টাৱাং ভ্ৰমণৰ অভিজ্ঞতা

সূৰ্য উঠা দেশলৈ ডাৱৰৰ মাজত লুকাভাকু খেলি গিৰিৰাজ হিমালয়ৰ সুধা পান কৰিবলৈ এদিন ধপলিয়ালো অপৰূপা টাৱাংলৈ।

        অক্টোবৰ মাহৰ শেষৰ সপ্তাহ ।বিশ্বনাথৰ পৰা টাৱাংলৈ স্থলপথেৰে দূৰত্ব প্ৰায় ৩৯০ কি.মি। অসমসীমান্তৰ ভালুকপু্ং পাৰ হৈ কামেংৰ পাৰে পাৰে সৰ্পিল গতিপথেই প্ৰধান আলিবাট।৫০০০ ফুট উচ্চতাত ৰূপ উপত্যকা ,টেং উপত্যকা পাৰ হৈ গন্তব্যস্থানলৈ উচ্চতা প্ৰায় ৮০০০ ফুট। ব’মডিলা পশ্চিম কামেং জিলাৰ সদৰ ঠাই।১৯৬২ চনত হোৱা চীনা আক্ৰমণৰ ভয়াবহ স্মৃতি যেন ব’মডিলা চহৰ খনে বহন কৰিছিল।সমগ্ৰ এলেকাত থকা স্মৃতি ফলক আৰু যুদ্ধৰ বাংকাৰ বোৰে যুদ্ধৰ ভয়াবহতাৰ কথা সোঁৱৰাই দিছিল।তিব্বৰ্তী সকলৰ অতুলনীয় কাৰিকৰী দক্ষতাৰে তৈয়াৰী  বিবিধ কুটীৰ শিল্পজাত সামগ্ৰী সম্ভাৰেৰে এই অঞ্চলটি চহকী। চহৰখনৰ নৈসৰ্গিক প্ৰাকৃতিক দৃশ্যৰ লগতে পাহাৰৰ ওখ-চাপৰ টিলাত থকা অসংখ্য আপেলৰ বাগিচাই মোক আপোনপাহৰা কৰি তুলিছিল।

      একা বেকা সৰ্পিল পথৰে আমাৰ গাড়ী আগবাঢ়িছিল দিৰাংৰ মাজেৰে।দিৰাং টাৱাং জিলাৰ মহকুমা । এই অঞ্চল টোৱে কৃষি,পশুপালন আৰু চাৱতি নদীৰ তীৰত বিবিধ শস্য আৰু ফলমুলৰ বাগিচাই সেই অঞ্চলৰ মানুহৰ কৃষিৰ ওপৰত থকা শ্ৰমৰ মৰ্য্যদা প্ৰদৰ্শন কৰি আহিছে। আমাৰ গাড়ীখনে দিৰাং এৰোতে প্ৰায় বেলি লহিয়াইছিল।

         লাহে লাহে শীত যেন সোমাই আহিছিল শৰীৰৰ মাজলৈ।অন্ধকাৰ নামি অহাৰ বাবে গাড়ীৰ পোহৰত সৰ্পিল পথৰ অংশ বোৰৰ ব‍হিৰে একোৱে দেখা ন‍াছিলো।মোৰ সহযাত্ৰী মোৰ সমন্ধীয় বাইদেউ গৰাকীয়ে ক’লে—আমি চেলাপাছ পাইছো ,ইয়াত শূন্য ডিগ্ৰীতকৈয়ো কম তাপমাত্ৰা থাকে।আমি প্ৰায় নিশা ১২ মান বজাত হোটেল উঠিছিলোগৈ। যাত্ৰা পথৰ বিভিন্ন স্থানৰ পৰা দেখা পাইছিলো টাৱাং মনেষ্ট্ৰিৰ বিজুলী বাতিৰে আকাশত ওলমি থকা এখন আলোক উজ্জ্বল ছৱিহে।

পিছদিনা পুৱা অতি সোনকালে ওচৰ পাজৰৰ ঠাই সমূহ চোৱাৰ হেঁপাহৰে ওলালো,যদিও কুঁৱলীৰ বাবেই আগবাঢ়িব নোৱাৰিলো।লগতে বাহিৰত হিমচেঁচা বতাহ।হোটেলৰ খিৰিকি খুলিলেই দেখা যায় বিখ্যাত টাৱাং মনেষ্ট্ৰি। পৰ্বত ওখ টিঙত স্থাপন হোৱাৰ বাবেই আমি যাত্ৰা পথৰ বহু স্থানৰ  পৰাই এই মনেষ্ট্ৰিটো দেখা পাইছিলো।এই মঠ বা মনেষ্ট্ৰি বোৰক মনপা সকলে “গোম্পা” বুলি কয়। মঠটো আজিৰ পৰা প্ৰায় ৩৫০ বছৰ  আগতে স্থাপন কৰা। গোম্পাটোৰ সন্মূখত থকা নৱনিৰ্মিত তোৰণখনৰ কাৰু-কাৰ্য্য চালে আচৰিত নহৈ নোৱাৰিব। গোম্পাটোত থকা লামা সকলক দেখিলে মনটো নিজে নিজে আধ্যাত্মিকতাৰ ফালে ঢাল খাই যায়। প্ৰায় বোৰ বৌদ্ধ পৰিয়ালৰ পৰা অন্ততঃ এজনকৈ ল’ৰা জন্মসূত্ৰে নাইবা নিজে দীক্ষা লৈ নিজকে লামা কৰি তোলে।

     এই গোম্পাটোৰ কাৰু-কাৰ্য্য আৰু ইয়াৰ পৰিবেশ আপুনি স্বচক্ষুৰে প্ৰত্যক্ষ  নকৰিলে অনুভব কৰিব নোৱাৰিব। টাৱাং গোম্পাটো তিনি মহলীয়া ।একে বাৰে তলৰ তলাত বৌদ্ধ লামাৰ সকলৰ বাহিৰে বাহিৰা মানুহৰ প্ৰৱেশ নিষেধ ।তলৰ প্ৰৱেশদ্বাৰ বোৰত অপূৰ্ব তৈল্যচিত্র।কাৰু-কাৰ্য্য ৰাজকীয় ।এই গোম্পাটো সমগ্ৰ দক্ষিণ এচিয়া ভিতৰতে অন্যতম বৃহৎ। গোম্পাটোৱে বৰ্তমান মনপা জনগোষ্ঠীৰ প্ৰধান ধৰ্মীয় স্নায়ুকেন্দ্ৰ। এই গোম্পাৰ ভিতৰ বেদীৰ ওপৰত প্ৰতিষ্ঠিত তিনি মহলা জুৰি প্ৰায় ১৮ ফুট উচ্চতাৰ বৌদ্ধ মূৰ্তি । বেদীৰ ওপৰত এহেজাৰটা পানীৰ পাত্র আৰু এহেজাৰটা চাকি জ্বলি আছিল। পৰিৱেশ টো দেখি আপোনা-আপুনি মূৰ দোঁ খাই গৈছিল। ইয়াৰ পৰিৱেশ টো দুই এটা শব্দৰে প্ৰকাশ কৰাটো অসম্ভব ।ইয়াত পৰ্যটনৰ বাবে অান এটা আকৰ্ষনৰ কেন্দ্ৰ হৈছে গোম্পাৰ তিনি মহলাত থকা বিশাল মিউজিয়াম আৰু গ্ৰন্হাগাৰটো। ইয়াতে বৌদ্ধ ধৰ্মগুৰু ষষ্ঠ  দালাই লামাই ব্যৱহৃত ” থমকা”খন সংৰক্ষিত হৈ আছে।এই থমকা খনত আচৰিত ধৰণে সোণৰ পানীৰে লিখিত ধৰ্মবাণী আৰু সোনৰ সূতাৰে অপূৰ্ব কাৰু-কাৰ্য্য খচিত । তেওঁলোকৰ পৰা জানিব পৰা মতে গোম্পাটোত ৬০০ জন মান মনপা সন্ন্যাসীয়ে বসবাস কৰে। তেওঁলোকৰ দিনটোৰ কৰ্মজীৱন আৰম্ভ হয় পুৱাৰ প্ৰাৰ্থনাৰে।দিনটোত ধৰ্মীয় শিক্ষা,বিজ্ঞান,দৰ্শন শাস্ত্ৰ ,ভাষা চৰ্চা কৰি গধূলি স্তোত্ৰ পাঠ আৰু ধৰ্মীয় গীতেৰে দিনটোৰ কাম কাজ সমাপন কৰে।ঐতিহাসিক এই গোম্পাটোৱে আন ১৭টা গোম্পা নিয়ন্ত্ৰণ কৰে। মহিলা সন্ন্যাসী সকলৰ বাবেও আছে আন্নি গোম্পা বোলা অন্য এক নিদ্ধাৰিত স্থান।

      তাৰ পাছত আমি চাইছিলো গৈ “টি গোম্পা”। টি গোম্পাৰ পৰাই দেখা যায় সুদূৰৰ চীনদেশৰ গাওঁবোৰ।এই  নৈসৰ্গিক সৌন্দৰ্য্য বোৰৰ মাজত নিজকে হেৰাই যোৱাৰ হাবিয়াস হৈছিল। সচাঁকৈ প্ৰকৃতিৰ অন্যবদ ৰূপ । টি গোম্পা যোবাৰ পথতে পাই যায় SANGETSER নামৰ হ্ৰদ টি। ই “মাধুৰী লেক” বুলিয়েই বেছি জনপ্ৰিয়। এই বৃহৎ হ্ৰদতোৰ মাজত আছে শুকান পাইন জাতীয় বহু গছ। হ্ৰদতো ডিচেম্বৰ মাহৰ পৰা মাৰ্চ মাহলৈকে বৰফৰে ঢাক খাই থাকে। সমন্ধীয় বাইদেউৰ ঘৰত দুদিন মান থাকিয়ে যিমান পাৰো ওচৰৰ সৰু সুৰা ঠাই , গাওঁ বোৰ আৰু মনপা জাতিৰ দুই এটা  উৎসৱত ভাগ লোৱাৰ সৌভাগ্য হৈছিল।

           লাহে লাহে উভতনি যাত্ৰা —উদ্দেশ্য জংলৈ । টাৱাং এৰি যিমানেই তললৈ নামি আহিছিলো সিমানে প্ৰকৃতিৰ ৰূপবোৰ মোৰ দুচকুত এখন স্থিৰচিত্ৰ বোৰৰ দৰেই ধৰা দিছিল।আমি অাহি নৌৰাং জলপ্ৰপাতৰ চোতালতে ৰখিছিলো।প্ৰায়  ৩০০ ফুট ওপৰৰ পৰা পানী আহি শিলত পৰিছিলহি।সূৰ্যৰ ৰশ্মি য’তেই আহি পৰিছিল তাতেই ৰং বৰ্ণালীৰ অপূৰ্ব খেলা। সমগ্ৰ আকাশ খনেই যেন সাতোৰঙী হৈ পৰিছিল। আমি নৌৰাং জলপ্ৰপাত অতিক্ৰম কৰি চেলাপাছ পোৱাৰ আগে আগে পথৰ দাঁতিতে পাইছিলো “যশৱন্ত গড়”।সেনাৰ চতুৰ্থ গাড়োৱাল সৈনিক পৰা “যশবন্ত বাবা” হোৱালৈ ইয়াৰো আছে এক অলৌকিক কাহিনী ।

সেনা সকলে আজিও বিশ্বাস কৰে যে ৪৮ ঘণ্টাৰ পূৰ্বেই সদা সৰ্তক প্ৰহৰী যশৱন্ত বাবাই তেওঁলোকক সৰ্তক কৰি দিব। আজিও তেওঁলোকে বছৰৰ অক্টোবৰ মাহত বাবা ছুটিত যায় বুলি বিশ্বাস কৰি এই মাহটোত সেনাসকল অতি সৰ্তক হৈ থাকে। উল্লেখযোগ্য যে ভাৰত চৰকাৰে আজিও মৰণোত্তৰভাৱে তেখেতক পদোন্নতি দি আহিছে। বৰ্তমান তেখেত ভাৰতীয় সেনা বাহিনীৰ কেপ্তেইন। এতিয়াও যশৱন্ত বাবাই ব্যৱহাৰ কৰা বিচনা , সাজপাৰ, কলম, পদক, চিঠি পত্ৰ আদি স্মৰণীয় সযতনে সাঁচি থোৱা আছে বাংকাৰৰ ভিতৰত।আন এটা কোঠাত আছে বাবাৰ আলোকচিত্ৰ আৰু পিতলৰ মূৰ্ত্তি। এই যশৱন্ত গড়ৰ যি পৰিবেশ নিজ চাক্ষুসে প্ৰত্যক্ষ নকৰিলে অনুভৱৰ অতীত।

     আমি যশৱন্ত গড়ত এঘন্টা মান সময় কটাই নিজ বাট বুলিলো। তাৰ কিছু সময় পাছতে পাইছিলো পৃথিৱীৰ দ্বিতীয় সৰ্বোচ্চ গিৰিপথ চেলাপাছ।চেলাপাছ পোৱাৰ আগে আগে ৰাস্তাৰ কাষতে আছে চিলাৰ স্মৃতিত স্থাপন কৰা চিলা মন্দিৰ। ইয়াৰ কাষতে আছে এটা মনোমোহা হ্ৰদ । চিলাৰ স্মৃতিৰ প্ৰতিবিম্ব ইয়াত দেখা যায় বহু আতঁৰৰ পৰা। পৰ্বতৰ ভাঁজত থকা স্মৃতিসৌধটো চকুত পৰাৰ আগতেই হ্ৰদৰ পানীত প্ৰতিবিম্বটোহে মানুহৰ চকুত পৰে। চিলামন্দিৰ পাৰ হোৱাৰ পাছৰ পথ ছোৱা অতি ভয়াবহ আৰু বিপদ সংকুল হৈ পৰিছিল। পথৰ দুয়োকাষে অতি গভীৰ খাৱৈ। তললৈ চালে ডাৱৰৰ বাদে একো নেদেখি। ডাৱৰৰ মাজে মাজে যেন স্বৰ্গলৈ বাট বুলিছিলো । সচাঁকৈয়ে এক অনন্য আভিজ্ঞতা।

       অৰুণাচল প্ৰদেশৰ অন্যান্য অঞ্চলৰ দৰে টাৱাঙলৈ যাবলৈ ইনাৰলাইন পাৰ্মিট লোৱাটো বাধ্যতামূলক। তেজপুৰৰ পৰা টাৱাঙলৈ চৰকাৰী বাচৰ লগতে বেচৰকাৰী বাহনো চলাচল কৰে। এই যাত্ৰাৰ বাবে সময় লাগে ১৫ পৰা ১৬ ঘন্টা। হেলিকপ্টাৰৰ দ্বাৰাও টাৱাঙলৈ যাব পাৰি।

       মনপা জনগোষ্ঠীৰ গৃহভূমি, বনৰীয়া ফুল আৰু পৰ্বতীয়া নিজৰাৰ দেশ টাৱাঙক ভূ স্বৰ্গ বুলি ক’ব পাৰি। প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপুৰ প্ৰতি টুকুৰা স্থানৰে একোটা নিজস্ব ৰূপ আছোঁ। খোলা মনৰ মনপা সকলে কম সময়তে সকলোকে আপোন কৰি ল’ব পাৰে। ইয়াত পৰ্যটক থাকিব পৰাকৈ বহুতো উন্নত হোটেল আৰু ল’জ আছে। চৰকাৰী অতিথি শালাৰ লগতে আৱৰ্ত ভৱন আছে। পৰ্যটকৰ বাবে নৈসৰ্গিক সৌন্দৰ্য্যৰ মাজত থকা ৰূপৱতী শৈল্য চহৰ টাৱাং বৰ্ণময় আৰু স্বপ্নময়। অসীম নীল আকাশৰ গাত আঁউজি পৰ্বতৰ শৃংগৰ বুকুৰ পৰা বাগৰি অহা জান জুৰি নিজৰা, সূৰ্যৰ উজ্জ্বল প্ৰভাতত বৰফৰ মুকুটা পিন্ধা পৰ্বতৰ শৃংগমালাই সৃষ্টি কৰা দৃশ্যাৱলী, কল্পনাবিলাসী মনেৰে কল্পনা কৰিব পৰা যি কোনো দৃশ্যতকৈ মনোৰম, সপোনতকৈও ৰমনীয়। টাৱাঙৰ দৃশ্যবোৰ মনৰ মণিকোঠাত সযতনে সাঁচি থ’ব পাৰি সমগ্ৰ জীৱনলৈ।

নিবেদিতা শইকীয়া

By