জুইত দিয়া কচুপাত পিটিকা

উপকৰণসমূহ:

(২/৩ জনৰ বাবে)

১. কোমলীয়া কচুথুৰ 11/12 ডালমান

২. সৰু বিলাহী এটা নাইবা পকা কণ বিলাহী 7/8টা মান

৩. নহৰু 7/8 ফুটামান

৪. ভোট জলকীয়া বা কেঁচা দীঘল জলকীয়া 4/5 টা

৫. গোটা জালুকৰ গুড়ী আধা চামুচ

৬. জাব্ৰাং গুড়ী এচামুচৰ চাৰি ভাগৰ এভাগ

৭. নিমখ আন্দাজ মতে

৮. সৰিয়হ তেল এচামুচ

৯. কলপাত এখিলা (দুই বা তিনি টুকুৰা )

প্ৰণালী: প্ৰথমতে কলপাত এখন ধুই জুইত অলপ সেকি ল’ব | তেতিয়া কচুপাতখিনি মেৰিয়াবৰ সময়ত ফাটি নাযায় | তাৰ পিছত ভালদৰে ধুই থোৱা কচুথুৰ ,নহৰু ,জলকীয়া, বিলাহী, (গোটা জালুক আৰু জাব্ৰাং গুড়ী কৰাৰ আগতে অলপ সময় তাৱা বা কেৰাহীত গৰম কৰি ল’ব | তেতিয়া ধুনীয়া গোন্ধ এটা ওলায় |) একেলগে গোটেইখিনি কলপাতত মেৰিয়াব | তাৰ পিছত তাৱা এখনত কলপাতেৰে মেৰিওৱা গোটেই উপকৰণখিনি একেবাৰে কম জুইত বহাব | গোন্ধ ওলালে মাজে ইপিঠি সিপিঠি লুটিয়াই থাকিব | প্ৰায় ডেৰ ঘন্টামানৰ পিছত জুইত দিয়া কচুথুৰখিনিৰ পানী শুকাই আহিলে জুইৰ পৰা নমাব | শেষত প্ৰস্তুত হোৱা জুইত দিয়া কচুপাতত কেঁচা তেল আৰু নিমখ দি ভালদৰে গোটেইখিনি পিটিকা কৰিব |বিলাহীৰ টেঙা কম হ’লে অকমান নেমু টেঙা চেপি দিব পাৰে |

(ডাঙৰ বিলাহী হ’লে মেৰিয়াব অসুবিধা, তেতিয়া বিলাহীটো নিজৰ সুবিধা অনুসৰি বেলেগে জুইত পুৰিব পাৰে | )

খাবলৈ বৰ সোৱাদৰে ভৰা হয় আৰু ঔষধি গুণ সম্পন্ন|

👨‍🍳 পম্পি শইকীয়া

By