জয় মা দুৰ্গা
শেৱালি ফুলবোৰে সুগন্ধি বিলাইছে,
শাৰদীয় দুৰ্গোৎসৱৰ সময় এয়া।
আকাশখনে তৰাৰ সৈতে সন্ধি কৰিছে ,
যেন এবুকু মৰম দিয়াৰ সন্ধি ;
এবুকু পোহৰ দিয়াৰ সন্ধি।
নিয়মবোৰে ফুলে ফুলে গছৰ পাতে পাতে হাঁহি বিলাইছে,
কি মায়াময় এই পৃথিৱী
চৌদিশে কেৱল সুন্দৰতা আৰু সুন্দৰতা।
শাৰদীয় জোনাকভৰা চোতালখনত ,
আমোলমোল শেৱালিফুলৰ স্নিগ্ধতা ।
স্মৃতিৰ সঁফুৰা খুলি শৈশৱে ৰিঙিয়াই,
কোচভৰা শেৱালি ফুল ফুলাৰ দিনবোৰ ।
শৈশৱে ৰিঙিয়াই মাতে গাঁৱৰ পদূলিবোৰত ,
নিয়ৰসনা সৰাপাত বোৰ গছকি
খোজকঢ়া সেই সময়খিনি।
শৈশৱতে ৰিঙিয়াই স্মৃতিৰ দলিচা পাতি দিয়ে,
জাৰকালিৰ দেহা শীতল কৰা
মলয়া বতাহ চাটি।
ৰঙা, নীলা , হালধীয়া বেলুনেৰে ভৰা এখন হাত,
আনখন হাতত জেলেপীৰ টোপোলা।
সেইবোৰ শৈশৱ মিঠা শৈশৱ মোৰ ,
মিঠা শৈশৱে বাৰুকৈয়ে মনবোৰ জীপাল কৰে,ৰঙিয়াল কৰে।
দুৰ্গা দেৱীক পূজা অৰ্চনা কৰাৰ সময় সমাগত,
ঢাক- ঢোলেৰে পূজাৰ বেদী মুখৰিত হ’ব।
আকৌ আহিব দেৱী ধৰালৈ নামি,
পৃথিৱীৰ অসূয়া অশান্তি দূৰ কৰিবলৈ ।
পৃথিৱীৰ দস্যু দানৱক নিধন কৰিবলৈ,
দেৱী মা পুনৰ আহিব ধৰালৈ।
বাৰম্বাৰ প্ৰতিষ্ঠাত কৰোঁ তোমাক আমি ,
জয় দেৱী মা ।
জয় দুৰ্গা মা।
জয় দুৰ্গা মা ।
______________
✍ মমী বৰঠাকুৰ
গুৱাহাটী ভেটাপাৰা ( নন্দন পথ )