ভয় নামেই ফবিয়া

ভয়

ভয়। আমি সকলোৱে কিবা নহয় কিবা এটাক ভয় কৰো। ব্যক্তি এজনৰ ভয় বিভিন্ন কথা, বস্তু বা যিয়েই নহওক কিবা এটা ক্ষেত্ৰত স্বাভাৱিকতেই এই ভয় ভাবটো থাকেই। ভয় অৰ্থাৎ ফবিয়া সকলোৰে ক্ষেত্ৰত বেলেগ বেলেগ হ’ব পাৰে। দেখা যায় যে সমগ্ৰ বিশ্বৰ প্ৰায় সংখ্যক লোকেই কিবা নহয় কিবা প্ৰকাৰে অজানিতে কোনো ধৰণৰ ফবিয়াৰ দ্বাৰা আক্ৰান্ত হৈ আহিছে। আৰু ঠিক এনেধৰণৰ কেইবাটাও ফবিয়াৰ বিষয়ে উল্লেখ কৰিব বিচাৰিছো আজি।

তাৰেই প্ৰথম ফবিয়াটো হ’ল ‘গাইন’ ফবিয়া– এই ফবিয়াত আক্ৰান্তসকলে তিৰোতাসকললৈ যথেষ্ট ভয় কৰে। তিৰোতাসকলৰ লগত মিলা-মিছা কৰিবলৈ, কথোপকথন কৰিবলৈ ভয় কৰে এই ফবিয়াত আক্ৰান্ত এগৰাকী ব্যক্তি। এনে লোকৰ মনৰ ভিতৰত যথেষ্ট সংকোচ ভাৱে আবৰি থাকে প্ৰতিটো মুহুৰ্ততে।

ঠিক সেইদৰে জনসমাগম থকা স্থানলৈ যিসকলে যাবলৈ ভয় কৰে সেই ফবিয়াক কোৱা হয় ‘অক্ল’ ফবিয়া। তাৰ পিছত আহো আন এক ফবিয়ালৈ। ধৰি লওক আপুনি ওপৰলৈ অৰ্থাৎ যিকোনো উচ্চতালৈ উঠিবলৈ ভয় কৰে। সেয়া লাগিলে পাহাৰ বগাবলৈ হওক, ঘৰৰ চাঁদত উঠিবলৈ হওক। এনে ধৰণৰ উচ্চতালৈ উঠিবলৈ যদি আপুনি ভয় কৰে তেতিয়াহ ‘লে জানিব যে আপুনি ‘এক্ৰ’ ফবিয়া’ত ভুগিছে। আকৌ যিসকলৰ গভীৰতালৈ ভয় ভাব ওপজে সেই ভয় হ’ল ‘বাথ’ ফবিয়া‘। এনে লোকে গভীৰতা দেখিলেই তথা এনে পৰিস্থিতিত পৰিলেই এই ফবিয়াই আমনি কৰিবলৈ ধৰে। যাৰ ফলত বাথ ফবিয়াত আক্ৰান্ত ব্যক্তি পৰাপক্ষত ইয়াৰ পৰা সদায় দূৰত্বত অৱস্থান গ্ৰহণ কৰে

ইফালে অপৰিচিত ব্যক্তিসকলৰ লগত সহজতেই কোনোৱে মিলা-মিচা নকৰে। কিন্তু এনেধৰণৰ অপৰিচিত এজন ব্যক্তিক দেখিলেই যেতিয়া মনৰ মাজত যি ভয়ৰ ভাব আহে তাক ‘জেন’ ফবিয়া‘ বুলি কোৱা হয়। আনহাতে ধৰক আপুনি ‘নিক্ত’ ফবিয়া’ত আক্ৰান্ত। এই ফবিয়াত ভোগা ব্যক্তিয়ে এন্ধাৰত থাকিবলৈ ভয় কৰে। এই ফবিয়াত আক্ৰান্ত ব্যক্তি যথেষ্ট সংখ্যক আছে।

তদুপৰি বন্ধ ঠাই এটুকুৰাত যদি আপুনি অকলে থাকিবলৈ ভয় লাগি থাকে, সেয়া হ’ব ‘ক্লষ্ট্ৰ’ ফবিয়া‘। এক গৱেষণাৰ ৰিপ’ৰ্ট মতে, বিশ্বৰ সৰ্বমুঠ জনসংখ্যাৰ প্ৰায় ৫ৰ পৰা ৭% লোক এই ফবিয়াৰ দ্বাৰা প্ৰভাৱিত হয়।

ইফালে নিৰ্জনতালৈ যদি কোনোবাই ভয় কৰে, সেয়া বুজাবলৈ ব্যৱহাৰ কৰা হয় ‘অট’ ফবিয়া‘ শব্দটো। এই ফবিয়াত আক্ৰান্ত সকলে নিৰ্জনতাক সদায় পৰিহাৰ কৰে। আৰু তেনে ধৰণৰ ঠাইত অকলশৰে একমুহুৰ্তও নাথাকে। অৱশেষত আন এবিধ ফবিয়াৰ কথা উল্লেখ কৰিব বিচৰা হৈছে। এই ফবিয়া বিধ হৈছে ‘আলইউৰ’ ফবিয়া‘। এনে ফবিয়াত ভোগা ব্যক্তি এজনে মেকুৰীলৈ অত্যন্ত ভয় কৰে। আৰু এই ফবিয়াত ভোগা এগৰাকী বিখ্যাত ব্যক্তি হ’ল নেপোলিয়ন বোনাপাৰ্ট।”

প্ৰাণজিৎ ডেকা

Phobias are intense, irrational fears that can significantly disrupt a person’s life. These fears often lead individuals to avoid specific objects, situations, or activities, sometimes to the point of causing severe anxiety or panic attacks. Common phobias include fear of heights (acrophobia), spiders (arachnophobia), flying (aviophobia), and enclosed spaces (claustrophobia).

The development of phobias can be attributed to various factors, including genetics, brain chemistry, and past experiences. Traumatic events or witnessing someone else experience trauma can also contribute to the development of phobias. Additionally, some phobias may be learned behaviors, acquired from observing others’ fearful reactions.

Treatment for phobias typically involves therapy, such as cognitive behavioral therapy (CBT), which aims to help individuals change their thought patterns and reactions to fear-inducing stimuli. Exposure therapy, a form of CBT, involves gradually exposing individuals to their feared object or situation in a controlled and safe environment. Medications, such as anti-anxiety medications or antidepressants, may also be prescribed to help manage symptoms.

Living with a phobia can be challenging, as it may impact various aspects of life, including work, relationships, and daily activities. However, many people are able to overcome their phobias with the help of therapy and support. Understanding the nature of phobias and seeking professional help are important steps in managing and overcoming these fears.

Phobias can vary in severity, with some individuals experiencing mild anxiety and others facing debilitating fear. Seeking help from a mental health professional is crucial for proper diagnosis and treatment. With therapy and support, individuals can learn effective coping mechanisms and gradually confront their fears, leading to a better quality of life.

By