বিহাৰী সম্প্ৰদায়ৰ থলুৱাখাদ্য সম্ভাৰ
উপকৰণ:-
১/ কুমলীয়া কচুপাত ৮ টা (যিকোনো কচু)
২/ বেচন-২৫০ গ্ৰাম
৩/ কেচা জলকীয়া ৭/৮ টা
৪/ নহৰু-১টা
৫/ জিৰা গুৰি-১চামুচ
৬/ ধনিয়া গুৰি-১চামুচ
৭/ হালধি-আধা চামুচ
৮/ নেমু-এফাল (যিকোনো টেঙা দিব পাৰে)
৯/ নিমখ-জোখমতে
১০/ পিঠা গুৰি -আধা কাপ
১১/ মিঠা তেল
প্ৰণালী: নহৰু আৰু জলকীয়া পিছি, জিৰা, ধনিয়া, হালধি, নিমখ, নেমু চেপি লব, পিঠা গুৰি বেচনত মিহলাই অলপ পানী দি ডাঠ কে প্ৰলেপ এটা তৈয়াৰ কৰিব। পিছত ডাঙৰ পাত্ৰ এটাত, এটা কচুপাত ওলোটাকৈ পাৰি মিশ্ৰণ খিনি লগাব, এটাৰ ওপৰত এটা পাৰি লগাই যাব। পিছত-সোঁ আৰু বাওঁ ফাল দুটা ধৰি অলপ মান জাপি দিব,তাৰ পাছত আগ ফাল ধৰি এগ ৰ’ল ৰ দৰে ৰ’ল কৰি, ম’ম বনোৱা পাত্ৰটোত ৰ’ল টো ভাপত সিজাই পিছ পিছ কাটি তেলত ফ্ৰাই কৰি গৰমে গৰমে পৰিবেশন কৰিব ।
👨🍳 মুন্নী গুপ্তা