বছৰটো আছিল ১৮৯৩। জাপানৰ পৰা চিকাগো’লৈ জাহাজাৰে যাত্ৰা কৰোতে যাত্ৰাপথত কাকতলীয়ভাবে লগ হৈছিল দেশৰ দুগৰাকী প্ৰখ্যাত ব্যক্তি। ইয়াৰে এগৰাকী আছিল প্ৰখ্যাত উদ্যোগপতি জামছেদজী টাটা আৰু আনগৰাকী হৈছে মহান মনিষী স্বামী বিবেকানন্দ। জাহাজৰ এই সুন্দৰ যাত্ৰাপথতেই দুয়োগৰাকী ব্যক্তিৰ মাজত দেশত ঘটি থকা সেইসময়ৰ বিভিন্ন ঘটনাৰাজি,টাটাৰ ব্যৱসায়-বাণিজ্য এনে ধৰণৰ বিষয়বস্তুৱে আগস্থান পাইছিল। এই সুন্দৰ যাত্ৰাৰ পৰিসমাপ্তিৰ পথত দুয়ো গন্তব্যস্থানত উপস্থিত হোৱাত ইজনে সিজনৰ পৰা বিদায় লৈছিল পুনৰ আকৌ দেখা দিয়াৰ প্ৰতিশ্ৰুতিৰেই। এই সাক্ষাতকাৰ যথেষ্ট মধুৰ হোৱাৰ বাবেই ইয়াৰ ঠিক ৫ বছৰ পিছত জামছেদজীয়ে দেশৰ নৱ প্ৰজন্মক লৈ এক বিশেষ পৰিকল্পনা গ্ৰহণ কৰে।
যাৰ ফলস্বৰূপে জামছেদজী টাটাই এই পৰিকল্পনাক বাস্তৱৰূপ কিদৰে দিব পাৰি তাৰ সবিশেষ জনাই স্বামী বিবেকানন্দলৈ এখন পত্ৰ লিখি পঠিয়ায়। এই পত্ৰতেই তেখেতে দেশত এখন অগ্ৰণী বিজ্ঞান গৱেষণাৰ প্ৰতিষ্ঠান গঢ়াৰ পৰিকল্পনাৰ বিষয়ে সবিশেষ জনায়। উল্লেখ্য যে,তেখেতৰ এই পত্ৰখনে স্বামী বিবেকানন্দক যথেষ্ট উৎসাহিত কৰে আৰু বিজ্ঞান গৱেষণা প্ৰতিষ্ঠানখনৰ ক্ষেত্ৰত থকা তেখেতৰ আন্তৰিক সমৰ্থন ব্যক্ত কৰে।
ইফালে এনে ধৰণৰ উৎসাহজনক খবৰ পাই সেই সময়ৰ মহীশূৰৰ তদানীন্তন ৰজা চতুৰ্থ কৃষ্ণৰাজা ৱাডিয়াৰে শৈক্ষিক অনুষ্ঠান খন প্ৰতিষ্ঠা কৰিবলৈ ৩৭১ একৰ মাটি দান কৰে। উক্ত সময়ছোৱাতেই তেতিয়াৰ হায়দৰাবাদৰ নিজাম মীৰ ওচমান আলী খানেও শৈক্ষিক অনুষ্ঠানখন প্ৰতিষ্ঠাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা লৈ ৩১বছৰীয়া এক বিশেষ চুক্তিৰ জৰিয়তে আগবঢ়াই ৩লাখ টকাৰ বৃহৎ ধনৰাশি।
এই প্ৰচেষ্টাৰ ফলতেই ১৯০৯ চনত দেশৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ অগ্ৰণী শিক্ষাৰ অনত্যম গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠান ইণ্ডিয়ান ইনষ্টিটিউট অব ছাইন্সে প্ৰতিষ্ঠা লাভ কৰে। আনহাতে ১৯১১ চনৰ ২৪ এপ্ৰিলৰ পৰা শিক্ষাদান পৰ্ব আৰম্ভ কৰা শিক্ষানুষ্ঠানখনত ‘জেনেৰেল এণ্ড এপ্লা’ইড কেমেষ্ট্ৰী’আৰু ‘ইলেক্ট্ৰ’-টেকন’লজী’ এই দুটা বিষয়ৰ ওপৰত মুঠ ২১ গৰাকী শিক্ষাৰ্থীক পাঠদান আগবঢ়োৱা হৈছিল। ইয়াৰ ঠিক দুমাহৰ ভিতৰতেই ‘অৰ্গেনিক কেমেষ্ট্ৰী’ বিষয়টো সংযোজন কৰা হয়।
সেইদৰে ঐতিহ্যমণ্ডিত ইণ্ডিয়ান ইনষ্টিটিউট অব ছাইন্সৰ প্ৰথম গৰাকী দেশীয় পৰিচালন সঞ্চালক আছিল নবেল বঁটা প্ৰাপক চি.ভি ৰমন। তেখেতে কাৰ্যভাৰ গ্ৰহণ কৰিছিল ১৯৩৩ চনৰ পৰা১৯৩৭বৰ্ষলৈ। আমাৰ দেশৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা শিক্ষাৰ বাটকটীয়া এই শিক্ষানুষ্ঠানৰ জন্মৰ কাহিনী যথেষ্ট অনুপ্ৰেৰণাদায়ক নহয়নে বাৰু!