মঙলত এশ অভিযাত্ৰীৰ ষ্টাৰছীপ

ষ্টাৰছীপ

ষ্টাৰছীপ। তেওঁৰ চিন্তা অন্যতকৈ এঢাপ ওপৰত। য’ত অন্য ব্যক্তিৰ চিন্তাই আহি শেষ বিন্দু স্পৰ্শ কৰে, তেওঁৰ আকৌ সেই শেষ বিন্দুৰ পৰাই আৰম্ভণি ঘটে। তেওঁৰ এই চিন্তাৰ ফলতেই মানৱ ইতিহাসৰ ন ন অধ্যায়ৰ দ্ৰুত পৰিৱৰ্তন ঘটিবলৈ ধৰিছে। ক’বলৈ গ’লে এই পৃথিৱীয়ে তেওঁক ক্ৰমান্বয়ে আমুৱাইছে। যাৰ বাবেই তেওঁৰ চিন্তাৰ বিশাল পৰিধিক বাস্তৱ ৰূপ দিয়াবলৈ আগবাঢ়িছে ব্যতিক্ৰম ধৰণে। অৱশ্যে তেওঁ এই ধৰাৰ ধনাঢ্য ব্যতিক্ৰম মানৱেই। আৰু সেইবাবে তেওঁৰ চিন্তা উদ্ৰেককাৰী একো একোটা পৰিকল্পনাত এই বিশ্বৰ প্ৰযুক্তিবিদ সকলক ন কৈ ভাবিবলৈ বাধ্য কৰায়। অৱশ্যে এইবাৰৰ এই চিন্তা তেওঁ পূৰ্বতেই কৰিছিল যদিও সঠিক পৰিকল্পনাৰ দিশে ঠিকেই অগ্ৰসৰ হৈছে সম্প্ৰতি। তেওঁৰ বাস্তৱ আৰু কল্পনাৰ এই চিন্তাৰ মাজৰ অন্তৰায় ক্ৰমান্বয়ে কমি আহিছে। এনে এক পৰিকল্পনাৰ সৈতে তেওঁ সাজু তথা অগ্ৰসৰ হৈছে যি এই মানৱসমাজৰ বাবে কল্পনাতীত। কি সেই পৰিকল্পনা জানেনে।    

গগণচুম্বী এক যান। এই যানেৰেই পৃথিৱী এৰি তেওঁ বাস কৰিব অন্য গ্ৰহত। পিছে অকল তেওঁ অকলেই এই ভ্ৰমণ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰা নাই। এই যান খনতেই তেওঁৰ সৈতে যাৱ পাৰিব আৰু প্ৰায় ৯৯জন অভিযাত্ৰী। অৰ্থাৎ এশ অভিযাত্ৰী এবাৰতেই কঢ়িয়াই লৈ যাব বিচাৰিছে তেওঁ মহাকাশৰ আন এটা নেদেখা প্ৰান্তলৈ। তেওঁৰ চিন্তা মানেই সেয়া কাৰ্যকৰী ব্যৱস্থা। জীৱনত হাৰ নমনা এইগৰাকী ব্যক্তিয়ে যিহেতু এনে এক অলীক কল্পনাৰ দিশে অগ্ৰসৰ হোৱা মানেই মানৱ জাতিয়ে সোণালী আখৰেৰে আন এক কীৰ্তিমান ৰচনা কৰা।ৰঙা গ্ৰহ মঙলত মানৱ বসতিকলৈ আমি দেখা সপোনৰ অন্তৰালক তেওঁ বাস্তৱ ৰূপ দিবলৈ বদ্ধপৰিপক্কৰ। আৰু সেই সপোনৰ গজালি তেওঁৰ মন মগজুত কেতিয়াবাই থিতাপি লৈছিল। ফলত তাৰ বৰ্হি প্ৰকাশ ঘটাবলৈ তেওঁ ৰচিছে পৰিকল্পনা।

এই পৰিকল্পনাৰ অংশস্বৰূপ হৈছে ষ্টাৰছীপ star ship  । এতিয়া হয়তো নক’লেও বুজি পাবই এনেধৰণৰ অলীক কল্পনাক এটা এটাকৈ বাস্তৱ ৰূপ দিয়া ব্যক্তিগৰাকীয়েই হৈছে আধুনিক প্ৰযুক্তিবিদ্যাৰ নমস্য ব্যক্তি এলন মাস্ক Elon Musk  । দূৰন্ত মাস্কৰ বিষয়ে প্ৰত্যেকগৰাকী ব্যক্তিয়েই অৱগত। ইলেকট্ৰনিক কাৰ কোম্পানী টেছলাৰ Tesla Industries  মালিক এলন মাস্কৰ তৃতীয়টো প্ৰতিষ্ঠান হৈছে স্পেচ এক্স  Space X । ২০০২ বৰ্ষত প্ৰতিষ্ঠিত এই কোম্পানীয়ে তাৰ ঠিক ছয় বছৰ পাছতেই আমেৰিকাৰ আন্তঃৰাষ্ট্ৰীয় মহাকাশ গৱেষণা সংস্থা নাছাৰ সৈতে সহযোগিতা আগবঢ়াই ইতিমধ্যে আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰলৈ অনেক সা-সামগ্ৰী সৰবৰাহ কৰিছে।এলনৰ স্বপ্নৰ প্ৰতিষ্ঠান সেই স্পেচ এক্সৰ জৰিয়তে ৰঙা গ্ৰহ মঙললৈ একেলগে এশগৰাকীকৈ ব্যক্তিৰ সৈতে উৰা মৰাৰ এনে দুঃসাহসিক কাৰ্য কৰাৰ দিশে অগ্ৰসৰ হৈছে।এক সুনিশ্চিত পৰিকল্পনাৰেই অংশীদাৰ হ’ব সেয়া। ৰঙা গ্ৰহ মঙললৈ যিসকল যাৱলৈ ইচ্ছুক হৈ আছে  সেই অভিযাত্ৰীয়ে টালি-টোপোলা বান্ধি এই ধৰাৰ পৰা বিদায় মাগিব পৰা হ’ল একপ্ৰকাৰে। সেইদৰে এবাৰত চাৰি অথবা পাঁচগৰাকীকৈ মহাকাশ অভিযাত্ৰীক লৈ উৰা মৰাতকৈ একেবাৰতেই এশ অভিযাত্ৰীয়ে এনে চফৰৰ আনন্দ সমূহীয়াকৈ ল’ব পাৰিব। যাত্ৰীবাহী বিমানৰ লেখীয়া কাৰ্য হ’ব এয়া। উল্লেখ্য এলন মাস্কৰ এই ষ্টাৰ ছীপে কেবল এবাৰতেই এই মহাকাশ অভিযাত্ৰীক লৈ উৰা মাৰিব যে ঠিক এনে নহয়। সেই মহাকাশযানে মঙল গ্ৰহত এনে এশ মহাকাশ অভিযাত্ৰীক নমাই থৈ অহাৰ পাছত পুনৰ পৃথিৱীৰ দিশলৈ গতি কৰিব। অৰ্থাৎ পুনৰব্যৱহাৰযোগ্য এই যাত্ৰীবাহী মহাকাশ যানে আকৌ এবাৰ এই পৃথিৱীৰ পৰা পৰৱৰ্তী পৰ্যায়ত এশ গৰাকীকৈ মহাকাশ অভিযাত্ৰীক লৈ উৰা মাৰিব ৰঙা গ্ৰহ মঙল অথবা অন্য গ্ৰহলৈ।     

বিজ্ঞানীমহলৰ মাজত প্ৰায়েই চৰ্চিত হৈ আহিছে যে নিকট ভৱিষ্যতে গ্ৰহাণুৰ সৈতে পৃথিৱীৰ সংঘৰ্ষৰ ফলত আমাৰ ধৰিত্ৰী ধ্বংস হৈ পৰাৰ পূৰ্ণ সম্ভাৱনা আছে। যাৰবাবে এটা সময়ত সম্পূৰ্ণৰূপে নিঃচিহ্ন হৈ পৰিব মানৱসমাজ। বিজ্ঞানীমহলত চৰ্চিত ঠিক এনেধৰণৰ জল্পনা কল্পনাই পৃথিৱীত মানৱজাতিৰ অস্তিত্বৰ প্ৰতি সন্দিহান কৰি তুলিছে। সেইবাবে পৃথিৱী ধ্বংস হৈ গ’লেও মানুহৰ অস্তিত্ব যাতে ৰৈ যায় তাৰ প্ৰচেষ্টাৰ বাবেই এলনে এনেধৰণৰ আজৱ পন্থা গ্ৰহণ কৰিবলৈ বাধ্য হৈছে। এনে প্ৰচেষ্টা তথা এলনৰ এই ষ্টাৰছীপেই ভৱিষ্যতে  মানৱজাতিক বহু কেইটা গ্ৰহৰ বাসিন্দা কৰি তুলিব বুলিও তেওঁ দাবী কৰিছে। আনহাতে মেক্সিকোত ২০১৬ চনত অনুষ্ঠিত এক সন্মিলনৰ জৰিয়তে এলন মাস্কে নিজৰ এই স্বপ্নৰ পৰিকল্পনাৰ বিষয়ে প্ৰথমবাৰৰ অৱগত কৰাইছিল বিশ্ববাসীক। মানৱ সমাজৰ বসতিৰ বাবে মঙল গ্ৰহক লক্ষ্য হিচাপে লৈ কাম-কাজ আগবঢ়াই লৈ গৈছিল ধনকুবেৰ এলন মাস্কে। দীৰ্ঘদিনীয়া এই সপোনৰ অংশস্বৰূপে নিজৰ ষ্টাৰ ছীপক অত্যাধুনিক প্ৰযুক্তিৰে সমৃদ্ধ কৰাব বিচাৰিছে প্ৰযুক্তিবিদ এলনে। ঠিক সেইদৰে এলনৰ এই পৰিকল্পনা সঠিক দিশৰেই অগ্ৰসৰ হৈছে। সেইবাবে এলন মাস্কৰ স্বপ্নৰ এই ষ্টাৰ ছীপৰ আকৌ অংশ থাকিব দুটা। তাৰে ৰকেট অংশ হ’ব ছুপাৰ হেভী আৰু মূলত স্পেচক্ৰাফ্ট অংশটোৱে হৈছে ষ্টাৰ ছীপ।এই দুটা মিলি দৈৰ্ঘ হ’ব ৩৯৪ ফুট। অৰ্থাৎ সেয়া হৈছে  ৩৬-৩৭মহলীয়া এটা সুউচ্চ অট্টালিকাৰ প্ৰায় সমান।ইফালে কেবল ষ্টাৰছীপৰ দৈৰ্ঘই আকৌ হ’ব ১৬০ ফুট।     

এই ষ্টাৰছীপৰ মাজতেই থাকিব জ্বলন টেংক। য’ত তৰল মিথেন আৰু জুলীয়া অক্সিজেন থাকিব।এই দুয়োবিধকেই একেলগে কোৱা হয় মিথাক্সল। মিথেনৰ জ্বলনৰ ফলতেই যানখনে গতি লাভ কৰিব। আৰু এই মিথেনক দাহ্য হওতে সহায় কৰিব তৰল অক্সিজেনে। সেইদৰে ৩৪০০ টন মিথাক্সল বহন ক্ষমতা সম্পন্ন ছুপাৰ হেভীৰ দৈৰ্ঘ হ’ব ২৩০ ফুট। ইয়াৰ আকৌ ইঞ্জিনে ১০০ ৰ পৰা ১৫০ টন পৰ্যন্ত ভাৰ বহন কৰিব পাৰিব। পৃথিৱীৰ পৰা উৰা মৰাৰ পাছত মহাকাশত পদাৰ্পন কৰাৰ সময়ত ছুপাৰ হেভীৰ পৰা ষ্টাৰ ছীপ পৃথক হৈ পৰিব।কিন্তু অন্য মহাকাশযানৰ দৰেই এই ৰকেট মহাকাশত ৰৈ যোৱাৰ পৰিৱৰ্তে পুনৰ লঞ্চপেডলৈ ঘূৰি আহিব। কাৰণটো হৈছে এই ৰকেটে আকৌ দ্বিতীয়টো উৰণৰ বাবে প্ৰস্ততি চলাব। ইফালে ষ্টাৰছীপত এলন মাস্কে ৪০টাকৈ পৃথক পৃথক কেবিনৰ ব্যৱস্থা কৰিব। এনে প্ৰতিটো কেবিনতে ৪ অথবা ৫জনকৈ অভিযাত্ৰী থাকিব পাৰিব। প্ৰথম পৰ্যায়ত এই কেবিনসমূহত তিনিগৰাকীকৈ মহাকাশ অভিযাত্ৰীক নিয়াৰ পৰিকল্পনা গ্ৰহণ কৰিছে এলনে। একেদৰেই মহাকাশ ভ্ৰমণ সামৰি পুনৰ এবাৰ ষ্টাৰ ছীপ উভতি আহিব নিজস্ব লঞ্চ পেডলৈ। তাৰ পৰাই পুনৰ এবাৰ ষ্টাৰছীপে নিজকে সাজু কৰি তুলিব পৰৱৰ্তী অভিযানৰ বাবে। উল্লেখ্য,বিগত বৰ্ষত নাছাই প্ৰযুক্তিবিদ এলন মাস্কৰ এই অভিলাষী প্ৰকল্পক অনুমোদন জনাই ষ্টাৰছীপ নিৰ্মাণৰ বাবে ১৩.৫ কোটি ডলাৰৰ অনুদান আগবঢ়াইছিল।

সেইদৰে ষ্টাৰছীপক জোনবাইৰ দেশত অৱতৰণ কৰোৱাৰ পৰিকল্পনাও গ্ৰহণ কৰিছে নাছাই। আন্তঃৰাষ্ট্ৰীয় মহাকাশ গৱেষণা সংস্থা নাছাই এলন মাস্কৰ প্ৰযুক্তিগত দিশসমূহৰ ওপৰত যথেষ্ট নিৰ্ভৰশীল তথা আত্মবিশ্বাসী। ইফালে নাছাই এলন মাস্কৰ মহাকাশক লৈ চলোৱা এনে অত্যাধুনিক প্ৰযুক্তিগত দিশসমূহক সদায় সমৰ্থন জনাই আহিছে। সেইবাবে ২০২৩ চনত প্ৰথমতে জোনবাইৰ দেশলৈ তথা তাৰ পাছতেই ৰঙা গ্ৰহ মঙললৈ মহাকাশ অভিযাত্ৰী লৈ যোৱাৰ পৰিকল্পনা ৰচিছে ষ্টাৰছীপে। আনহাতে চন্দ্ৰৰ কক্ষপথত ৭দিন প্ৰদক্ষিণ কৰাৰ পাছতেই আকৌ উভতি আহিব এলন মাস্কৰ ষ্টাৰছীপ। সেইদৰে এনে মহাকাশ ভ্ৰমণৰ যোজা চলাবলৈ বিচৰা সকলৰ বাবে আগতীয়াকৈ টিকটৰ বুকিঙৰ ব্যৱস্থা কৰিব এলন মাস্কে। এলনৰ এই বৃহৎ অভিলাষী পৰিকল্পনাই যদি বাস্তৱ ৰূপ লাভ কৰে তেন্তে মহাকাশ অভিযানৰ ক্ষেত্ৰত সেয়া হ’ব কল্পনাতীত সাফল্য।

প্ৰাণজিৎ ডেকা

By