শান্তি আৰু সৌন্দর্যৰ চহৰ পুডুচেৰী (পণ্ডি)

২০১৯ চনৰ জানুৱাৰী মাহৰ ২ তাৰিখে আমি চেন্নাই গ’লো। উদ্দেশ্য আছিল আমাৰ একমাত্ৰ পুত্ৰ লিঅ’ৰ এটি সমস্যাৰ বাবে উন্নত চিকিৎসকৰ পৰামৰ্শ লোৱা লগতে মোৰ আৰু পত্নী কিশোৰীৰ সম্পূৰ্ণ স্বাস্থ্য পৰীক্ষা কৰোৱা। সেইমতেই চেন্নাইত গৈ গ্ৰীমচ্ ৰোডত থাকি এপল’ চিকিৎসালয়ত প্ৰথমদিনা শিশু বিভাগত পুত্ৰৰ পৰীক্ষা আৰু দ্বিতীয়দিনা আমাৰ স্বামী-স্ত্ৰীৰ সম্পূৰ্ণ স্বাস্থ্য পৰীক্ষা সুকলমে হৈ গ’ল। Ask Apollo app ৰ জড়িয়তে আগতেই অনলাইন বুকিং কৰা আছিল বাবে কোনো অসুবিধাৰ সন্মুখীন নহ’লো।

চেন্নাইত ফুৰাৰ মন নাছিল। সেয়েহে আমি তাত এদিন সন্ধিয়া মেৰিণা বীচ্চলৈ যোৱাৰ বাহিৰে ক’তো নগ’লো। মই পাছে ভ্ৰমণ কৰি ভাল নাপাওঁ বুলি শ্ৰীমতীৰ মোৰ বিষয়ে এটি ধাৰণা আছে। প্ৰকৃততে মই বেছি ভিৰ থকা ঠাইলৈ গৈ ভাল নাপাওঁ। কিন্তু, মোৰ শ্ৰীমতী সুদাই এৰা ভকত নহয়। তেওঁ ভ্ৰমণ কৰি খুউব ভাল পায়। আমাৰ কামখিনিত বেছিদিন লাগিব পাৰে বুলি চেন্নাইত আমি আৰু দুটামান দিন বেছিকৈ হাতত ৰাখিছিলো আৰু তাৰ পাছত ৭ জানুৱাৰীত আমি হায়দৰাবাদ যাবলৈ বিমানৰ টিকট কৰা আছিল। এতিয়া যিহেতু আমাৰ কামবোৰ আগতীয়াকৈ সম্পন্ন হ’ল আৰু আমাৰ হাতত আৰু দুটাদিন বাকী থাকিল, শ্ৰীমতীৰ ভ্ৰমণপিপাসু মনটো জাগ্ৰত হৈ উঠিল । বিচাৰ-খোচাৰ আৰম্ভ হ’ল যে চেন্নাইৰ ওচৰে-পাজৰে আমি এই দুদিনত ক’ত যাব পাৰোঁ?

ঠিক তেনেতে ৪ (চাৰি) তাৰিখে মোৰ কৰ্মস্থলী কৃষি বিজ্ঞান কেন্দ্ৰ, দৰঙৰ মুৰব্বী পদৰ পৰা ২০১৮ চনৰ ৩ নবেম্বৰ তাৰিখে বদলি হৈ বৰ্তমান চিলঙনী কৃষি গৱেষণা কেন্দ্ৰৰ প্ৰধান বিজ্ঞানী ড৹ পৱিত্ৰ বৰদলৈ ছাৰে ফোন কৰিলে। এইখিনিতে ছাৰৰ বিষয়ে দুআষাৰ ক’বই লাগিব। তেখেতৰ দৰে দেবতুল্য ব্যক্তিৰ সান্নিধ্যত অহাটো সঁচাকৈ ভাগ্যৰ কথা। ছাৰৰ বাবে সকলো মানুহ সমান। কেনেকৈ ছাৰে সকলোৰে খবৰ ৰাখিব সময় পায় সেইটোও আচৰিত হ’বলগীয়া কথা। সকলো কামতে পাৰ্গত আৰু নিখুঁট। তেখেতৰ বিনম্ৰতা সকলোৰে বাবে অনুকৰণীয়। এক কথাত তেখেত স্বয়ংসম্পূৰ্ণ।

বৰদলৈ ছাৰে প্ৰথমে আমাৰ চিকিৎসাৰ খবৰ লৈ আমাৰ পৰৱৰ্ত্তী পৰিকল্পনাৰ বিষয়ে সুধিলে। মই তেখেতক আটাইখিনি কথা জনালোঁ আৰু দুদিনত ফুৰিবলৈ ক’ত যাব পাৰি সেই বিষয়েও তেখেতৰ মতামত বিছাৰিলো। তেওঁ মোক ক’লে যে পুডুচেৰী চেন্নাইৰ পৰা বেছি দূৰ নহয় আৰু তেখেতৰ এগৰাকী বন্ধু তাত থাকে যিগৰাকীয়ে মোক কিবা সহায় লাগিলে কৰিব পাৰিব। মোক বন্ধুগৰাকীৰ ফোন নম্বৰটোও দিলে। পুডুচেৰী যিহেতু শান্ত ঠাই বুলি এক ধাৰণা আছিল, সেয়েহে ছাৰৰ প্ৰস্তাৱটি মই ভালেই পালো। মোৰ কিন্তু বৰদলৈ ছাৰৰ বন্ধুগৰাকীক ফোন কৰিবলৈ বেয়া লাগিল। ছাৰৰ বন্ধু, মইনো কিয় তেখেতক কষ্ট দিওঁ, তেনেকুৱা এটা ভাৱ মনলৈ আহিল। সন্ধিয়া আকৌ বৰদলৈ ছাৰে ফোন কৰি সুধিলে “তুমি ফোন কৰিলানে?” মই মোৰ মনৰ ভাৱখিনি ছাৰক ক’লো। ছাৰে ক’লে যে সেইবোৰ চিন্তা কৰাৰ কোনো কথা নাই। বন্ধুগৰাকী বৰ ভাল মানুহ, তেখেতক ইতিমধ্যে মোৰ কথা সকলো জনোৱা হৈছেই। গতিকে, ফোন কৰিলেই তেখেতে সকলো ব্যৱস্থা কৰি দিব। বৰদলৈ ছাৰৰ কথামতে মই ততাতৈয়াকৈ বন্ধুগৰাকীক ফোন কৰিলোঁ। তেখেতৰ নাম আছিল ভেল’মণি। মই তেওঁক ছাৰ বুলিয়েই সম্বোধন কৰিলোঁ। তেওঁ হিন্দী ভাষাও ভালকৈ নাজানিছিল। গতিকে, আমাৰ সকলো কথাবতৰা ইংৰাজীতেই চলিল। তেখেতে মোৰ কিমানদিনৰ যাত্ৰা, কেনেকুৱা হোটেল লাগিব, কি খাম, কি কি চাব মন আছে আটাইখিনি সুধিলে। মই ক’লো যে অহা-যোৱা লৈ আমাৰ হাতত মাত্ৰ দুদিন আছে। যিদিনা যাম সেইদিনাই যি পাৰো চাই পিছদিনা আহি সন্ধিয়া চেন্নাই এয়াৰপ’ৰ্ট পাব লাগিব। হোটেল লৈ বিশেষ কথা নাই। এদিনেই ৰাতি থাকিম যেতিয়া যিকোনো ভাল হোটেল এখন হ’লেই হ’ল। তেখেতে ক’লে যে বীচ্চ ৰোডত সাগৰলৈ মুখ কৰি থকা হোটেল পোৱা যায় আৰু “শ্ৰীঅৰবিন্দ_আশ্ৰম” ৰ তত্বাৱধানৰ গেষ্ট হাউচো পোৱা যায় য’ত ভাড়া বহুত কম হয়। কিন্তু, আশ্ৰমৰ গেষ্ট হাউচত থাকিবলৈ আগতীয়াকৈ বুকিং কৰিব লাগে আৰু বাকী হোটেলবোৰত Sea facing কোঠা পাবলৈ কঠিন আৰু ভাড়াও বেছি। তথাপিও তেখেতে চেষ্টা কৰিব বুলি কথা দিলে। কিছুদেৰি পাছতেই তেওঁ আকৌ ফোন কৰি ক’লে যে আশ্ৰমৰ কোনো ৰুম খালি নাই, বেলেগ এখন হোটেলত দুটা ৰুম পাইছে, কিন্তু সেইকেইটা সাগৰলৈ মুখ কৰা নহয়। মই ভাবিলোঁ যে এদিনৰ কাৰণেনো কি কথা, আছে,যি পাইছো সেয়াই হ’ব। শ্ৰীমতীকো সুধিলো, তেখেতৰো হয়ভৰ পাই ভেল’মণি ছাৰক এটা ৰুম বুকিং কৰাৰ কথা ক’লো। ৫ তাৰিখে চেন্নাইত আমাৰ যাৱতীয় সকলো কাম শেষ কৰি ৰাতিলৈ বস্তু-বাহানি বান্ধি সাজু হৈ থাকিলো। তাতেই চিনাকী হোৱা গাড়ীচালক এজনক কৈ গাড়ী এখনো ভাড়া কৰি ৰাখিলো। ৬ তাৰিখে ৰাতিপুৱা ৭.৩০ বজাত গাড়ী আহি আমাক উঠাই ল’লে। আমি চেন্নাইত থকা গ্ৰীমচ্ ৰোডৰ পৰা পুডুচেৰীলৈ(পূৰ্বৰ পণ্ডিচ্চেৰী ফৰাচী নামটো ২০০৬ চনত সলনি কৰি তামিল নাম দিয়া হয়,স্থানীয় লোকসকলে অৱশ্যে এতিয়াও ‘পণ্ডি’ বুলি কয়) দূৰত্ব প্ৰায় ১৭৩ কিলোমিটাৰ। চেন্নাইৰ পৰা পুডুচেৰিলৈ যাবলৈ মূলতঃ দুটা পথ আছে। এটা হৈছে বাইপাচ্ ৰোড অথবা তিণ্ডিৱানম ৰোড। এইটোৰে ৰাতিপুৱাৰ ভাগত গ’লে ট্ৰেফিক কম পায়, সেয়েহে সময় কম লাগে। কেৱল ট’লগেটৰ দৰ বেছি। আনটো পথ হ’ল “ইষ্ট ক’ষ্ট ৰোড(চমুকৈ ECR)। ইষ্ট ক’ষ্ট ৰোডত ভিৰ বেছি থাকে। কিন্তু, যদি প্ৰাকৃতিক সৌন্দৰ্য্য উপভোগ কৰিব বিছাৰে, এই পথটোৱে আপোনাক নিৰাশ নকৰে। ভেল’মণি ছাৰে কিন্তু মোক দঢ়াই দঢ়াই সময় বচাবলৈ তিণ্ডিৱানম ৰোডেৰে যোৱাৰ কথা ক’লে। যি কি নহওঁক, আমাৰ যাত্ৰা আৰম্ভ হ’ল। চেন্নাইৰ পাৰ্শ্বৱৰ্তী অঞ্চল এটাৰ হোটেলত পুৱাৰ আহাৰ গ্ৰহণ কৰিলোঁ। শ্ৰীমতীৰ খোৱাটো ৰুচি আছে। চেন্নাইত দোচাৰ সোৱাদ ভাল পাই ঠিকছে খাইছে। মই আৰু পুত্ৰই পুৰী খালো। পুনৰ যাত্ৰা আৰম্ভ হ’ল। ভেল’মণি ছাৰে মোৰ সৈতে অলপ সময়ৰ অন্তৰালত ফোনত কথা পাতি আছিল। ক’ত পালো(?), কিবা অসুবিধা পাইছো নেকি(?) ইত্যাদি। আমাৰ গাড়ীচালকজনৰ আচল ঘৰ পুডুচেৰীতেই আছিল। সেয়েহে, ভেল’মণি ছাৰে তেখেতক ক’ত, কেনেকৈ যাব লাগিব সকলো ভালকৈ বুজাই দিলে। দুপৰীয়া প্ৰায় ১২ মান বজাত আমি গন্তব্যস্থলী পালোগৈ। ভেল’মণি ছাৰ আমাৰ বাবে অপেক্ষা কৰি আছিল। সুন্দৰ স্বাস্থ্যৰ এগৰাকী প্ৰায় ৫৫ বছৰীয়া ব্যক্তি। তেখেতে আমাক ক’লে যে যিহেতু আমাৰ হাতত সময় কম সেয়েহে আমি প্ৰথমে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি লোৱা ভাল হ’ব। তেওঁ আমাক Surguru নামৰ ৰেষ্টুৰেন্ট এখনলৈ লৈ গ’ল। তেখেতৰ মতে সেইখনৰ খাদ্য পুডুচেৰিৰ ভিতৰতেই সৰ্বোত্তম। আমি যিহেতু ভতুৱা সেয়েহে আমি ভাত খাব বিছাৰিলো। তেখেতে এক special থালিৰ কথা ক’লে। আমি সন্মতি দিয়াত অৰ্ডাৰ কৰা হ’ল। ইতিমধ্যে আমাৰ ল’ৰা লিঅ’ৰ লগত তেখেতৰ বন্ধুত্ব গঢ়ি উঠিল। আমিও দুয়োটা পৰিয়ালৰ বিষয়ে জানিলো। তেখেত ভাৰতীয় কৃষি অনুসন্ধান পৰিষদ(ICAR), পুডুচেৰিৰ এগৰাকী বিজ্ঞানী,তেখেতৰ পত্নী এগৰাকী ভাৰতীয় যদিও ফৰাচী নাগৰিকত্ব আছে (পুডুচেৰিৰ বেছিভাগ পুৰণা মানুহৰ ফৰাচী নাগৰিকত্ব আছে) আৰু তেখেতৰ একমাত্ৰ পুত্ৰ ছুইডেনত অধ্যয়নৰত। আমি যিমান পাৰোঁ সোনকালে আহাৰ গ্ৰহণ কৰি আমাৰ থকাৰ ব্যৱস্থা হোৱা হোটেললৈ গ’লো। খাদ্য সঁচাকৈ বৰ সোৱাদযুক্ত আছিল। হোটেললৈ যোৱাৰ পথতেই ভেল’মণি ছাৰে জনালে যে আমাৰ ভাগ্য ভাল যে এটা see facing কোঠা খালি হৈছে। কিন্তু, ভাড়া অলপ বেছি হ’ব। আমাৰ আপত্তি কৰাৰ থল নাছিল। আমি থকা হোটেলখনো শ্ৰীঅৰবিন্দ আশ্ৰমৰ দ্বাৰাই পৰিচালিত। অতি সুন্দৰ পৰিৱেশ। সকলো কৰ্মচাৰীৰ কথা-বতৰা, পোচাক আদিত এক আধ্যাত্মিকতা বিৰাজ কৰিছিল। আমি থকা কোঠাটো সঁচাকৈ বৰ ধুনীয়া আছিল। বীচ্চ ৰোডৰ লগতে আমাৰ কোঠাটো, মাজত কেৱল ৰাস্তাটো আৰু তাৰ সিপাৰে কেৱল বিশাল সাগৰ। এক অপূৰ্ব পৰিৱেশ। ভেল’মণি ছাৰে আমাক কম সময়ৰ ভিতৰতে বস্তু-বাহানি থৈ, অলপ fresh হৈ সাজু হ’ব ক’লে। তেখেতে হোটেলৰ Waiting room ত আমালৈ অপেক্ষা কৰিলে। আমাক পুডুচেৰী ভ্ৰমণ কৰোৱাৰ দায়িত্ব তেখেতে নিজেই মূৰ পাতি ল’লে। তেখেতক কষ্ট দিব মন নাছিল, কিন্তু সেইদিনা ৰবিবাৰ হোৱাৰ বাবে তেওঁৰ কোনো অসুবিধা নহয় বুলি কোৱাত আমি বাধা নিদিলো। মনে মনে অৱশ্যে ভালেই পাইছিলো। পুডুচেৰীৰ নিস্তব্ধতা আৰু নিৰ্মল সৌন্দৰ্য্যই মোক মন্ত্ৰমুগ্ধ কৰি পেলাইছিল।

আমি প্ৰথমেই আমাৰ হোটেলৰ কাষতেই থকা ধুনীয়া পুডুচেৰী সচিবালয়ৰ সন্মুখেৰে শ্ৰীঅৰবিন্দ আশ্ৰমলৈ খোজকাঢ়িয়েই গ’লো। শ্ৰীঅৰবিন্দই যোগ সাধনা আৰু আধ্যাত্মিক কেন্দ্ৰ হিচাপে এই আশ্ৰমখন 1926 চনত মাদাৰ নামেৰে খ্যাত মীৰা আলফাচাৰ সহযোগত প্ৰতিষ্ঠা কৰিছিল৷ পুডুচেৰীৰ সৰু চুক প্ৰতিষ্ঠিত হোৱা আশ্ৰমখন বৰ্তমান চহৰখনত প্ৰায় চাৰিশটা বিল্ডিঙেৰে সমৃদ্ধ হৈছেহি৷ অৰবিন্দ আশ্ৰমৰ কেইবাটাও বাতানুকূল অতিথি গৃহও আছে৷ আগতীয়াকৈ যোগাযোগ কৰিলে তাত থাকিব পাৰি। আমি আশ্ৰমৰ বাহিৰত থকা বিনামূলীয়া ল’কাৰত জোতা-মোজা খুলি থৈ হাত-ভৰি ধুই ভিতৰলৈ সোমাই গৈ দেখিলো এক নীৰৱ-নিস্তব্ধ পৰিৱেশ। ভেল’মণি ছাৰ বাহিৰতেই ৰ’ল। সন্মুখতে মহিলা এগৰাকী আৰু পুৰুষ এজন ৰৈ আছিল৷ তেওঁলোকে আমাৰ মবাইল ফ’নৰ চুইচ্ অফ কৰিবলৈ ক’লে আৰু মৌনভাবে আমাক চৌহদৰ ভিতৰলৈ লৈ গ’ল৷ কোনেও কথা কোৱা নাই। দেশী-বিদেশী পৰ্যটকসকলে বৃহৎ গছ এজোপাৰ তলত বগা মাৰ্বল পাথৰেৰে বনোৱা এক সমাধিক্ষেত্ৰৰ (দুটা কোঠালি আছিল) চৌপাশে বহি যোগ আৰু ধ্যানত মগ্ন হৈ আছিল। শব্দৰ ভিতৰত শুনিছো মাথোন অজস্ৰ পক্ষীৰ কলৰৱ। মানুহবোৰ শাৰী পাতি লাহে লাহে গৈ সমাধিৰ কাষত বহি সমাধিত মূৰ দোঁৱাইছিল৷ কি কৰিম কি নকৰিম ভাবি হঠাতে আমিও তাত বহি পৰিলোঁ ৷ তাত ফ’টো তোলা নিষেধ৷ কিছুসময়ৰ বাবে আমাৰ বেলেগ এখন পৃথিৱীলৈ গুছি যোৱা যেন লাগিল। তেনেদৰে মন্ত্ৰমুগ্ধ হৈ অকণ সময় কটোৱাৰ পাছত তাত থকা সংগ্ৰহালয়টোলৈ গ’লো। ইয়াত ঋষি অৰবিন্দ আৰু মাদাৰৰ বিষয়ে আৰু তাত থকা তেওঁলোকৰ সমাধিৰ বিষয়ে বহুত কথা গম পালো। শ্ৰীমতীয়ে দুখনমান কিতাপো ক্ৰয় কৰিলে। এক শান্ত মন লৈ আশ্ৰমৰ পৰা ওলাই ভেল’মণি ছাৰক লগ ধৰিলোঁ। তেখেতে আমাক আশ্ৰমৰ ভিতৰৰ অনুভৱৰ কথা সুধিলে। আমাৰ উত্তৰ- ‘অনন্য’। মই তেখেতক আমাৰ পৰৱৰ্ত্তী গন্তব্যস্থানৰ কথা সুধিলোঁ। তেওঁ ক’লে “#পেৰাডাইজ_আইলেণ্ড”।

আমি যিখন গাড়ীত চেন্নাইৰ পৰা পুডুচেৰীলৈ গৈছিলো সেইখন গাড়ীতেই শ্ৰীঅৰবিন্দ আশ্ৰমৰ পৰা আমি পেৰাডাইজ বীচ্চলৈ ৰাওনা হ’লো ৷ ইতিমধ্যে গাড়ীচালক এলুমালাইৰ লগতো আমাৰ ঘনিষ্ঠতা বাঢ়িছিল। কম কথা কোৱা এলুমালায়ে হিন্দী আৰু ইংৰাজী দুয়োটা ভাষাই ভালকৈ ক’ব নোৱাৰিছিল। ভেল’মণি ছাৰৰ লগত কেৱল তামিল ভাষাত দুই-এটা কথা পাতিছিল। ১৫ মিনিটমানৰ ভিতৰত আমি চুনাম্বাৰ(Chunnambar) পালো য’ত পেৰাডাইজ বীচ্চখন অৱস্থিত৷ আশ্ৰমৰ পৰা দূৰত্ব প্ৰায় ৮ কিলোমিটাৰ। সেই ঠাইত বেক ৱাটাৰ লেক এটাৰ পাৰত সৰু জাহাজ আৰু অসমৰ ভুটভুটি নাওঁৰ দৰে নাওঁবোৰ ৰৈ আছিল৷ লেকটোৰ সিটো পাৰত থকা পেৰাডাইজ বীচ্চলৈ যাবলৈ বেক ৱাটাৰেৰে প্ৰায় ২০ মিনিটমান সময় নাওঁ বা জাহাজেৰে যাত্ৰা কৰিব লাগে৷ মই আমাৰ বাবে টিকট কাটিব গ’লো। ভেল’মনি ছাৰক বহুত অনুৰোধ কৰাৰ পাছতো তেখেত আমাৰ লগত বীচ্চলৈ যাবলৈ অমান্তি হ’ল। তেওঁৰ মতে যিহেতু তেখেত কেইবাবাৰো বীচ্চলৈ গৈছে,সেয়েহে আমি নিজৰ মতে আনন্দ কৰা উচিত। তেখেতে টিকট ঘৰৰ কাষতেই আমালৈ অপেক্ষা কৰিব বুলি ক’লে। অৱশেষত মই তিনিটা টিকট কাটি জাহাজ এখনত উঠিলোঁ। এটা টিকটতে এজনৰ অহা যোৱা ভাড়া ধৰা থাকে৷ নাওঁ বা জাহাজবোৰ এখনৰ পাছত আনখনে যাত্ৰী অনা-নিয়া কৰি থাকে ৷ উভতি অহাৰ সময়ত যিকোনো এখনত উঠি দিলেই হ’ল৷ আমি স্ফুৰ্তিৰ মাজেৰে বীচ্চ পালোঁগৈ৷ পেৰাডাইজ বীচ্চত খোজ দিয়েই আমাৰ সকলো অৱসাদ দূৰ হৈ যোৱা যেন লাগিল। টিকট কাটি যাব লাগে বাবে ইয়াত মানুহৰ সমাগম কম৷ গম পোৱা অনুসৰি পুডুচেৰীৰ এখন হোটেলে বীচ্চখন পৰিচালনা কৰে৷ আন বীচ্চতকৈ এইখন বীচ্চ কিছু পৃথক আছিল৷ সু-পৰিকল্পিতভাৱে ঠায়ে ঠায়ে জাবৰ পেলাবলৈ ডাষ্টবিন আছিল৷ বাহিৰৰ পৰা খাদ্য,পানীৰ বটল,প্লাষ্টিক ইত্যাদি অনাত বাধা থকাৰ বাবে বীচ্চখনৰ পৰিৱেশ বৰ স্বচ্ছ আৰু সুন্দৰ আছিল। অৱশ্যে,খোৱা-বোৱা কৰিবলৈ অথবা ভাগৰ লাগিলে বহিবলৈ ব্যৱস্থা আছিল। চুইমিং চ্যুট ,আৰামী চকী,গাৰ্ডেন আমব্ৰেলা আদিও ভাড়াত পোৱা যায়৷ শিশুসকলৰ মনোৰঞ্জনৰ বাবে বিভিন্ন Water sports ব্যৱস্থা আছিল৷ ঘোঁৰাত উঠাৰ ব্যৱস্থাও আছিল। লিঅ’ই সেইবোৰ ভালকৈয়ে উপভোগ কৰিলে। তাত থকা Life guard সকলৰ সচেতনতা দেখি ভাল লাগিল। জলকেলি কৰাৰ পাছত গাত লগা বালি আৰু সাগৰৰ নিমখীয়া পানীবোৰ আঁতৰাবলৈ ৰেইন ডান্সৰ সহায়ত গা ধোৱাৰ ব্যৱস্থা আছিল৷ উচ্চ সঙ্গীতৰ তালত পানীৰ বৰষুণৰ তলত নাচি নাচি চাফা হ’ব পাৰি৷ কাপোৰ সলাবৰ বাবে আছুতীয়া ৰুম আছে৷ আমাৰ বাৰু সেইবোৰ কৰা নহ’ল। কিন্তু, হেপাহ পলুৱাই প্ৰায় ডেৰ ঘন্টা সময় উপভোগ কৰিলোঁ। বীচ্চৰ পাৰে পাৰে খোজ কাঢ়িলোঁ, দুয়ো মিলি “সাগৰ কিনাৰে” গীতটি ম’বাইলত ভিডিঅ’ ৰেকৰ্ড কৰিলো, খালোঁ, বহিলো, লিঅ’ৰ আনন্দ উপভোগ কৰিলোঁ। সন্তানৰ আনন্দৰ মাজতেই নিজৰ আনন্দ পোৱা যায়। অৱশেষত মন নাছিল যদিও উভটিব ল’লো। কাৰণ,আমাৰ হাতত সময় নাছিল। এনেয়ো পেৰাডাইজ বীচ্চ ৫ বজাত বন্ধ কৰি দিয়া হয় আৰু তেতিয়া ৪.৩০ বাজিছিলেই। পিছদিনা সন্ধিয়া চেন্নাইৰ পৰা হায়দৰাবাদলৈ বিমানৰ টিকট থকা বাবে যেনেতেনে ৰাতিপুৱাই উভটিব লাগিব। সুন্দৰ স্মৃতি কিছুমান মনত লৈ পেৰাডাইজ বীচ্চক বাই বাই দি আমি পুনৰ সৰু জাহাজ এখনত উঠি লেকৰ পাৰলৈ ওভতনি যাত্ৰা আৰম্ভ কৰিলোঁ। ইতিমধ্যে উল্লেখ কৰিছোঁ যে উভটি যোৱাৰ টিকটৰ পইচা প্ৰথমবাৰ টিকট কৰোঁতেই লৈ লয়। যিকোনো এখন জাহাজ বা নাওঁত উঠি দিলেই হ’ল।

আমি আকৌ চুনাম্বাৰ পালোঁ য’ত আমাৰ বাবে ভেল’মণি ছাৰ দুঘন্টাৰ পৰা অপেক্ষাৰত আছিল। আমাৰ বাবে মানুহজনে ইমান কষ্ট কৰা দেখি বেয়া লাগিছিল। হয়তো বৰদলৈ ছাৰক ভাল পায় বাবেই মোকো ইমান গুৰুত্ব দিছিল!! লিঅ’ৰ কথাৰ পৰা ভেল’মণি ছাৰে গম পালে যে সি জীৱ-জন্তু,বিশেষকৈ সাপ বৰ ভাল পায়। সেইবাবে চোনাম্বাৰৰ পৰা ওলাই কিছুদূৰ আহি তেখেতে আমাক এখন সৰু চিড়িয়াখানাৰ দৰে ঠাইত লৈ গ’ল। ময়ুৰ পক্ষী, হৰিণ আৰু ভালেকেইবিধ সাপ থকা ঠাইখনত লিঅ’ই খুউব ভাল পালে। ময়ো প্ৰথমবাৰৰ বাবে ডিঙিত জীৱিত অজগৰ সাপ এডাল লৈ পালো। বৰ যত্নৰে জীৱ-জন্তুবোৰ সংৰক্ষণ কৰি ৰখা সৰু ঠাইডোখৰ বৰ ভাল লাগিল। ইতিমধ্যে আন্ধাৰ হ’ব ধৰিছিল। আমি তাৰ পৰা ৰাজ-নিবাসৰ কাষৰ #মন’কুলা_বিনয়াগৰ মন্দিৰ যিটো #গণেশ_মন্দিৰ বুলি বিখ্যাত,তালৈ গ’লো। মন্দিৰৰ বাহিৰত ‘লক্ষ্মী’ নামৰ নামৰ হাতী এজনীয়ে শুৰেৰে ভক্তসকলক আশীৰ্বাদ দিয়ে। এই হাতীজনীক যোৱা জুন মাহত People for the Ethical Treatment of Animals (PETA) ৰ অভিযোগত বহুদিন মোকৰ্দমা চলাৰ অন্তত বন বিভাগৰ দ্বাৰা #কৃষি_বিজ্ঞান_কেন্দ্ৰ, পুডুচেৰীলৈ স্থানান্তৰ কৰা হয়। এই বিষয়টো লৈ এতিয়াও স্থানীয় ৰাইজ আৰু প্ৰশাসনৰ মাজত বিতৰ্ক চলি আছে।

যি কি নহওক, আমি মন্দিৰৰ ভিতৰলৈ গ’লো। এনেকুৱা পৰিৱেশ মই আজিলৈ কোনো মন্দিৰত দেখা নাই। মন্দিৰৰ ভিতৰৰ শিল্পকলা অতি উন্নত। ভেল’মণি ছাৰে আমাক যি যি নিয়ম কৰিব ক’লে সকলো কৰিলোঁ। সকলো খুউব শৃংখলাবদ্ধ আছিল আৰু বহু মানুহ থকাৰ পাছতো কোনো হাই-উৰুমি নাছিল। আমি সাষ্টাংগ প্ৰণাম কৰি পূজাৰীৰ পৰা আশীৰ্বাদ আৰু প্ৰসাদ লোৱাৰ পাছতেই দেখিলো যে পূজাৰীসকলে এখন সোণালী ৰথ মন্দিৰৰ ভিতৰত প্ৰদক্ষিণ কৰাই আছে। ভেল’মণি ছাৰে ক’লে যে সেইখন ৭.৫ কিলোগ্ৰাম ওজনৰ সোণৰ ৰথ আৰু সেইখনৰ মাহাত্ম্য অপাৰ। অলপ সময় তাত অতিবাহিত কৰি ফৰকাল মনেৰে আমি ওলাই আহিলো। সকলোৰে ভোক লগাত মন্দিৰৰ সন্মুখত থকা #A2B_Adyar_Ananda_Bhavan (এইটো দক্ষিণ ভাৰতৰ এটা জনপ্ৰিয় ৰেষ্টুৰেন্টৰ চেইন) ৰেষ্টুৰেন্টত সোৱাদ লগা কফি, মিঠাই আদি খালো।

এইবাৰ আমি ৰক্ বীচ্চৰ নিচেই কাষতে থকা বন্দৰৰ ভিতৰলৈ গ’লো। তাত বহু মানুহে আত্মহত্যা কৰাৰ উদাহৰণ আছে বাবে সাধাৰণ মানুহৰ প্ৰৱেশ নিষেধ। কিন্তু, ভেল’মণি ছাৰে বিশেষ অনুমতি লৈ আমাক ভিতৰলৈ লৈ গ’ল। তাত এটা প্ৰকাণ্ড লাইট হাউচো আছিল। আস… এক অনন্য পৰিবেশৰ মাজত আমি সোমাই পৰিলোঁ। সাগৰৰ মাজলৈ প্ৰায় আধা কিলোমিটাৰ সোমাই যোৱা পকী পথটোৰ দুয়োপিনে ষ্ট্ৰীট লাইটৰ পোহৰ, প্ৰচণ্ড বতাহে আমাৰ দেহত কোবোৱাৰ অনুভৱ, দুয়োপিনে পকী দেৱালত সাগৰৰ ঢৌৱে কোবোৱাৰ শব্দৰ মাজেৰে আৰু কোনো জনপ্ৰাণীহীন পথেৰে আমি বন্দৰৰ শেষ মূৰলৈ খোজকাঢ়ি আগবাঢ়িলো। এনেকুৱা লাগিল যেন তাতেই অনন্ত কাললৈ থাকি যাম !!! ভেল’মণি ছাৰে কলে যে তাত হেনো অসমৰ আদিল হুচেইন অভিনীত অস্কাৰ বিজয়ী #Life_of_Pie চিনেমাখনৰ কিছু দৃশ্যাংশৰ শ্বুটিং হৈছিল। তাৰ পৰা ৰাতিৰ পুডুচেৰীখন বৰ ধুনীয়া দেখি। মনত থাকিব লগা এক অনুভৱ লৈ তাৰ পৰা আমি উভটিলো।

এইবাৰ শ্ৰীমতীৰ বজাৰ কৰা পাল। মোৰ বাবে এইখিনি সময় আমনিদায়ক। কিন্তু, উপায় নাই।কোনো স্বামীৰে সাহস নাই পত্নীৰ এই ইচ্ছাৰ বিৰুদ্ধে যোৱাৰ। ভেল’মনি ছাৰেও মোৰ পত্নীৰ ইচ্ছাক সন্মান জনাই আমাক পুডুচেৰীৰ বিখ্যাত কাডালোৰ ৰোডত থকা #Providence_Mallত লৈ গ’ল। প্ৰথমেই ম’লটো ভালকৈ ঘূৰি-পকি চালো। তৃতীয় মহলাত থকা অত্যাধুনিক মাল্টিপ্লেক্স চিনেমা হ’ল SPI_Cinema আছে। মই চিনেমা চাই ভাল পাওঁ যদিও এইবাৰ সময় হাতত নথকা বাবে ইচ্ছা সামৰিব লগা হ’ল। ইয়াৰ পাছত শ্ৰীমতীয়ে নিজৰ বাবে আৰু আমাৰ আপোন মানুহ সকললৈ কিছু বস্তু কিনিলে। আমি বিখ্যাত বস্ত্ৰ ব্যৱসায়ৰ chain #Pothys ত গৈ তাৰ পৰাও কিছু কাপোৰ কিনিলো। শ্ৰীমতীৰ হেপাহ পলোৱাৰ পাছত আমি পুনৰ দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰা #Surguru ৰেষ্টুৰেন্টত নিশাৰ আহাৰ গ্ৰহণ কৰি আমাৰ থকা হোটেললৈ উভটিলো। ৰাস্তাতেই আমি ঠিক কৰিলোঁ যে ৰাতিপুৱা আমি East Coast Road ৰে উভটিম আৰু পথত বিখ্যাত ‘মাতৃ মন্দিৰ’ বুলি জনাজাত আধ্যাত্মিক কেন্দ্ৰ #Auroville দৰ্শন কৰি যাম।

ভেল’মণি ছাৰক আমাৰ লগত গোটেই দিনটোত ইমান সময় দিয়াৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰি তেখেতৰ পৰা বিদায় ল’লো। আমাৰ সময় কম হোৱাত তেখেতৰ ঘৰলৈ নিব নাপাই তেওঁ দুখ প্ৰকাশ কৰিলে। আমাৰ গাড়ীচালক এলুমালাইৰ পৰাও বিদায় লৈ পাছদিনা ৰাতিপুৱা ৮ বজাত আহিব ক’লো। আমি তেখেতৰ গাড়ীতেই আকৌ চেন্নাইলৈ উভটিম। ভেল’মণি ছাৰে ক’লে যে ৰাতিপুৱা ৪ বাজি ১৫ মিনিটত মোক ফোন কৰিব আৰু আমাক বীচ্চ ৰোডৰ থকা আন ঠাইসমূহ দেখুৱাব। তেতিয়া নিশা ১০ বাজিছিল। ৰাতিপুৱা যিহেতু সময় নাপাম সেয়েহে আমি আমাৰ হোটেলৰ ৰুমলৈ গৈ সকলো বস্তু বান্ধি আজৰি হৈ ল’লো। লিঅ’ই সি কিনি অনা সাপ,বেং ইত্যাদিৰ লগত খেলি খেলি এটাসময়ত ভাগৰত শুই পৰিল। আমি দুয়ো কিন্তু নিশা দুই বজালৈ কোঠাৰ বেলকণিৰ পৰা তলৰ বহল ৰাস্তাটো আৰু সিপাৰে গৰ্জন কৰি থকা বিশাল বঙ্গোপসাগৰখনৰ নিশাৰ সৌন্দৰ্য্য পান কৰি আপোনপাহৰা হৈ পৰিলোঁ। বহুতো কথা পাতিলো যিহেতু আজিকালি ঘৰত ভালকৈ কথা পাতিব সময়েই নাথাকে। কথা পাতি পাতি এটা সময়ত আমিও নিদ্ৰাদেৱীৰ কোলাত ঢলি পৰিলোঁ।

ঠিক ৪ বাজি ১৫ মিনিটত ভেল’মণি ছাৰে ফোন কৰি ক’লে যে তেখেত ১৫ মিনিটৰ ভিতৰত আমাৰ হোটেল পাই যাব। আমি যাতে সাজু হৈ থাকোঁ। তেখেতৰ সময়ানুৱৰ্তিতা দেখি আচৰিত হ’লো। আমিও এলাহ নকৰি সাজু হ’লো। তেখেতো ইতিমধ্যে আহি পালে। বাহিৰত আন্ধাৰেই হৈ আছিল। কিন্তু, আমি সাগৰৰ পাৰে পাৰে পদপথেৰে অকণমান আগুৱাই যোৱাৰ পাছতেই সূৰ্যোদয় হ’ব ধৰিলে। সাগৰত ঘূৰি থকা সৰু মাছমৰীয়া নাওঁকেইখনৰ সৈতে কি যে ভাল লগা দৃশ্য। মোৰ ভিতৰৰ ফটোগ্ৰাফাৰজন জাগি উঠিল। কেমেৰাত দৃশ্যবোৰ বন্দী কৰি গ’লো। পুডুচেৰীৰ বেছিভাগ প্ৰধান অফিচ আৰু বিশেষ মান্যতা থকা ঠাইসমূহ বীচ্চৰোডতেই অৱস্থিত। ফ্ৰেন্স ৱাৰ মেম’ৰিয়েল, মিউজিয়াম, ৰাজ নিৱাস, ক’লা ক’লা শিলেৰে ভৰা ৰক্ বীচ্চ, মহাত্মা গান্ধী আৰু জৱাহৰলাল নেহৰুৰ মূৰ্ত্তি, অলপ দূৰত থকা”বেচিলিকা অব দা চেক্ৰেড হাৰ্ট্ অব যেচুজ” নামৰ কেথ’লিক গীৰ্জাঘৰ, ৰাজ্যপাল কিৰণ বেদীৰ ঘৰ ইত্যাদি সকলো খোজকাঢ়িয়েই চালো। ভেল’মণি ছাৰে প্ৰতিটো বস্তুৰ বিশেষত্বসমূহ আমাক ধুনীয়াকৈ বুজাই দিলে। লগতে তেওঁ আমাক প্ৰতিটো স্থানৰ সন্মুখত ৰখাই ম’বাইলৰ কেমেৰাত ফটো তুলি গ’ল। তেখেতে ফটো উঠাই ভাল পাইছিল আৰু প্ৰতিখন ফটো তেখেতৰ বিচৰা ধৰণে perfect কৰিব বিচাৰিছিল। ৰক্ বীচ্চত কিছুসময় বহি আমি বীচ্চ ৰোডৰ আনটো মূৰলৈ গ’লো য’ত আমাক ভেল’মণি ছাৰে কফি খুৱালে। গাখীৰতে বনোৱা কফি কাপ পিতলৰ গিলাচ এটাত ভৰ্তিকৈ দি তলত পিতলৰ বাটি এটা দিয়ে৷ সেই কফি কাপৰ সোৱাদ আজিলৈকে ক’তো পোৱা নাই৷ ৮ বাজিব হোৱাত আমি তাৰপৰা আমি থকা হোটেললৈ আহি পুৱাৰ আহাৰ গ্ৰহণ কৰি চেন্নাইলৈ উভটিবলৈ প্ৰস্তুত হ’লো। গাড়ীচালক এলুমালাই আহি সময়ত হাজিৰ হ’ল। আমি হোটেলৰ ভাড়া আদায় দি ওলাই আহিলোঁ। ভেল’মণি ছাৰ বাহিৰতেই আছিল। তেখেতক আমি এদিনতেই হাতী মাৰি ভুৰুকাত ভৰাই দিয়াৰ বাবে অশেষ ধন্যবাদ জনালোঁ। তেখেতে আমাক কিছু উপহাৰ প্ৰদান কৰিলে,আমিও কৃতজ্ঞতাৰ চিনস্বৰূপে তেখেতক কিছু উপহাৰ দি দুখমনেৰে তেওঁৰ পৰা বিদায় লৈ গাড়ীত উঠিলো। আমাৰ দৰে অচিনাকী মানুহক এনেদৰে অচিনাকী ঠাইত দিয়া আতিথ্য পাহৰিব নোঁৱাৰিম। ইয়াৰ পাছত আমাৰ সকলো দায়িত্ব গাড়ীচালক এলুমালাইৰ ওপৰত। ভেল’মণি ছাৰে এলুমালাইক তামিল ভাষাত সকলো বুজাই দিলে।

সাধাৰণতে #Auroville চৌহদলৈ ১ কিলোমিটাৰ দূৰত্ব থকাৰ পৰা ভিতৰত গাড়ী সোমোৱা নিষেধ। কেৱল খোজকাঢ়ি বা চাইকেল লৈ যাব পাৰি। চাইকেল ভাড়াতো পায়। বিদেশী পৰ্যটকসকলে তেনেকুৱা চাইকেল লৈ ঘূৰি ফুৰা দেখিলো। আমাৰ ভাগ্য সুপ্ৰসন্ন আছিল যে এলুমালাইৰ ঘৰ #Auroville চৌহদৰ ভিতৰতেই হোৱা বাবে তেখেতৰ গাড়ীৰ special pass আছিল। আমি সেয়েহে #মাতৃ_মন্দিৰৰ নিচেই কাষলৈ গাড়ীতেই যাব পাৰিলোঁ। পূৰ্বতে উল্লেখ কৰা মাদাৰ নামেৰে খ্যাত মীৰা আলফাছাৰ উদ্যোগত আৰু শ্ৰীঅৰবিন্দৰ দৰ্শনৰ ভিত্তিত 1968 চনত এই Humanity Centre টো প্ৰতিষ্ঠা হয়৷ ভাৰতকে ধৰি সমগ্ৰ বিশ্বৰ ১২৪ খন দেশৰ মাটিৰে ইয়াৰ ভেঁটি গঢ়া হৈছিল। সোণালী ৰঙৰ গোলাকাৰ মাতৃমন্দিৰটো দূৰৈৰ পৰাই জিলিকি থকা দেখি মনটো ভাল লাগি গৈছিল। বৃহৎ অঞ্চলটোৰ প্ৰাকৃতিক পৰিৱেশো বৰ ধুনীয়া। আমি মাতৃ মন্দিৰৰ ভিতৰলৈ প্ৰৱেশ কৰিব নোৱাৰিলোঁ কাৰণ তাৰ কাৰণে দুদিন আগতে যোগাযোগ কৰিব লাগে। কেতিয়াবা আকৌ গ’লে নিশ্চয় সোমাম। বাহিৰৰ পৰাও ইয়াৰ সৌন্দৰ্য্য অনুপম। প্ৰায় আধাঘন্টাৰ অধিক সময় তাত কটাই আমি আকৌ যাত্ৰা আৰম্ভ কৰিলোঁ। বৰদলৈ ছাৰ আৰু ভেল’মণি ছাৰে মাজে মাজে ফোন কৰি খবৰ লৈ থাকিল। বেছেৰা লিঅ’ই আগদিনাখন কিনা rubber ৰ সাপ এডাল তাত হেৰুৱাই অলপ upset হৈ পৰিল।

ECR ৰোডৰ দুয়োপাৰৰ প্ৰাকৃতিক দৃশ্য সঁচাকৈ মনোৰম। সাগৰৰ পাৰে পাৰে ৰাস্তাটো আগবাঢ়ি গৈছে। এলুমালায়ে আমাক #মহাবলীপুৰম মন্দিৰ চাম নেকি সুধিলে। আমিও আহিছোঁ যেতিয়া চায়েই যাওঁ বুলি ভাবিলোঁ। পুডুচেৰীৰ পৰা প্ৰায় ১০০ কিলোমিটাৰ দূৰৰ সাগৰৰ পাৰত অৱস্থিত এই মন্দিৰৰ সৌন্দৰ্য্য শলাগীবলগীয়া। মামল্লপুৰম নামেৰেও বিখ্যাত, পল্লৱ বংশৰ ঐতিহ্যৰ বাহক, UNESCO ৰ World Heritage Site of 7th- and 8th-century বুলি স্বীকৃত এই মন্দিৰৰ বিস্তৃত এলেকাত কেইবাটাও শিলত কটা ভাস্কৰ্য্য যেনে-পঞ্চ ৰথ, Arjuna’s penance, Cave temple, Shore temple, Sri Krishna’s Butterball আদি উল্লেখযোগ্য। ২০১৯ চনৰ ১২ অক্টোবৰত ভাৰতৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোডী আৰু চীনৰ ৰাষ্ট্ৰপতি জিনপিং ইয়াতে আলোচনাত মিলিত হৈছিল। মহাবলীপুৰমৰ ওচৰৰে A2B-Adyar Ananda Bhavan ৰ এখন ৰেষ্টুৰেন্টত আমি দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিলোঁ আৰু মহাবলীপুৰমৰ চুটি স্মৃতি লৈ পুনৰ যাত্ৰা আৰম্ভ কৰিলোঁ। এই ৰাস্তাতেই কাঞ্চিপুৰম ঠাইখন আছে য’ৰ শাৰী জগতবিখ্যাত। ভাগ্য ভাল যে শ্ৰীমতীৰ পচন্দৰ বজাৰ ইতিমধ্যে সমাপ্ত হৈছে। সেয়েহে আমি তাত ৰৈ নাথাকিলো। ৰাস্তাতেই পোৱা এখন Crocodile Park ত লিঅ’ক নিয়াৰ কথা আছিল যদিও সোমবাৰে সেইখন বন্ধ থাকে বাবে তাতো সোমোৱা নহ’ল।

আমাৰ হায়দৰাবাদলৈ বিমানৰ চেক্ ইন টাইম আছিল সন্ধিয়া ৫ বজাত। সেয়েহে তেতিয়াও আমাৰ হাতত অলপ সময় আছিল। এলুমালাইক সুধিলো যে আৰু ক’ৰবালৈ যাব পাৰি নেকি? চেন্নাই এয়াৰপ’ৰ্ট পোৱাৰ আগতে আমাৰ এটা ঠাইত গৈ ভাল লাগিব বুলি এলুমালাইয়ে জনালে। কিছুদূৰ গৈয়েই আমি ঠাইডোখৰ পালোঁ। নাম আছিল “#দক্ষিণা_চিত্ৰ”। এইখন প্ৰকৃততে এখন Emporium বা সংগ্ৰহালয় বুলি ক’ব পাৰি য’ত সমগ্ৰ দক্ষিণ ভাৰতৰ ৰাজ্যসমূহৰ কলা,সংস্কৃতি,শিল্পৰ প্ৰদৰ্শন আৰু বিক্ৰীৰ ব্যৱস্থা আছে। আমি কেইবিধমান বস্তু কিনিলো। তাত গৈ বৰ ভাল লাগিল। তেনেতে ভেল’মণি ছাৰে ফোন কৰি আমি ক’ত আছো সুধিলে। তেতিয়া ৪ বাজিবৰ হৈছিল। তেখেতে আমাক অতি সোনকালে তাৰ পৰা ওলাই এয়াৰপ’ৰ্ট পোৱাৰ কথা ক’লে, কাৰণ ECR ৰোডত এই সময়ত বহুত ভিৰ হয়। তাৰ পৰা এয়াৰপ’ৰ্ট মাত্ৰ ২০ কিলোমিটাৰমান দূৰত আছিল। কিন্তু, তেখেতৰ কথাক গুৰুত্ব দি আমি যাত্ৰা আৰম্ভ কৰিলোঁ। ভেল’মণি ছাৰৰ কথা সঁচা আছিল। তাৰ পাছতেই ৰাস্তাত ইমান ভিৰ হ’ল যে আমি সময়ত গৈ এয়াৰপ’ৰ্ট নাপাম যেন লাগি গৈছিল। যেনেতেনে চেক্ ইন টাইমৰ ৫ মিনিট আগতে গৈ এয়াৰপ’ৰ্ট পালোঁ। তেতিয়াহে উশাহ ঘূৰাই পোৱা যেন লাগিল। ভিতৰলৈ গৈ Boarding pass লোৱাৰ পাছতেই হায়দৰাবাদৰ পৰা বান্ধৱী জ্যোতিলেখাৰ ফোন আহিল। তাই ক’লে- “অই, তোৰ হায়দৰাবাদত থকাৰ ব্যৱস্থা হৈ গৈছে।” উফ্, সকলো চিন্তা,ভাগৰ যেন দূৰ হৈ গ’ল। বিদায় পুডুচেৰী, আকৌ আহিম। Hyderabad,I am coming……

বিঃদ্ৰঃ ভেল’মণি ছাৰ ২০১৯ চনৰ অক্টোবৰ মাহত ১৫ দিনৰ উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণৰ বাবে তেখেতৰ আন তিনিজন বন্ধুৰ সৈতে আহি মেঘালয়,অৰুণাচল প্ৰদেশ আৰু আমাৰ অসমৰ লগতে চুবুৰীয়া দেশ ভূটান ভ্ৰমণ কৰিছিল। তেতিয়া ময়ো এদিনৰ বাবে “Samdrup Jongkhar” ভ্ৰমণত তেখেতসকলক সংগদান কৰিছিলোঁ। তেখেতসকল আমাৰ ঘৰলৈ আহিও আমাক অতিথি আপ্যায়নৰ সুযোগ দিছিল।

হেঙুল জ্যোতি শালৈ

By admin

Leave a Reply

Your email address will not be published. Required fields are marked *

− 1 = 7