰ বয়সৰ ১,০০,০০০শিশুৰ মাজৰ একোগৰাকীয়ে আত্মহত্যা কৰে।

■ প্ৰতি বছৰেই ১৫বছৰৰ পৰা ১৯বছৰৰ বয়সৰ ১,০০,০০০ যুৱকৰ ভিতৰত ৭জনকৈ যুৱকে আত্মহত্যাৰ দৰে চৰম পন্থা গ্ৰহণ কৰে।

■ আকৌ ২০বছৰৰ পৰা ২৪বছৰ বয়সৰ ১,০০,০০০ তৰুণ প্ৰাপ্তবয়স্কৰ ভিতৰত প্ৰতিবছৰে এনে অপমৃত্যুৰ হয় ১২.৭ গৰাকী লোকৰ।

■ আমেৰিকাৰ দৰে উন্নত ৰাষ্ট্ৰ এখনত ১৫ৰ পৰা ২৪বছৰ বয়সৰ লোকৰ মাজত মৃত্যুৰ দ্বিতীয় প্ৰধান কাৰনতো হৈছে আত্মহত্যা।

■ ১৮বছৰ বয়সৰ পৰা ৬৫বছৰ বয়সৰ প্ৰাপ্তবয়স্কৰ মাজত মৃত্যুৰ চতুৰ্থটো প্ৰধান কাৰণ হৈছে আত্মহত্যা। ■বয়স্ক লোকসকলৰ মাজত যিসকল বিবাহ বিচ্চেদিত তথা বিধৱা তেওঁলোকৰ মাজত আত্মহত্যাৰ হাৰ সৰ্বাধিক।

■ উন্নত ৰাষ্ট্ৰ আমেৰিকাৰ কথালৈ আহো,ৰাষ্ট্ৰখনত সকলো বয়সৰ লোকৰ মৃত্যুৰ ১০নম্বৰ প্ৰধান কাৰণটোৱে হৈছে আত্মহনন।

■ আমেৰিকাত প্ৰতিদিনে প্ৰায় ১২৩গৰাকীকৈ লোকে আত্মঘাতী হয়।

■ আমেৰিকাত প্ৰতি ১২মিনিটৰ মুৰত আত্মঘাতীৰ দৰে চৰম সিদ্ধান্তই একোগৰাকীকৈ লোকৰ জীৱন শেষ কৰি পেলায়।

■ ৮০%ৰ পৰা৯০%ল হতাশগ্ৰস্ত লোকে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণেৰে ঔষধ পাতি সেৱন তথা চিকিৎসা সেৱাৰ দ্বাৰা এই হতাশাৰ পৰা মুক্তি লাভ কৰি আহিছে।

উল্লেখ্য,এইসমূহ তথ্য ইন্টাৰনেটত উপলব্ধ। যি অতি ভয়াবহ আমাৰ সকলোৰে বাবে।আমাৰ চৌপাশে হতাশা,বিষণ্ণতা তথা মানসিক অশান্তিত ভূগা অনেক ব্যক্তি আছে।তেওঁলোকে উপযুক্ত সময়ত সঠিক চিকিৎসাৰে এনে ধৰণৰ সমস্যাৰ পৰা মুক্তি লাভ কৰিব পাৰে।প্ৰায় সংখ্যকেই এই সমস্যাৰ সৈতে অকলেই মোকাবিলা কৰি শেষত গৈ নিজৰ জীৱনৰ চৰম সিদ্ধান্ত গ্ৰহণ কৰে আত্মহননৰে।এয়া জানো এনে সমস্যাৰ পৰা মুক্তি পোৱাৰ উপায় হ’ব পাৰে!মুঠেও নহয়।উপযুক্ত চিকিৎসক,মানসিক ৰোগ বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণেৰে আমি নিজৰ এনে হতাশাৰ জীৱনৰ মুক্তিলাভেৰে স্বাচ্ছ্যন্দৰে বাকী থকা দিনকেইটা সুন্দৰভাৱে কটাব পাৰো।যদি আপুনি তথা আপোনাৰ সম্বন্ধীয়,বন্ধু-বান্ধৱ হতাশাৰ চিকাৰ হৈছে শীঘ্ৰেই পৰামৰ্শ গ্ৰহণ কৰক বিশেষজ্ঞ চিকিৎসকৰ।জীৱন যুদ্ধত জয়ী হোৱাৰ উপায় আমাৰ নিজৰ হাতৰ মুঠিতেই আছে।

মাথো সঠিক সময়ত ইতিবাচক সিদ্ধান্তৰে আমাৰ জীৱনক অনন্য কৰি তুলিব পাৰো।ইতিবাচক চিন্তাৰ পোহাৰ মেলক।দেখিব মনৰ আন এখন দুৱাৰ আপোনা-আপুনি মেল খাই গৈছে।জীৱনত বাৰু বহুত হেৰুৱাইছো আমি,কিন্তু পাই থকাবোৰক লৈ সুখী নহও নো কিয়!জীৱনত ঘাত-প্ৰতিঘাট,সুখ-দুখ,হাঁহি-কান্দোন,হৰ্ষ-বিষাদ সকলো থাকিব।ধৰি ল’ব চিনেমাৰ কাহিনীৰ দৰে।কিন্তু ইয়াৰ পৰিসমাপ্তি অনাকাংক্ষিত,অকল্পনীয় হ’ব নালাগে।

জীৱন সদায় জিন্দাবাদ হৈ থাকক। জিন্দেগী না মিলেগী দুবাৰা। গতিকে জীৱনৰ প্ৰতিটো মুহূৰ্ত উদযাপন কৰক। শেষত মুকলি আলোচনাৰ বাট ৰাখিছো এই লেখাত। জনাব পাৰে কোনো লোকৰ কিবা ক’বলগীয়া থাকিলে।  

✍ প্ৰাণজিৎ ডেকা

By