অহা ২০ বছৰত মানৱ সমাজলৈ কি কি পৰিৱৰ্তন আহিব পাৰে?

পৰিৱৰ্তন

পৰিৱৰ্তন অৱশ্যাম্ভাৱী।

✔ পৰিৱৰ্তনক কোনেও অস্বীকাৰ কৰিব নোৱাৰে। আজিৰ পৰা ১০০ বছৰ পূৰ্বে যিটো কল্পনাৰো অগোচৰ আছিল, আজি সেয়া বাস্তৱ। প্ৰযুক্তিৰ দ্ৰুত উন্নতিৰ লগে লগে পৰিৱৰ্তনো পূৰ্বতকৈ দ্ৰুত গতিত হ’বলৈ আৰম্ভ কৰিছে। ভৱিষ্যত সদায়েই অনিশ্চিত। কিন্তু অতীত আৰু বৰ্তমানে ভৱিষ্যতৰ বহু কথাই আগতীয়াকৈ কৈ যায়। কিয়নো অতীত আৰু বৰ্তমানৰ ওপৰত ভৰ থৈয়েই ভৱিষ্যতৰ জন্ম। আজি যি ভৱিষ্যত কাইলৈ সেয়া বৰ্তমান।

✔  ভৱিষ্যতক লৈ মানুহৰ আগ্ৰহ অপৰিসীম। মানুহে ভৱিষ্যতক আগতীয়াকৈ জানিব বিচাৰে। সেয়ে মানুহে অতীজত জ্যোতিষশাস্ত্ৰৰ সহায় লৈছিল। বৰ্তমান সম্পূৰ্ণৰূপে বিজ্ঞান নহ’লেও একপ্ৰকাৰ বিজ্ঞানৰ অন্যতম অংশ হৈ পৰিছে ফিউচাৰ ষ্টাডিজ বা ফিউচাৰ’লজি। এই বিষয়টোত ভৱিষ্যতৰ পৃথিৱীখন কেনে হ’ব, ভৱিষ্যতৰ সমাজখন কেনে হ’ব বা প্ৰযুক্তিয়ে পৃথিৱীখন কিধৰণে সলনি কৰিব সেয়া বিজ্ঞানসন্মতভাৱে আৰু প্ৰণালীৱদ্ধভাৱে অধ্যয়ন কৰা হয়।

✔ সম্প্ৰতি নিৰ্মাণ, সেৱাকে আদি কৰি প্ৰায় প্ৰতিটো ক্ষেত্ৰতে কোম্পানীসমূহে নিজৰ উৎপাদিত সামগ্ৰী আৰু সেৱাসমূহ ‘ফিউচাৰিষ্টিক’ হিচাপে গঢ়ি তুলিব বিচাৰে। শেহতীয়াকৈ ‘ফিউচাৰিষ্টিক’ ধাৰণা বা চিন্তাই সকলোকে চুই গৈছে। ইয়াৰ মাজতে নিৰৱিচ্ছিন্নভাৱে ভৱিষ্যতৰ পৃথিৱীখন কেনে হ’ব সেই লৈ ভিন্ন গৱেষণা চলাই গৈছে বিশ্বৰ আগশাৰীৰ ফিউচাৰ’লজিষ্টসকলে। এই গৱেষণাসমূহৰ ওপৰত ভিত্তি কৰিয়েই অহা ২০ বছৰৰ ভিতৰত মানৱ সমাজলৈ কি কি পৰিৱৰ্তন আহিব তাৰ চমু আভাস দিবলৈ চেষ্টা চলাইছো।

১। অহা ১০ বছৰৰ ভিতৰত ডেলিভাৰী এজেণ্টৰ ঠাই দখল কৰিব ডেলিভাৰী ড্ৰ’নে। ইতিমধ্য এমাজনে কেবাখনো দেশত পৰীক্ষামূলকভাৱে ড্ৰ’নৰ জৰিয়তে ডেলিভাৰী আৰম্ভ কৰিছে।

২। পৰিবহণ ব্যৱস্থালৈ আমূল পৰিৱৰ্তন আহিব। সৰ্বত্ৰে ঠাই দখল কৰিব ‘হাইপাৰলুপ’ পৰিবহণ ব্যৱস্থাই। এই অতি দ্ৰুত পৰিবহণ ব্যৱস্থাৰ গতিবেগ হ’ব ঘণ্টাত ১২০০ কিলোমিটাৰ।

৩। কম্পিউটাৰকে আদি কৰি অধিকাংশ যন্ত্ৰই মানৱ মগজুৰ দৰেকৈ চিন্তা কৰিব পৰা হ’ব। প্ৰায় প্ৰতিটো যন্ত্ৰতে সংযুক্ত হ’ব আৰ্টিফিচিয়েল ইণ্টেলিজেন্স।

৪। দূৰদৰ্শনৰ ব্যৱহাৰ বৰ্তমান ৰেডিঅ’ৰ ব্যৱহাৰৰ দৰে হৈ পৰিব। ছেটেলাইট টিভিৰ স্থান সম্পূৰ্ণৰূপে দখল কৰিব ইণ্টাৰনেট টিভিয়ে।

৫। মানুহে মঙল আৰু চন্দ্ৰত বসবাসৰ শুভাৰম্ভণি ঘটাবলৈ সমৰ্থ হ’ব। ইয়াৰ লগতে মহাকাশ পৰ্যটনো গঢ় লৈ উঠিব।

৬। Prosthetics অৰ্থাৎ কৃত্ৰিম অংগ ইমান উন্নত হৈ পৰিব যে তাৰ জৰিয়তে সকলো কাম কৰাতো সম্ভৱপৰ হৈ পৰিব। আনকি সুস্থ ব্যক্তিয়েও তেনে অংগৰ সংযোজন ঘটাই হলীউডৰ চিনেমাৰ চৰিত্ৰ স্পাইডাৰ মেন, আইৰন মেনৰ দৰে অধিক শক্তিশালীভাৱে কাম কৰিব পাৰিব।

৭। বৰ্তমানৰ শিক্ষা ব্যৱস্থা আৰু পৰীক্ষা পদ্ধতিৰ সম্পূৰ্ণৰূপে সলনি হৈ পৰিব। শিক্ষকসকলৰ স্থান দখল কৰিব কৃত্ৰিম বুদ্ধিমত্তাই। কিতাপৰ স্থান দখল কৰিব ভাৰ্চুৱেল ৰিয়েলিটিয়ে।

৮। পৰ্যটন ব্যৱস্থালৈ অভাৱনীয় পৰিৱৰ্তন আহিব। ফিজিকেল ট্ৰেভেলিঙৰ পৰিৱৰ্তে ডিজিটেল ট্ৰেভেলিঙে পৰ্যটন খণ্ডৰ লগতে মানুহৰ ভ্ৰমণৰ হাবিয়াসকো অন্য ৰূপ প্ৰদান কৰিব। ইতিমধ্যে লিথুৱানিয়াত ৰাজধানী লিথুৱানিয়া চহৰ আৰু ভিলনিয়াছৰ মাজত এক উন্নত প্ৰযুক্তিৰ ডিজিটেল ‘ৰিয়েল টাইম পৰ্টেল’ স্থাপন কৰা হৈছে। ইয়াৰ জৰিয়তে এখন চহৰত থাকিয়েই আনখন চহৰলৈ নোযোৱাকৈ সেইখন চহৰ ভ্ৰমণৰ অনুভৱ কৰিব পৰা যাব।

৯। ২০২৭-২৮ চনৰ পিছত আপোনাৰ হাতত যদিহে মোবাইল থাকে তেন্তে বাকীসকলে আপোনালৈ চাই হাঁহি হাঁহি পাগল হৈ পৰিব। স্মাৰ্টফোনৰ ঠাই দখল কৰিব  অগুমেণ্টেড ৰিয়েলিটিয়ে।

১০। বাহনসমূহ চালকবিহীন হৈ পৰিব। লগতে উৰন্ত বাহনো সম্পূৰ্ণৰূপে বাস্তৱ হৈ পৰিব।

১১। থ্ৰী-ডি প্ৰিণ্টিং প্ৰযুক্তি ইমান উন্নত হৈ পৰিব যে ২০২৮ চনৰ পিছত প্ৰিণ্টিং কৰি ঘৰ নিৰ্মাণ সম্ভৱ হৈ উঠিব। ইমানেই নহয় খাদ্য সামগ্ৰীও থ্ৰী-ডি প্ৰিণ্টাৰত প্ৰিণ্ট কৰি খাব পাৰিব।

১২। বৰ্তমান যিদৰে সকলোৰে হাতে হাতে মোবাইল ফোন আছে তেনেদৰে অহা ১০ বছৰৰ ভিতৰত প্ৰতিটো পৰিয়ালৰ ঘৰতে ঘৰুৱা তথা আন কাম কৰিবৰ বাবে ৰবট থাকিব।

১৩। ২০৩৫ চনৰ ভিতৰত বাস্তৱ হৈ পৰিব মেট্ৰিক্স সদৃশ ভাৰ্চুৱেল পৃথিৱীৰ। উন্নত নেন’টেকন’লজিৰ জৰিয়তে মানৱ মগজু কম্পিউটাৰৰ সৈতে সংযুক্ত কৰাতো সম্ভৱ হৈ পৰিব।

১৪। আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ ইমানেই উন্নতি হ’ব যে অহা ৫ বছৰ পিছত উন্নত দেশসমূহৰ অধিকাংশতে ঘৰৰ লাইট, ফেন, এচি, ফ্ৰিজ, দুৱাৰ আদি অফ-অন কৰিবলৈ হাতৰ ব্যৱহাৰ নাইকিয়া হৈ পৰিব। এই সকলো আৰ্টিফিচিয়েল ইণ্টেলিজেন্সক আপুনি অৰ্ডাৰ দিলেই স্বয়ংক্ৰিয়ভাৱে হৈ যাব।

১৫। সৰু সৰু চহৰসমূহতো লণ্ডন-নিউয়ৰ্কৰ দৰে ওখ ওখ হাইটেক অট্টালিকা গঢ় লৈ উঠিব।

১৬। পেট্ৰ’ল-ডিজেলৰ দৰে ইন্ধনৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিব। তাৰ স্থান দখল কৰিব পুনৰ নবীকৰণযোগ্য শক্তিয়ে।

১৭। তৃতীয় বিশ্বৰ দেশসমূহক বাদ দি উন্নত দেশসমূহৰ অধিকাংশতে পৰিয়ালৰ ধৰণ সলনি হৈ পৰিব। উন্নত দেশসমূহত বিবাহ একপ্ৰকাৰ নাইকিয়া হৈ পৰিব আৰু লিভিং টুগেডাৰৰ ধাৰণাও নাথাকিব।

১৮। সন্তান জন্ম দিয়াৰ ক্ষেত্ৰতো সমগ্ৰ বিশ্বতে ২০২৫ চনৰ পৰা ব্যাপক পৰিৱৰ্তন আহিবলৈ আৰম্ভ কৰিব। ২০৩০ চনৰ পিছত মাত্ৰ ৩০ শতাংশ মহিলাইহে গৰ্ভধাৰণ কৰি সন্তান জন্ম দিব। বাকী ৭০ শতাংশ মহিলাই টেষ্ট টিউবৰ জৰিয়তে সন্তান জন্ম দিব আৰু কোনো পুৰুষ সংগী অবিহনেই সন্তানৰ লালন-পালন কৰিব। ১০ বছৰ পিছত সন্তানৰ পিতৃ কোন সেয়া গুৰুত্বহীন হৈ পৰিব আৰু মহিলাসকলে সন্তান জন্ম দিবলৈ বিশেষ শৰীৰ আৰু বুদ্ধিমত্তাৰ অধিকাৰী যিকোনো পুৰুষৰ বীৰ্য সন্তান জন্ম দিবৰ বাবে বাছি ল’ব পাৰিব।

১৯। অহা ১০ বছৰৰ ভিতৰত যৌন সম্পৰ্কৰ ক্ষেত্ৰতো বহু পৰিৱৰ্তন আহিব। ৰবট আৰু ভাৰ্চুৱেল ৰিয়েলিটি হৈ পৰিব ভৱিষ্যতৰ ছেক্সৰ মূল আধাৰ।

২০। মানুহ বৰ্তমানতকৈ অধিক স্বাস্থ্য সচেতন হৈ পৰিব। চিকিৎসা ব্যৱস্থাৰ অভূতপূৰ্ব উন্নতিৰ ফলত মানুহৰ গড় আয়ুস ১০০ বছৰলৈ বৃদ্ধি পাব। বৃদ্ধ অৱস্থাতো মানুহ ডেকাৰ দৰে হৈ থাকিব পৰা চিকিৎসা পদ্ধতিও তেতিয়া সূলভ হৈ পৰিব।

২১। সমগ্ৰ বিশ্বতে ধৰ্মৰ প্ৰভাৱ হ্ৰাস পাব। ধৰ্মহীন লোকৰ সংখ্যা বৃদ্ধি পাব। কিন্তু তাৰ সমান্তৰালভাৱে যিসকল লোকে ধৰ্ম বিশ্বাস কৰিব সেইসকল অধিক গোড়া আৰু উগ্ৰ হৈ পৰিব।

২২। ৰাজনীতি আৰু অৰ্থনীতিৰ ৰূপো অহা ১৫ বছৰৰ ভিতৰত সলনি হৈ পৰিব। তেতিয়া বৈশ্বিক চৰকাৰৰ ধাৰণাই বাস্তৱ ৰূপ পাব আৰু দেশসমূহৰ মাজত থকা বিবাদ প্ৰায় নাইকিয়া হৈ পৰিব। ফলত সেনাবাহিনীৰ গুৰুত্ব যথেষ্ট হ্ৰাস পাব।

২৩। ২০ বছৰৰ ভিতৰত সমগ্ৰ বিশ্বতে জনসংখ্যা হ্ৰাস পাবলৈ আৰম্ভ কৰিব। প্ৰতিখন দেশৰ প্ৰতিজন লোককে ডিজিটেলি চিনাক্ত কৰাতো তেতিয়া সম্ভৱপৰ হৈ পৰিব। ফলত এখন দেশৰ পৰা আন এখন দেশলৈ ভ্ৰমণ কৰাৰ ক্ষেত্ৰত বৰ্তমানৰ দৰে জটিলতা নাথাকিব।

২৪। সমগ্ৰ বিশ্বতে এক গ্ল’বেল ডিজিটেল ইক’নমি স্পষ্ট হৈ পৰিব। কাগজৰ নোটৰ প্ৰচলন প্ৰায় শূন্য হৈ পৰিব। প্ৰতিখন দেশতে ডলাৰ হৈ পৰিব মুদ্ৰাৰ প্ৰধান প্ৰচলিত একক।

২৫। কৰ্মসংস্থাপনৰ ক্ষেত্ৰতো এক বৃহৎ পৰিৱৰ্তন দেখা যাব। বৰ্তমানৰ বহু চাকৰি বা সংস্থাপনৰ উপায় অহা ৫ বছৰ পিছৰে পৰা নাইকিয়া হ’বলৈ আৰম্ভ কৰিব। যিহেতু আৰ্টিফিচিয়েল ইন্টেলিজেন্স আৰু ৰবটৰ আধিপত্য চলিব, তাৰ পৰিপ্ৰেক্ষিতত দৈহিক শ্ৰমৰ কামবোৰ নাইকিয়া হৈ পৰিব। অৰ্থাৎ তেতিয়া কৰ্মসংস্থাপনসমূহ কেৱল প্ৰযুক্তিভিত্তিক আৰু সৃজনীমূলক হৈ পৰিব।

✔ এইসমূহৰ উপৰিও অহা ২০ বছৰৰ ভিতৰত পৃথিৱীত আৰু অনেক পৰিৱৰ্তন দেখা যাব। শেষত আকৌ ক’ব খুজিছো যে ভৱিষ্যত সদায় অনিশ্চিত। ভৱিষ্যতক লৈ ভৱিষ্যতবাণী কৰাতো ভয়াৱহ কামসমূহৰ মাজৰ এটা। উদাহৰণ হিচাপে গ্ৰেট ব্ৰিটেইনৰ ৰয়েল ছ’চাইটিৰ অধ্যক্ষ পদাৰ্থবিদ লৰ্ড কেলভিনৰ কথাকে ক’ব পাৰি। ১৮৮৩ চনত কেলভিনে ভৱিষ্যতবাণী কৰিছিল যে ‘এক্স-ৰে’ হক্সত পৰিগণিত হ’ব। সেইসময়ত ‘এক্স-ৰে’ক লৈ ছ’চাইটিৰ দুগৰাকীমান বিজ্ঞানীয়ে আশাৰ কিৰণ দেখা পাইছিল। কিন্তু কেলভিনে সেয়া নস্যাৎ কৰিছিল আৰু বিজ্ঞানীসকলৰ তেনে দাবীক ভুৱা আখ্যা দিছিল। আনহাতে, ১৯৫৯ চনত নিউয়ৰ্কৰ পৰা অষ্ট্ৰেলিয়ালৈ কেইমুহূৰ্তমানৰ ভিতৰতে ‘মেইল’ বা চিঠিৰ আদান-প্ৰদান কৰাতো সম্ভৱ হ’ব বুলি ভৱিষ্যতবাণী কৰিছিল আমেৰিকাৰ আৰ্থাৰ ছমাৰফিল্ড নামৰ এজন পোষ্টমাষ্টৰে। সময়ত দেখা গ’ল যে ৰয়েল ছ’চাইটিৰ দৰে বিজ্ঞানীসকলৰ দ্বাৰা গঠিত ছ’চাইটিৰ অধ্যক্ষ হোৱা সত্বেও কেলভিনৰ ভৱিষ্যতবাণী ভুল প্ৰমাণিত হ’ল। বিপৰীতে পোষ্টমাষ্টৰ ছমাৰফিল্ডৰ ভৱিষ্যতবাণীক সত্য প্ৰমাণিত কৰি এতিয়া মানুহে পলকতে এঠাইৰ পৰা আন ঠাইলৈ ই-মেইল পঠিয়াব পৰা হ’ল।

✔ অৱশ্যে এটা কথা ঠিক যে, বৰ্তমান ভৱিষ্যতবাণী কৰাৰ ক্ষেত্ৰতো পূৰ্বতকৈ বহু পৰিৱৰ্তন আহিছে। এতিয়া আৰু কোনেও মন গ’লেই ভৱিষ্যতবাণী কৰিলে সেয়া মানুহে মানি নলয়। এতিয়াৰ ফিউচাৰ’লজিষ্টসকলে বিভিন্ন অধ্যায়ন আৰু দীঘলীয়া গৱেষণাৰ অন্তত বৰ্তমানৰ আধাৰতহে ভৱিষ্যত সন্দৰ্ভত মত প্ৰকাশ কৰে আৰু প্ৰায় ৯৯ শতাংশ শুদ্ধকৈ ভৱিষ্যতৰ চিত্ৰ অংকন কৰিবলৈ চেষ্টা কৰে। 

 

প্ৰাণজিৎ ডেকা

By