কোৱাৰিন্টিন্ কেন্দ্ৰৰ কিছু আমোদজনক অভিজ্ঞতা

বিশ্বনাথ মহাবিদ্যালয়ত কোৱাৰিন্টিন্ কেন্দ্ৰত লাভ কৰা কিছু অভিজ্ঞতা

(প্ৰথম খণ্ড)

যোৱা এসপ্তাহ ধৰি মহাবিদ্যালয়ৰ অধ্যাপক শ্ৰীযুত তাৰানাথ মহন্ত আৰু শ্ৰীযুত দিপাংকৰ শইকীয়াৰ লগত মহাবিদ্যালয়ৰ কোৱাৰিন্টিন কেন্দ্ৰত কৰ্তব্যত ব্যস্ত৷ আমাৰ কাম হল কোৱাৰিন্টনৰ বাবে অহা লোক সকলক নাম ভৰ্তি কৰি তেওলোকৰ সম্পূৰ্ণ ভ্ৰমণ ইতিহাস লৈ নিদিষ্ট কোঠাত ৰখা , কেন্দ্ৰত থকা সময়ছোৱাত তেওলোকৰ সম্পূৰ্ণ চোৱাচিতা কৰা আৰু নিদিষ্ট সময়ত কৰনা পৰীক্ষাৰ ঋণাত্মক ৰিপৰ্ট আহিলে নিদিষ্ট প্ৰক্ৰিয়াৰ মাজেৰে তেওলোকক হোম কোৱাৰিন্টিনৰ বাবে ৰিলিজ্ দিয়া ৷

প্ৰথম পৰ্যায়টোত সিমান একো অসুবিধা হোৱা নাছিল৷ মানুহ খিনিয়েও যথেষ্ট সহযোগ কৰে৷ কাৰণ প্ৰায়খিনিয়ে বুজিছিল কলেজ এখনৰ শ্ৰেণীকোঠাত সকলো সুবিধা উপলব্ধ নহব৷ মাজতে মাত্ৰ এজনী ছোৱালী আহি কলে ” মই কিন্ত 5 ষ্টাৰ হোটেলত থাকি অহা৷ কিবা অসুবিধা পালে মই কিন্ত ইয়াত নাথাকো “৷ তাইৰ কথাৰ ভংগীত আমি সকলোৱে অলপ চকিত্ হলো৷ সচৰাচৰ এনে হাই্ ক্লাছ সকলৰ বাবে সুকীয়াকৈ ব্যক্তিগত খৰচত হোটেলত থকাৰ সুবিধা চৰকাৰে ৰাখিছে৷ এও বা কিয় সেই সুবিধা লোৱা নাই সেয়াহে বুজা নগল৷ সেয়া আচলতে তেওৰ সীমাৰ পৰিধি ভা্ঙি দিয়া লেবেল্ যেন অনুমান হল৷ ইয়াৰ পাছত দিন যোৱাৰ লগেলগে আমি সন্মুখীন হলো বিভিন্ন পৰিস্থিতিৰ৷

” চাৰ , আমাৰ বাথৰুমটো (অস্হায়ী) লৰা বিলাকে অলপ অলপ ভা্ঙি থৈ দিছে৷ “৷ দুজনী মান ছোৱালীয়ে আমাক আপত্তি দিলেহি৷ কি কাৰণত কিছুমান দুষ্ট প্ৰকৃতিৰ লৰাই ছোৱালীয়ে ব্যৱহাৰ কৰা বাথৰুমটো ভাঙি থৈছে কাৰণটো বহলাই নকলেও সকলোৱে বুজি পালো৷ তাতে প্ৰায় খিনি ডেকা লৰা ৷ সমস্যাটো সমাধান কৰা হল যেনিবা৷ তাৰ পাছত….

” চাৰ ৷ লৰা বিলাকে জা্ঙিয়া পিন্ধি বাহিৰত গা ধুই থাকে ৷ চাৰ কওকচোন আমাৰ বাৰু লাজ নালাগে নেকি? কবচোন সিহঁতক “৷ আন এদিন এইটো সমস্যা লৈ আহিল দুজনীমান৷ সুৰক্ষাৰ খাতিৰত আমাৰ আক’ ৰুম বিলাকত প্ৰবেশ নিষিদ্ধ৷ ক্লিনাৰ লৰা জনক সকলোকে জনাই দিবলৈ কলো যে আৰু যেন কোনেও মুকলিত গা নোধোৱে৷ সংবেদনশীল বিষয় এটি সমাধান হল যেনিবা৷

” চাৰ ৷ছোৱালীএজনীয়ে আমাৰ ৰুমলৈ প্ৰায়ে আহি থাকে৷ ৰুমত ইটো সিটো চুই থাকে আৰু একেবাৰে কাষলৈ আহি যায় ৷আমি যিমান পাৰি আতৰি থাকো কিন্ত কেনেবাকৈ যদি কৰনাই পায় চাৰ৷ আপোনালোকে তাইক কবচোন নাহিবলৈ “৷ কেইজনমান লৰাই গোচৰ দিলেদি৷ তাইকো যেনিবা কোৱা হল আৰু লৰাৰ ৰুমলৈ আহিবলৈ বাধা দিয়া হল৷

” চাৰ৷ আমাক ভাত দিয়া গাড়ীখনৰ মানুহ খিনিক কবচোন ৷ আমাক ভাতখিনি ভালকৈ দিবলৈ৷ আমি বাৰু কুকুৰ নেকি কওকচোন৷ একষ্ট্ৰা ভাত খুজিলে আমালৈ দলিয়াই দিয়ে৷ নিজকে কুকুৰ কুকুৰ লাগে চাৰ৷ ” প্ৰচন্ড খঙত কেইজনমানে আপত্তি দিলেহি৷ বুজাই বঢ়াই যেনিবা ঠান্ডা কৰিলো৷ “আচলতে ভাত দিয়াৰ লগেলগে তোমালোকে ঘেৰি ধৰা যে গতিকে কৰনাই পাই বুলি তেওলোক দলিয়াই দিবলৈ বাধ্য হয়৷ তোমালোক অলপ আতৰি থাকিবা ৷দিবলৈ তেওঁলোকৰ সুবিধা হব৷” আমি এনেদৰে বুজাব বিচৰা খিনি তেওঁলোকে বুজিলেনে নাই সেইটোহে বুজা নগল৷

ইয়াৰ পাছতো যে কত কি সমস্যা অ’ ৷ কাৰোবাৰ ৰুমত লাইট নজলা হয় কাৰোবাৰ আক ফেন নচলা হয়৷ কাৰোবাৰ আঠুৱাৰ ৰচী কোনোৱাই খুলি লৈ যায় কাৰোবাৰ খোৱা পানী পয্যাপ্ত নহয় কোনোটো ৰুমত ম’হ বেছি ৷ মুঠতে বিভিন্ন সমস্যা লৈ মানুহ খিনি আমাৰ ওচৰলৈ আহি থাকে আৰু আমি বিশ্বনাথ মহাবিদ্যালয়ৰ অধ্যক্ষ মাননীয় ড° চিন্তামনি শৰ্মাদেব আৰু তত্ত্বাৱধায়ক তাৰানাথ মহন্ত ডাঙৰীয়াৰ পৰামৰ্শমতে সমস্যা বিলাক যিমান পাৰি সমাধান কৰি আহিছো ৷ইয়াৰ উপৰিও কোনোটোৰ মাকে আক’ পুতেকলৈ অপত্য স্নেহত ভাল বস্তু আনিছো বুলি কৈ বৰবিহ সোপা যেনে কে্ পি বা বিমল লৈ আহে আৰু বাহিৰৰ পৰি কোনো বস্তু দিয়াত নিষেধাজ্ঞা থকা স্বত্বেও দিবলৈ আমাক খাটনি ধৰে৷ উহ্ দিবলৈ নিদিয়াকৈ ঘুৰাই পঠিয়াৱাটো যে কি সমস্যা৷ পাছৰ ফালে কোনোবা মানুহ আমাৰ ফালে আগবাঢ়ি অহা দেখিলেই বুকু খন কপি উঠা হল ৷ ই বা আক’ কি সমস্যাৰ কথা কৈ আমাক জৰ্জড়িত কৰি তোলে ৷

মাজতে এদিন দেখিলো ইমান দুৰ্যোগৰ মাজতো এগৰাকী আমাৰ নিচেই কাষতে বিভিন্ন ভংগীত নৃত্যত ব্যস্ত৷ পাছত গম পোৱা গল তেও চাইনাৰ দ্বাৰা আবিস্কৃত আন এটি ভাইৰাছত আকান্ত নাম যাৰ টিকটক্ ৷

যি কি নহওক সকলো মোটামুটি ঠিকেই চলি আছিল যেতিয়ালৈকে তলৰ অভাৱনীয় ঘটনাটো ঘটা নাছিল ৷

” আজি মই ইয়াত চবকে কাটিম৷ সদায় সদায় কি ধেমালি কৰিবলৈ আহিছে৷ চালা মানুহ চিনি পোৱা নাই (অবাইচ) ” এই বুলি কলেজৰ গেটৰ ওচৰত কাৰোবাৰ বিৰাট আষ্ফালন ৷ প্ৰথম ছোৱাত হুলস্থূল এটা শুনি আছিলো যদিও কামৰ ব্যস্ততাৰ বাবে ইমান গুৰুত্ব দিয়া নাছিলো ৷ আমাৰ অফিচটো গেটৰ একেবাৰে গাতে লাগি থকা বাবে অবাইচ মাতটো কানত বৰকৈ লগাত কি হৈছেনো প্ৰকৃততে জানিবলৈ চেষ্টা কৰিলো ৷ তেতিয়াহে গম পোৱা গল উপৰোক্ত সংলাপ খিনি আমাক উদ্দেশ্য কৰিয়েই কোৱা হৈছে৷ আৰু সেই মহান ব্যক্তি জনৰ মহ্ৎ কামফেৰাৰ চিকাৰ আমিয়েই হবলৈ গৈ আছো৷ কিয় ইমান গন্ডগোল কৰিছ বুলি সোধাত একেবাৰে চিঞৰি চিঞৰি কলে

“আজি 20 দিন হল মানুহজনী ৰিলিজ দিয়া নাই ৷ সদায় কাইলৈ হব বুলি কয় কিন্ত নহয় ৷ মানুহজনী নোহোৱাকৈ মই মতাটো কেনেকৈ আছো মইহে জানো৷ আজি মই কোনো কথাই নুশুনো৷ মই (অবাইচ)চবকে কাটিমেই ৷” ইপিনে আক দেখিলো তেও যুদ্ধলৈ অকলে অহা নাই লগত সৈন্য সামন্ত কেবাজনো

কথা বিষম দেখি মই মহন্ত দাক সুধিলো ” মহন্ত দা ৷ আমিতো কৰনাৰ পৰা দেশখনক বচাবৰ কাৰণে লাগি আছো ৷ কিবা এটি হলে শ্বহীদৰ সন্মানটো পামনে ?” ৷মহন্ত দাই পাম বুলি কৈ হাঁহিলে৷

ইপিনে বপুৰাই লম্ফজম্ফ এৰাই নাই৷ মনত সাহ গোটাই তিনিও মিলি ওলোটাই তাক ভয় খুৱাবলৈ চেষ্টা কৰিলো ৷আৰু ৰিস্ক লৈ তাতকৈ ওপৰত দম দিবলৈ চেষ্টা কৰিলো (আগেপাছে দেখিছো কোনোবাই দম দিলে তাৰ ওপৰত দিলে কামত আহি যায়)৷ কিন্ত এখেত দেখোন শেনৰ এজাত৷ গম পালো জুলীয়া কন গলাধঃকৰণ কৰি তেখেত একেবাৰে আত্মবিশ্বাসৰ তুংগত আছে ৷ ইতিমধ্যে আমাৰ লগত থকা সুৰক্ষাকৰ্মীও আহিল ৷ মহন্ত দাই উপায়ুক্তকো বিষয়টো অবগত কৰিলে৷ সুৰক্ষাকৰ্মী কেইজনেও তাক ধৰি ভিতৰলৈ লৈ আহিল৷ অনতিপলমে থানাৰ পৰা পুলিচৰ গাড়ীও উপস্থিত হলহি৷ লগেলগে দেখোন সিংহৰ দৰে গৰজি থকা বপুৰা ভিজা মেকুৰী৷ ঘৰ চতিয়াত বোলে ৷ দুই চাৰি চাত্ লগাই তাক পুলিচে থানালৈ লৈ যাব ধৰোতেই ইফালে আক’ ঘৈণীয়েকৰ কন্দাকতা তাক নিনিবলৈ ৷যদি নিয়ে তাইয়ো হেনো তাৰ লগত থানতে থাকিবগৈ৷ কি আপদ ৷পিছত যেনিবা বুজাই বঢ়াই তাইক ৰখা হল৷ তাইৰ মুখলৈ চাই থানালৈ ফোন কৰি তাৰ কেছ টো ৰেজিষ্টাৰ নকৰিবলৈ কৈ দিয়া হল৷

এনেদৰে আমাৰ ডিউটি চলি আছে৷

ড° পুলক সভাপন্ডিত, অধ্যাপক, বিশ্বনাথ মহাবিদ্যালয়

By admin

Leave a Reply

Your email address will not be published. Required fields are marked *

45 − 39 =