পচলা মচুৰ দালিৰ তৰকাৰী

উপকৰণ:

ভীম কলৰ পচলা এটুকুৰা

মচুৰ দাইল এমুঠি

নহৰু আদাৰ পেস্ট-এচামুচ

পিয়াজ এটা

জলকীয়া ৩ টা

আলু ২টা

মিঠাতেল-এক টেবুল চামুচ

নিমখ সোৱাদ অনুসৰি

তেজপাত এখিলা

ৰন্ধন প্ৰণালী :

পচলা খিনি মিহিকৈ কাটি নিমখ অকণ সানি মোহাৰি ল’লো আৰু আলু কাটি ললো।কেৰাহীত তেল গৰম কৰি শুকান জলকীয়া এটা আৰু তেজপাত এখিলা দি অকণমান লৰাই কাটি থোৱা পিয়াজ খিনি দি অলপ সময় ভাজি নহৰু আদাৰ পেষ্ট খিনি দি ভালকৈ ভাজি কেচা জলকীয়া দুটাও দি দিলো কাটি থোৱা পচলা আৰু আলু খিনি দি ভালকৈ লৰাই মচুৰ দাইল কেইটা দি অকণমান কলাখাৰ দি ঢাকোন মাৰি দিলো।অলপ সময় মুৰে মুৰে ঢাকোন খুলি লৰাই থাকিলো শুকাই গ’লে ওপৰত অকণমান পানী চটিয়াই দি ভালকৈ সিজি মচুৰ দাইল কেইটা গলি যোৱাত আৰু অকণমান পানী চটিয়াই লৰাই দি অকণমান থুপথুপীয়াকে হোৱাত নমাই থৈ গৰম ভাতৰ লগত পৰিবেশন কৰিলো।

👨‍🍳 মাইনু হাজৰিকা

By