চীনদেশত এভুমুকি

ভ্ৰমনৰ আনন্দই সুকীয়া | দৈনন্দিন জীৱনৰ একঘেয়ামিৰ পৰা কিছুদিনৰ বাবে ওলাই গৈ নতুন নতুন ঠাই চোৱাৰ অভিজ্ঞতা প্ৰতিজন ব্যক্তিৰ বাবেই আনন্দদায়ক | সেয়েহে ব্যস্ততাময় জীৱনৰ পৰা ফাঁক উলিয়াই কেইবছৰমান আগতে আমাৰ পাৰিবাৰিক বন্ধুপৰিয়াল এটিৰ সৈতে চীনদেশ চাবলৈ বুলি ওলাইছিলো |তেতিয়া অৱশ্যে আমাৰ দেশ আৰু চীন দেশৰ সম্বন্ধ যথেষ্ট ভাল আছিল |

তেতিয়া সূৰ্যোদয়ৰ মনোৰম সময় | সোনালী আভাৰে পৰিপুষ্ট আকাশৰ মেঘৰ সৈতে লুকাভাকু খেলি খেলি আমাৰ বিমানখন হংকং বিমানবন্দৰত অৱতৰন কৰিলেগৈ | সাৰপাই থকাবাবে এই নয়নাভিৰাম দৃশ্য মই উপভোগ কৰিব পাৰিলো |

আমাৰ লক্ষ্যস্থান বেইজিং | ৰঙাচীনৰ ৰাজধানী চহৰ বেইজিং | একৈশ শতিকাৰ বিস্ময় চীনদেশ বুলি কলেও বেচিকৈ কোৱা নহয় যেন লাগে |কষ্টসহিঞ্চু আৰু কৰ্ম্মোদ্যমী জাতি হিচাবে চীনাসকলে খুব কম সময়ৰ ভিতৰতে গোটেই পৃথিবীৰ আগতেই নিজকে প্ৰমাণ কৰিব পাৰিছে | KUINI Travels ৰ SOTC ৰ সহযোগত আমি ডাঙৰ দল এটাই চীনদেশ চাবলৈ ওলালো | অসমৰ পৰা আমি চাৰিগৰাকী আৰু বাকীসকল কলিকতা,গুজৰাট,আদি বিভিন্ন ঠাইৰ পৰা অহা |গুৱাহাটীৰ পৰা দিল্লী হৈ আকাশী পথেৰে নিশা ১০-৪৫ বজাৰ (Cathay Pacific )ফ্লাইটত আমি যাত্রা আৰম্ভ কৰিলো দিল্লীৰ পৰা |২০ চেপ্তেম্বৰ পুৱা ৬ বাজি ৫ মিনিটত আমি হংকং বিমানবন্দৰ পালোগৈ | হংকং বিমানবন্দৰ বৰ বিশাল |ইয়াৰ পিছত ৮ বজাৰ বিমানত উঠি ১১বাজি ১৫ মিনিটত বেইজিং বিমান বন্দৰ পালোগৈ |স্থানীয় গাইড ট্ৰেচিয়ে আমাক অভিবাদন জনালে | চীনদেশৰ মাটিত ভৰি দি আমি অতি আনন্দিত হ’লো |

চীনদেশত প্ৰত্যেকখন চহৰতে চীনদেশীয় যুৱক যুৱতীকহে স্থানীয় গাইড হিচাবে ল’ব লাগে | বেইজিং ৰাজধানী চহৰ | কংক্ৰিটৰ ৰাজ্য | সুউচ্চ অট্টালিকাৰে চহৰখন ভৰা |ট্ৰেচিয়ে কিছুমান বিশেষ বিল্ডিঙৰ বিষয়ে বুজাই ক’লে | বেইজিংৰ হোটেলখন বেচ ডাঙৰ আৰু ধুনীয়া | কিন্তু তাৰ কৰ্মচাৰীসকলে চীনাৰ বাহিৰে আন ভাষা একেবাৰে বুজি নেপায়| আগবেলা জিৰণি লোৱাৰ পিচত আবেলি আমি নিজাববীয়াকৈ বিখ্যাত “অলিম্পিক পাৰ্ক” চাবলৈ ওলালো | ২০০৮ চনৰ অলিম্পিক খেল বেইজিংত অনুস্থিত হৈছিল | সমগ্ৰ পৃথিৱীকে সঁচা অৰ্থত তেওলোকে চমক খুৱাই দিবলৈ সক্ষম হৈছিল | এই অঞ্চলটো আটকধুনীয়াকৈ সজাই থোৱা হৈছে |অলিম্পিকৰ বিখ্যাত “চৰাইৰ বাহ্ “( Bird’s Nest) আৰু” Water Cube” আদি চালো | Water Cube ৰ বৰ্ডখনত ৰঙা ,নীলা,সেউজীয়া,বেঙুনীয়া আদি বিভিন্ন ৰঙে লুকাভাকু খেলি আছিল | ওচৰতে আছিল “অলিম্পিক শিখা ” | ৬-৩০ মিনিটৰ পৰা ৮ বজালৈ ইয়াত মনোৰম লাইটৰ খেলা দেখুৱা হয় |

২১চেপ্তেম্বৰ ৰবিবাৰে ৰাতিপুৱাই ব্ৰেকফাষ্ট খাই উঠিয়েই ধুনীয়া বাচ এখনত উঠি প্ৰথমেTiananmen Square চাবলৈ গ’লো | হাজাৰ হাজাৰ মানুহৰ সমাগম দেখিলো |এইটো পৃথিৱীৰ ভতৰতে ৪নং ডাঙৰ City square | এই বিখ্যাত ঠাইডোখৰ বিভিন্ন ফুলৰ বাগান আদিৰে সুন্দৰকৈ সজাই থোৱা আছে | ১৯৮৯ ৰ বিখ্যাত “ছাত্ৰ বিক্ষোভ” এই ঠাইডোখৰতে হৈছিল | কেইবাহাজাৰো গণতন্ত্ৰ সমৰ্থিত নাগৰিকক ইয়াতেই গুলিয়াই হত্যা কৰা হৈছিল |

ইয়াৰ ওচৰতে থকা Forbidden City চালো |এই নামেৰে থকা বিখ্যাত চিনেমাখন ছাগে বহুতেই চাইছে | ইয়াত প্ৰতাপী মিং বংশৰ পৰা কিং বংশলৈ অন্ততঃ ২৪জন ৰজাই বাস কৰিছিল | এই ৰাজপ্ৰসাদত ৯৮০ টা মান অট্টালিকা প্ৰায় ১৮০ একৰ মাটিজোৰা ৰাজহাউলী | ১৯৮৭ চনত World Heritage Site হিচাবে স্বীকৃত হয় | Forbbiden City বুলি কোৱাৰ অৰ্থ হ’ল প্ৰায় ৫০০ বছৰে অনুমতি অবিহনে কোনো মানুহেই তাৰপৰা ওলাব বা সোমাব পৰা নাছিল |

২২ চেপ্তেম্বৰত ৰাতিপুৱাৰ আহাৰ গ্ৰহণ কৰাৰ পিচতে পৃথিৱী বিখ্যাত Great Wall of China চাবলৈ ওলালো |পৃথিবীৰ অন্যতম বিখ্যাত চীনৰ প্ৰাচীৰ চাবলৈ মনটো উগুল -থুগুল লাগিছিল | চাৰিওফালে সুউচ্চ পাহাৰ আৰু তাৰ ওপৰে ওপৰে ওখ প্ৰাচীৰবোৰ দূৰৈৰ পৰাই জিলিকি আছিল | এই প্ৰাচীৰবোৰ পূবৰ পৰা পশ্চিমলৈ আৰু উত্তৰৰ চাৰিসীমা বহিঃশত্ৰুৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ বনোৱা হৈছিল | খৃঃ পূঃ২২০-২০৬ ৰ ভিতৰত বনোৱা হৈছিল |অতি ওখ প্ৰায় এহেজাৰৰো অধিক ছিৰি অতিক্ৰম কৰিবলৈ অতি কষ্টকৰ যদিও আমাৰ সহযাত্ৰী বহুতেই সক্ষম হৈছিল |

সন্ধিয়া পৰত আমি The Temple Of Heaven চাবলৈ গ’লো | অতি সুন্দৰ দৃশ্য এটি দেখি আমি সকলেৱে থমকি ৰ’লো |ৰাষ্টাৰ কাষৰ এটুকুৰা মুকলি ঠাইত প্ৰায় ২০/২৫ যোৰা চীনা যুৱক যুৱতীয়ে সুন্দৰ মিঠা সঙ্গীতৰ তালে তালে হাতত ধৰা ধৰি কৈ নৃত্য কৰি আছিল | এই মনোমোহা দৃশ্য বহুতো দৰ্শকে উপভোগ কৰি আছিল | চীনাসকল অতি স্বাস্থ্য সচেতন আৰু পৰিশ্ৰমী জাতি | শাৰীৰিক ব্যায়ম ,নৃত্য আৰু খোৱা আহাৰৰ জৰিয়তে তেওঁলোকে শৰীৰৰ যতন লয় | তাত Green tea ৰ প্ৰচলন অতি বেচি |গাখীৰ দিয়া চাহ তাত পাবলৈ নাই |শাকজাতীয় খাদ্য অতি কম তেলত প্ৰায় আধাসিজাকৈ বনায় |

বেইজিংৰ পিচত জিয়াং লৈ আমি বিমানেৰে আহিলো | জিয়াং চহৰ প্ৰাকৃতিক দৃশ্যৰে ভৰপূৰ | সন্ধিয়াপৰত বিখ্যাত Musical Fountain Show চাবলৈ গ’লো | সঙ্গীতৰ তালে তালে পানীৰ মন মোহনীয় নৃত্য | বিভিন্ন ৰঙৰ লাইটৰ সমাহাৰ |ইয়াত আমি Bell Tower, Dum Tower, City wall আদি চালো |

২৪ চেপ্তেম্বৰত আমি Terracotta Warriors and Horses চাবলৈ গ’লো | ১৯৭৪ চনত পথাৰৰ মাজত সুবিশাল অঞ্চল এটাত মাটিৰ তলত ইয়াৰ সন্ধান পোৱা গৈছিল |কথিত আছে যে ৰজাৰ সমাধিৰ ওচৰত এই সৈনিক সকলৰ মূ্ৰ্ত্তিসমূহো ৰখা হৈছিল যাতে মৃত্যুৰ পিচতো ৰক্ষা কৰিব পাৰে |

চেপ্তেম্বৰৰ ২৫ তাৰিখে জিয়াং ৰ পৰা চংকুয়িং লৈ বিমানেৰে আহিলো | প্ৰথমেই আমি চিড়িয়াখানালৈ গৈ বিখ্যাত পাণ্ডা চালো |দুপৰীয়া চীনদেশীয় আহাৰ গ্ৰহণ কৰি উঠি আমি গ’লো Yangtze River Cruise লৈ | জীৱনত নদীবিহাৰৰ অভিজ্ঞতা নোহোৱা বাবে মনত মোৰ অত্যন্ত আগ্ৰহ আছিল | আমাৰ অতিপাত ধুনীয়া,পাচমহলীয়া জাহাজখনৰ নাম আছিল ” Sunshine Goddess ” | কেবিন সমূহত টয়লেটৰ পৰা বিচনালৈকে সুন্দৰ ব্যৱস্থা আছিল | বাহিৰৰ বেলকনিত বহি প্ৰকৃতিৰ লগত মিতিৰালি পাতিব পাৰি | প্ৰকাণ্ড ডাইনিং হলটো আৰু বিভিন্ন খাদ্যসম্ভাৰ চাবলগীয়া | তিনিদিন তিনিৰাতি নদীৰ বুকুতে কটালো | ইয়াৰ পিচতেআমি পৃথিবীৰ ভিতৰতে আটাইতকৈ ডাঙৰ Hydro Power Project চালো |

পিচদিনা এখন High Speed train ত উঠি চাংহাই পালোগৈ | ২৯ তাৰিখে Oriental Pearl TV Tower, এইটো ৪৬৮ মিটাৰ ওখ আৰু চীনৰ আটাইতকৈ ওখ অট্টালিকা | Yu Yuan Garden, Jade Buddha Temple, Garden City of China, Silk Factory আদি চালো |

সন্ধিয়া আমি বান্দ (The Bund ) চাবলৈ গ’লো বান্দ হোৱাংপু নদীৰ পাৰত অৱস্থিত |”The Bund is called The Museum of International Architecture .”ৰাতি অট্টালিকাসমূহ সুন্দৰকৈ পোহৰাই তোলা হয় আৰু ইয়াৰ প্ৰতিবিম্ব ওচৰৰ নদীত পৰি বিনন্দীয়া দৃশ্যৰ সৃষ্টি কৰে |

১ অক্টোবৰ চীনদেশৰ National Day | তিনিদিন অফিচ আদি বন্ধ থাকে | চীনাসকলৰ জীৱনশৈলী ,খাদ্যপ্ৰণালী আদি বৈশিষ্ট্যময় | ঠাইবোৰ অতি চাফ চিকুন,বিশেষকৈ টয়লেটসমূহ অতি চাফচিকুন | ইয়াত আমাৰ আৰু এটা সুন্দৰ অভিজ্ঞতা হ’ল বুলেট ট্ৰেইনৰ | “মেগালেভ

ট্ৰেইন”বোৰ মেট্ৰো ৰেলৰ দৰেই | তীব্ৰ বেগী হ’লেও ইয়াৰ ভিতৰত বহিএইটো অনুভৱ কৰিব নোৱাৰি | সামান্য জোকাৰণি এটাও নাই | আমি ওঠা মেগালেভ ট্ৰেইনখন ঘন্টাত ৪২০/৪২২ কিলোমিটাৰ বেগত গৈছিল |

ভিন্নৰঙী অভিজ্ঞতাবোৰ মনৰ মাজতে সামৰি ২অক্টোবৰৰ দিনা আমি হোটেল এৰি বিমানবন্দৰলৈ বুলি ওলালো | স্থানীয় গাইড লগতে বিভিন্ন প্ৰান্তৰ পৰা আহি লগ হোৱা আমাৰ সকলোৰে এৰা এৰি হ’বৰ হ’ল | জীৱনত কাহানিও তেওলোকক হয়তো আৰু লগেই নেপাম | আমি পিন্ধা মেখেলা-চাদৰ দেখি তেওঁলোকে বৰ আমোদ পালে | “টু-পিচ” কেনেকৈ পিন্ধো বাৰে বাৰে সুধিলে |আমাৰ মুগা আৰু পাটৰ সাজে তেওঁলোকৰ মন মুহিলে ,বৰ প্ৰশংসা কৰিলে | আমাৰ বিদায় বেলা আহি পালে | মনোমোহা চীনদেশৰ মধুৰ স্মৃতি বুকুত বান্ধি আমি বিদায় মাগিলো | কনফুচিয়াচৰ দেশ, হিউয়েনচাংৰ দেশৰ চাংহাইৰ অত্যাধুনিক বিমানবন্দৰৰ পৰা অক্টোবৰৰ ২ তাৰিখে আবেলি পৰত দিল্লী অভিমুখে আমি ৰাওনা হ’লো | বিদায় ৰঙাচীন,বিদায় ন-পুৰণি বন্ধুসকল !!

নিলিমা নাথ

By admin

Leave a Reply

Your email address will not be published. Required fields are marked *

+ 60 = 64