ঢেঁকীয়া শাকেৰে লোকেল মূৰ্গী মাংস

(ব্ৰইলাৰ বা গাহৰি মাংসৰেও ৰান্ধিব পাৰি)

উপকৰণসমূহ:

অলপ সৰু সৰুকৈ কটা মূৰ্গী মাংস ৩০০ গ্ৰাম

ঢেঁকীয়া শাক এমুঠি

বিলাহী এটা

সৰিয়হ তেল আধা কাপ

নিমখ আন্দাজ মতে

হালধি আন্দাজ মতে

জিৰা গুড়ী আধা চামুচ

ধনীয়া গুড়ী আধা চামুচ

কলা জালুকৰ গুড়ী আধা চামুচ

গৰম মছলা আধা চামুচ (ইচ্ছা অনুযায়ী ব্যৱহাৰ কৰিব পাৰে )

নহৰু এটা

সৰু আদা এটুকুৰা

মজলীয়া আকাৰৰ কটা পিয়াজ দুটা

কেঁচা জলকীয়া ৭/৮ টা (জ্বলা ইচ্ছা অনুযায়ী কম বেছি ল’ব পাৰে)

ৰন্ধন প্ৰণালী:

প্ৰথমে মাংসখিনি ভালদৰে ধুই পানী টুকি ল’ব | কেৰাহীত তেল গৰম হ’লে মাংখখিনি কম জুইত ৫/৬ মিনিট সময় ৰঙচুৱাকৈ ভাজি উঠাই ল’ব | তাৰ পিছত কটা পিয়াজ , কটা বিলাহী, নহৰু আদা জলকীয়াৰ পেষ্ট হালধি দিব,, জিৰা আৰু ধনীয়া গুড়ী শুকান হ’লে নামমাত্ৰ পানী দি গোটেইখিনি একেলগে লৰাব | এতিয়া মাংস আৰু নিমখ দি লাহে লাহে কম জুইত ৪/৫ মিনিট সময় ঢাকনি মাৰি ভাজিব | মছলা মাংসৰ লগত মজি গ’লে কাটি থোৱা ঢেঁকীয়া শাক দিব | তাৰ পিছত গোটেইখিনি একেলগে ভাজোতে জুই বঢ়াই দিব | ঢাকনি মাৰি আকৌ জুই কমাই দিব | পানী শুকাই সিজি আহিলে জালুক আৰু গৰম মছলা দি 1মিনিট মান সময় ভাজি নমায় থব আৰু গৰমে গৰমে ভাতৰ লগত পৰিবেশন কৰিব |

👨‍🍳 পম্পি শইকীয়া

By admin

Leave a Reply

Your email address will not be published. Required fields are marked *

79 − 72 =