কঁঠাল পিঠা

উপকৰণ:

কঠালৰ ৰস : ২/৩ কাপ

পিঠাগুৰি/ময়দা : ২ কাপ

চেনি : ১কাপ

নিমখ : ১ চিকুট আৰু কলপাত

প্ৰণালী: কঁঠাল খিনিৰ গুটি উলিয়াই মিক্সিত মাৰি ৰস উলিয়াই ল’ব। তাতে পিঠাগুৰি,চেনি,নিমখ দি এটা ঘোল প্ৰস্তুত কৰি লব। কলপাত কেইখিলা মান ধুই ৰ’দত শুকুৱাই বা গেছত সেকি লেৰেলাই ল’ব। তাত অলপমান ঘোল দি কলপাত খন দুভাজ কৰি হাতেৰে ওপৰ ফালে হেচি বহলাই দিব।এখন টাৱা গৰম কৰি তাত কলপাত খন দুয়োফালে ভালকৈ সেকি ল’ব। খুব সোনকালে প্ৰস্তুত হৈ উঠিব সুস্বাদু কঁঠাল পিঠা।

👨‍🍳 নিবেদিতা শইকীয়া

By admin

Leave a Reply

Your email address will not be published. Required fields are marked *

84 − = 80