শাৰদীয়

শাৰদীয়

শাৰদীয়

এজোলোকা উৰুলি আৰু
শঙ্খধ্বনিৰ কলৰৱেৰে মুখৰিত
হৃদয় জুৰি
সুবাসিত অভিসাৰিণী শেৱালিৰ
অভিমানী পদচালন !

নিয়ৰ কণাৰ অশ্ৰুপাত আৰু
কুঁৱলীৰ মায়াবী আচ্ছাদনে
পৰাণত সানে
হংসগামিনী শুকুলা ডাৱৰৰ
আলোড়িত অভিলাষ !

কঁহুৱা কোমল সুতীব্ৰ অনুৰাগত
বিদ্যুৎস্পৃষ্ট
সেউজী ধাননিডৰাৰ
সোণগুটি ধাৰণৰ স্পৃহাৰে
অনৱগুণ্ঠিত মোৰ হিয়াত
স্বতঃস্ফূৰ্ত জোনাক !

শাৰদীয় ৰমন্যাসবাদত
আকণ্ঠ নিমজ্জিত সত্তাত
উৎসৱমুখৰতাৰ সাৱলীল প্ৰকাশ
যেন নৈসৰ্গিকতাৰ শৃঙ্গাৰৰ আভাস !

ড. আৰাধনা বৰুৱা

পাঠশালা

🏠

 

 

By