কচুপাতত দিয়া মাছ

উপকৰণ সমূহ:

সৰু মাছ অলপ কেচাঁকৈ। ভালকৈ চাফা কৰি লোৱাৰ পাছত। মই সৰু মাছ লৈছো। মানে দৰিকনা , মুৱা আদি মিহলি সৰু মাছ হ’লে ভাল।

কচু থোৰ ১০ টামান কুমলীয়া।

পিঁয়াজ এটা

নহৰু কেই ফুটামান

আদা অকনমান

সৰু বিলাহী কেইটামান

জলকীয়া দুটামান

নিমখ নিজৰ হিচাপ মতে

ৰংটোৰ বাবে হালধী অকনমান দিছো পৰিমাণটো চাই।

জিৰা পাউদাৰ আধা চামোচতকৈ অলপ কম

ধনীয়া পাউদাৰ আধা চামোচতকৈ অলপ কম।

মিঠাতেল এচামুচ ডাঙৰ চামোচেৰে

প্ৰণালী:

এতিয়া সকলো বস্তু মিহলি কৰি কলপাত এখনেৰে বা হালধী পাত দুখিলামানত ভালকৈ বান্ধি ৰাইচ কুকাৰৰ ওপৰৰ পাৰ্টটোত ষ্টিম কৰিলো। তাৰ পাছত অলপ জুইত পোৰা দৰে হবৰ বাবে গেছটোৰ ওপৰত দি দিলো।

অলপ সময়ৰ ভিতৰতে মোৰ সোৱাদযুক্ত অসমীয়া কচু পাতত দিয়া প্রস্তুত হৈ গ’ল।

👨‍🍳 মৌচুমী শৰ্মা বৰকাকতী

By admin

Leave a Reply

Your email address will not be published. Required fields are marked *

+ 74 = 82