বিশ্ব পাচৱৰ্ড দিৱস

পাচৱৰ্ড

সুৰক্ষিত নে আপোনাৰ ব্যৱহৃত পাচৱৰ্ডটো         

পাচৱৰ্ড। ডিজিটেল বিশ্বত পাচৱৰ্ডৰ মহিমা অপাৰ। এটা পাচৱৰ্ডতে সমগ্ৰ বিশ্ব লুকাই থকা বুলি ক’লেও অত্যুক্তি কৰা নহ’ব।পাচৱৰ্ডৰ এই জগত যথেষ্ট সংৰক্ষণশীল।কোন মুহূৰ্তত এটা পাচৱৰ্ডে কাৰ জীৱনলৈ অশনি সংকেত কঢ়িয়াই আনিব পাৰে তাৰ নিশ্চয়তা কোনেও দিব নোৱাৰে।সুৰক্ষিত পাচৱৰ্ডে যিদৰে সকলো দিশেই সুৰক্ষিত কৰি ৰখাত অৰিহণা যোগাই,ঠিক একেদৰে একো একোটা অসুৰক্ষিত পাচৱৰ্ডৰ ফলতেই কাল অমানিশাও নামি আহিব পাৰে।যিকোনো ক্ষেত্ৰতে শক্তিশালী পাচৱৰ্ড এটাৰ গৰাকী হোৱা মানে, আপোনাতকৈ সুৰক্ষিত হয়তো কোনো নোলাব এই ধৰাত।

এটা সময়লৈ মানৱজীৱনৰ যিকোনো ক্ষেত্ৰতে পাচৱৰ্ডৰ ভূমিকা অপৰিহাৰ্য হৈ পৰা নাছিল।কিন্তু পৰৱৰ্তী পৰ্যায়ত আধুনিক বিশ্বায়নৰ যুগত পৃথিৱীখন এখন গাঁৱলৈ ৰূপান্তৰ হ’ল।ফলত থাওকতেই যিকোনো এটা কাৰ্যই আমি বিনাদ্বিধাই স্বাচন্দ্যে কৰিব পৰা হ’লো।উন্নত প্ৰযুক্তিবিদ্যাৰ এই যুগত সময় বাগৰিছে মানে আমি ক্ৰমান্বয়ে ন ন উদ্ভাৱনী কৌশলেৰে সমৃদ্ধশালী হৈ আহিছো।সেই উদ্ভাৱনী কৌশলসমূহৰে অন্যতম হৈছে এই পাচৱৰ্ড।বেংকিং ক্ষেত্ৰত পাচৱৰ্ড,মোবাইলৰ পাচৱৰ্ড, কম্পিউটাৰত পাচৱৰ্ড,ছ’চিয়েল মিডিয়াৰ বিভিন্ন এপ্লিকেচন খুলিবলৈ পাচৱৰ্ড,ই-মেইল এটা চাবলৈ পাচৱৰ্ড।আনকি টি.ভিত,লাইট বিল দিবলৈ পাচৱৰ্ড,অন লাইন গেছ বুকিংত পাচৱৰ্ড,অনলাইন শ্বপিং চাইটসমূহত পাচৱৰ্ড আদিকে ধৰি প্ৰায় প্ৰতিটো ক্ষেত্ৰতে আমি মনত ৰখাকৈ দিয়া নম্বৰ,সংখ্যাৰ এই পাচৱৰ্ডৰ গুৰুত্ব অপৰিসীম।   

পিচে এনে পাচৱৰ্ডৰ যথোযথ তথা উপযুক্ত ব্যৱহাৰ কৰিব নজনাৰ ফলতেই ক্ৰমান্বয়ে জটিল পৰিস্থিতিৰ সন্মুখীন হৈ আহিব লগাত পৰিল এই ডিজিটেল মানৱ জীৱন।ফলত শত্ৰুপক্ষৰ তীক্ষ্ণ নজৰ পৰিল এনে একোটা অসুৰক্ষিত পাচৱৰ্ডৰ ওপৰত।জীৱনৰ সৰ্বস্ব শেষ কৰি দিওতে এক পল নালাগিল এই আধুনিক বিশ্বৰ পাচৱৰ্ড হেকাৰক।শেষত গৈ আপুনি,মই অথবা এখন দেশ সৰ্বস্বান্ত হোৱাৰ উপক্ৰম হৈ পৰে এনে একোটা চাইবাৰ হেকাৰৰ কবলত পৰিয়েই।    

অলপ ইফাল-সিফালে একোখন দেশ তথা এগৰাকী লোকক সৰ্বস্বান্ত হোৱাত সহায়ক হৈ উঠিব পাৰে আমি দিয়া এনে একোটা অসুৰক্ষিত পাচৱৰ্ডৰ বাবে।কোনো কোনো লোকৰ জীৱন নিৰ্বাপিত হোৱা দেখা গৈছে,অসাধু লোকৰ হাতত এনে একো একোটা পাচৱৰ্ড পৰাৰ পিচতেই।মুহূৰ্ততে সুখৰ সংসাৰত আউল লাগি পৰিছে।দিশাহাৰ হৈ পৰিছে এনে একোজন লোক।এনেধৰণৰ অসুৰক্ষিত পাচৱৰ্ড প্ৰদানকাৰীসকলক সুসংবদ্ধ ৰূপত উন্নত তথা সুৰক্ষিত অৰ্থাৎ ‘পাৰফেক্ট পাচৱৰ্ড’ ৰখাৰ অভ্যাসৰ গঢ়াৰৰ বাবেই ২০০৫চনৰ পৰাই এক প্ৰচাৰ অভিযান আৰম্ভ কৰিছিল সুৰক্ষা গৱেষক মাৰ্ক বনেটে।         

মাৰ্কৰ এনে গুৰুত্বপূৰ্ণ কাৰ্যব্যৱস্থাত অনুপ্ৰাণিত হৈ ইন্টেল ৱৰ্ল্ড সুৰক্ষা প্ৰতিষ্ঠানে ২০১৩চনৰ মে’ মাহৰ প্ৰথমটো বৃহস্পতি বাৰক ‘বিশ্ব পাচৱৰ্ড দিৱস’ #Worldpassordday হিচাপে ঘোষণা কৰে।এইদৰে উক্তবৰ্ষৰ পৰা প্ৰত্যেক বছৰৰ মে’ৰ প্ৰথমটো বৃহস্পতিবাৰে ‘বিশ্ব পাচৱৰ্ড দিৱস’ উদযাপন কৰি অহা হৈছে বিশ্বতে।সেইবাবে চলিত বৰ্ষৰ মে’ মাহৰ প্ৰথমটো বৃহস্পতিবাৰ অৰ্থাৎ আজি সমগ্ৰ বিশ্বতেই উদযাপন কৰা হৈছে

বিশ্বপাচৱৰ্ডদিৱস।মূখ্যতঃ সকলো স্তৰৰ লোক,ব্যক্তি,প্ৰতিষ্ঠান,অনুষ্ঠান,শাসন ব্যৱস্থাকে আদি কৰি ডিজিটেল জগতৰ য’ত য’ত পাচৱৰ্ড নহ’লে একো কাৰ্যই সিদ্ধি নহয়,সেইসকলক মাজত সুৰক্ষিত পাচৱৰ্ড মজুত ৰখাৰ বাবেই এনে সজাগতামূলক গুৰুত্বপূৰ্ণ পদক্ষেপ লৈ আহিছে।এই দিনটোতে পাচৱৰ্ড সুৰক্ষাৰ প্ৰয়োজনীয় সচেতনতা বঢ়োৱাৰ উদ্দেশ্যে এনেধৰণৰ গুৰুত্বপূৰ্ণ কাৰ্যব্যৱস্থা সমগ্ৰ বিশ্বতেই কৰি অহা হৈছে।     

সেয়া আছিল পাচৱৰ্ড দিৱস সম্বন্ধীয় এক চমু আলোচনা।এতিয়া আহিছো ডিজিটেল এই জগতত পাচৱৰ্ডৰ ব্যৱহাৰ সম্বন্ধে আমি কিমান সচেতন সেয়া জনাব বিচাৰিছো।বিভিন্ন অনুসন্ধানত স্পষ্ট ৰূপত প্ৰতিফলিত হৈ আহিছে যে আমি প্ৰায় সংখ্যকে একো একোটা দুৰ্বল পাচৱৰ্ড ব্যৱহাৰ কৰি চাইবাৰ অপৰাধক উদগনি যোগাই আহিছো।কিয় জানেনে ❓

একোটা দুৰ্বল পাচৱৰ্ড মানে চাইবাৰ অপৰাধীক সহজেই আপোনাৰ একাউন্টত প্ৰবেশ কৰিবলৈ দিয়া।এনেধৰণৰ চাইবাৰ অপৰাধীয়ে যি আক্ৰমণ চলাই সেয়া ব্ৰুট ফৰ্চ আক্ৰমণ বুলি কোৱা হয়।এই চাইবাৰ আক্ৰমণত হেকাৰৰ সৈতে এক বিশেষ প্ৰকাৰৰ ছফটৱেৰ থাকে।সেই ছফটৱেৰত প্ৰথমতে সৰ্বাধিক ব্যৱহৃত পাচৱৰ্ড সমূহেৰে এনে একাউন্ট খুলিবলৈ চেষ্টা কৰা হয়।শেষত জটিল বাক্যাংশৰে গঠিত পাচৱৰ্ডসমূহৰে এনে একাউন্ট খুলিবলৈ চেষ্টা কৰে চাইবাৰ অপৰাধীয়ে।আৰু এটা সময়ত আমাৰ অসুৰক্ষিত পাচৱৰ্ডৰ সুযোগ লৈ চাইবাৰ অপৰাধীয়ে এনে দুস্কাৰ্য কৰাত সফল হয়।       

■ এক সমীক্ষা অনুসৰি অনলাইন ব্যৱহৃত পাচৱৰ্ড সমূহৰ ভিতৰত প্ৰায় ৮৬%ই অসুৰক্ষিত পাচৱৰ্ড ব্যৱহাৰ কৰি আহিছে।ইয়াৰ ভিতৰত প্ৰায় ক্ষেত্ৰতে সৰ্বাধিক ব্যৱহৃত পাচৱৰ্ডটো হৈছে-123456 (১২৩৪৫৬)।এই বিশ্বৰ প্ৰায় ২৩.২মিলিয়ন ব্যৱহাৰকাৰীয়ে তেওঁলোকৰ পাচৱৰ্ড হিচাপে এই সংখ্যাকেইটা একাদিক্ৰমে ব্যৱহাৰ কৰি আহিছে।পিচে এয়া হৈছে কোনো অচিনাকি লোকক আপোনাৰ গাড়ী চাবি হস্তান্তৰ কৰাৰ দৰেই এক নভবা-নুশুনা কাৰ্য।অৰ্থাৎ আপুনি এনেধৰণৰ পাচৱৰ্ড ব্যৱহাৰেৰে হেকাৰক তথ্য-পাতিকে আদি কৰি গুৰুত্বপূৰ্ণ কাৰ্য বিনাদ্বিধাই চুৰি কৰাত নজনাকৈ অৰিহণা যোগোৱাৰ দৰে কথা।   

■ আনহাতে পাণ্ডা সুৰক্ষা অনুসৰি,প্ৰায় ৫২%লোকে একাধিক ৱেবচাইট তথা এপ্লিকেচনসমূহত তেওঁলোকৰ পাচৱৰ্ডৰ পুনৰ ব্যৱহাৰ কৰে।আপোনাৰ এই অভ্যাসৰ অৰ্থ হৈছে,কোনোবাই আপোনাৰ এই পাচৱৰ্ড ব্যৱহাৰেৰে সমস্ত একাউন্টত কোনোধৰণৰ হকা বাধা নোহোৱাকৈ লগ ইন কৰাৰ সম্পূৰ্ণ অধিকাৰ পোৱা।    

■ স্মৰ্তব্য,প্ৰায় ২০বছৰ ধৰি মাৰ্কিন পাৰমানবিক ক্ষেপণাস্ত্ৰৰ পাচৱৰ্ডৰ কোনোধৰণৰ সালসলনি ঘটোৱা নাছিল।সুদীৰ্ঘ দুটা দশক ধৰি থকা সেই পাচৱৰ্ডটো আছিল ‘00000000’।     

■ সেইদৰে ২০১০চনত ফেচবুকৰ এটা প্ৰধান পাচৱৰ্ড আছিল ‘চক নৰিছ’।যি কোনো একাউন্টৰ হৈ কাৰ্য কৰিছিল।     

■ আকৌ স্কাইহাই নেটৱৰ্কৰ দ্বাৰা পৰিচালিত ক্লাউড পৰিসেৱাই  ১১মিলিয়ন চুৰি হোৱা পাচৱৰ্ডৰ এক বিশ্লেষণ কৰিছিল।এই বিশ্লেষণ কালত দেখা পোৱা গৈছিল যে,প্ৰায় ১০.৩ একাউন্টধাৰীয়ে এতিয়াও ২০টা সাধাৰণ সহজ পাচৱৰ্ড সমূহৰ ভিতৰৰ এটা ব্যৱহাৰ কৰে।সেইবাবে হেকাৰৰ এনে একাউন্ট গৈ হেক কৰোতে বেছি সময়ৰ প্ৰয়োজনেই হোৱা নাছিল।     

■ ইফালে ‘ৰেণ্ডম চিম্বল’ অৰ্থাৎ এলোমেলো আঠ চৰিত্ৰৰ পাচৱৰ্ডৰ ‘z7S69s@9’ -এইটো খুলিবলৈ ১২বছৰ ৪মাহ ১৬দিন সময় লাগিব একোটা সাধাৰণ ব্ৰুট ফৰ্চ ক্ৰেকিং প্ৰগ্ৰেম ক।বিশেষজ্ঞসকলে বিশ্বাস কৰে যে,এটা কোৱান্টাম কম্পিউটাৰে মাত্ৰ পাঁচ চেকেণ্ডতকৈ কম সময়ত এনে একোটা পাচৱৰ্ড বিচাৰি উলিয়াবলৈ সক্ষম।  

■ ২০১২চনত পাচৱৰ্ড সুৰক্ষা বিশেষজ্ঞই ২৫টা গ্ৰাফিক্সচ কাৰ্ডৰ দ্বাৰা চালিত এটা পাঁচ চাৰ্ভাৰ ক্লাষ্টাৰযুক্ত কম্পিউটিং পৰিৱেশ তৈয়াৰ কৰিছিল।যিয়ে প্ৰতি চেকেণ্ডত আনুমানিক ৩৫০বিলিয়ন পাচৱৰ্ড  তৈয়াৰ কৰিব পাৰিছিল।আশ্চৰ্যচকিত নহয় নে এই কাৰ্য!

■ ধৰি লোৱা হ’ল যিকোনো পাচৱৰ্ডক এটা সংখ্যাৰে পূৰাবলৈ দিয়া হৈছে।সেইক্ষেত্ৰত গৰিষ্ঠসংখ্যকেই ‘1’ অথবা ‘2’ সংখ্যাটোক পাচৱৰ্ডৰ অন্তিম স্থানত বহুৱালৈ সদায়ে পচন্দ কৰে।

■ উল্লেখ্য, দুই তৃতীয়াংশ লোকে তেওঁলোকৰ সমস্ত অনলাইন একাউন্টৰ ক্ষেত্ৰত কেবল মাত্ৰ দুটা পাচৱৰ্ডহে ব্যৱহাৰ কৰে।অধিক পাচৱৰ্ড ব্যৱহাৰ কৰাতো এই দুই তৃতীয়াংশ লোকে পচন্দ নকৰে।

■ আঠ আখৰৰ পাচৱৰ্ডৰ ক্ষেত্ৰত এক মজাৰ বিষয় কি জাননে❓ কেবল মাত্ৰ সৰু অথবা ডাঙৰ ফলাৰ আখৰ ব্যৱহাৰ কৰি ২০০বিলিয়ন সম্ভাব্য পাচৱৰ্ড তৈয়াৰ কৰিব পাৰি।অৰ্থাৎ এই বৃহৎ সংখ্যকৰ পাচৱৰ্ড সংমিশ্ৰন কৰিব পৰা যায়। ■আকৌ ৱেবৰ আৰম্ভণিৰ সময়ছোৱাত যিসমূহ পাচৱৰ্ড ব্যৱহাৰ হৈছিল।তাৰ ভিতৰত সৰ্বাধিক জনপ্ৰিয় পাচৱৰ্ডটো আছিল ‘12345’।  

■ প্ৰায় সংখ্যকেই ব্যৱহাৰ কৰা শীৰ্ষ দহটা সাধাৰাণ পাচৱৰ্ড হৈছে-123456,123456789,Qwerty (কোৱাৰ্টি), password (পাচৱৰ্ড), 111111, 12345678, abc123, 1234567, password1, 12345। আপোনাৰ যদি এনেধৰণৰ পাচৱৰ্ড ব্যৱহাৰৰ প্ৰৱণতা আছে তেন্তে সাৱধান। এনেধৰণৰ পাচৱৰ্ডত সহজেই চাইবাৰ আক্ৰমণ চলে।

■ এক গৱেষণা অনুসৰি,মহিলাসকলে তেওঁলোকৰ পাচৱৰ্ডত সচৰাচৰ ব্যক্তিগত নাম ব্যৱহাৰ কৰিবলৈ যথেষ্ট আগ্ৰহী।সেইদৰে পুৰুষ সকলে নিজৰ যথেষ্ট ৰাপ থকা যি বিষয়বস্তু সেয়া অগ্ৰাধিকাৰ দি এনে নামৰ পাচৱৰ্ড ব্যৱহাৰ কৰিবলৈ আগ্ৰহী হোৱা দেখা যায়।

■ গুগল,ফেচবুক,নেটফ্লিক্স,ৰেডডিটকে আদি কৰি প্ৰচুৰ জনপ্ৰিয় ৱেবচাইটে ব্যৱহাৰকাৰীসকলক  কেবল ৬ তথা ৮ আখৰৰ দীৰ্ঘ পাচৱৰ্ড তৈয়াৰৰ অনুমতি প্ৰদান কৰে।বিভিন্ন পাচৱৰ্ড বিশেষজ্ঞৰ পৰামৰ্শ অনুসৰি,পাচৱৰ্ডসমূহ অতিকমেও ১২ টা আখৰবিশিষ্ট হ’লে ভাল।এনে দীঘল আখৰৰ পাচৱৰ্ড  সচাৰচৰ যথেষ্ট সুৰক্ষিত হয়।

■ পোহনীয়া জীৱ-জন্তুৰ নামেৰে গৰাকীয়ে নিজৰ একাউন্টৰ পাচৱৰ্ড তৈয়াৰ কৰাৰ সম্ভাৱনা প্ৰায় ৩গুণ বেচি থাকে।সেইবাবে বিভিন্ন ক্ষেত্ৰৰ জৰিয়তে এনেধৰণৰ পাচৱৰ্ড হেকাৰৰ কবলত পৰাৰ সম্ভাৱনা যথেষ্ট।  

■ সাধাৰণতে একোগৰাকী ব্যক্তিয়ে প্ৰায় প্ৰতি আঢ়ৈ বছৰ অথবা ৩বছৰৰ মুৰতহে নিজৰ পাচৱৰ্ড সলনি কৰে।

■ বিশেষজ্ঞৰ পৰামৰ্শ অনুসৰী,একোটা সুৰক্ষিত পাচৱৰ্ড তৈয়াৰ কৰাৰ শক্তিশালী কৌশলটো হৈছে, এটা পেৰাগ্ৰাফৰ প্ৰতিটো শব্দৰ প্ৰথম আখৰটোৰ ব্যৱহাৰ।তদুপৰি একোটা এলোমেলো প্ৰতীক (%*&!;) ব্যৱহাৰ কৰিলে এনেধৰণৰ পাচৱৰ্ড আৰু অধিক সুৰক্ষিত হৈ পৰাৰ সম্ভাৱনা দেখা যায়।       

শেষত বিশ্ব পাচৱৰ্ড দিৱসৰ শুভ কামনা সকলোকে জনালো।যিকোনো চাইট আপোনাৰ মোবাইল,লেপটপ, কম্পিউটাৰৰ পৰ্দাত ভাহি আহিলেই তাত গৈ ক্লিক কৰি সেয়া খুলি চোৱাৰ পৰা বিৰত থাকক।সেই চাইটৰ নিৰ্ভৰযোগ্যতা কিমান সেয়া প্ৰথমতে ইন্টাৰনেটৰ বিভিন্ন উৎসৰ পৰা জানি লওক।তদুপৰি যিদৰে আপুনি একাউন্ট  এটাত প্ৰৱেশ কৰোতে লগ ইন কৰে, ঠিক একেদৰে লগ আউট কৰিও ওলাই আহিবলৈ শিকক।এনে শিকনে আপোনাক চাইবাৰ আক্ৰমণৰ পৰা বচাই ৰখাত সদায় যথেষ্ট অৰিহণা যোগাব।একেদৰে  অচিনাকি ব্যক্তিক আপোনাৰ যিকোনো পাচৱৰ্ড বিভিন্ন অজুহাতত বিচাৰিলেই দিয়াৰ পৰা সদায় বিৰত থাকক।বিশেষকৈ বেংকৰ আৰ্থিক লেনদেন সম্পৰ্কীয় কোনোধৰণৰ পাচৱৰ্ডেই মোবাইলত অন্য অচিনাক্ত লোকক দিয়াৰ পৰা নিজকে বাৰণ কৰক।এইবিষয়ে হাৰাশাস্তি কৰিলে চাইবাৰ অপৰাধ নিয়ন্ত্ৰণ শাখাৰ সৈতে যোগাযোগ কৰি সবিশেষ জনাওক।

তদুপৰি আপোনালোকে ব্যৱহাৰ কৰি থকা অসুৰক্ষিত পাচৱৰ্ডটোক আজিয়েই সুৰক্ষিত পাচৱৰ্ডলৈ ৰূপান্তৰিত কৰিব বুলি আগ্ৰহ প্ৰকাশ কৰিলো।অন্যথা প্ৰতিটো সময়তেই সক্ৰিয় হৈ থকা চাইবাৰ অপৰাধীয়ে আপোনাৰ অনুমতি নোলোৱাকৈ যিকোনো গুৰুত্বপূৰ্ণ তথ্য চুৰি কৰি সৰ্বস্বান্ত কৰিব পাৰে।সেয়েহে সময় থাকোতেই নিজকে একোটা শক্তিশালী পাচৱৰ্ডৰ অধিকাৰী কৰি এই ডিজিটেল পৃথিৱীত মুক্ত মনে বিচৰণ কৰক।

প্ৰাণজিৎ ডেকা

By