মানৱতাবাদী চিকিৎসক লোটে ছেৰিং

লোটে ছেৰিং

লোটে ছেৰিং : অন্য ৰূপত ভূটানৰ প্ৰধানমন্ত্ৰী 

ক্ষুদ্ৰ পাৰ্বত্য ৰাষ্ট্ৰ ভূটানৰ ৰাজধানী থিম্ফুৰ পৰা কিছু নিলগত অৱস্থিত জিগমে দৰ্জী ৱাংচুক চৰকাৰী হাস্পতালত সেই শনিবাৰৰ দিনটোত এগৰাকী চিকিৎসক ব্যস্ত আছিল নিজৰ চিকিৎসা কাৰ্যত। সমগ্ৰ দিনটোৰ ব্যস্ততাপূৰ্ণ সূচীৰ মাজতেই তেওঁ এগৰাকী স্থানীয় লোকৰ মূত্ৰাশয়ৰ এক সফল অস্ত্ৰোপ্ৰচাৰ সম্পন্ন কৰি  যথাসময়ত উভটিছিল দেশখনৰ ৰাজধানীলৈ।

কাৰণ তাৰ পিচৰ দিনটো অৰ্থাৎ দেওবাৰৰ বন্ধত পৰিয়ালবৰ্গৰ সৈতে কটাই ইয়াৰ পৰৱৰ্তী দিনটোত আকৌ নিজৰ অন্য এক গুৰুত্বপূৰ্ণ কাৰ্যসূচীত তেওঁ আহৰি নোপোৱাকৈ পুনৰ ব্যস্ত হ’ব লাগিব যথাসময়ত।

ইফালে দেশৰ নাগৰিকৰ নিৰাপত্তা,আৰ্থ-সামাজিক সমস্যা,দুখ-দুৰ্দশা, তথা বিভিন্ন সমস্যাৰাজিৰ মোকাবিলা কৰিবলৈ তেওঁ সপ্তাহৰ বাকী দিনকেইটাত অহৰ্নিশে আকৌ সন্মুখৰ পৰাই নেতৃত্ব প্ৰদান কৰিবলগীয়া হয়।তেওঁৰ কৰ্মষ্পৃহাক পাৰ্বত্য ৰাষ্ট্ৰখনৰ সকলো স্তৰৰ নাগৰিকেই সন্মান জনাই আহিছে।কাৰণ তেওঁ দেশৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী তথা মানৱদৰদী এগৰাকী আন্তঃৰ্জাতিক খ্যাতিসম্পন্ন চিকিৎসক।নাম লোটে ছেৰিং।

৫০ৰ দেওনা অতিক্ৰম কৰা ছেৰিং প্ৰধানমন্ত্ৰী হোৱাৰ পূৰ্বে  চিকিৎসা শাস্ত্ৰৰ লগতেই জৰিত আছিল।সেই গতিকেই এই কাৰ্য সুচাৰুৰূপে পালন কৰি গৈছে তেওঁ ।আমাৰ বাবে এনে ধৰণৰ ঘটনা কিছু পৰিমাণে আচহুৱা যেন লাগিলেও ভূটানী লোকসকলৰ বাবে তেওঁ এগৰাকী সফল চিকিৎসক তথা অতিকৈ বিশ্বস্ত প্ৰধানমন্ত্ৰী।যাৰ বাবে প্ৰায় আঠ লক্ষাধিক ভূটানী জনসাধাৰণৰ বাবেই এই গৰাকী ডাক্তৰ ৰূপী প্ৰধানমন্ত্ৰী আস্থাৰ প্ৰতীক।

সেইবাবেই দেশৰ প্ৰধানমন্ত্ৰী হিচাপে সপ্তাহৰ প্ৰতিটো দিনেই গুৰুত্বসহকাৰে পালন কৰি আহিছে তেওঁ।পিচে ‘উইকেণ্ড’ অৰ্থাৎ শনিবাৰৰ পৰাই লগে লগেই ছেৰিঙে পুনৰ বগাকোট পিন্ধি ডিঙিত স্থেথিস্কোপ লগাই নিজৰ প্ৰকৃত পেছালৈ উভটি যায়।তেওঁৰ মতে সপ্তাহটোৰ ব্যস্ততাপূৰ্ণ সূচী তথা ক্লান্তিৰ পৰা আহৰি পোৱাৰ নিমিত্তেই সপ্তাহটোৰ এটা দিন ছেৰিঙে চিকিৎসাৰ জৰিয়তে আগবঢ়াই মানৱসেৱা।

তেওঁৰ ভাষ্য অনুসৰি,সপ্তাহটোৰ শনি আৰু দেওবাৰে ব্যস্ত সূচীৰ পৰা আহৰি লৈ কোনো কোনোৱে গল্ফ খেলে,আকৌ কোনোবাই আৰ্চাৰী খেলত ভাগ লয়।ঠিক একেদৰেই প্ৰধানমন্ত্ৰী ছেৰিঙে সপ্তাহৰ অন্তিমটো দিনত চিকিৎসালয়ত অস্ত্ৰোপ্ৰচাৰ কৰাৰ উপৰি ৰোগীৰ সৈতে সময় অতিবাহিত কৰি ভাল পায়।তেওঁৰ বাবে সেয়া এক বিশেষ প্ৰেৰণাৰ উৎস তথা ভাগৰুৱা দেহ-মনক প্ৰাণ-চঞ্চল কৰাৰ এক সামন্য প্ৰয়াস।

ভূটানৰ সম্ভ্ৰান্ত পৰিয়ালত জন্মগ্ৰহণ কৰা লোটা ছেৰিঙে প্ৰাথমিক শিক্ষা নিজ দেশতেই লাভ কৰে যদিও চিকিৎসা শাস্ত্ৰ অধ্যয়নৰ বাবে ১৯৯১ চনত বাংলাদেশলৈ যাত্ৰা কৰে।তাতেই মৈমন সিং মেডিকেল কলেজৰ পৰা সুখ্যাতিৰে এম বি বি এছ ডিগ্ৰী গ্ৰহণ কৰাৰ উপৰি ২০০৩ বৰ্ষলৈ বাংলাদেশতেই কটায়।তদুপৰি ইয়াৰ মাজতেই আমেৰিকা যুক্তৰাষ্ট্ৰ,জাপান,অষ্ট্ৰেলিয়াতো প্ৰশিক্ষণ গ্ৰহণ কৰে ছেৰিঙে। ইফালে ২০১৩বৰ্ষত ৰাজনৈতিক কেৰিয়াৰ আৰম্ভ কৰা ছেৰিঙে প্ৰথমবাৰৰ নিৰ্বাচনত পৰাজয় বৰণ কৰে।ইয়াৰ পৰৱৰ্তী পৰ্যায়ত পাৰ্বত্য দেশখনত অনুষ্ঠিত তৃতীয়টো নিৰ্বাচনত জিকি আহি ২০১৮ বৰ্ষত প্ৰধানমন্ত্ৰীৰ আসনত অধিস্থিত হয় ছেৰিং।

উল্লেখ্য যে, একান্তচিত্তে পাহাৰীয়া দেশখনৰ ৰাইজৰ সেৱাত উৎসৰ্গিত প্ৰচাৰ বিমুখ লোটা ছেৰিঙে আন্ত:ৰাষ্ট্ৰীয় মহলত ক্ৰমান্বয়ে চিৰপৰিচিতি লাভ কৰে তেওঁৰ কৰ্মৰ জৰিয়তেই।  যাৰ ফলত সমগ্ৰ বিশ্বৰেই জনসাধাৰণৰ চকুত পৰে এই গৰাকী ব্যক্তি।ইফালে প্ৰধানমন্ত্ৰী ছেৰিঙৰ ভাষ্য অনুসৰি ৰাজনীতি আৰু চিকিৎসা এই দুয়োবিধ পেছাতেই আছে যথেষ্ট সাদৃশ্য।

চিকিৎসালয়ত যিদৰে ৰোগীক প্ৰথমতে বেমাৰ সম্বন্ধে পৰীক্ষা-নিৰীক্ষা কৰোৱাৰ অন্তত চিকিৎসা আগবঢ়োৱা হয়,একেদৰেই আমি ৰাজনীতিটো চৰকাৰী নীতি সমূহ চালি-জাৰি চাইহে ইয়াৰ সমাধান সূত্ৰ উলিয়াবলৈ চেষ্টা কৰো।যাৰ ফলত আমি আৰু অধিক উন্নত ফলাফল দুয়োটা ক্ষেত্ৰতেই লাভ কৰিব পাৰো বুলি তেওঁ জনায়।ইফালে লোটে ছেৰিঙৰ আশুশুধীয়া প্ৰচেষ্টাৰ বাবেই সম্প্ৰতি যথেষ্ট উন্নতি সাধন হৈছে ভূটানৰ স্বাস্থ্য খণ্ডত।

বিশেষকৈ ভূটানী লোকৰ গড় আয়ুস পূৰ্বৰ তুলনাত বঢ়াৰৰ উপৰিও শিশুৰ মৃত্যুৰ হাৰ যথেষ্ট হাৰত কমিছে লক্ষণীয়ভাবে।তথাপি কিন্তু থমকি ৰ’ব খোজা নাই জনতাৰ প্ৰধানমন্ত্ৰী ছেৰিং।

তেওঁ ভূটানী লোকক মদ্যপানৰ পৰা বিৰত ৰখাৰ উপৰি ডায়বেটিছ ৰোগবিধৰ সজাগতা তথা ইয়াৰ পৰিমাণ হ্ৰাস কৰাৰ বাবে অবিৰত প্ৰচেষ্টা চলাই যাবলৈ প্ৰতিশ্ৰুতিবদ্ধ।

সেইবাবেই প্ৰধানমন্ত্ৰীক কাৰ্যালয়ত সাক্ষাৎ কৰিবলৈ গ’লেই সকলোৱে প্ৰত্যক্ষ কৰে তেওঁ বহা চকীখনত আঁউজাই থৈ দিয়া এটি বগা ডাক্টৰী কোট।কিয়নো কোন মুহূৰ্তত কেতিয়া সেই কোট পিন্ধি চিকিৎসা কৰ্মত হঠাতেই ব্যস্ত হ’বলগীয়া হয়, তাৰ নিশ্চয়তা ছেৰিঙৰ নাই।গতিকে সেই কোটে কৰ্তব্যনিষ্ঠাৰ উপৰি ৰোগীৰ প্ৰতি থকা দায়বদ্ধতা প্ৰতিপলে সোঁৱৰাই থাকে তেওঁক।

ইফালে চৰকাৰী চিকিৎসালয়ত চিকিৎসা কাৰ্য আগবঢ়াই যাওঁতেও প্ৰধানমন্ত্ৰী ছেৰিং কোনোদিনেই অনাহক পৰিস্থিতিত পৰিব লগীয়া হোৱা নাই।হাস্পতালৰ অন্য চিকিৎসক,নাৰ্ছ তথা বাকী কৰ্মচাৰীকলে যিদৰে নিজৰ কৰ্তব্য সুচাৰুৰূপে সমাপান কৰি গৈছে,ঠিক তেনেদৰেই ছেৰিঙেও নিজৰ কৰ্ম কৰি গৈছে তাত এগৰাকী সাধাৰণ চিকিৎসকৰূপেই।

শেষত তেওঁ অস্ত্ৰোপ্ৰচাৰ কৰা ৰোগী এগৰাকীৰ কথাৰেই এই লেখাৰ সামৰণি মাৰিব বিচাৰিছো।

৪০ ঊৰ্ধবৰ এগৰাকী ৰোগীয়ে সংবাদ মাধ্যমক জনোৱা অনুসৰি দেশৰ প্ৰধানমন্ত্ৰীয়ে নিজেই আহি আমাৰ অস্ত্ৰোপ্ৰচাৰ কৰিছে।

আকৌ দেশৰ চিকিৎসা খণ্ডত তেওঁৰ সুনাম সৰ্বব্যাপী।সেইদৰে তেওঁৰ হাতত চিকিৎসা কৰিবলৈ পাই নিজকে ধন্য মনাৰ লগতে আৰোগ্য লাভ কৰিছো।ৰোগবিধৰ পৰা।

গতিকে প্ৰধানমন্ত্ৰী লোটে ছিৰিঙে এইদৰেই নিজৰ কৰ্তব্যনিষ্ঠা,একাগ্ৰতাৰে ভূটানী জনসাধাৰণৰ হৃদয় জয় কৰক।তদুপৰি দেশৰ উন্নতিত প্ৰভূত অৰিহণা আগবঢ়াই যাওক,এয়াই হৈছে সকলো ভুটানী নাগৰিকৰ আহ্বান।

প্ৰাণজিৎ ডেকা

 

By