জনগোষ্ঠীয় কোমোৰাৰ সৈতে খাঁচি কুকুৰাৰ আঞ্জা।

উপকৰণ:

১/ এক কেঃজিঃ খাঁচি কুকুৰাৰ মাংস

২/ চাল কোমোৰা এফাল

৩/ মিঠাতেল জোখমতে

৪/ মজলীয়া পিয়াজ ৩ টা

৫/ আদা+নহৰু+জিৰা+কেচা জলকীয়া পেষ্ট

৬/ নিমখ আৰু হালধি আৰু মিটমছলা জোখৰ

ৰন্ধন প্ৰণালী :

প্ৰথমে মাংসখিনি সৰু সৰুকৈ টুকুৰা কৰি ভালদৰে ধুই লওক

পেনখনত তেল গৰম হবলৈ দি পিয়াঁজখিনি ৰঙচুৱাকৈ ভাজি লওক আৰু তাত নিমখ আৰু হালধি দি কেই চেকেন্ডমান ভাজি লওক

মাংসখিনি পেনখনত দি ভালদৰে লৰাই দিয়ক

এতিয়া মচলা পেষ্টৰ লগত মিট মচলা আৰু ধনিয়া গুড়ি দি মাংসখিনি 5মিনিত ভাজি লওক

এতিয়া ভালদৰে টুকুৰা কৰি লোৱা কোমোৰাখিনি দি মিশ্ৰণটো 10মিনিট ভাজি লওক

এতিয়া মাংস-কোমোৰা মিশ্ৰিণ

 ডুবি যোৱাকৈ পানী দি 10মিনিটৰ কাৰণে উতলাওক

পানীখিনি শুহ নোযোৱা অৱস্থালৈ উতলাওক আৰু আঞ্জা তৈয়াৰী।

👨‍🍳 ৰাজীৱ কায়স্থ

By admin

Leave a Reply

Your email address will not be published. Required fields are marked *

7 + 1 =