সমান্তৰাল

সমান্তৰাল

সমান্তৰাল

এখন সমতলত থাকি কাহানিও একলগ নোহোৱা সৰলৰেখাকেই গণিতত সমান্তৰাল ৰেখা বোলা হ’য় ৷৷ সমান্তৰাল ৰেখা ৰেলৰ চিৰিৰ দৰে কেতিয়াওঁ ওচৰ চাপিবও নোৱাৰে আৰু আতৰলৈ গুছি যাবও নোৱাৰে, সমান ব্যৱধানত আজীৱন একেলগে থাকি যায় দুডাল ৰেখা আৰু তাৰেই নাম সমান্তৰাল ৰেখা ৷৷

মানুহৰ জীৱনটো সমান্তৰাল জীৱন কিছুমান থাকে, সভ্য সমাজৰ প্ৰাকৃতিক (natural) জীৱন শৈলীৰ সমাজখনতে সভ্য সমাজৰ ধাৰণাত অপ্ৰাকৃতিক (un-natural) জীৱন শৈলীৰো এচাম মানুহ থাকে ৷৷ হয়তো সামাজিক আৰু পশ্চাদমুখী ধাৰণাৰ বাবেই দুয়োটা জীৱন কাষ চাপিবও নোৱাৰে অথচ দূৰ হবও নোৱাৰে, দুয়োটা জীৱন সমান্তৰাল হৈয়ে থাকি যায় ৷৷

সৰুতে মটৰ দূৰ্ঘটনাত পিতৃ মাতৃক হেৰুওৱা আলসুৱা লৰাটোৱে ডেকা বয়সলৈ বৰ্ডিং স্কুলতে পঢ়া শুনা কৰে, কলেজীয়া শিক্ষাৰ শেষত ককাকৰ আদেশত ঘৰলৈ উভতি আহে ওচৰৰ বিশ্ববিদ্যালয়ত পঢ়িবলৈ ৷৷ তিনিজন মোমায়েকৰ ভিতৰত মাজু  মোমায়েক জন আচহুৱা অলপ, কেতিয়াবা শিশুৰ দৰে অপৈনত কোমল মনৰ আৰু কেতিয়াবা উইকিপিডিয়াৰ দৰেই জ্ঞান সমৃদ্ধ ৷৷

ঘৰখনে মাজু মোমায়েক জনক গৃহবন্দী কৰি ৰাখে আনকি ভোটাৰ কাৰ্ডতো নাম নাই মানুহজনৰ, জীৱিত মানুহজনক চৰকাৰী নথিপত্ৰ আৰু সামাজিক ভাবে অস্তিত্বহীন কৰি ৰখা হৈছিল ৷৷ ভাৰ্চূৱেল জগতত চিনাকী হোৱা কিশোৰী প্ৰেমিকাৰ সৈতে ভাগিনিয়েক জনে উদ্ধাৰ কৰিব বিচাৰে মাজু মোমায়েকক গোপন আৰু অস্তিত্বহীন কৰি ৰখাৰ ৰহস্য ৷৷

উদ্ধাৰ কৰে মাজু মোমায়েকৰ কোঠাত মহিলাৰ উপস্থিতি, প্ৰতিমা নিৰ্মাতাৰ কেঁচা মূৰ্তিবোৰৰ বুকু স্পৰ্শ কৰাৰ কথা, কিশোৰী প্ৰেমিকা টিটলিৰ বুকু স্পৰ্শ কৰি চোৱা আৰু শৈশৱৰে পৰা সৰু মোমায়েকৰ নিৰ্মম উৎপীড়ণৰ বলি হোৱা মাজু মোমায়েকক  !!

চিনেমাৰ অন্তিম মূহুৰ্তত মাজু মোমায়েকে আত্মহত্যা কৰে, একমাত্ৰ ভাগিনীয়েকলৈ লিখি যোৱা চিঠিৰ টোকাত স্বীকাৰ কৰে তৃতীয় লিংগ হৈ জন্ম লোৱাৰ অভিশপ্ত জীৱনটোৰ কথা, নাৰী হোৱাৰ অসম্পূৰ্ণ হাবিয়াসৰ কথা ৷৷ নিজৰ সেই মানসিক তথা শাৰিৰীক স্থিতিৰ বাবে শৈশৱৰে পৰা যৌণ নিৰ্য্যাতন আৰু শাৰিৰীক উৎপীড়ণ চলোৱা সৰু ভায়েক জনৰ কথা ৷৷

দূৰ্ঘটনা এটাত দুয়োটা চকুৰ দৃষ্টিশক্তি হেৰুওৱা সৰু মোমায়েক জনলৈ মাজু মোমায়েকে দুয়োটা চকু দান কৰি যায় একমাত্ৰ এটাই আশাত নতুন চকু জুৰিৰে হয়তো সমান্তৰাল ভাবে জীয়াই থকা এই জীৱনবোৰৰ প্ৰতিও যাতে মানবীয় প্ৰেম জাগে কেতিয়াবা ••••

চিনেমাখনৰ মূল সম্পদ মাজু মোমায়েক সুজনৰ চৰিত্ৰত অভিনয় কৰা পৰমব্ৰত চট্টোপাধ্যায় আৰু ভাগিন ল’ৰা অৰ্কৰ প্ৰেমিকাৰ চৰিত্ৰত অভিনয় কৰা কিশোৰী সুৰংগণা বন্দোপাধ্যায়ৰ শক্তিশালী ভুমিকা ৷৷

Directed by                 Partho Chakraborty

Screenplay by             Padmanabha Dasgupta

Produced by               Tarak Nath Saha

Starring                       Parambrata Chatterjee, Soumitra Chatterjee, Riddhi Sen, Surangana Bandyopadhyay, Aparajita Adhya, Tanusree Chakraborty

Cinematography        Supriyo Dutta

Edited by                    Sujay Datta Ray

Music by                     Indraadip Dasgupta

Release date               24 November 2017

Language                   Bengali

 

 বাপুকন চৌধুৰী

🏠

By