ৰূপালী আন্দামান

মোক সৰুৰে পৰা আন্দামান নিকোবৰ দ্বীপপুঞ্জ, কালাপানী জেলৰ বুৰঞ্জী কিতাপত সন্নিবিষ্ট বৰ্ণনা, পোৰ্ট ব্লেয়াৰ আদি নাম সমূহে ৰোমাঞ্চিত কৰিছিল।

যোৱাবছৰ এদিন হঠাৎ আন্দামান যোৱাৰ মন মেলিছিল মোৰ স্বামীয়ে। তেওঁৰ আকৌ কামবোৰ ভাবিলেই হব লাগে, নহলে শান্তি নাপায়।ভাবিলেই যেতিয়া অফিচত চুটি খুজি দৰ্খাস্ত দিলেই।তেতিয়া আকৌ মই ল’ৰাটোক লৈ গৰম বন্ধ বুলি কেইদিনমান চুটিলৈ ঘৰলৈ যোৱা এৰাতি পাৰ হৈছিলহে।তেখেতে লগালগ ফোন কৰি মনৰ ইচ্ছা অৱগত কৰিলে।মই হেহু নেহু কৰি থাকোতেই গোটেই প্লেন প্ৰগ্ৰাম বিস্তাৰিত ভাৱত জনাই ফ্লাইটৰ টিকট সেইদিনাই কাটিম কওঁতেহে মোৰ খপজপ লাগিল।পিছে ইমানদিনে তেখেতক বুজিবৰ বাকী নাছিল মোৰ আৰু এনেকৈ নগলে যে যোৱা নহব সেয়াও ভালদৰে জানিছিলোঁ। সাত দিনীয়া ভ্ৰমণ কাৰ্যসূচী এটি বনালো।বন্ধু পৰিয়াল এটাও লগ দিলে আমাক। তেখেতে কৰবালৈ যোৱাৰ আগত ইণ্টাৰনেট খুচুৰি নিজৰ জ্ঞাতাৰ্থে ট্ৰেভেল বুকলেট এখন বনাই লয়। আগতীয়াকৈ কিছু আভাষ লৈ গলে সুচাৰুভাৱে কামবোৰ সম্পন্ন হয় সেইবাবে।

আমি গুৱাহাটীৰ পৰা কলিকতা অভিমুখে ফ্লাইটেৰে যাত্ৰা কৰিলোঁ।কলিকতাত এৰাতি কটাই পিছদিনা ৰাতিপুৱাই আকৌ আকাশী পথেৰে আন্দামানৰ একমাত্ৰ বিমানবন্দৰ পোৰ্ট ব্লেয়াৰৰ বীৰ সভাৰকৰ আন্তৰ্জাতিক বিমানবন্দৰ অভিমুখী যাত্ৰা প্ৰায় তিনিঘণ্টাত সম্পন্ন কৰিলোঁ। বঙ্গোপ মহাসাগৰৰ ওপৰেৰে পাৰ কৰা এই বিমান যাত্ৰা খুবেই শিহৰণকাৰী।

ট্যুৰিচম কোম্পানী এটাৰ লগত অহাৰ পূৰ্বেই ট্যুৰ পেকেজ এটা ঠিক কৰি থৈছিলোঁ।কোম্পানীটোৰ নিৰ্দিষ্ট কেব এখনে আমি আহি পোৱালৈ বাট চাই আছিল।আমি কেবত উঠি চহৰৰ মাজতে ঠিক কৰি থোৱা হোটেল খনত উপস্থিত হলো।তেতিয়া দিনৰ ঠিক দুই বাজিছিল।দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি উমান পালো যে খোৱা খাদ্যত জ্বলা মচলাৰ ব্যৱহাৰ বৰ বেছি নহয়।ঠিক ঘৰুৱা সাঁজৰ নিচিনাই আহাৰ গ্ৰহণ কৰি সন্তুতি পালো।এনে খাদ্য সৰু লৰা ছোৱালী থাকিলে অলপো অসুবিধাৰ কৰক নহয়। আন্দামানৰ বেছি প্ৰচলিত ভাষা বাংলা লগতে তামিল আৰু মালায়ালম।হোটেল খনৰ সকলো কৰ্মচাৰীয়ে আমি অসমৰ পৰা অহা বুলি জানি আমাৰ লগত বাংলা বা হিন্দীত কথা পাতিছিল। ঘৰুৱা পৰিবেশ এটা পাই আপোন আপোন লাগিছিল সকলোবোৰ।

সেইদিনাই আমাৰ পোৰ্ট ব্লেয়াৰৰ স্থানীয় ঠাই সমূহ চোৱাৰ পৰিকল্পনা। একেখন কেব লৈ প্ৰথমে পোৰ্ট ব্লেয়াৰত থকা বিখ্যাত চেল্যুলাৰ জেল যাক একালত কালাপানী নামে জনাজাত জেলখন পৰিদৰ্শন কৰিলোঁ। মুঠ ৬৯৬ টা চেলেৰে নিৰ্মিত এই জেলটোত বীৰ সভাৰকৰৰ চেলটো দেখাৰ সোভাগ্য হল।তাত তেওঁৰ এখন ফটো বন্ধাই ৰখা হৈছে যত আমি তেওঁলৈ প্ৰণাম নিবেদী আহিলো। প্ৰতিটো চেলৰ নিৰ্ধাৰিত জোখ ১৫ x ৮ আৰু তিনিমিটাৰ উচ্চতাত এখনকৈ ভেন্টিলেটৰ। শৌচ পেচাবৰ কোনো পৃথক সুবিধা নথকা চেলবোৰত লুকাই আছে ব্ৰিটিছ শাসন কালৰ ক’লা ইতিহাস।এবাৰ নিজেও সোমাই চালো উশাহ বন্ধ হোৱা যেন লগা চেল এটাত। আমাৰ কেবৰ ড্ৰাইভাৰ মি: কাৰ্তিকে আমাক জনাই যে আকৌ ৰাতিকৈ চেল্যুলাৰ জেলত হোৱা লাইট এণ্ড চাউণ্ড শ্ব’ চাবলৈ লৈ আহিব।তাৰ আগতে আমি যাম পোৰ্ট ব্লেয়াৰত থকা একমাত্ৰ সমুদ্রতিৰ ‘কৰৱিন্ ক’ভৰ’ সোন্দৰ্য্য উপভোগ কৰিবলৈ।আমি লগত নিছিলোঁ দুটা ছাতি (যিকোনো সময়ত বৰষুণ পৰে তাত) আৰু একোজোৰকৈ অতিৰিক্ত কাপোৰ। লগতে সৰু লৰা ছোৱালী দুটাৰ বাবে বিস্কুট, কেক, আৰু চকলেট জাতীয় অলপ চলপ খাদ্য সামগ্ৰী। পিছে তাত সমূদ্ৰতিৰত সৰু সুৰা দোকান পোহাৰ উপলব্ধ। ডাব নাৰিকলৰ দোকানবোৰ প্ৰায় সকলো ফুৰিবলৈ যোৱা ঠাইতেই দেখিবলৈ পাইছিলোঁ।

কৰৱিন্ ক’ভলৈ যোৱা ৰাস্তাটো টিলা সদৃশ ঠাইবোৰ, ৰাস্তাবোৰৰ এফালে যদি পাহাৰ (আমাৰ দাঁতিকাষৰীয়া শ্বিলঙৰ দৰে) আনফালে আকৌ পাৰাপাৰ নেদেখা বিস্তৃত নীলিম জলৰাখি। সাগৰৰ নিলাবোৰৰ মাজত আমি হেৰাই গৈছিলোঁ।মোৰ ল’ৰাটোৱে ঢৌৰ সৈতে খুব খেলিছিল।তাৰ হাঁহিটোৰ সৈতে সাগৰৰ ঢৌবোৰেও যেন খিলখিলাইছিল। ঢৌবোৰ পুৰী বিটছ সদৃশ উগ্ৰ নাছিল। সন্ধিয়া নামিছিল, বেলিটো ৰঙাহৈ সাগৰত ডুব গৈছিল। আমি ৰাতি চেল্যুলাৰ জেলৰ চাউণ্ড এণ্ড লাইট শ্ব’ টো চোৱাৰ পৰিকল্পনা কৰিছিলোঁ যদিও হঠাৎ অহা বৰষুণ জাকৰ বাবে আকৌ হোটেল সোমালোগৈ। ঠাণ্ডা ঠাণ্ডা বৰষুণ বতৰত হোটেলৰ গৰম গৰম পনীৰ পোকৰাৰে গৰম কফিৰ সোৱাদ ললোঁ। ফোনৰ নেটৱৰ্ক বা ইণ্টাৰনেট কানেক্সন নাপাই বুলি কলেও ভুল কোৱা নহব। সেয়ে সেই সাতদিন আমি আমাৰ অভিন্ন ফোনটোক বেগত সুমুৱাই থলোঁ আৰু আচৰিত ভাৱে ফোনৰ প্ৰয়োজনবোধো নকৰিলোঁ।

পিছদিনা ৰাতিপুৱা পোৰ্ট ব্লেয়াৰৰ নিকটৱৰ্তী দ্বীপ ৰছ আইলেণ্ড আৰু নৰ্থ বে আইলেণ্ড চাবলৈ গলো। ৰাজীৱ গান্ধী ৱাটাৰ স্প’ৰটছ কপ্লেক্সৰ পৰা আমি মটৰ বোটেৰে প্ৰথমে পোৰ্ট ব্লেয়াৰৰ পৰা দুই কিলোমিটাৰ পূৰ্বে স্থিত ৰছ আইলেণ্ডত সোমালো। সেইদিনা সাগৰৰ ঢৌবোৰৰ ধাৰ বেছিকৈ হোৱা বাবে বোটৰ চালক দুজনে বাঙালী ভাষাত কৰা কথোপকথনত মই বুজি পাইছিলোঁ যে এবাৰ তেনে ধাৰতে নাওঁ ওলটি গৈ সিহঁতৰ কি দুৰ্দশা হৈছিল।শুনি মোৰ সঁচাই ভয় ভয় লাগিছিল যদিও খুব সোনকালেই ভালে ভালে আমি গন্তব্য স্থান পাইছিলোঁ। পূৰ্বে ৰ’ছ আইলেণ্ড ই আন্দামানৰ হেড কুৱাৰ্টাৰ আছিল পিছে এতিয়া তাত মানুহৰ বসতি নিষেধ।তাত দেখিবলৈ পালো মুক্তভাৱে বিচৰণ কৰা হৰিণা, সহাপহু, ময়ূৰ আদি প্ৰাণী।গছ গছনিৰে ভৰপূৰ দ্বীপটোত আছে ব্ৰিটিছৰ কিছুমান পৰিত্যক্ত ঘৰ।ব্ৰিটিছৰ সেইদিনৰ আৰ্কিটেক্টছাৰ দেখিলে চকু থৰ হয়।সৰু আইলেণ্ড খনৰ ঠাইবোৰ ঘূৰি ফুৰিবলৈ তাত মটৰ ৰিক্সা পোৱা যায়। আমি শেষ মুৰলৈ গৈ এটি লাইট হাউচ দেখা পালো।কি যে মনোমোহা প্ৰাকৃতিক দৃশ্য।আমাৰ এখেতে কেমেৰাত বহু তেনে দৃশ্য বন্দী কৰিলে। প্ৰায় এঘণ্টা ফুৰি আমি আকৌ আমাৰ মটৰ বোট খনেৰে পৰৱৰ্তী দ্বীপ নৰ্থ বে আইলেণ্ডলৈ ধাৱমান হলো।

নৰ্থ বে আইলেণ্ড বিভিন্ন ধৰণৰ ৱাটাৰ এক্তিভিটিৰ বাবে প্রসিদ্ধ। স্কুবা ডাইভিং, স্নৰক্লিঙ, চি ৱাক, দলফিন বোট ৰাইড আদিৰ দৰে শিহৰণকাৰী খেলবোৰৰ সোৱাদ নোলোৱাকৈ আহিলে আন্দামান যাত্ৰা আধৰুৱা বুলি মই ভাবো।জীৱনত কৰা সাহসী কামবোৰৰ ভিতৰত মোৰ স্কুবা ডাইভিং অন্যতম। স্কুবা ডাইভিংত আগতে খেলুৱৈ জনক চুইম কছটিউম পিন্ধাই লোৱা হয়।পানীৰ মাজত বুকুলৈকে পানী থকালৈ গৈ অক্সিজেন ছিলিণ্ডাৰ পিন্ধোৱা হয় আৰু কেনেদৰে পানীৰ ভিতৰত উশাহ লব লাগে তাৰ প্ৰশিক্ষণ দিয়া হয়।ইয়াৰ পিছত তেওঁলোকে আমাক ধৰি পানীৰ ভিতৰলৈ সোমোৱাই নিয়ে।ইয়াৰ বাবে সাঁতোৰ জনাটো বাধ্যতামূলক নহয়। সাগৰৰ ওপৰৰ নান্দনিক দৃশ্য চাই এনেই মুগ্ধ হৈছিলোঁ কিন্তু সাগৰৰ ভিতৰখনৰ আশ্চৰ্যকৰ পৃথিৱী খন দেখি মই আপ্লুত হলোঁ।মোৰ চকুৰ আগেৰে পাৰ হোৱা বিভিন্ন ৰঙৰ, বিভিন্ন প্ৰকাৰৰ সাগৰীয় মাছবোৰৰ খেল দেখি অভিভূত হলো। মই এটা প্ৰায় মোৰ লৰাটোৰ সমান আকাৰৰ অক্টোপাছ ও দেখিলো, ভয়তে মোৰ প্ৰাণ যাওঁ যাওঁ অৱস্থা।কিন্তু নিজকে শান্ত ৰাখি মই কেতিয়াও নেদেখা দৃশ্যবোৰ মন ভৰাই উপভোগ কৰিছিলোঁ।সাগৰতলীৰ জীয়া ক’ৰেলবোৰ দেখা পাইছিলো।পানীৰ তলত ডুবাৰো সকলে লগত কেমেৰাও নিয়ে আৰু মোৰ সেই অভিজ্ঞতাৰ স্মৃতিবোৰ কেমেৰাত বন্দী কৰে। মোৰ আজিও পাহৰিব নোৱাৰা এটি শিহৰিত স্মৃতি।তাৰপৰা উভতা বাটত ল’ৰাই মটৰ বোটৰ আগফালে বহি জিভা মেলি মেলি চিটিকি অহা সাগৰৰ লুণীয়া পানীৰ সোৱাদ লৈছিল।হোটেল পাওঁতে আবেলি হল।আমি সেইদিনা ৰাতি কালাপানীৰ বিখ্যাত লাইট এণ্ড চাউণ্ড শ্ব’ টো চালো।চাই ব্ৰিটিছ যুগলৈ ঘূৰি যোৱা যেন লাগিল।চাবলগীয়া এটি শ্ব’। সেইদিনা পোৰ্ট ব্লেয়াৰতেই কটাই পিছদিনা খাই বৈ আন এটি ৰোমাঞ্চকৰ যাত্ৰা আৰম্ভ কৰিলোঁ হেভলক আইলেণ্ডলৈ বুলি।

জীৱনৰ প্ৰথম ক্ৰুজ চাফাৰি আছিলে সেইটো। মেক ক্ৰুজ এখন বাতানুকূল ক্ৰুজ, ভিতৰ চৰাত ৰেষ্টুৰেণ্ট পৰ্য্যন্ত সকলো সা সুবিধা আছিল।প্ৰত্যেকটো যাত্ৰাৰ অভিজ্ঞতা বোৰ সুকীয়া।প্ৰায় তিনি ঘণ্টাৰ এই যাত্ৰা অভিজ্ঞতাক মই লিখি প্ৰকাশ কৰিব নোৱাৰিম।ইমান ৰোমাঞ্চকৰ, ইমান শিহৰণকাৰী।চি চিকনেছৰ ফলত বহুজনৰ গা বেয়া লাগিছিল বিশেষকৈ বমি হৈছিল। ভগৱানৰ কৃপাত আমাৰ কাৰোৰে তেনে অৱস্থা নহল। সৰুকেইটাই শুই শুয়েই যাত্ৰা শেষ কৰিলে।ক্ৰুজৰ ভিতৰৰ পৰা খিড়িকীৰে ঢৌৰ খেলবোৰৰ ভিডিও ৰেকৰ্ডিঙ কৰি থলোঁ। ঢৌবোৰ কেতিয়াবা খিড়িকীৰ ওপৰলৈও উঠা দেখিছিলো। ভাবিলে ভয় লাগে সাগৰৰ মাজত যেতিয়া চাৰিওদিশে পাৰ নেদেখো।নেদেখাজনক সুঁৱৰি প্ৰতিটো যাত্ৰা পাৰ কৰোঁ।তাত গৈ মই বুজিছিলো জীৱনত সাঁতোৰ বিদ্যা শিকাৰ প্ৰয়োজনীয়তা।

হেভলক আইলেণ্ড ত এখন খুব ধুনীয়া সাগৰৰ পাৰৰ ৰিচৰ্টত আমি আছিলোঁ। ৰিচৰ্ট খনত থাকি যে ইমান ভাল লাগিছিল, ৰিচৰ্টৰ পিছফালে সাগৰখন।সাগৰৰ দৃশ্য শুই বহি উপভোগ কৰিবলৈ সকলো যোগাৰ তাত আছিল।টেবুল চকীবোৰ ধুনীয়াকৈ লাইট আৰু ফুলেৰে সজাই থৈ দিয়া থাকে।প্ৰকৃতিৰ প্ৰেমত বুৰ গৈ বহু সময় পাৰ কৰি দিওঁ তেনেদৰেই।ৰাতি সাগৰখন ওফন্দী উঠে আৰু ৰাতিপুৱা লৈ আকৌ অলপ দূৰলৈ যায়।কেতিয়াও নেদেখা মেনগ্ৰ’ভ দেখিবলৈ পাইছিলোঁ। পাৰত নানাৰঙী কেঁকোৰা, মৃত ক’ৰেল, নানাবিধৰ শংখ, শামুক দেখিছিলো। হেভলক আইলেণ্ডতেই আছে এছিয়াৰ আটাইতকৈ ধুনীয়া সাগৰতীৰৰ ভিতৰত এখন ৰাধানগৰ বিটচ। ইয়াত বহুকেইখন ঠাইলৈ গলো, তাৰে ভিতৰত এলিফেণ্ট বিটচ,ক’ৰেল বিটচ, গোবিন্দনগৰ বিটচ, বিজয় নগৰ বিটচ ইত্যাদি।

শেষত আমি নীলআইলেণ্ড গলো।তাতো এটা ধুনীয়া ৰিচৰ্টত দুদিন কটালোঁ।নীল আইলেণ্ডত সাগৰ খন সচাই বেলেগ ৰঙৰ, ঠিক সাগৰৰ চি গ্ৰীণ বোলা ৰঙটো দেখিবলৈ পালো তাত।

তাৰপৰা আমি আকৌ মেক ক্ৰুজেৰে পোৰ্ট ব্লেয়াৰ পালো।আগৰ হোটেল খনতেই আমি দুই এটা বেগ থৈ গৈছিলোঁ।আহি একেদৰেই পালো।তাত মানুহবোৰ কৰ্মদ্যমী। চুৰি ডকাইতি আদিৰ দৰে কামবোৰ নহয়েই বুলিব পাৰি। সকলোৱে নিজৰ সৰু ডাঙৰ কাম লৈ ব্যস্ত।বেয়া চিন্তাৰ পৰা বিৰত এখন নিভাঁজ পৃথিৱী। কৃত্ৰিমতাই যেন এতিয়াও চুই যোৱা নাই।নিৰ্ভেজাল প্ৰকৃতিৰ কোচত আলফুলে কটাই আমি জীৱনটোৰ অৱসাদবোৰ যেন ধুই আহিছিলো সেই সাগৰৰ উমাল পানীত।ৰূপালী বালিচন্দাৰ জিকমিকনিত নৈসৰ্গিক আন্দামানৰ ভ্ৰমণ অভিজ্ঞতা আমাৰ মনত এতিয়াও সজীৱ।

চয়নিকা নাথ

By admin

Leave a Reply

Your email address will not be published. Required fields are marked *

+ 15 = 20